ভূপেন বৰাক নতুন ৰাজনৈতিক জীৱনৰ শুভকামনা মুখ্যমন্ত্ৰীৰ : যোগদানৰ পাছতে পালে ৰাজ্যিক কার্যনির্বাহক সদস্যৰ দায়িত্ব
ভূপেন বৰাক ৰাজ্যিক কার্যনির্বাহক সদস্যৰ দায়িত্বৰ লগতে সঞ্জু বৰাক মিডিয়া পেনেলিষ্ট হিচাপে বিজেপিয়ে নিযুক্তি দিয়ে ।

Published : February 23, 2026 at 7:40 AM IST
গুৱাহাটী : বিজেপিত যোগদান কৰাৰ কিছু সময় পাছতেই প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই পদবী লাভ কৰিলে । দেওবাৰে বাজপেয়ী ভৱনত প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰা আৰু প্ৰাক্তন সাধাৰণ সম্পাদক সঞ্জু বৰাই আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে ৷ কংগ্ৰেছৰ বহু কেইগৰাকী ৰাজ্যিক বিষয়-ববীয়াক লগত লৈ ভূপেন বৰাই গেৰুৱা বসন পৰিধান কৰে ।
বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰাৰ কিছু সময় পাছতেই ভূপেন বৰাক গুৰুত্বপূৰ্ণ দায়িত্ব প্ৰদান কৰে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই । ভূপেন বৰাক ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য হিচাপে নিযুক্তি প্ৰদান কৰে সভাপতি দিলীপ শইকীয়াই ।
আনহাতে ভূপেন বৰাৰ লগত দেওবাৰে যোগদান কৰা কংগ্ৰেছৰ প্ৰাক্তন সাধাৰণ সম্পাদক সঞ্জু বৰাক মিডিয়া পেনেলিষ্ট হিচাপে নিযুক্তি দিয়ে । ইফালে শেহতীয়াকৈ বিজেপিত যোগদান কৰা সদৌ অসম ছাত্র সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাকো মিডিয়া পেনেলিষ্ট হিচাপে নিযুক্তি দিয়া হয় ।
ভূপেন বৰাক বিজেপিত আদৰণি জনাই সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে । ভূপেন বৰাক লগত লৈ মুখ্যমন্ত্ৰীয়ে কয়, "আজিৰ দিনটোত প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰা আৰু সাধাৰণ সম্পাদক সঞ্জু বৰাই বিজেপিত যোগদান কৰিছে । মই তেওঁলোকক বিজেপিলৈ আদৰণি জনাইছো । আজিৰ পৰা তেওঁলোকৰ কংগ্ৰেছৰ পৰিচয় সম্পূৰ্ণৰূপে নোহোৱা হ'ল । এতিয়া আমি বিজেপিৰ এজন গৌৰৱী কাৰ্যকৰ্তা হিচাপে বিজেপি শক্তিশালী কৰিবলৈ, অসম মাতৃ আৰু ভাৰত মাতৃক শক্তিশালী কৰিবলৈ কাম কৰিম ।’’

তেওঁ কয়, ‘‘মই ভূপেন বৰাক নতুন ৰাজনৈতিক জীৱনৰ বহুত বহুত শুভকামনা জনাইছো । কংগ্ৰেছ এৰি আহিছে আৰু তিক্ততা বহুত থাকিব । কিন্তু তথাপিটো যি আমি এৰি আহিলো, তিক্ততা, মান-অপমান, দুখ যি আছিল সেইবোৰ আজিৰ পৰা আমি পাহৰি গ'লো । আমি বিজেপিত এটা নতুন ৰাজনৈতিক জীৱন আৰম্ভ কৰিম ।’’
ড৹ শৰ্মাই কয়, ‘‘আমাৰ দলৰ আদৰ্শ-সংস্কাৰ আগত ৰাখি আমি বিজেপিৰ এজন গৌৰৱী কাৰ্যকৰ্তা হ'বলৈ প্ৰয়াস আৰু প্ৰচেষ্টা কৰিম । আমাৰ বিজেপিৰ পৰিয়াল ভূপেন বৰাৰ লগত একেলগে থাকিব । পৰিয়ালৰ সদস্য হিচাপে মৰম, সন্মান সকলো ভূপেন বৰায়ো লাভ কৰিব ।"

বিজেপি কৰ্মীৰ প্ৰতিবাদৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, "বিজেপিত কোনো কাৰ্যকৰ্তাই কাকো লৈ প্ৰতিবাদ নকৰে । এইটো আমাৰ দলৰ এটা সংস্কাৰ আৰু বিজেপিৰ কাৰ্যকৰ্তা সকলে কিবা ক'ব থাকিলে আমাৰ দলৰ সভাপতিক সাক্ষাৎ কৰি মনৰ কথা কয় । যিকোনো কাৰণতে বিজেপিৰ কাৰ্যকৰ্তাসকলে সাংবাদিকৰ লগত কথা পাতক, প্ৰতিবাদ কৰক, এনেকুৱা পৰ্যায়লৈকে আমি দলটোক কেতিয়াও যাব নিদিও । মই নিশ্চিতভাৱে বিশ্বাস কৰো যে বিজেপিৰ কাৰ্যকৰ্তাসকলে আমাৰ দলৰ যি সিদ্ধান্ত হ'ব তাক সম্পূৰ্ণৰূপে পালন কৰিব ।"

