ETV Bharat / state

সচিবালয়ত আক্ৰমণৰ আঁৰত কোন ! এবছু-ইউ পি পি এলক জগৰীয়া কৰিলে বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে

বি টি চি সচিবালয়ৰ আক্ৰমণক লৈ হাগ্ৰামা মহিলাৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য । জনজাতিকৰণৰ বিষয়টো এবছু আৰু ইউ পি পি এল দলে ভালদৰে জানে ।

Hagrama Mohilary
হাগ্ৰামা মহিলাৰী (x@HagramaMohilary)
author img

By ETV Bharat Assamese Team

Published : December 1, 2025 at 10:56 AM IST

4 Min Read
Choose ETV Bharat

কোকৰাঝাৰ : বি টি চি সচিবালয়ত সংঘটিত আক্ৰমণে সমগ্ৰ বি টি আৰকে ধৰি ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । তাৰ মাজতে বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীৰ বিস্ফোৰণ । এই ঘটনাত ইউ পি পি এল আৰু এবছু জড়িত আছে বুলি দৃঢ়ভাৱে ক'লে হাগ্ৰামা মহিলাৰীয়ে । তেওঁ কয়, "সচিবালয়ত হোৱাৰ আক্ৰমণৰ ঘটনাৰ সৈতে এবছু আৰু ইউ পি পি এল দল জড়িত আছে । এয়া সম্পূৰ্ণ ৰাজনৈতিক অভিসন্ধি । যদিও এবছুৱে এতিয়ালৈ স্বীকাৰ কৰা নাই সেয়া যে এবছুৰ নেতৃত্বত হৈছে সকলোৱে জানে । এবছু মানে ইউ পি পি এল আৰু ইউ পি পি এল মানে এবছু । এইটো একে কথা ।"

কোকৰাঝাৰৰ বড়োলেণ্ড অতিথিশালাত দেওবাৰে সন্ধিয়া এক সংবাদমেলত হাগ্ৰামা মহিলাৰীয়ে এই মন্তব্য কৰি এবছু আৰু ইউ পি পি এলয়ে কিমানদিন আৰু ৰাইজক অন্ধকাৰত ৰাখিব সেয়া প্ৰশ্ন উত্থাপন কৰে । এবছু আৰু ইউ পি পি এল দলে যে নিৰ্বাচনত পৰাজিত হৈছে সেয়া তেওঁলোকে মানি ল'ব পৰা নাই বুলিও দাবী কৰি হাগ্ৰামা মহিলাৰীয়ে কয়, "জনজাতিকৰণৰ ক্ষেত্ৰত তেওঁলোকৰ স্থিতি একেই আছে আৰু আগলৈও একেই থাকিব । বৰ্তমানে জনজাতিৰ মৰ্যাদা ভোগ কৰি থকা জনজাতিসকলৰ কোনো ক্ষয়-ক্ষতি নোহোৱাকৈ কোঁচ ৰাজবংশী আৰু আদিবাসীসকলক জনজাতিকৰণত কোনো আপত্তি নাই আৰু এই স্থিতি ভৱিষ্যতেও একে থাকিব ।"

বি টি চি সচিবালয়ৰ আক্ৰমণক লৈ হাগ্ৰামা মহিলাৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য (ETV Bharat)

তেওঁ লগতে কয়, "জনজাতিকৰণৰ বিষয়টো মোতকৈ এবছু আৰু ইউ পি পি এলৰ নেতাই বেছি ভালকৈ জানে । দিল্লী আৰু দিছপুৰৰ চৰকাৰে জনজাতিকৰণ সন্দৰ্ভত এবছু আৰু ইউ পি পি এলৰ নেতাসকলৰ সৈতে কথা পাতিছিল আৰু কোন কোন নেতাৰ লগত কি কথা পাতিছে সেয়া আমি জানো যদিও ক'ব খোজা নাই ।" হাগ্ৰামা মহিলাৰীয়ে কয়, "ৰাইজে লাহে লাহে সকলো গম পাব ।"

আন্দোলনৰ নামত এবছু আৰু ইউ পি পি এলয়ে নাটক কৰি আছে বুলি উল্লেখ কৰি হাগ্ৰামা মহিলাৰীয়ে কয়, "মন্ত্ৰীগোটে জনজাতিকৰণক লৈ যে সদনত প্ৰতিবেদন দাখিল কৰিব সেয়া এবছু, ইউ পি পি এলয়ে আগতীয়াকৈ জানে । প্ৰতিবেদনৰ ওপৰত যে আলোচনা নহ'ব সেয়াও তেওঁলোকে জানে । মোতকৈ তেওঁলোকে সমগ্ৰ বিষয়টো ভালদৰে জানে । কাৰণ অসম চৰকাৰে জনজাতিকৰণৰ বিষয়টোক লৈ তেওঁলোকৰ লগত হে আলোচনা কৰিছিল, মোৰ লগত আলোচনা কৰা নাই । সকলো জানি শুনিও নাটক কৰি আছে । আলোচনাত কোনে কি সিদ্ধান্ত দিছে সময়ত সকলো গম পাব ৰাইজে । কোনে কি লিখি দিছে, কোন জনগোষ্ঠীক ক'ত ৰাখিব সেইবোৰ কোনে কৰিছে লাহে লাহে সকলোৱে গম পাব । ৰাইজক বেছিদিন অন্ধকাৰত ৰাখিব নোৱাৰিব এবছু-ইউ পি পি এলয়ে । বি টি চি শেষ কৰিব বিচাৰিলেই শেষ হৈ নাযায় ।"

ইফালে সচিবালয়ত আক্ৰমণৰ সময়ত প্ৰতিবাদকাৰীয়ে হাগ্ৰামা মহিলাৰীক বিচৰা সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰি হাগ্ৰামা মহিলাৰীয়ে কয়, "মোক বিচাৰিছিল বোলে ? মই মৰাৰ পিছতো বি টি চি একে থাকিব । এবাৰ হাত দিব দিয়কচোন, কোন ইউ পি পি এল বা এবছুৰ নেতাৰ সাহস আছে যদি আগুৱাই আহক ।" বি পি এফয়ে কৰা কাম বিৰোধিতা কৰাই এবছু, ইউ পি পি এলৰ ধৰ্ম বুলি তেওঁ উল্লেখ কৰে । এবছু আৰু ইউ পি পি এলৰ বাবেই ছাত্ৰ-ছাত্ৰীক দোষী সজোৱাৰ প্ৰয়োজন নাই বুলিও উল্লেখ কৰিছে হাগ্ৰামা মহিলাৰীয়ে ।

আনহাতে অহা ৫ ডিচেম্বৰত বৰমাত সকলো জাতি-জনগোষ্ঠীক লৈ বিশাল সভা অনুষ্ঠিত হ'ব আৰু উক্ত সভাতে সকলো জাতি-জনগোষ্ঠীৰ উন্নয়নৰ বাবে বি টি চি চৰকাৰে কেনেদৰে কাম কৰিব সেয়া প্ৰকাশ কৰিব বুলিও মন্তব্য কৰে মহিলাৰীয়ে । উক্ত সভাত বিজেপিও থাকিব বুলি সংবাদমেলত সদৰি কৰে মহিলাৰীয়ে । সংবাদমেলৰ পূৰ্বে বি পি এফ আৰু বিজেপিৰ নিৰ্বাচিত সদস্যসকলৰ মাজত এক ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হয় আৰু তাৰ পিছতে সংবাদমেলত অংশগ্ৰহণ কৰে । সংবাদমেলত বি টি চিৰ উপ-মুখ্য কাৰ্যবাহী সদস্য ৰিহন দৈমাৰী, কাৰ্যবাহী সদস্য দেৰহাছাৎ বসুমতাৰী, বিজেপিৰ পাৰিষদ বিজিত গৌড়া নাৰ্জাৰী, অঞ্জন দৈমাৰী আদিকে ধৰি আন নেতাসকল উপস্থিত থাকে ।

লগতে পঢ়ক :ই এম, এমচিএলএক হত্য়াৰ পৰিকল্পনা কৰিছিল আক্ৰমণকাৰীয়ে : বিটিচি বিধান পৰিষদৰ অধ্যক্ষ ত্ৰিদিপ দৈমাৰী