অসমত এক পৰিকল্পিত অৰ্থনৈতিক আন্দোলনৰ প্ৰয়োজন: ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য
১৮ মে'ত অনুষ্ঠিত হ'ব আছুৰ অভিনন্দন অনুষ্ঠান । উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক আছুৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হ'ব ।

Published : May 8, 2026 at 8:23 PM IST
গুৱাহাটী: অহা ১৮ মে'ত গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৰ অভিনন্দন অনুষ্ঠানত ৰাজ্যৰ কৃতী ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনোৱা হ'ব ।
গুৱাহাটীৰ বিবেকানন্দ কেন্দ্ৰত শুকুৰবাৰে অনুষ্ঠিত আছুৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাৰ অন্তত সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে আছুৰ সভাপতি উৎপল শৰ্মাই । এই সভাত উপস্থিত থাকে আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ।
কাৰ্যনিৰ্বাহক সভাত উপস্থিত থকা আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ৰাজ্যত এটা অৰ্থনৈতিক সংগ্ৰাম আৰু অসমত শৈক্ষিক ক্ষেত্ৰত এক নতুন বিপ্লৱ অহাৰ পোষকতা কৰি কয়, "শিক্ষানুষ্ঠানত নতুন নতুন পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰাৰ প্ৰয়োজন আছে । যিবোৰ বিষয়ৰ বাবে ল'ৰা-ছোৱালীবোৰ বাহিৰলৈ গৈছে সেইবোৰ ইয়াত খুলিব নোৱাৰি নেকি । যিসকলৰ অভিভাৱকে বাহিৰলৈ পঠিয়াব পাৰে তেওঁলোকে পঠিয়াইছে । যিবোৰ মেধাৱী ছাত্ৰ-ছাত্ৰীৰ বাহিৰলৈ যাবলৈ অসুবিধা তেওঁলোক ইয়াতে পঢ়িব লাগিব । আজিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকে স্পষ্টভাৱে দাবী জনাইছোঁ যে অসমত নতুন নতুন বিষয়ৰ পাঠ্যক্ৰম শিক্ষানুষ্ঠানবোৰত খুলিব লাগে, যাতে মেধাৱী ছাত্ৰ-ছাত্ৰীসকলে ইয়াতে থাকি নিজৰ ভৱিষ্যত সুৰক্ষিতভাৱে গঢ়ি তুলিব পাৰে । বিশ্ববিদ্যালয়সমূহে এই ক্ষেত্ৰত পদক্ষেপ ল'ব লাগে । চৰকাৰৰ তৰফৰ পৰা এই নতুন নতুন বিভাগবোৰ খুলিবলৈ যিমান টকা লাগে বিশ্ববিদ্যালয়ক দিব লাগে ।"
তেওঁ লগতে কয়, "এটা অৰ্থনৈতিক সংগ্ৰামৰ প্ৰয়োজন । পৰিকল্পিত অৰ্থনৈতিক আন্দোলনৰ প্ৰয়োজন । সেয়েহে অসম উন্নতি সভাৰ ২৮ মে'ত গুৱাহাটীত অধিৱেশন হ'ব । তাৰ আগে আগে ১৩, ১৪, ১৫ তাৰিখে সমগ্ৰ অসমত প্ৰতিখন জিলা ছাত্ৰ সন্থা আৰু জিলা উন্নতি সভাৰ যৌথ কাৰ্যনিৰ্বাহক হ'ব । জিলাখনত অৰ্থনৈতিক কৰ্মসূচী লোৱাৰ কি উপায় আছে সেই সম্পৰ্কে তাত ৰূপৰেখা অংকন কৰা হ'ব ।"
আনহাতে, তেওঁ কয়, "সাংবিধানিক ৰক্ষাকৱচ আমাক লাগিবই । ৰাজ্যিক কাৰ্যনিৰ্বাহকে স্পষ্ট মত প্ৰকাশ কৰি কৈছে অসমত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব নিশ্চত হ'ব পৰাকৈ, সৰ্বকালৰ বাবে অসমীয়া মানুহৰ নিৰ্ণায়ক অধিকাৰ নিশ্চিত হ'ব পৰাকৈ সাংবিধানিক ৰক্ষাকৱচ লাগিবই। সাংবিধানিক ৰক্ষাকৱচ খিলঞ্জীয়া মানুহৰ প্ৰাপ্য । সাংবিধানিক ৰক্ষাকৱচৰ যিবোৰ বিষয় কেন্দ্ৰীয় চৰকাৰৰ আওতাত পৰে সেইবোৰ বিষয়ৰ ওপৰতো আমাক সিদ্ধান্ত লাগে । কেন্দ্ৰীয় চৰকাৰৰ আওতাত পৰা বিষয়বোৰৰ ওপৰত কেন্দ্ৰীয় চৰকাৰক সামৰি অসম চৰকাৰ আৰু আছুৰ মাজত আলোচনা অনুষ্ঠিত কৰি এই বিষয়ত ফলাফল বিচাৰিছোঁ ।"
আনহাতে, আছুৰ সভাপতি উৎপল শৰ্মাই কয়, "আজি ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সভা অনুষ্ঠিত হয় । হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছা- ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ বাবে অভিনন্দন অনুষ্ঠান আয়োজন কৰোঁ । এইবাৰো ১৮ তাৰিখে অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব । উচ্চতৰ মাধ্যমিকৰ কলা শাখাত ৪৭৪ নম্বৰৰ ওপৰত পোৱা ছাত্ৰ-ছাত্ৰী, বাণিজ্য শাখাত ৪৬৭ নম্বৰৰ অধিক পোৱাসকল, বিজ্ঞান শাখা ৪৭৬ নম্বৰৰ অধিক নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীসকলৰ লগতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৫৭৯ নম্বৰৰ ওপৰত নম্বৰ পোৱাসকলক সম্বৰ্ধনা জনোৱা হ'ব ।"
তেওঁ লগতে কয়, "আমি প্ৰত্যাশা প্ৰকল্পৰ জৰিয়তে অসমৰ ছাত্ৰ-ছাত্ৰীক দিল্লীত ইউপিএছচিৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছোঁ । বিনামূলীয়া এই প্ৰশিক্ষণ দিল্লীত অধ্যয়নৰত অৱস্থাত মাহে ১২ হাজাৰকৈ জলপানি লাভ কৰিব । ৪০ গৰাকীৰ ভিতৰত ২৬ গৰাকী অসমৰ পৰা আৰু ১৪ গৰাকীক উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যৰ পৰা বাছনি কৰা হয় । এটি বিশেষ বাছনি পৰীক্ষাৰ জৰিয়তে বাছনি কৰা হয় । ৩১ মে'ত সেই বাছনি পৰীক্ষা অনুষ্ঠিত হ'ব । গুৱাহাটী, শিৱসাগৰ, তেজপুৰ আৰু নতুন দিল্লীত অনুষ্ঠিত হ'ব ।"
এই সন্দৰ্ভত তেওঁ আৰু কয়, "দক্ষ প্ৰশাসনিক বিষয়া সৃষ্টি কৰাৰ উদ্দেশ্যে এই প্ৰকল্প হাতত লোৱা হৈছে । তদুপৰি ২৮ মে'ত কলাক্ষেত্ৰত অসম উন্নতি সভাৰ বাৰ্ষিক অধিবেশন আৰু এইবাৰ বৰপেটাত কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱস পালন কৰা হ'ব । এই সকলোবোৰ বিষয়ত আজিৰ কাৰ্যনিৰ্বাহকত আলোচনা কৰা হয় ।"

