ETV Bharat / state

শিল্পী দিৱসত ১০ হাজাৰোধিক বড়ো চিখলাই মুখৰিত কৰিব সৰুসজাই: প্ৰধানমন্ত্ৰীয়ে উপভোগ কৰিব বাগৰুম্বা

বিহু আৰু ঝুমুইৰ বিনন্দিনীৰ পাছত এইবাৰ বাগৰুম্বা । ১৭ জানুৱাৰীৰ সন্ধিয়া সৰুসজাইত প্ৰধানমন্ত্ৰীয়ে উপভোগ কৰিব বড়ো জনগোষ্ঠীৰ লোকনৃত্য ।

Assam govt bagurumba programme
সৰুসজাই ষ্টেডিয়াম পৰিদৰ্শন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী বিমল বড়াৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 2, 2026 at 3:56 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : বিহু আৰু ঝুমুইৰ বিনন্দিনীৰ পাছত এইবাৰ অসম চৰকাৰৰ বাগৰুম্বা নৃ্ত্যানুষ্ঠানৰ মহা আয়োজন । অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত অনুষ্ঠিত হ'ব এই বাগৰুম্বা নৃত্যৰ অনুষ্ঠান । গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত বিশ্ববাসীৰ সন্মুখত উপস্থাপন কৰা হ'ব বড়ো জনগোষ্ঠীৰ নৃত্য বাগৰুম্বা ।

১৭ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অনুষ্ঠিত হ'ব এই বাগৰুম্বা নৃত্যৰ অনুষ্ঠান । সেই উপলক্ষে শুকুৰবাৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়া সৰুসজাই ষ্টেডিয়ামত উপস্থিত হৈ স্থান পৰ্যবেক্ষণ কৰে ।

সৰুসজাই ষ্টেডিয়াম পৰিদৰ্শন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী বিমল বড়াৰ (ETV Bharat Assam)

সৰুসজাই ষ্টেডিয়াম পৰ্যবেক্ষণ কৰি মন্ত্ৰী বিমল বড়াই কয়, "বিহু আৰু ঝুমুৰৰ দৰে এইবাৰ অসমৰ আন এক লোকনৃত্য বাগৰুম্বাক বিশ্বৰ সন্মুখত তুলি ধৰাৰ বাবে প্ৰয়াস কৰা হৈছে । অহা ১৭ জানুৱাৰীৰ শিল্পী দিৱসৰ দিনটোত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ উপস্থিতিত অনুষ্ঠিত কৰা হ'ব এই বাগৰুম্বা নৃত্য । এই অনুষ্ঠানটোত ২৩ খন জিলাৰ ১০ হাজাৰতকৈ অধিক শিল্পীয়ে অংশ ল'ব ।"

কাৰ্যসূচী সন্দৰ্ভত তেওঁ কয়, "অহা ৪, ৫, ৬ জানুৱাৰীত সৰুসজাইত প্ৰশিক্ষণ দিয়া হ'ব মাষ্টাৰ ট্ৰেইনাৰসকলক । ৮, ৯, ১০ জানুৱাৰীত মাষ্টাৰ ট্ৰেইনাৰসকলে ২৩ খন জিলালৈ গৈ প্ৰশিক্ষণ দিব শিল্পীসকলক । ১১ জানুৱাৰী তাৰিখে গুৱাহাটীলৈ লৈ অনা হ'ব প্ৰতিখন জিলাৰ সকলো শিল্পীক । ১২ ৰ পৰা ১৫ জানুৱাৰীলৈ সৰুসজাই ষ্টেডিয়ামত চলিব চূড়ান্ত অনুশীলন । ১৬ তাৰিখে জিৰণি লৈ ১৭ তাৰিখে সন্ধিয়াভাগত অনুষ্ঠিত হ'ব মূল অনুষ্ঠানটো ।"

উল্লেখ্য যে গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্রকল্পত ৰাজ্য চৰকাৰে জাতীয় উৎসৱ বিহু আৰু চাহ জনগোষ্ঠীৰ ঝুমুৰ নৃত্যৰ অনুষ্ঠান ইতিমধ্যে সফলতাৰে অনুষ্ঠিত কৰিছে । বিহু আৰু ঝুমুৰৰ দৰে বাগৰুম্বা নৃত্যকো বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যৰে ১৭ জানুৱাৰীত বাগৰুম্বা নৃত্য প্রদর্শনৰ বাবে অসম চৰকাৰে সিদ্ধান্ত গ্রহণ কৰিছে ।

লগতে পঢ়ক :কাজিৰঙা এলিভেটেড কৰিড'ৰৰ শিলান্যাস: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ স্থান পৰিদৰ্শন দুই মন্ত্ৰীৰ
লগতে পঢ়ক :প্ৰকৃতিৰ অকৃপণ বৰদান অৰুণাচলৰ 'আনিনি': উত্তৰ-পূবৰ ভূস্বৰ্গই হাতবাউলি মাতে পৰ্যটকক