অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান, ২০ জনক দোষী সাব্যস্ত : ২৪ এপ্ৰিলত হ'ব শাস্তি ঘোষণা
প্ৰায় ৮ বছৰৰ মূৰকত নগাঁও জিলা সত্ৰ ন্যায়াধীশৰ আদালতে অভি-নীল হত্যাকাণ্ড চূড়ান্ত ৰায় দিলে । আদালতৰ ৰায়ক লৈ সন্তুষ্ট নহয় অভি-নীলৰ পিতৃ ৷

Published : April 20, 2026 at 12:22 PM IST
|Updated : April 20, 2026 at 5:18 PM IST
নগাঁও : ৭ বছৰ ১০ মাহৰ অন্তত অৱশেষত নগাঁও আদালতে অভি-নীল হত্যাকাণ্ড গোচৰৰ ঐতিহাসিক ৰায় প্ৰদান কৰিলে । এই নৃশংস হত্যাকাণ্ডত আদালতে ২০ জনক দোষী সাব্যস্ত কৰিছে । ২৪ এপ্ৰিলত দোষীসকলৰ শাস্তি ঘোষণা কৰা হ'ব। আদালতৰ এই ৰায়ৰ পিছতে অভি-নীলৰ পৰিয়ালৰ লগতে সমগ্ৰ অসমবাসীয়ে কিছু সকাহ পাইছে ।
২০১৮ চনত পশ্চিম কাৰ্বি আংলং জিলাৰ ডকমকাত সংঘটিত হোৱা লোমহৰ্ষক হত্যাকাণ্ডৰ মুঠ ৪৮ জন অভিযুক্তৰ তিনিজন নাবালক হিচাপে পৰিগণিত হোৱাত মুঠ ৪৫ জন অভিযুক্তৰ বিৰুদ্ধে নগাঁও আদালতত চলি আছিল বিচাৰপ্ৰক্ৰিয়া । ৪৫ জনকৈ অভিযুক্তৰ ২০ জনক সোমবাৰে দোষী সাব্যস্ত কৰাৰ বিপৰীতে ২৫ জনক দোষমুক্ত ঘোষণা কৰে নগাঁও আদালতে ।
সোমবৰে নগাঁও আদালতে অভি-নীল হত্যাকাণ্ডৰ ২০ জন অভিযুক্তক দোষী সাব্যস্ত কৰিলেও পৰৱৰ্তী ২৪ এপ্ৰিলত নগাঁও জিলা আৰু সত্ৰ ন্যায়ধীশ আদালতে শাস্তি ঘোষণা কৰিব । ৭১ গৰাকী সাক্ষীৰ সাক্ষ্যগ্ৰহণৰ অন্তত প্ৰায় ৮ বছৰৰ অন্তত ৰায়দান কৰিলে নগাঁও জিলা আৰু সত্ৰ ন্যায়ধীশ আদালতে ৷
অধিবক্তাই উল্লেখ কৰা মতে, দোষী সাব্যস্ত হোৱা ২০ জনৰ বিৰুদ্ধে ভাৰতীয় ন্যায়সংহিতাৰ হত্যাৰ ধাৰা সন্নিৱিষ্ট হৈছে । অভি-নীল হত্যাকাণ্ডৰ দোষী সাব্যস্ত হোৱা হত্যাকাৰী কেইকেইটা হ’ল ক্ৰমে -
- বিশ্বৰাম স্বৰ্গীয়ৰী
- পংঠেং বসুমতাৰী
- অলফাজুজ তিমুং
- ইনচেন ইংতি
- ৰাইকম তিমুং
- ৰত্নেশ্বৰ তেৰাং
- ফুকন লেকতে
- আনছ তিমুং
- প্ৰেছ তিমুং
- ৰূপছিং ক্ৰ’
- ধন’ মেছ
- বাবু সিং ক্ৰ’
- বিক্ৰম হাঞ্চে
- চিকাৰী ৰংপি
- বাবু ৰংপি
- বিদ্যাছিং ৰংপি
- মেনছিং ক্ৰ’
- দ্বীপজ্যোতি বসুমতাৰী
- ৱাৰেছ ৰংপি
- অনদা মেছ
এওঁলোকৰ বিৰুদ্ধে নগাঁও জিলা ও সত্ৰ ন্যায়ধীশ আদালতে ভাৰতীয় ন্যায়সংহিতাৰ ১৪৩, ১৪৭, ৩০২/১৪৯, ১৮৬/১৪৯ আৰু ৩৩২/১৪৯ ধাৰা আৰোপ কৰিছে ৷
- নীল-অভিৰ পৰিয়ালৰ প্ৰতিক্ৰিয়া :
নগাঁও জিলা আৰু সত্ৰ ন্যায়ধীশ আদালতে ৰাজ্য কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ গোচৰ সন্দৰ্ভত কৰা ৰায়দানকলৈ সন্তুষ্ট নহয় অভি-নীলৰ পিতৃদ্বয় ৷ ইটিভি ভাৰতৰ আগত অসন্তুষ্টি প্ৰকাশ কৰিছে অভি-নীলৰ দুই পিতৃয়ে । নগাঁও আদালতে দোষমুক্ত ঘোষণা কৰা ২৫ জনৰ বিৰুদ্ধে পুনৰ পৰিয়াল দুটা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব বুলি উল্লেখ কৰে অধিবক্তাৰ লগতে অভি-নীলৰ পিতৃয়ে ।
- ঘটনাৰ বিৱৰণ :
২০১৮ চনৰ ৮ জুন । সেই দিনটো আছিল সমগ্ৰ অসমবাসীৰ বাবে অভিশপ্ত । কাৰ্বি ভূমিৰ সেউজীয়া প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ গৈছিল গুৱাহাটীৰ দুই প্ৰতিভাৱান যুৱক ক্ৰমে নিলোৎপল দাস আৰু অভিজিৎ নাথ । প্ৰকৃতিক ভালপোৱা যুৱক দুজনে উভতি অহাৰ পথতেই সন্ধিয়া সংঘটিত হৈছিল সেই ভয়ংকৰ ঘটনাটো । এক অপপ্ৰচাৰৰ ভিত্তিতেই এদল উন্মাদ লোকে যুৱক দুজনক অতি নিৰ্মমভাৱে আক্ৰমণ আৰম্ভ কৰিছিল । সেই সময়ত প্ৰাণ ভিক্ষা কৰি যুৱক দুজনে দিয়া মৰণকাতৰ চিৎকাৰ মনত পৰিলে হয়তো আজিও বুকু কঁপি উঠে প্ৰতিজন অসমীয়াৰ ।

সেই ঘটনাই কেৱল অসমতেই নহয়, দেশৰ বিভিন্ন প্ৰান্তৰ উপৰিও সাত সাগৰ তেৰ নদীৰ সিপাৰৰ ৰাছিয়াতো প্ৰতিবাদৰ ঢৌ তুলিছিল । অভি-নীল হত্যাকাণ্ডৰ ন্যায় বিচাৰি চৌদিশে প্ৰতিবাদ সাব্যস্ত কৰিছিল । ঘটনা সংঘটিত হোৱাৰ পাছতেই ঘটনাক লৈ ডিফু আৰক্ষীও তৎপৰ হৈ পৰিছিল । ঘটনাস্থলীৰ পৰা তদন্তৰ বাবে যথেষ্ট সমল, চোকা অস্ত্ৰ আদি উদ্ধাৰ কৰাৰ লগতে ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত মুঠ ৪৮ গৰাকীকৈ লোকক ডিফু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জে'ললৈ প্ৰেৰণ কৰিছিল । ৪৮ জনকৈ অভিযুক্তৰ ৩ জন নাবালক হোৱাত জুভেনাইললৈ প্ৰেৰণ কৰাৰ বিপৰীতে আন ৪৫ জনকৈ অভিযুক্তক নগাঁও কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল ।
ঘটনা সন্দৰ্ভত সেই সময়ত স্থানীয় আৰক্ষী থানাত ৩৩/২০১৮ নম্বৰত গোচৰ ৰুজু কৰি তৎপৰতাৰে অনুসন্ধান কৰি ৩ মাহৰ ভিতৰতেই আদালতত ৮০০ পৃষ্ঠাজোৰা অভিযোগনামা দাখিল কৰিবলৈ সক্ষম হৈছিল ।
গোচৰটোৰ তদন্তকাৰী বিষয়া আছিল তদানীন্তন ডিফু আৰক্ষীৰ পৰিদৰ্শক কমল ৰাজবংশী । সেই সময়ৰ ডিফুৰ আৰক্ষী অধীক্ষক জি ভি শিৱ প্ৰসাদে নিজে তদাৰক কৰি ৩ মাহৰ ভিতৰত অভিযোগনামা দাখিল কৰিবলৈ সক্ষম হৈছিল । সেই সময়ৰ ডিফু আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক মুজাফৰ হুছেইনসহ তদন্ত প্ৰক্ৰিয়াত কেইবাগৰাকী আৰক্ষী বিষয়া নিয়োজিত হৈছিল ।
ঘটনাৰ বিচাৰ প্ৰক্ৰিয়া প্ৰথমাৱস্থাত ডিফু আদালতত আৰম্ভ হৈছিল যদিও পৰৱৰ্তী সময়ত অভি-নীলৰ পৰিয়ালে আবেদন জনোৱাত উচ্চ ন্যায়ালয়ে ডিফু আদালতৰ বিপৰীতে নগাঁও জিলা সত্ৰ ন্যায়াধীশ আদালতত চলোৱাৰ নিৰ্দেশ দিয়ে । উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত ২০১৮ চনৰ ৪ ছেপ্টেম্বৰত গোচৰটো নগাঁও আদালতলৈ স্থানান্তৰিত হয় । সেই সময়ৰ পৰাই নগাঁও জিলা সত্ৰ ন্যায়াধীশৰ আদালতত গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া চলি আছে যদিও ক'ভিডসৃষ্ট পৰিৱেশ, ন্যায়ধীশৰ বদলি আদি বিভিন্ন কাৰণত কিছু পৰিমাণে হ'লেও বিচাৰ প্ৰক্ৰিয়া লেহেমীয়া হৈ পৰে ।

গোচৰটোৰ তদন্তকাৰী আৰক্ষী বিষয়াসহ মুঠ ৭১ গৰাকীকৈ লোকৰ সাক্ষ্য গ্ৰহণ, অভিযুক্ত পক্ষৰ মন্তব্য, ভুক্তভোগী পক্ষৰ অধিবক্তাৰ যুক্তি গ্ৰহণ কৰাৰ পাছত অভিযুক্ত পক্ষৰ অধিবক্তাৰো যুক্তি দৰ্শোৱা প্ৰক্ৰিয়াকে ধৰি সকলো প্ৰক্ৰিয়া সম্পন্ন হয় নগাঁও আদালতত । ১৩ মাৰ্চত আদালতে গ্ৰহণ কৰা শুনানিত বিপক্ষৰ অধিবক্তাৰ যুক্তিৰ ওপৰত ভুক্তভোগী পক্ষৰ অধিবক্তাই যুক্তি দাঙি ধৰাৰ পাছতেই বিচাৰ প্ৰক্ৰিয়াৰ শুনানিৰ অন্ত পৰে ।
১৩ মাৰ্চত অন্তিম শুনানিৰ পাছত সোমবাৰে ২০ জনক দোষী সাব্যস্ত কৰাৰ লগতে ২৫ জনক ৰেহাই দি নগাঁও আদালতে চূড়ান্ত ৰায় প্ৰদান কৰে । পৰৱৰ্তী সময়ত আটাইকেইজন দোষীৰ বিৰুদ্ধে শাস্তি ঘোষণা কৰিব যদিও অভি-নীলৰ পৰিয়ালৰ লগতে সমগ্ৰ অসমবাসীয়ে দোষীৰ চূড়ান্ত শাস্তি অৰ্থাৎ মৃত্যুদণ্ড বিচাৰিছে ।
| লগতে পঢ়ক : আজি অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান |

