'জুবিন গাৰ্গক শ্যামকানুৱে ব্লেকমেইলিং কৰি লৈ গৈছিল ছিংগাপুৰলৈ'এই দাবীৰে যতীন বৰাই বিচাৰিলে দোষীৰ কঠোৰ শাস্তি
জুবিন গাৰ্গে ন্যায় নাপালে বেলেগে ন্যায় বিচাৰি লাভ নাই ৷ শ্যামকানু মহন্তই আবেগিক ব্লেকমেইলিং কৰি লৈ গৈছিল ছিংগাপুৰলৈ : মন্তব্য যতীন বৰাৰ ৷

Published : December 13, 2025 at 8:04 AM IST
নগাঁও : জুবিন গাৰ্গৰ মৃত্যুৰ তিনিমাহ সম্পূৰ্ণ হোৱাৰ প্ৰাকমূহুৰ্তত তদন্তৰ বাবে গঠিত এছ আই টিয়ে শুকুৰবাৰে আদালতত দাখিল কৰিলে অভিযোগনামা ৷ বহু প্ৰত্যাশিত জুবিন গাৰ্গৰ মৃত্যুৰ অভিযোগনামা দাখিলৰ পাছতেই জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় প্ৰসংগত মন্তব্য কৰে জুবিন গাৰ্গৰ অন্যতম বন্ধু অভিনেতা যতীন বৰাই ৷ জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় প্ৰসংগত অভিনেতা যতীন বৰাই কয়, “এছ আই টিয়ে আজি অভিযোগনামা দাখিল কৰিছে ৷ ন্যায়ালয়ৰ প্ৰতি বিশ্বাস আছে ৷ ন্যায়ালয়ে জুবিন গাৰ্গক ন্যায় দিব ৷ জুবিন গাৰ্গে যদি ন্যায় নাপায় তেন্তে বেলেগে আৰু ন্যায় বিচাৰি লাভ নাই ৷"
"আজিৰ ১২ ডিচেম্বৰৰ দিনটোৰ কাৰণে সকলোৱে অপেক্ষা কৰি আছিল ৷ জুবিনৰ কি কাৰণে কেনেদৰে মৃত্যু হৈছে সেয়া সকলোৱে জানিব লাগিব ৷ আজিৰ পৰা আদালতৰ ৰায়দান প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷ দোষীক কঠোৰ শাস্তি দিয়ক ৷ জুবিন গাৰ্গ অসমৰ এজন সম্পদ ৷ মুখ্যমন্ত্ৰীয়ে হত্যা বুলি উল্লেখ কৰিছে ৷ কেনেদৰে হত্যা কৰিলে সেয়া আমি জানিব লাগিব ৷ কিদৰে জুবিনক চক্ৰবেহুৰ মাজত সুমুৱাই লৈছে সেয়া জানিবলৈ সকলোৱে বিচাৰিছে ৷” যতীন বৰাই কয় ৷
জুবিন গাৰ্গৰ সৈতে থকা ৩৫ বছৰীয়া সম্পৰ্কৰ কথা উল্লেখ কৰি যতীন বৰাই কয়, “জুবিন গাৰ্গ নোহোৱা হোৱাৰ পৰা মই মানুহটো আধৰুৱা হৈ পৰিছোঁ ৷ জুবিন গাৰ্গৰ প্ৰায় ৯০ শতাংশ হিট গানেই মোৰ ওঁঠত আছে ৷ মোৰ অভিনয়ৰ মাত্ৰা এটা শিখৰলৈ লৈ যোৱাত জুবিন গাৰ্গৰ অৰিহণা আছে ৷ ছবি প্ৰযোজনাৰ বাবে মোক সাহস দিয়া ব্যক্তিজনেই জুবিন গাৰ্গ ৷ অসমীয়া চলচ্চিত্ৰ জগতখন বৃহৎ শূন্য হৈ পৰিছে ৷ পৃথিৱীত সংগীত জীয়াই থকালৈকে জুবিন গাৰ্গ আমাৰ মাজত জীয়াই থাকিব ৷”
জুবিন গাৰ্গ ছিংগাপুৰলৈ যোৱাৰ দুদিন পূৰ্বে জুবিনক সাক্ষাৎ পোৱাৰ কথা উল্লেখ কৰি অভিনেতা যতীন বৰাই কয়, “তেতিয়া জুবিন গাৰ্গক বহুত ভাগৰুৱা পাইছিলোঁ ৷ জুবিন গাৰ্গক মই কৈছিলো এই দেহা লৈ তই কেনেকৈ তাত গৈ অনুষ্ঠান কৰিবি ৷ তেতিয়া জুবিনে মোক কৈছিল শ্যামকানু মহন্তই নামানে মই নগ’লে তেওঁ আত্মহত্যা কৰিব বুলি কয় ৷ এনেদৰে আবেগিক কৰি জুবিন গাৰ্গক ছিংগাপুৰলৈ লৈ গৈছিল শ্যামকানু মহন্তই ৷”

