ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ
পেট্ৰ'ল, ডিজেলকে ধৰি ইন্ধন তথা অন্যান্য সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ প্ৰতিবাদত মঙলবাৰে ৰাজ্য কঁপালে সদৌ অসম ছাত্ৰ সন্থাই ।

Published : May 26, 2026 at 8:05 PM IST
গুৱাহাটী : পেট্র'ল-ডিজেলৰ অভাৱনীয় মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ প্ৰতিবাদ । ৰাজ্যৰ বিভিন্ন প্ৰান্তত আছুৰ নেতা-কৰ্মীসকলে কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । ঠায়ে ঠায়ে কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰীৰ পুত্তলিকা দাহ ।
পেট্র'ল-ডিজেলৰ অভাৱনীয় মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাত চৰকাৰৰ ব্যৰ্থতাৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে মঙলবাৰে গুৱাহাটীৰ উজানবজাৰত কেন্দ্রীয় পেট্র'লিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । সদৌ কামৰূপ (মহানগৰ) জিলা ছাত্ৰ সন্থাৰ উদ্যোগত প্রতিবাদকাৰীসকলে হাতত পেট্ৰ'ল পাম্পৰ প্ৰতীকী আৰ্হি তথা প্লে'কার্ড লৈ চৰকাৰী ব্যৰ্থতাৰ বিৰুদ্ধে তীব্র ক্ষোভ প্রকাশ কৰি কেন্দ্রীয় পেট্র'লিয়াম মন্ত্রী হৰদীপ সিং পুৰীৰ পুত্তলিকা দাহ কৰে ।
লগতে পেট্র'ল, ডিজেল আৰু ৰন্ধন গেছৰ ক্ৰমাগত দাম বৃদ্ধি অনতিপলমে নিয়ন্ত্ৰণ কৰা আৰু সৰ্বসাধাৰণ ৰাইজৰ ওপৰত জাপি দিয়া আর্থিক বোজা হ্রাস কৰিবলৈ চৰকাৰক তৎকালীনভাৱে পদক্ষেপ গ্রহণ কৰিবলৈ দাবী জনায় ।

আকাশলংঘী মূল্যবৃদ্ধি ৰোধ কৰিবলৈ আৰু জনসাধাৰণক সকাহ দিবলৈ চৰকাৰক দাবী জনাই সদৌ কামৰূপ (মহানগৰ) জিলা ছাত্ৰ সন্থা ৰ সাধাৰণ সম্পাদক সমীৰণ কলিতাই কয়, "চৰকাৰৰ ভুল নীতি আৰু বজাৰ নিয়ন্ত্ৰণৰ অভাৱৰ বাবেই আজি সাধাৰণ জনতাই জীয়াতু ভুগিবলগীয়া হৈছে । অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ফলত জনসাধাৰণে সাধাৰণ জনজীৱন চলাই নিয়াত অসুবিধাৰ সন্মুখীন হৈছে । মূল্যবৃদ্ধি ৰোধ কৰিব নোৱৰা চৰকাৰৰ বিৰুদ্ধে নিৰৱচ্ছিন্ন প্ৰতিবাদ অব্যাহত থাকিব । যদিহে চৰকাৰে শীঘ্ৰে পেট্র'ল-ডিজেলৰ অভাৱনীয় মূল্যবৃদ্ধি ৰোধ নকৰে, তেন্তে ছাত্ৰ সন্থাই অনাগত দিনত ইয়াতকৈও অধিক জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব ।"
লখিমপুৰত কেন্দ্রীয় পেট্ৰ'লিয়াম মন্ত্রীৰ পুত্তলিকা দাহ
লখিমপুৰ : লখিমপুৰত আছুৱে পেট্ৰ'ল ঢালি জ্বলালে পেট্ৰ'লিয়াম মন্ত্রীৰ পুত্তলিকা । নগৰৰ গাৰ্লছ ৰোড চাৰিআলিত জিলা ছাত্র সন্থাই কেন্দ্রীয় পেট্ৰ'লিয়াম মন্ত্রী হৰদিপ সিং পুৰীৰ পুত্তলিকা দাহ কৰে । পেট্ৰ'লজাত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবে সদৌ অসম ছাত্র সন্থাৰ আহ্বানক্ৰমে মঙলবাৰে লখিমপুৰ জিলা ছাত্র সন্থাই এই প্ৰতিবাদ সাব্যস্ত কৰে ।
পেট্র'লজাত সামগ্রীৰ মূল্যবৃদ্ধি হ্ৰাস কৰক, হৰদীপ সিং পুৰী মুৰ্দাবাদ, বিজেপি চৰকাৰ হুঁচিয়াৰ, বিজেপি গ' বেক আদি শ্লোগান দি জিলা আছুৰ সদস্যসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । কাৰ্যসূচীত অংশগ্রহণ কৰি জিলা ছাত্র সন্থাৰ সভাপতি ক্ষীৰোদ দুৱৰা, সম্পাদক পুনমজ্যোতি বুঢ়াগোহাঁই, কেন্দ্রীয় কাৰ্যনিৰ্বাহক কৃষ্ণ হাজৰিকা আদিয়ে চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে ।
তেওঁলোকে কয়, "পেট্ৰ'লিয়ামজাত সামগ্রীৰ পৰা সকলো বয়বস্তুৰ মূল্যবৃদ্ধি হোৱাৰ পিছতো চৰকাৰখন শুই আছে । যাতনা ভুগিছে সাধাৰণ জনতাই । সাধাৰণ জনতাক মাধমাৰ শোধাইছে । আমি চৰকাৰক সকীয়াই দিছোঁ । শীঘ্ৰে মূল্যবৃদ্ধি হ্ৰাস কৰক । নহ'লে অনাগত সময়ত প্ৰধানমন্ত্ৰীৰ পৰা কেন্দ্রীয় মন্ত্রীৰ পুত্তলিকা দাহ কৰি আমি প্ৰবল প্ৰতিবাদ সাব্যস্ত কৰিম ।"
তিনিচুকীয়াত পেট্ৰ’লিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীৰ পুত্তলিকা দাহ কৰি আছুৰ উত্তাল প্ৰতিবাদ
তিনিচুকীয়া : তিনিচুকীয়া চহৰৰ মাজমজিয়া থানা চাৰিআলিত সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সদস্য আৰু আৰক্ষীৰ মাজত এক হতাহতি পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ উদ্যোগত কেন্দ্ৰীয় চৰকাৰৰ পেট্ৰ'লিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীৰ পুত্তলিকা দাহ কাৰ্যসূচী ৰূপায়ণ কৰে । পেট্ৰ'ল, ডিজেলৰ ধাৰাবাহিকভাৱে হোৱা মূল্যবৃদ্ধিৰ বিৰুদ্ধে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷
প্ৰতিবাদৰ সময়ত ছাত্ৰ সন্থাৰ সদস্যসকলে হাতে হাতে প্লে' কাৰ্ড লৈ মূল্যবৃদ্ধি ৰোধ কৰক, পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিক, বিজেপি হায় হায়, কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী হৰদীপ সিং পুৰী হায় হায়, সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ, জয় আই অসম আদি বিভিন্ন শ্লোগানেৰে তিনিচুকীয়াৰ আকাশ-বতাহ কঁপাই তোলে ।
প্ৰতিবাদস্থলীৰ পৰাই সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সভাপতি প্ৰতিম নেওগ আৰু সাধাৰণ সম্পাদক কনচেং গগৈয়ে পেট্ৰ'ল, ডিজেলৰ মূল্য শীঘ্ৰে হ্ৰাস কৰিবলৈ চৰকাৰক দাবী জনায় । এই প্ৰতিবাদস্থলীৰ পৰাই সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক জিতেন্দ্ৰ চুতীয়াই চৰকাৰক শীঘ্ৰে এই মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ দাবী জনোৱাৰ লগতে পেট্ৰ'লিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীৰ পদত্যাগৰ দাবী জনায় ।
যোৰহাট সদৰ থানা সন্মুখতেই জ্বলিল কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰীৰ পুত্তলিকা
যোৰহাট : মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱৰ দোহাই দি সমগ্ৰ দেশতে অভাৱনীয় হাৰত বৃদ্ধি পাইছে পেট্ৰ'ল-ডিজেলৰ মূল্য । ধাৰাবাহিকভাৱে পেট্ৰ'ল-ডিজেলৰ মুল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক কোঙা কৰি তুলিছে । পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ গইনা লৈ ৰাজ্যত বৃদ্ধি পাইছে নিত্যপ্ৰয়োজনীয় সা-সামগ্ৰীৰ দাম । ফলত পেট্ৰ'ল-ডিজেলৰ অভাৱনীয় দাম বৃদ্ধি নিয়ন্ত্ৰণ কৰাত চৰকাৰৰ ব্যৰ্থতাৰ প্ৰতিবাদত মঙলবাৰে যোৰহাট সদৰ থানা তিনিআলিৰ সন্মুখত কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীৰ পুত্তলিকা দাহ কৰি যোৰহাট জিলা ছাত্র সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।
জিলা ছাত্র সন্থাৰ কৰ্মীসকলে কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰীৰ পুত্তলিকা লৈ ছাত্র সন্থাৰ কাৰ্যালয় পৰা প্ৰতিবাদী সমদল কৰি চৰকাৰবিৰোধী ধ্বনি দি সদৰ থানাৰ সন্মুখত পুত্তলিকা দাহ কাৰ্যসূচী ৰূপায়ণ কৰে । আনহাতে, পুত্তলিকা দাহ কাৰ্যসূচীৰ সময়ত ছাত্র সন্থাৰ কৰ্মী আৰু আৰক্ষীৰ মাজত তৰ্কাতৰ্কিও আৰম্ভ হয় ।
এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি যোৰহাট জিলা ছাত্র সন্থাৰ সভাপতি প্ৰীতম জ্যোতি শইকীয়াই কয়, "আন্তঃৰাষ্ট্ৰীয় বজাৰত দাম বৃদ্ধিৰ দোহাই দি পেট্ৰ'ল, ডিজেলৰ মূল্যবৃদ্ধি ঘটাই থকা হৈছে । এয়া কোনোপধ্য মানি ল'ব নোৱাৰি । পেট্ৰ'ল, ডিজেলৰ মূল্যবৃদ্ধিৰ গইনা লৈ একাংশ অসাধু ব্যৱসায়ীয়ে নিত্যপ্ৰয়োজনীয় সামগ্ৰীৰ দাম বৃদ্ধি ঘটাবলৈ আৰম্ভ কৰিছে । ফলত সৰ্বসাধাৰণ ৰাইজ বাৰুকৈ ক্ষতিগ্ৰস্ত হৈছে । আমি মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত পে'ট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীৰ পুত্তলিকা দাহ কৰিছোঁ ।"
উল্লেখ্য যে দুসপ্তাহ নৌহওঁতেই সোমবাৰে পুনৰ বৃদ্ধি হয় পেট্ৰ’ল-ডিজেলৰ মূল্য ৷ শেহতীয়াকৈ প্ৰতি লিটাৰ পেট্ৰ’লত ২.৬১ টকা আৰু প্ৰতি লিটাৰ ডিজেলত ২.৭১ টকাকৈ মূল্যবৃদ্ধি হয় ৷
মূল্যবৃদ্ধিৰ বিৰুদ্ধে মাজুলীত আছুৰ প্ৰতিবাদ
মাজুলী : পেট্ৰ'ল-ডিজেলৰ অভাৱনীয় দাম বৃদ্ধি নিয়ন্ত্ৰণ কৰাত চৰকাৰৰ ব্যৰ্থতাৰ প্ৰতিবাদত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত মঙলবাৰে পুনৰ জিলা সদৰ গড়মূৰত কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।
এই প্ৰতিবাদস্থলীৰ পৰাই চৰকাৰক দাবী জনাই আছুৱে কয়, "নিতৌ পেট্ৰ'ল-ডিজেলৰ দাম বৃদ্ধি কৰি গৈ আছে এইখন চৰকাৰে । পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ লগে লগে আন আন সামগ্ৰীৰো দাম বৃদ্ধি হৈছে, যাৰ ফলশ্ৰুতিত সাধাৰণ ৰাইজ আজিৰ তাৰিখত বজাৰলৈ যাব নোৱৰা অৱস্থা হৈছে । এই মূল্যবৃদ্ধি কোনো কাৰণতে মানি লোৱা নহয় । গতিকে অতি সোনকালে পেট্ৰ'ল-ডিজেলৰ লগতে আন আন সামগ্ৰীৰ দাম হ্ৰাস কৰিবলৈ চৰকাৰক দাবী জনাইছোঁ ।"
মৰিগাঁৱত পেট্ৰ'ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ, মন্ত্ৰী হৰদীপ সিং পুৰীৰ পুত্তলিকা দাহ
মৰিগাঁও : দেশত নিৰন্তৰভাৱে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য বৃদ্ধি পোৱাৰ প্ৰতিবাদত মঙলবাৰে মৰিগাঁৱত উত্তাল পৰিৱেশৰ সৃষ্টি কৰে সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মীসকলে । পেট্ৰ'ল আৰু ডিজেলৰ বৰ্ধিত মূল্য তৎকালীনভাৱে হ্ৰাস কৰাৰ দাবীত সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাই কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীৰ পুত্তলিকা দাহ কৰি তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ।
মৰিগাঁও চহৰত ছাত্ৰ সন্থাৰ কৰ্মীসকলে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগান দি এক প্ৰতিবাদী সমদল উলিয়ায় । ইয়াৰ পাছতে কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীৰ পুত্তলিকা দাহ কৰি চৰকাৰৰ জনবিৰোধী নীতিৰ তীব্ৰ সমালোচনা কৰে ।
এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক ৰূপজ্যোতি মেধিয়ে কেন্দ্ৰীয় চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি কয়, "দেশৰ ৰাইজে বিশ্বাসেৰে এই চৰকাৰখনক শাসনৰ গাদীত বহুৱাইছিল । কিন্তু আজি সেই একেখন চৰকাৰেই সাধাৰণ ৰাইজক মিতব্যয়ী হ'বলৈ পৰামৰ্শ দি নিজৰ দায়িত্বৰ পৰা হাত সৰাৰ চেষ্টা কৰিছে ।"
মেধিয়ে লগতে যোগান বিভাগৰ নিষ্ক্ৰিয়তাৰ ওপৰত গুৰুতৰ অভিযোগ উত্থাপন কৰি কয়, "বৰ্তমান সময়ত যোগান বিভাগ নামৰ বিভাগটো জীয়াই আছে নে মৰিছে, সেয়া ৰাইজে পাহৰি গৈছে । নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ পৰা আৰম্ভ কৰি ইন্ধনলৈকে সকলোৰে মূল্যবৃদ্ধি হৈছে, অথচ চৰকাৰীভাৱে কোনো ধৰণৰ নিয়ন্ত্ৰণ বা ব্যৱস্থা গ্ৰহণ কৰা দেখা যোৱা নাই ।"
এই প্ৰতিবাদী কাৰ্যসূচীত মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ বহুকেইজন কৰ্মকৰ্তা আৰু স্থানীয় ছাত্ৰ-ছাত্ৰী উপস্থিত থাকি কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।

