বৃদ্ধি হ’ব লাগে মজুৰি, চাহ মজদুৰ সংঘৰ বিৰুদ্ধে শ্ৰমিকৰ কল্যাণৰ বাবে একো নকৰাৰ অভিযোগ আটছাৰ
লখিমপুৰৰ চাহ বাগিচাৰ একাংশ শ্ৰমিকে কয় যে বৰ্তমান মূল্যবৃদ্ধিৰ সময়ত ২৮০ টকা মজুৰিৰে পৰিয়াল চলাবলৈ নুকুলায় ৷ গতিকে চৰকাৰে শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰিব লাগে ৷

Published : May 17, 2026 at 7:50 PM IST
লখিমপুৰ: অসমৰ চাহ উদ্যোগে বৰ্ণময় ২০০ বছৰ অতিক্ৰম কৰিলে ৷ কিন্তু অসমৰ চাহ বাগিচাৰ শ্ৰমিকসকলে আজিও বিভিন্ন সমস্যাৰ সৈতে যুঁজি আছে ৷ বৰ্তমানেও চাহ শ্ৰমিকৰ মজুৰি মাত্ৰ ২৮০ টকা । য’ত অন্য স্থানত এজন শ্ৰমিকে দৈনিক মজুৰি হিচাপে কমেও ৩৫০ ৰ পৰা ৪০০ টকা পৰ্যন্ত লাভ কৰে । এইবাৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি দলে নিজৰ সংকল্প পত্ৰত চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ প্ৰতিশ্ৰুতি দিছিল ৷ শ্ৰমিকৰ মজুৰি পূৰ্বে ৩৫১ টকা কৰিবলৈ চাহ জনগোষ্ঠীয় সংগঠনসমূহে দাবী জনায় আহিছিল যদিও সেয়া আজি পৰ্যন্ত হৈ উঠা নাই ৷
লখিমপুৰৰ চাহ বাগিচাৰ একাংশ শ্ৰমিকে কয় যে বৰ্তমান মূল্যবৃদ্ধিৰ সময়ত ২৮০ টকা মজুৰিৰে পৰিয়াল চলাবলৈ নুকুলায় ৷ গতিকে চৰকাৰে শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰিব লাগে ৷ বাগিচাৰ পৰা ৰেচন, পানী, স্বাস্থ্য, শিক্ষা আদি সুবিধাবোৰ লাভ কৰিলেও কম মজুৰি লাভৰ ফলত বাকীবোৰ খৰচ জোৰা মাৰিবলৈ সমস্যাত পৰা বুলি দাবী কৰে শ্ৰমিকসকলে ৷ এগৰাকী শ্ৰমিকে কয়, ‘‘নতুন চৰকাৰখনে আমাৰ সমস্যাসমূহ সমাধান কৰিব বুলি আশা কৰিছোঁ । মজুৰি ৫০০ লৈ বৃদ্ধি কৰিব লাগে । আমাৰ বাগিচা অঞ্চলত চিকিৎসা ব্যৱস্থা বিশেষ একো নাই । চিকিৎসাৰ ভাল ব্যৱস্থা কৰিব লাগে । আমাক ভূমিৰ অধিকাৰ দিব লাগে । সমস্যাবোৰ সমাধান কৰি দিব লাগে ।’’
ইফালে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি তথা শ্ৰমিকৰ কল্যাণৰ প্ৰসংগত কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় সদৌ অসম চাহ জনজাতি ছাত্ৰসন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক সুনীল তিৰ্কীয়ে ৷ তেওঁ কয় যে চাহ জনগোষ্ঠীটোৰ সমস্যাসমূহ সমাধানৰ বাবে এইবাৰ চাহ জনগোষ্ঠীটোৰ ৰাইজ উঠিপৰি লাগিছিল । নিৰ্বাচনত বিজয়ী হোৱা জন প্ৰতিনিধিসকলে ৰাইজৰ যি আস্থা আৰু বিশ্বাস তাক পূৰণ কৰিব লাগে । কিয়নো চাহ জনজাতি এতিয়াও বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত ।
তেওঁ কয়, ‘‘বাগিচা এলেকাত এতিয়াও ব্ৰিটিছৰ দিনতে সজা সৰু সৰু কোঠাত চাহ শ্ৰমিকে বসবাস কৰি থাকিব লগীয়া হৈছে । চৰকাৰ, বাগিচা কৰ্তৃপক্ষই এই ক্ষেত্ৰত গুৰুত্ব দিয়া নাই । চিকিৎসা সেৱা যেনেদৰে হ’ব লাগিছিল তেনেদৰে হোৱা নাই । ছাত্ৰ-ছাত্ৰী অনুপাতে বিদ্যালয়ত শিক্ষক নাই । ক'ৰবাত ১৫০ জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে আছে মাথোঁ দুজনহে শিক্ষক । এনেধৰণৰ দেধাৰ সমস্যাত আক্ৰান্ত চাহ জনগোষ্ঠীটোৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত ৰজাঘৰ, প্ৰজাঘৰ সকলোৰে ঐকান্তিকতাৰ প্ৰয়োজন ।’’
তেওঁ লগতে কয়, ‘‘বৰ্তমান যি ২৮০ টকা মজুৰি প্ৰদান কৰা হয়, সেয়া একোটা পৰিয়ালৰ বাবে যথেষ্ট নহয় ৷ যিহেতু সকলো খাদ্য-সামগ্ৰীৰে দাম বাঢ়িছে, ঔষধৰ দাম বাঢ়িছে, গতিকে চৰকাৰে চাহ শ্ৰমিকৰ মজুৰিৰ ক্ষেত্ৰত বিষয়টো গুৰুত্বসহকাৰে চাব লাগে ৷ বৰ্তমান ৰামেশ্বৰ তেলীয়ে চাহ জনজাতিৰ উন্নয়নৰ দপ্তৰ লাভ কৰিছে ৷ তেখেতক আমি শুভেচ্ছা জনাইছোঁ ৷ আমি আশা কৰিম তেওঁ এই জনগোষ্ঠীৰ লোকসকলৰ সমস্যাক অনুধাৱন কৰি মজুৰি বৃদ্ধিৰ লগতে বাকী দিশসমূহৰ উন্নয়নত গুৰুত্ব দিব ৷’’
চাহ মজদুৰ সংঘৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ আটছা নেতাৰ
চাহ শ্ৰমিকৰ কল্যাণৰ হকে গঠিত চাহ মজদুৰ সংঘই শ্ৰমিকৰ পৰা বৰঙণি সংগ্ৰহ কৰা বিষয়ত সুনীল তিৰ্কীয়ে কয়, ‘‘চাহ মজদুৰ সংঘই চাহ শ্ৰমিকৰ পৰা বছৰি বৰঙণি লয় । চাহ শ্ৰমিকৰ পৰা বৰঙণি লৈ কিন্তু তেওঁলোকে চাহ শ্ৰমিকৰ বাবে একোৱেই নকৰে । চাহ জনগোষ্ঠীৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত মজদুৰ সংঘই যেনেদৰে বাগিচা কৰ্তৃপক্ষ, চৰকাৰ আদিৰ ওচৰত দাবী উত্থাপন কৰি হেঁচা প্ৰয়োগ কৰিব লাগিছিল, তেওঁলোকে তেনে একোৱেই নকৰে । কেৱল শ্ৰমিকৰ বৰঙণিৰে চলি থাকে তেওঁলোক ।’’
তেওঁ লগতে কয়, ‘‘চাহ শ্ৰমিকৰ পৰা কোনো ধৰণৰ দান বৰঙণি নোলোৱাকৈ অসম চাহ জনজাতি ছাত্ৰ সন্থাই জনগোষ্ঠীটোৰ সমস্যাসমূহ সমাধানৰ হকে কেন্দ্ৰ অথবা ৰাজ্য চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰি দাবী জনাই আহিছে । আটছাৰ আন্দোলনৰ ফলত চৰকাৰে জনগোষ্ঠীটোৰ উন্নয়নৰ হকে কিছু ব্যৱস্থা গ্ৰহণ কৰিছে । কিন্তু তাৰ বাঃ বাঃ লয় মজদুৰ সংঘই । চাহ বাগিচাত এটা ছিণ্ডিকেট চলোৱাৰ দৰে হৈছে । এই বিলাক বন্ধ কৰাৰ দৰকাৰ । একোজন শ্ৰমিকৰ পৰা বছৰি ২৮০ টকা বৰঙণি লোৱা সংঘই শ্ৰমিকক একো দিব নোৱাৰিলে বৰঙণি লোৱাৰো অধিকাৰ নাই । ব্ৰিটিছৰ দৰে কৰা শোষণ বন্ধ কৰিব লাগিব । এইবাৰ চাহ শ্ৰমিকৰ পৰা বৰঙণি মাচুল দিয়া বন্ধ কৰা হ’ব ।’’
লগতে পঢ়ক: চাহ শ্ৰমিকৰ মনৰ কথা: দৈনিক মজুৰি ৫০০ টকা হ’লেও লাভ নহয়, কমাব লাগে সামগ্ৰীৰ দাম

