ETV Bharat / state

১৮ দিনীয়া পদযাত্ৰাৰ অন্তত ৰাজেশ মহানন্দই সাক্ষাৎ পালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কষ্টকৰ যাত্ৰাৰ অন্তত মাকুমৰ বৰহাপজানৰ ৰাজেশে সাক্ষাৎ পালে ৰাজ্যৰ মুখ্যমন্ত্ৰীক ৷

Rajesh mahananda
ৰাজেশ মহানন্দই সাক্ষাৎ পালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (RTV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 17, 2026 at 7:39 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ : তিনিচুকীয়া জিলাৰ মাকুমৰ সমীপৱৰ্তী বৰহাপজানৰ পৰা গুৱাহাটীলৈ কৰা প্ৰায় ১৮ দিনীয়া পদযাত্ৰাৰ অন্তত ৰাজেশ মহানন্দই অৱশেষত সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৷ উল্লেখ্য যে, ১৮ জুনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাতৰ বাবে মাকুমৰ বৰহাপজানৰ পৰা পদযাত্ৰা আৰম্ভ কৰিছিল বিজেপি সমৰ্থক মহানন্দে ৷ এই সন্দৰ্ভত ১৯ জুনত ইটিভি ভাৰতত এক প্ৰতিবেদন প্ৰকাশ পাইছিল

প্ৰায় ১৮ দিনৰ যাত্ৰাৰ অন্তত ৬ জুলাইত গুৱাহাটীত উপস্থিত হৈ মুখ্যমন্ত্ৰী শৰ্মাক সাক্ষাৎ কৰে ৰাজেশে ৷ উল্লেখ্য যে, ৰাজেশৰ সমগ্ৰ শৰীৰত টাটু অংকিত আছিল শ্বহীদ ভগত সিং, শ্বহীদ ৰাজগুৰু, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁৰ মাতৃ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, অভিনেতা অনুপম খেৰ, বৰ্তমানৰ দেশৰ কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু প্ৰাক্তন ক্ৰিকেটাৰ, সাংসদ গৌতম গম্ভীৰৰ ছবি ৷

ৰাজেশ মহানন্দৰ এটা ভিডিঅ' সংযোজন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক্সত কয়,"কিছুদিনৰ পূৰ্বে অসমৰ ৰাজেশ মহানন্দ লগ পাইছিলো । দেশৰ সংস্কৃতি আৰু ভাৰতীয় জনতা পাৰ্টিৰ মতাদৰ্শৰ প্ৰতি তেওঁৰ নিষ্ঠা আৰু দায়বদ্ধতা সঁচাকৈয়ে প্ৰশংসনীয় ।"

ইফালে মুখ্যমন্ত্ৰী শৰ্মাই এক্সত সংলগ্ন কৰা ভিডিঅ'টো ৰাজেশ মহানন্দই উল্লেখ কৰিছে যে,"অসমৰ বহু উন্নয়নমূলক কাৰ্য কৰিছে মুখ্যন্ত্ৰীয়ে ৷ বহু দুখীয়া লোকক সহায় কৰিছে চৰকাৰে ৷ সেয়ে তাৰ প্ৰচাৰৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছো ৷"

আনহাতে ৰাজেশ মহানন্দে জানিবলৈ দিয়া মতে, ২০২২-২৬ চনলৈকে দেশৰ ১৮ খন ৰাজ্য ভ্ৰমণ কৰি বিজেপি চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনি আৰু কাৰ্যসূচীৰ বিষয়ে জনসাধাৰণৰ মাজত প্ৰচাৰ চলাই আহিছে । এই দীৰ্ঘ ভ্ৰমণৰ সময়ছোৱাতে দিল্লীত মুখ্যমন্ত্ৰী শৰ্মাৰ সৈতে তেওঁৰ সাক্ষাৎ হৈছিল ।

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, প্ৰাক্তন সাংসদ-ক্ৰিকেটাৰ গৌতম গম্ভীৰকো সাক্ষাৎ লাভ কৰা বুলি ৰাজেশে উল্লেক কৰিছে ৷ এগৰাকী মুখ্যমন্ত্ৰীক কিমান ভাল পালে কষ্টকৰ যাত্ৰা কৰি সাক্ষাৎ কৰিব পাৰে ? কোনেও কল্পনা নোৱাৰা কাম কৰি দেখুওৱালে বিজেপি সমৰ্থক মহানন্দে ৷

লগতে পঢ়ক: শৰীৰত বিজেপি শীৰ্ষ নেতাৰ ছবি অংকন কৰি পদযাত্ৰা এজন বিজেপি সমৰ্থকৰ