ETV Bharat / state

জুবিন গাৰ্গ হত্যা তদন্তৰ SIT ৰ চাৰ্জশ্বীটক লৈ মুঠেও সন্তুষ্ট নহয় অভিনেতা ৰবি শৰ্মা

SITৰ চাৰ্জশ্বীটক লৈ সন্তুষ্ট নহয় অভিনেতা ৰবি শৰ্মা ৷ SIT ৰ প্ৰতিবেদনখন গৰিমা গাৰ্গে মানি লোৱা কথাটো মোৰ ভাল লগা নাই, ক’লে ৰবি শৰ্মাই ৷

ZUBEEN GARG DEATH CASE
জুবিন গাৰ্গ হত্যা তদন্তৰ SIT ৰ চাৰ্জশ্বীটক লৈ মুঠেও সন্তুষ্ট নহয় অভিনেতা ৰবি শৰ্মা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 14, 2025 at 7:46 AM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : প্ৰাণৰ শিল্পী জুবিন গাৰ্গ হত্যা তদন্তৰ SIT ৰ চাৰ্জশ্বীটক লৈ মুঠেও সন্তুষ্ট নহয় অভিনেতা ৰবি শৰ্মা ৷ শনিবাৰে মহানগৰীৰ জ্যোতি চিত্ৰবনত অনুষ্ঠিত হোৱা উত্তৰ পূৰ্বাঞ্চল আন্তঃৰাষ্ট্ৰীয় তথ্যচিত্ৰ আৰু চলচিত্ৰ মহোৎসৱ ২০২৫ ত উপস্থিত থাকি সংবাদ মাধ্যমত এই কথা জানিবলৈ দিয়ে ৰবি শৰ্মাই ৷ এই সন্দৰ্ভত অভিনেতাগৰাকীয়ে কয়, "প্ৰথম কথা মই ব্যক্তিগতভাৱে এই চার্জশ্বীটক লৈ মুঠেও সন্তুষ্ট নহয় ৷ মোক এতিয়াও এটা প্ৰশ্নৰ উত্তৰ লাগে যিসমূহ ভিডিঅ’ আগে আগে ওলাই আছিল মোক শেষৰ ভিডিঅ’টো লাগে ৷ এজন জুবিনৰ বন্ধু হিচাপে, জুবিনৰ অনুৰাগী হিচাপে, জুবিন ভক্ত হিচাপে মই বিচাৰোঁ জুবিন গাৰ্গৰ শেষ পৰ্যায়টোত কি হৈছিল মোৰ জনাৰ অধিকাৰ আছে আৰু মোক সেইটো লাগে ৷ বাকী সবিশেষ আৰু অলপ তথ্য আহৰণ কৰি মই কম ৷ এতিয়া আন্ধাৰত কাৰ চলাই থাকিলে নহ’ব, কিন্তু আজি তাৰিখত মই সন্তুষ্ট নহয় ৷"

তেওঁ লগতে কয়, "আমি তদন্তৰ আগৰ পৰা যি ধাৰণা কৰিছিলোঁ সেইবোৰ ধাৰণাই সঁচা হৈছে ৷ আমি তদন্ত আৰম্ভ নৌহওতেই যিবোৰ অভিযোগ আনিছিলোঁ সেইবোৰে সঁচা হৈছে ৷ যেতিয়া ডুবি থকা মানুহ এজনক মই উদ্ধাৰ কৰিব পাৰিও যদি উদ্ধাৰ কৰিব যোৱা নাই সেইটো এটা হত্যাৰ সমানে দোষী বুলি মই বিশ্বাস কৰো ৷ মই শুনিবলৈ পাইছোঁ গৰিমাই চার্জশ্বীটখন মানি লৈছে ৷ SIT ৰ প্ৰতিবেদনখন গৰিমা গাৰ্গে মানি লোৱা কথাটো মোৰ ভাল লগা নাই ৷ গৰিমা মোৰ বন্ধু, জুবিন মোৰ বন্ধু, কিন্তু গৰিমাৰ এই কথাটোত লৈ মই ব্যক্তিগতভাবে সন্তুষ্ট নহয় ৷"

অভিনেতা ৰবি শৰ্মা (ETV Bharat Assam)

আনহাতে চলচিত্ৰ পৰিচালক ৰীমা দাসে বিষয়টো সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি কয়, "আমিতো ন্যায় পোৱাটো বিচাৰো ৷ এই বিষয়টো সন্দৰ্ভত সকলোৰে বেলেগ বেলেগ মতামত আছে ৷ সকলোকে সুখী দেখা পোৱা নাই ৷ ন্যায় যিহেতু সকলোৱে বিচাৰিছে আমি অন্তৰৰ পৰা ন্যায় পোৱাটো বিচাৰো ৷ জুবিন দাৰ নশ্বৰদেহ যেতিয়া ইয়াত ৰাখিছিল সেইসময়ত মই আহি দেখিছিলো প্ৰখৰ ৰ’দ দি আছিল,বৰষুণ দি আছিল,ৰামধেনু ওলাইছিল সেই দৃশ্য মই মোবাইলত বন্দী কৰি ৰাখিছিলো৷ এটা বেলেগ ধৰণৰ অনুভৱ, খুউব ভিতৰত অনুভৱ, গতিকে আমি বিচাৰো যে ন্যায়টো হ’ব লাগে ৷ জুবিনে যদি ন্যায় নাপায় আমি তেতিয়া হ’লে কিহত বিশ্বাস কৰিম ৷ গতিকে সকলোৱে ন্যায় ব্যৱস্থাতোত আস্থা ৰাখিব লাগিব ৷"

উল্লেখ্য যে, জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে গঠন কৰা SIT য়ে শুকুৰবাৰৰ দিনটোত আদালতত চাৰ্জশ্বীট দাখিল কৰিছিল ৷ তাৰ পিছৰে সমগ্ৰ ৰাজ্যবাসীৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ কোনোবাই যদি এই চাৰ্জশ্বীটক লৈ সন্তুষ্ট হৈছে আন কোনোবাই মানি ল’ব পৰা নাই এই তদন্ত ৷

লগতে পঢ়ক : 'জুবিন গাৰ্গক শ্যামকানুৱে ব্লেকমেইলিং কৰি লৈ গৈছিল ছিংগাপুৰলৈ'এই দাবীৰে যতীন বৰাই বিচাৰিলে দোষীৰ কঠোৰ শাস্তি

অভিযোগনামা দাখিলৰ দিনাই জুবিন ক্ষেত্ৰত উপস্থিত হ’ল গৰিমা; বিচাৰিলে দোষীৰ কঠোৰৰ পৰা কঠোৰতম শাস্তি

জুবিন গাৰ্গৰ হত্যাকাৰীক আদালতে কঠোৰ শাস্তি প্ৰদান কৰিব : মুখ্যমন্ত্ৰী