অসমত কেন্দ্ৰৰ চাৰিটা বিভাগৰ ২৪ টা বৃহৎ প্ৰকল্প: অতিৰিক্ত ব্যয় ৩৪ হাজাৰ কোটি টকাৰো অধিক
নির্মাণকাৰ্য অব্যাহত থকা বৃহৎ প্রকল্পসমূহৰ নিৰ্ধাৰিত পুঁজিতকৈ ব্যয়ৰ পৰিমাণ অধিক বৃদ্ধি পোৱাত চৰকাৰৰ হাজাৰ হাজাৰ কোটি টকা অতিৰিক্তভাৱে ওলাই গৈছে ।

Published : November 14, 2025 at 5:19 PM IST
গুৱাহাটী: একাধিক কাৰণত ৰাজ্যখনত কেন্দ্ৰীয় চৰকাৰৰ বহু অভিলাষী প্ৰকল্প নিৰ্ধাৰিত সময়ত হৈ নুঠাৰ বাবে ব্যয়ৰ পৰিমাণ বহুগুণে বৃদ্ধি হৈছে । নির্মাণকাৰ্য অব্যাহত থকা বৃহৎ প্রকল্পসমূহৰ নিৰ্ধাৰিত পুঁজিতকৈ ব্যয়ৰ পৰিমাণ অধিক বৃদ্ধি পোৱাত চৰকাৰৰ হাজাৰ হাজাৰ কোটি টকা অতিৰিক্তভাৱে ওলাই গৈছে ।
বিভিন্ন পৰিস্থিতিকে ধৰি নিৰ্মাণ সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিকে এইক্ষেত্ৰত জগৰীয়া কৰিছে সংশ্লিষ্ট বিভাগে । সেয়ে অনাগত দিনত এনে প্রকল্পবোৰৰ নামত আৰু অধিক নিৰ্মাণ ব্যয় বাঢ়ি যোৱাৰ আশংকা ঘনীভূত হৈছে । কেৱল সেয়াই নহয়, কেইবাটাও প্রকল্প নির্মাণ সম্পূৰ্ণকৰণৰ নিৰ্ধাৰিত সময়তকৈ অধিক সময় লগাৰ বাবে পুঁজিৰ পৰিমাণ সময়ে সময়ে বৃদ্ধি কৰিবলগীয়া হৈছে ।
এই প্ৰতিবেদনত চাৰিটা মন্ত্ৰালয়ৰ অধীনত চলি থকা ২৪টা প্ৰকল্পৰ নিৰ্মাণ ব্যয় বৃদ্ধি পোৱাৰ বিষয়ে সবিস্তাৰে উল্লেখ কৰা হৈছে । এই বিশেষ প্ৰতিবেদন অসামৰিক বিমান পৰিবহণ, শক্তি, পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছৰ লগতে ৰে'ল মন্ত্ৰালয়ৰ বাৰ্ষিক প্ৰতিবেদন আৰু সংশিষ্ট কৰ্তৃপক্ষই দিয়া তথ্যৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে । আনহাতে পৰিসংখ্যা আৰু কৰ্মসূচী ৰূপায়ণ মন্ত্রণালয়ৰ (MOSPI) বাৰ্ষিক প্ৰতিবেদনৰ তথ্যৰ আধাৰতো এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে ।
কেন্দ্ৰৰ ২৪টা প্ৰকল্প আৰু প্ৰকল্প ব্যয়ৰ ৰূপৰেখা
কেন্দ্ৰীয় চৰকাৰৰ অসামৰিক বিমান পৰিবহণ, শক্তি, পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছৰ লগতে ৰে'ল মন্ত্ৰালয়ৰ অধীনত ৰাজ্যখনত ২৪ টা অভিলাষী প্রকল্পৰ নিৰ্মাণ চলি আছে । এই প্ৰকল্পসমূহৰ ভিতৰত বহুকেইটাৰে নিৰ্মাণৰ নিৰ্ধাৰিত সময় ইতিমধ্যে পাৰ হৈ গৈছে । ইয়াৰে ভিতৰত অন্যতম হৈছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্প ।

এই সন্দৰ্ভত এন এইচ পি চিৰ প্ৰকল্প বিষয়াই জনোৱা মতে ২০০৫ চনত নিৰ্মাণ আৰম্ভ কৰিবলৈ লোৱা জলবিদ্যুৎ প্ৰকল্পটোৰ প্ৰকৃত ব্যয় আছিল ৬,২৮৫ কোটি টকা । এই প্ৰকল্পটোৰ নিৰ্মাণকাৰ্য পলম হোৱাৰ অন্যতম কাৰণ হৈছে ইয়াৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত থকা প্ৰতিবাদ । মূলতঃ প্ৰতিবাদকে ধৰি বিভিন্ন কাৰণত এই প্ৰকল্পটো এতিয়াও ১০০ শতাংশ সম্পূর্ণ হোৱা নাই । বৰ্তমানলৈ এই প্ৰকল্পটোৰ ব্যয় বৃদ্ধি হৈ ২৫,০৫৮.৭৭ কোটি টকা হৈছেগৈ । অৰ্থাৎ এতিয়ালৈকে জলবিদ্যুৎ প্ৰকল্পটোৰ নিৰ্মাণত অতিৰিক্তকৈ ১৮,৭৭৩ কোটি টকা কেন্দ্ৰীয় চৰকাৰে ব্যয় কৰিবলগীয়া হৈছে ।
লক্ষণীয় বিষয় যে এই জলবিদ্যুৎ প্রকল্পটোৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰাৰ সময়সীমা আছিল ২০১০ চন । কিন্তু নিৰ্ধাৰিত ২০১০ চনৰ সময়তকৈ ১৮০ মাহ অধিক অতিক্ৰম কৰাৰ পাছতো এশ শতাংশ সম্পূৰ্ণ হোৱা নাই । কেন্দ্ৰীয় চৰকাৰে কেৱল শক্তি উৎপাদনৰ স্বাৰ্থত চলিত বৰ্ষৰ ভিতৰতে প্ৰকল্পটোৰ মুঠ ৮ টা গোটৰ জৰিয়তে ২,০০০ মেগাৱাট জলবিদ্যুৎ উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে যদিও ১০০ শতাংশ সম্পূৰ্ণ কৰাৰ বাবে পুনৰ ২০২৬ চনলৈ সময় লৈছে । অৱশ্যে প্ৰকল্পটোৰ জৰিয়তে কিছু বিদ্যুৎ উৎপাদন এই বৰ্ষতে হ'ব ।
আনহাতে কেন্দ্ৰীয় চৰকাৰৰ পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ অধীনত শক্তি সঞ্চয় আৰু তেল-গেছৰ মুঠতে ১৫ টা প্ৰকল্প নিৰ্মাণ কৰি থকা হৈছে । এই মন্ত্ৰালয়ৰ শক্তি সঞ্চয় শিতানত তিনিটা প্ৰকল্পৰ নামত কেন্দ্ৰই নিৰ্ধাৰণ কৰিছিল ১০,৭৬৮ কোটি টকা । কিন্তু প্রকল্প সম্পূর্ণ হ'বলৈ বহুখিনি বাকী থকা অৱস্থাতে অর্থাৎ এতিয়ালৈ প্ৰকল্পকেইটাৰ নামত ব্যয় কৰিবলগা হৈছে ১১,৯৪৭ কোটি টকা । তেনেদৰে তেল আৰু গেছৰ নামত নিৰ্মাণ কৰি থকা ১২ টা প্ৰকল্পৰ প্ৰকৃত ব্যয় ২৬,২৬৯ কোটি টকা নিৰ্ধাৰণ কৰা হৈছিল যদিও এতিয়ালৈকে ইয়াৰ নামত প্ৰায় দহ হেজাৰ কোটি টকা বৃদ্ধি কৰি নির্মাণ ব্যয় ৩৬,৬২৪ কোটি টকালৈ অনুমোদন জনোৱা হৈছে ।

পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ অধীনত চলি থকা মুঠ ১৫ টা প্ৰকল্পৰ ভিতৰত বৰ্তমানলৈকে ৭৮ শতাংশ নির্মাণ সম্পূর্ণ হোৱা নুমলীগড় শোধনাগাৰ সম্প্ৰসাৰণ প্ৰকল্পতে সৰ্বাধিক অতিৰিক্ত ধন ব্যয় কৰিবলগা হৈছে । এই প্ৰকল্পৰ প্ৰকৃত বায় ১২,৩৬৬ কোটি টকা আছিল যদিও ইয়াক বৃদ্ধি কৰি ২২ হেজাৰ কোটি টকালৈ অনুমোদন জনোৱা হৈছে । এই প্ৰকল্পটো ২০২০ চনত অনুমোদন জনোৱা হৈছিল আৰু নিৰ্মাণ সম্পূৰ্ণ কৰাৰ সময়সীমা আছিল ২০২৪ চনৰ জুলাই মাহ । সেইদৰে একেটা মন্ত্ৰালয়ৰ ‘ডেভেলপমেন্ট অব ছাৰফেচ ফেচিলিটিছ ফ'ৰ প্রডাকচন এণ্ড ইভালুৱেচন অব অইল এণ্ড নেচাৰেল গেছ ফ্রম নডুবা এণ্ড ইষ্ট খাগৰিজা' শীৰ্ষক প্ৰকল্পটোৰ নামত ৬৮২ কোটি টকা নির্ধাৰণ কৰা হৈছিল যদিও বৰ্তমানলৈ ৭২৬ কোটি টকালৈ বৃদ্ধি কৰা হৈছে । এই প্ৰকল্পটো ২০১৮ চনত আৰম্ভ কৰি ২০২০ চনতে শেষ কৰাৰ কথা আছিল যদিও বর্তমানে ৯৪ শতাংশ কাম সম্পূৰ্ণ হৈছে ।
একেদৰে গুৱাহাটী শোধনাগাৰৰ এটা প্ৰকল্পৰ বাবদ কেন্দ্ৰই নিৰ্ধাৰণ কৰা পুঁজিৰ পৰিমাণ আছিল ৪১২ কোটি টকা । বৰ্তমানলৈ ৮৬ শতাংশ কাম সম্পূৰ্ণ কৰা এই প্ৰকল্পটোৰ বাবদ এতিয়ালৈ ৫৭৭ কোটি টকা ব্যয় কৰিবলগা হ'ল । ২০২১ চনত আৰম্ভ কৰা এই প্ৰকল্পটো ২০২৩ চনৰ অক্টোবৰত শেষ কৰাৰ কথা আছিল যদিও নতুনকৈ ইয়াৰ সময়সীমা নিৰ্ধাৰণ কৰিছে ২০২৬ চনৰ মে' মাহ । তদুপৰি একেটা মন্ত্ৰালয়ৰ অধীনস্থ 'Augmentation/ Revamping of facilities at Guwahati Terminal at Betkuchi' নামৰ প্ৰকল্পটোৰ ২০২২ চনত নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল । ২০২৬ চনৰ ছেপ্টেম্বৰ মাহত ইয়াৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হয় আৰু ইয়াৰ বাবদ ধাৰ্য কৰা হয় ২৭৭ কোটি টকা । কিন্তু আজিৰ তাৰিখলৈ কাম সম্পূৰ্ণ কৰা হয় যদিও ইয়াৰ পূৰ্বেই এই প্রকল্প ব্যয় ৩২৩ কোটি টকালৈ বৃদ্ধি কৰা হয় ।

ইফালে ৰে’ল বিভাগৰ অধীনত চলি আছে সাতটা বৃহৎ প্রকল্প । ইয়াৰে কেইটামানৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে মাত্ৰ । ৯৪ শতাংশ কাম সম্পূৰ্ণ কৰা বঙাইগাঁও-কামাখ্যা হৈ গোৱালপাৰা দ্বৈত ৰে'লপথ নিৰ্মাণৰ ব্যয় নিৰ্ধাৰিত ৪,০৬০ কোটিৰ বিপৰীতে ৪,৯৬১ কোটি টকালৈ বৃদ্ধি কৰিবলগীয়া হৈছে । তেনেদৰে অসম আৰু অৰুণাচলত চলি থকা মুর্কংচেলেক-পাছিঘাট সংযোগী ৰে'ল লাইন নিৰ্মাণৰ কাম চলিত বৰ্ষৰ মাৰ্চ মাহতে শেষ হ'ব লাগিছিল যদিও বৰ্তমানলৈ ইয়াৰ কাম ৬০ শতাংশহে সম্পূর্ণ হৈছে । প্ৰকল্পটোৰ নামত নিৰ্ধাৰিত ব্যয় ৪৩৫ কোটিৰ তুলনাত এইপর্যন্ত ১,২৫০ কোটি টকালৈ বৃদ্ধি কৰা হৈছে । এনেদৰে অসমত নিৰ্মাণকাৰ্য চলি থকা ২৪ টা প্ৰকল্পৰ নামত সময়ে সময়ে অতিৰিক্ত পুঁজি বৃদ্ধি কৰি যাবলৈ বাধ্য হৈছে সংশ্লিষ্ট বিভাগকেইটাই ।
কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনত চাৰিটা মন্ত্ৰালয়ৰ অধীনত ২৪ টা প্ৰকল্পৰ বিপৰীতে মুঠ ৬৪,৭৩৮ কোটি টকা ধাৰ্য কৰিছিল যদিও এইপর্যন্ত পুঁজি বৃদ্ধি কৰি ৯৯,০৩৩ কোটি টকা আবণ্টন দিবলগীয়া হৈছে । ইয়াৰ ফলত চৰকাৰে ৰাজ্যৰ বিভিন্ন স্থানত নির্মাণ কার্য চলি থকা ২৪ টা প্ৰকল্পৰ বিপৰীতে অতিৰিক্তভাৱে ৩৪,২৯৫ কোটি টকা ব্যয় কৰিবলগা হৈছে ।
লগতে পঢ়ক: বিধানসভাৰ অধিৱেশনৰ প্ৰথমদিনাই সদনত দাখিল হ'ব তিৱাৰী আয়োগৰ প্ৰতিবেদন: কেবিনেটৰ সিদ্ধান্ত

