ETV Bharat / state

প্ৰসংগ : কাজিৰঙাৰ ইক’ ছেনচিটিভ জ’ন; চৰকাৰক শ্বেতপত্ৰ প্ৰদানৰ দাবী আছুৰ

আছুৰ সভাপতি উৎপল শৰ্মাই কাজিৰঙাৰ আশে-পাশে থকা পৰিৱেশ সংবেদনশীল অঞ্চল ১ কিলোমিটাৰলৈ সংকুচিত কৰাৰ সন্দৰ্ভত চৰকাৰক এখন শ্বেতপত্ৰ দিবলৈ দাবী জনাইছে ৷

Eco-sensitive Zone
কাজিৰঙাৰ ইক’ ছেনচিটিভ জ’নৰ পৰিসীমা সংকুচিত কৰাৰ ঘোষণা (Kaziranga Wild adventure's FB page)
author img

By ETV Bharat Assamese Team

Published : August 25, 2026 at 1:49 PM IST

4 Min Read
Choose ETV Bharat

হায়দৰাবাদ : বৰ্তমান ৰাজ্যত চৰ্চাত থকা বিষয়টো হৈছে ইক’ ছেনচিটিভ জ’ন বা পৰিৱেশ সংবেদনশীল এলেকা । এই প্ৰসংগকলৈ ৰাজ্যজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । কিয়নো কিছুদিন পূৰ্বে অসম চৰকাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ পৰিৱেশ সংবেদনশীল এলেকাৰ (ইক’ ছেনচিটিভ জ’ন) পৰিসীমা ১০ কিলোমিটাৰৰ পৰা ১ কিলোমিটাৰলৈ সংকুচিত কৰাৰ প্ৰস্তাৱৰ কথা ৰাজহুৱা কৰিছিল ।

চৰকাৰৰ এই সিদ্ধান্তৰ পাছতেই ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । একাংশই ৰাইজে চৰকাৰী এই সিদ্ধান্তক আদৰণি জনোৱাৰ বিপৰীতে বহু দল-সংগঠন তথা ব্যক্তি বিশেষে ইয়াৰ বিৰোধিতা কৰি অহা পৰিলক্ষিত হৈছে ।

কাজিৰঙাৰ ভূমি সংকুচিত হোৱাৰ ফলত হাতী, গঁড় আৰু বাঘৰ দৰে জীৱবোৰৰ অধিক ক্ষতি হ’ব ৷ কিয়নো এনে জীৱবোৰক বিচৰণ কৰিবলৈ বিস্তীৰ্ণ ভূমিৰ প্ৰয়োজন ৷ যদিহে কাজিৰঙাৰ ভূমি সংকুচিত হয়, তেনে ডাঙৰ প্ৰজাতিৰ প্ৰাণীসমূহৰ ওপৰত গুৰুতৰ আৰু ক্ষতিকাৰক প্ৰভাৱ পৰিব, লগতে থলুৱালোকৰ জীৱন-জীৱিকাৰ ওপৰতো সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব বুলি একাংশ পৰিৱেশপ্ৰেমী লোকে আশংকা কৰিছে ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বৰ্তমানৰ বাফাৰ এলেকাৰ ৯০ শতাংশ সংকুচিত কৰিবলৈ কৰা ঘোষণাই সংৰক্ষণকৰ্মী আৰু সংশ্লিষ্ট নাগৰিক মহলৰ মাজত জোকাৰণিৰ সৃষ্টি কৰিছে আৰু বিভিন্ন মহলে ইয়াৰ প্ৰতিবাদ কৰিছে । ইফালে ইক’ ছেনচিটিভ জ’নৰ গাইডলাইনক লৈ মানুহৰ মাজতো বিভ্ৰান্তিৰ সৃষ্টি হৈছে ।

আনহাতে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ১৭ আগষ্ট তাৰিখে এক সংবাদমেলৰ আয়োজন কৰি কয় যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ চাৰিওফালে থকা পৰিৱেশ সংবেদনশীল অঞ্চল (Eco-Sensitive Zone) ৰ পৰিসৰ ১০ কিলোমিটাৰৰ পৰা এক কিলোমিটাৰ ব্যাসাৰ্ধলৈ সংকোচিত কৰাৰ বাবে চৰকাৰে লোৱা সিদ্ধান্তক সমৰ্থন জনাইছে । এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশনাক চৰকাৰে সম্পূৰ্ণৰূপে অনুসৰণ কৰিছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে কয় ৷

কাজিৰঙাৰ ইক’ ছেনচিটিভ জ’নক লৈ শেহতীয়াকৈ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই সামাজিক মাধ্য়ম এক্সত এই সন্দৰ্ভত চৰকাৰক উদ্দেশ্যি এটা পোষ্ট কৰে ৷ পোষ্টটোৰ লগতে তেওঁ এটা ভিডিঅ’ শ্বেয়াৰ কৰি লিখে -

‘‘কিমান শান্ত ! নিৰ্ভয়ে পাৰ হৈ গৈছে হাতীৰ জাক ।

কাজিৰঙাৰ বাটৰ এনেবোৰ দৃশ্যই মানুহ আৰু প্ৰকৃতিৰ মাজৰ সহাৱস্থানৰ কথা সোঁৱৰাই দিয়ে । আমাৰ প্ৰকৃতি, বনাঞ্চল আৰু বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে সজাগ ভূমিকা পালন কৰাটো এক সামূহিক দায়িত্ব ।

উন্নয়নৰ নামত ধ্বংস নহওক প্ৰকৃতি । সুৰক্ষিত থাকক বনাঞ্চল, সুৰক্ষিত থাকক বন্যপ্ৰাণীৰ স্বাভাৱিক বিচৰণৰ পথ । শেহতীয়াকৈ Eco-sensitive Zone ৰ প্ৰসংগই পুনৰ প্ৰশ্নৰ অৱতাৰণা কৰিছে, বিতৰ্কৰ সূচনা কৰিছে । ছাত্ৰ সন্থাৰ সৰল আৰু স্পষ্ট মত - কাজিৰঙাৰ সুৰক্ষাও সুনিশ্চিত হ’ব লাগিব, স্থানীয় ৰাইজৰ স্বাৰ্থও ৰক্ষা হ’ব লাগিব ।’’

-উৎপল শৰ্মা, আছুৰ সভাপতি ৷

আছুৰ সভাপতিগৰাকীয়ে সামাজিক মাধ্যমত দিয়া পোষ্টটোত তেওঁলোকৰ সংগঠনৰ দাবী সন্দৰ্ভতো কেতবাৰ মন্তব্য কৰে ৷ তেওঁ চৰকাৰক কাজিৰঙাৰ ইক’ ছেনচিটিভ জ’নৰ পৰিসৰ সালসলনি কৰা সন্দৰ্ভত এখনি শ্বেতপত্ৰ দিবলৈ দাবী কৰে ৷ তেওঁ পোষ্টত এনেদৰে লিখে-

‘‘আমাৰ দাবী -

১) অসম চৰকাৰে কাজিৰঙাৰ eco-sensitive zone ৰ পৰিসৰ সালসলনি সন্দৰ্ভত এখন শ্বেতপত্ৰ প্ৰকাশ কৰক ।

২) কাজিৰঙাৰ eco-sensitive zone সন্দৰ্ভত বিশিষ্ট পৰিৱেশবিদ, বিশেষজ্ঞ আৰু স্থানীয় ৰাইজৰ সৈতে আলোচনা কৰিহে সিদ্ধান্ত গ্ৰহণ কৰক।

সামাজিক মাধ‍্যমত যথেষ্ট প্ৰচাৰ পোৱা এই ভিডিঅ’টি দেখি কথাখিনিয়ে মনত খুন্দিয়ালে । এই সুন্দৰ মুহূৰ্তটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰা ব্যক্তিগৰাকীলৈ আন্তৰিক ধন্যবাদ ।’’

-উৎপল শৰ্মা, আছুৰ সভাপতি ৷

লগতে পঢ়ক : পৰিৱেশ সংবেদনশীল অঞ্চল: কাজিৰঙা সুৰক্ষাৰ দাবীত যোৰহাটত ৰং-তুলিকাৰে প্ৰতিবাদ গৌৰৱ গগৈৰ

লগতে পঢ়ক : ১০ নে ১ কিলোমিটাৰ, পৰিৱেশ সংবেদনশীল অঞ্চলক লৈ কি কয় ভুক্তভোগীয়ে ?

লগতে পঢ়ক : কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চলৰ পৰিসৰ: চৰকাৰী প্ৰস্তাৱকলৈ কি কয় পৰিৱেশবিদ-অধিবক্তাই

লগতে পঢ়ক : পৰিৱেশ সংবেদনশীল অঞ্চলৰ সন্দৰ্ভত মন্তব্য কৰি বিপদত গৌৰৱ গগৈ, অখিল গগৈ; চৰকাৰৰ সমৰ্থনত ৰাইজ