ETV Bharat / state

গুৱাহাটী মহানগৰীৰ পিছত এইবাৰ নগাঁও : আৰম্ভ হ'ল চিটী বাছ সেৱা

জিলা প্ৰশাসন আৰু জিলা পৰিবহণ বিভাগে ৬ খন বাছেৰে এই চিটী বাছ সেৱাৰ ব্যৱস্থা কৰিছে । পৰৱৰ্তী সময়ত আৰু দুখন সংযোজন কৰা হ'ব ।

Nagaon city bus service
গুৱাহাটী মহানগৰীৰ পিছত এইবাৰ নগাঁও : আৰম্ভ হ'ল চিটী বাছ সেৱা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 25, 2026 at 2:51 PM IST

3 Min Read
Choose ETV Bharat

নগাঁও : গুৱাহাটী মহানগৰীৰ পাছত নগাঁৱত আৰম্ভ চিটী বাছ সেৱা । যান-জঁট হ্ৰাস, সাধাৰণ নাগৰিকৰ যাতায়াত সুচল কৰাৰ লক্ষ্যৰে এই পদক্ষেপ । নগাঁৱত প্ৰথমবাৰৰ বাবে চিটী বাছ সেৱা উপভোগ কৰি মতলীয়া হৈ পৰিল যাত্ৰী ।

“জিলা আয়ুক্তই ঘোষণা কৰা দিনৰ পৰাই আগ্ৰহেৰে আজিৰ দিনটোৰ অপেক্ষা কৰি আছিলোঁ । গুৱাহাটীলৈ গ'লে চিটী বাছত উঠো । কিন্তু নগাঁৱত এই সুবিধা লাভ কৰিব পৰা নাছিলোঁ । আজিৰ পৰা নগাঁৱতো চিটী বাছ সেৱা আৰম্ভ হোৱাৰ বিষয়ে অৱগত হোৱাৰ পাছত আজি পুৱাৰে পৰাই চিটী বাছত যাত্ৰা কৰাৰ বাবে অপেক্ষা কৰি আছিলোঁ । এতিয়া মই নগাঁৱৰ পৰা প্ৰথমবাৰৰ বাবে চিটী বাছেৰে ঘৰলৈ গৈ আছোঁ । নগাঁৱত প্ৰথমবাৰ চিটী বাছ সেৱা উপভোগ কৰি এক্সাইটেড হৈ পাৰিছোঁ ।” বুধবাৰে নগাঁৱত শুভাৰম্ভ কৰা চিটী বাছ সেৱা উপভোগ কৰি এইদৰে নিজৰ অনুভৱ ব্যক্ত কৰে এগৰাকী যাত্ৰীয়ে ।

গুৱাহাটী মহানগৰীৰ পিছত এইবাৰ নগাঁও : আৰম্ভ হ'ল চিটr বাছ সেৱা (ETV Bharat Assam)

উল্লেখ্য যে নগাঁও চহৰত ৬ খন বাছেৰে বুধবাৰৰ পৰা শুভাৰম্ভ কৰা হৈছে চিটী বাছ সেৱা । সাধাৰণ জনতাৰ যাতায়াতৰ সুবিধাৰ্থে নগাঁৱত শুভাৰম্ভ কৰা হৈছে এই চিটী বাছ সেৱা । প্ৰাৰম্ভিক পৰ্যায়ত জিলা প্ৰশাসন আৰু জিলা পৰিবহণ বিভাগে সৰ্বমুঠ ৬ খন বাছৰ জৰিয়তে ৩ টা মুখ্য কৰিড'ৰত এই চিটী বাছ সেৱাৰ ব্যৱস্থা কৰিছে । মূল পথত ই-ৰিক্সাই সৃ্ষ্টি কৰা যান-জঁট হ্ৰাস কৰাৰো লক্ষ্যৰে চহৰখনত চিটী বাছ সেৱা আৰম্ভ কৰা হৈছে ।

চিটী বাছ সেৱাৰ স্থান

  • বেবেজীয়া চাৰিআলিৰ পৰা পুৰণিগুদাম
  • পুৰণিগুদামৰ পৰা বেবেজীয়া চাৰিআলি
  • ধিং গে'টৰ পৰা কামপুৰ টাউন
  • কামপুৰ টাউনৰ পৰা ধিং গে'ট
  • ডিমৌ চাৰিআলিৰ পৰা ৰূপহী বজাৰ আৰু
  • ৰূপহী বজাৰৰ পৰা ডিমৌ চাৰিআলি

এইকেইটা স্থান সংযোগী পথত চলাচল কৰিব চিটী বাছ ।

পৰৱৰ্তী সময়ত আৰু দুখন বাছৰ সংযোজন ঘটাই গুৰুজনাৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱালৈ এই বাছ সেৱা সম্প্ৰসাৰণ কৰাৰ কথা উল্লেখ কৰে নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই । নগাঁও চহৰৰ লগতে দাঁতিকাষৰীয়া অঞ্চলৰ লোকৰ চহৰকেন্দ্ৰিক যাতায়াতৰ সুবিধাৰ্থে এই সেৱা প্ৰৱৰ্তন কৰা বুলি উল্লেখ কৰে বিধায়ক ৰূপক শৰ্মাৰ লগতে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই ।

Nagaon city bus service
নগাঁৱত আৰম্ভ হ'ল চিটী বাছ সেৱা (ETV Bharat Assam)

চিটী বাছ সেৱাৰ বাবে বছৰ ভাৰা নিৰ্ধাৰণ কৰি দিয়াৰ ফলত অতিৰিক্ত ভাৰা আদায় কৰিব নোৱাৰে বুলিও বিধায়কৰ লগতে জিলা আয়ুক্তই মন্তব্য কৰে । প্ৰাৰম্ভিক পৰ্যায়ত আৰম্ভ কৰা চিটী বাছ সেৱাত ৰাইজৰ সঁহাৰি লাভ কৰিলে পৰৱৰ্তী সময়ত গ্ৰীণ বাছ সেৱাও আৰম্ভ কৰাৰ কথাও জনায় বিধায়ক ৰূপক শৰ্মাই ।

ইপিনে, ই-ৰিক্সাৰে যাতায়াত কৰাৰ ক্ষেত্ৰত প্ৰায় সময়তেই মহিলা-যুৱতীয়ে অসুৰক্ষিত অনুভৱ কৰাৰ উপৰি অত্যধিক ভাৰা আদায় কৰাৰ অভিযোগ উত্থাপন হৈ আহিছিল । এনে ক্ষেত্ৰত নগাঁৱত চিটী বাছ সেৱা আৰম্ভ কৰাত উৎফুল্লিত হৈ পৰিছে নগঞা ৰাইজ ।

প্ৰণিধানযোগ্য যে ১৯৭৩ চনতো নগাঁৱত চিটি বাছ সেৱা আছিল যদিও বিভিন্ন কাৰণত পৰৱৰ্তী সময়ত সেই সেৱা বন্ধ হৈ পৰে ।

বুধবাৰে নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই ফ্লেগ অফ কৰি শুভাৰম্ভ কৰে নগাঁৱৰ চিটী বাছ সেৱা । লগতে জিলা পৰিবহণ বিষয়া আৰু পৰিবহণ বিভাগৰ বিষয়া-কৰ্মচাৰীসকলো উপস্থিত থাকে ।

লগতে পঢ়ক :ৰে'ল বিভাগৰ দায়িত্বত এখন গাঁৱৰ ৰাইজ : পালপাতি ২৪ ঘণ্টাই পৰিচালনা কৰে এখন ৰে'ল গে'ট
লগতে পঢ়ক :চৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ : ৰাজ্যত অষ্টম দৰমহা আয়োগ গঠনৰ বাবে অধিসূচনা জাৰি