ETV Bharat / state

চৰকাৰী চাকৰিৰে ৰাজ্যৰ সকলো নিবনুৱাক সংস্থাপন দিয়াটো বাস্তৱসন্মত নহয়: উৎপল শৰ্মা

অসমৰ বৃহৎ নিবনুৱা সমস্যাৰ সমাধানৰ প্ৰসংগত মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাৰ ।

AASU president Utpal Sharma comments on solving Unemployment in Assam
নিবনুৱা সমস্যাৰ সমাধানৰ প্ৰসংগত মন্তব্য আছু সভাপতি উৎপল শৰ্মাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 28, 2026 at 2:00 PM IST

3 Min Read
Choose ETV Bharat

তেজপুৰ: "অসমৰ বৃহৎ নিবনুৱা সমস্যাৰ সমাধান কেৱল চৰকাৰী চাকৰিৰ জৰিয়তে সম্ভৱ নহয় । যি দলৰেই চৰকাৰ নাথাকক কিয়, চৰকাৰী চাকৰিৰে ৰাজ্যৰ সকলো নিবনুৱাক সংস্থাপন দিয়াটো বাস্তৱসন্মত নহয় । সেয়ে নতুন যুগৰ প্ৰয়োজন অনুসৰি শিক্ষা ব্যৱস্থা আৰু সংস্থাপনৰ ধাৰণাত আমূল পৰিৱৰ্তন আনিব লাগিব ।" সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা ।

তেজপুৰত শনিবাৰে তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাই আয়োজন কৰা কীৰ্তি ছাত্ৰ-ছাত্ৰীসকলৰ বিশেষ অভিনন্দন অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি উৎপল শৰ্মাই সাংবাদিকৰ আগত এই মন্তব্য কৰে ।

নিবনুৱা সমস্যাৰ সমাধানৰ প্ৰসংগত মন্তব্য আছু সভাপতি উৎপল শৰ্মাৰ (ETV Bharat Assam)

উৎপল শৰ্মাই কয়, "ৰাষ্ট্ৰীয় শিক্ষানীতিৰ ফলত শিক্ষাৰ ধাৰণাই ইতিমধ্যে সলনি হৈছে । এনে বহু বিষয় আছে য'ত অধ্যয়ন বা ডিগ্ৰী লাভ কৰিলে ভৱিষ্যতে সংস্থাপনৰ যথেষ্ট সুযোগ সৃষ্টি হ'ব । কিন্তু এই সুযোগসমূহৰ বিষয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছতেই ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলক সঠিক দিশ-নিৰ্দেশনা দিয়াটো অতি প্ৰয়োজনীয় ।"

তেওঁৰ মতে,"এই দায়িত্ব কেৱল অভিভাৱকৰ ওপৰত এৰি দিয়াটো উচিত নহয় । অসমৰ প্ৰতিখন হাইস্কুল, উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু মহাবিদ্যালয়ত এটা নিবেদিত কেৰিয়াৰ কাউঞ্চিলিং চেল স্থাপন কৰা উচিত, যাতে ছাত্ৰ-ছাত্ৰীসকলে কোন বিষয়ত পঢ়িলে ভৱিষ্যতে কেনেধৰণৰ সংস্থাপনৰ সুযোগ লাভ কৰিব পাৰিব, সেই বিষয়ে সময়তে স্পষ্ট ধাৰণা লাভ কৰে ।"

AASU president Utpal Sharma comments on solving Unemployment in Assam
কৃতি শিক্ষাৰ্থীক অভিনন্দন (ETV Bharat Assam)

আছুৰ সভাপতিগৰাকীয়ে কয়, "যদি ছাত্ৰ-ছাত্ৰীসকলে সময়মতে সঠিক কেৰিয়াৰ দিশ-নিৰ্দেশনা নাপায়, তেন্তে ভৱিষ্যতে ইয়াৰ বিৰূপ প্ৰভাৱ পৰিব । বৰ্তমান নিবনুৱাৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাই আছে । চৰকাৰে যদি এক লাখ বা ডেৰ লাখ চৰকাৰী চাকৰি দিয়ে, সেয়া ইতিবাচক পদক্ষেপ হ'লেও ৰাজ্যৰ প্ৰায় ২২–২৩ লাখ নিবনুৱাৰ সংস্থাপনৰ বাবে সেয়া পৰ্যাপ্ত নহয় ।"

তেওঁ কয়,"চৰকাৰে স্বাৱলম্বী যুৱ সমাজ গঢ়ি তোলাৰ লক্ষ্যৰে সুপৰিকল্পিত আঁচনি গ্ৰহণ কৰিব লাগিব । দক্ষতা বিকাশ আৰু প্ৰশিক্ষণ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লগতে বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ত বজাৰৰ চাহিদা অনুসৰি পাঠ্যক্ৰম আৰম্ভ কৰিব লাগিব । সেই উদ্দেশ্যে ইণ্ডাষ্ট্ৰি–একাডেমিয়া লিংকেজ শক্তিশালী কৰাটো সময়ৰ দাবী বুলি ।"

উৎপল শৰ্মাই আৰু কয়,"শিক্ষাৰ ব্যয় বৃদ্ধিৰ ফলত বহু মেধাৱী ছাত্ৰ-ছাত্ৰী উচ্চ শিক্ষা লাভৰ পৰা বঞ্চিত হোৱাৰ আশংকা আছে । বিশেষকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মহাবিদ্যালয়সমূহত পঢ়িবলৈ আগ্ৰহী বহু শিক্ষাৰ্থীৰ বাবে মাচুলৰ বোজা এক ডাঙৰ সমস্যা হৈ পৰিছে । এই ক্ষেত্ৰত চৰকাৰে বিশেষ সহায়ৰ ব্যৱস্থা কৰিব লাগে ।"

তেওঁ নতুন চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ প্ৰসংগত কয়,"ইয়াৰ সফল ৰূপায়ণৰ বাবে পৰ্যাপ্ত আন্তঃগাঁথনি, শিক্ষক নিযুক্তি আৰু শিক্ষাৰ্থী বান্ধৱ ব্যৱস্থা নিশ্চিত কৰিব লাগিব । এই দায়িত্ব চৰকাৰ আৰু বিশ্ববিদ্যালয় উভয়ৰে ।"

আগষ্ট মাহৰ পৰা নতুন শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ পূৰ্বে উপলব্ধ সময়ৰ সদব্যৱহাৰ কৰি মহাবিদ্যালয়সমূহৰ মাজত সহযোগিতা, উপলব্ধ আন্তঃগাঁথনিৰ যৌথ ব্যৱহাৰ আৰু প্ৰয়োজন অনুসৰি হাইব্ৰীড শিক্ষণ ব্যৱস্থা গঢ়ি তোলাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে ।

শেষত উৎপল শৰ্মাই কয়,"বিশ্ববজাৰৰ চাহিদা, অৰ্থনীতি আৰু আধুনিক প্ৰযুক্তিৰ সৈতে সংগতি ৰাখি বিশ্ববিদ্যালয়সমূহত যুগোপযোগী পাঠ্যক্ৰম প্ৰৱৰ্তন কৰিলেহে অসমৰ যুৱসমাজৰ বাবে অধিক সংস্থাপনৰ পথ মুকলি হ'ব ।"

উল্লেখযোগ্য যে অভিনন্দন অনুষ্ঠানত মুঠ ৭০০ গৰাকী ছাত্ৰ-ছাত্ৰীক বিশেষ অভিনন্দন জ্ঞাপন কৰা হয় ৷ তাৰ ভিতৰত এপিএছচিৰ চাৰিগৰাকী আৰু বাকী হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী ।

লগতে পঢ়ক: প্ৰাক্তন ডিআইজি প্ৰশান্ত কুমাৰ দত্তৰ সম্পত্তি বাজেয়াপ্ত ইডিৰ

বাঁহ-বেঙেনাৰ যুঁজত কঁপিল ইটিভি ভাৰত অসমৰ ষ্টুডিঅ'