ETV Bharat / state

জুবিন গাৰ্গৰ হত্যাকাৰীয়ে উচিত শাস্তি নোপোৱালৈকে দায়িত্ব শেষ নহয় চৰকাৰ-এছআইটিৰ: উৎপল শৰ্মা

বৃহস্পতিবাৰে সন্ধিয়া লখিমপুৰৰ খেলমাটিৰ শিৱ মন্দিৰ চাৰিআলিত জুবিন গাৰ্গৰ এটা পূৰ্ণাংগ প্ৰতিমূৰ্তি উন্মোচন কৰে আছুৰ কেন্দ্ৰীয় সভাপতি উৎপল শৰ্মাই ।

Zubeen Garg Death Case
আছুৰ কেন্দ্ৰীয় সভাপতি উৎপল শৰ্মা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 24, 2026 at 9:01 AM IST

3 Min Read
Choose ETV Bharat

লখিমপুৰ: জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত দোষীয়ে কঠোৰ আইনী শাস্তি নোপোৱা পৰ্যন্ত চৰকাৰ আৰু এছআইটিৰ দায়িত্ব শেষ নহয় । লখিমপুৰত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন কৰি এইদৰে ক’লে আছুৰ সভাপতি উৎপল শৰ্মাই । এই গোচৰত অভিযুক্তই যাতে উপযুক্ত শাস্তি লাভ কৰে তাৰ দাবী জনোৱাৰ লগতে শ্যামকানু মহন্তৰ পত্নীয়ে জুবিন গাৰ্গ সন্দৰ্ভত কৰা আজৱ মন্তব্যকো সমালোচনা কৰে আছুৰ সভাপতিগৰাকীয়ে ৷

‘‘প্ৰাণৰ শিল্পী জুবিন গাৰ্গ হেৰাই যোৱা সাত মাহ পাৰ হ’ল । জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত আদালতৰ আইনী প্ৰক্ৰিয়াত সময় লাগে সেইয়া আমি জানো । কিন্তু কেৱল সদৌ অসম ছাত্ৰ সন্থায়েই নহয়, অসমৰ ৰাইজে সোনকালে ন্যায় বিচাৰিছে । স্পষ্ট কথা যে দোষীয়ে যেতিয়া কঠোৰ আৰু দৃষ্টান্তমূলক শাস্তি পাব তেতিয়াহে অসমৰ মানুহ আশ্বস্ত হ’ব যে প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় পালে । যেতিয়ালৈকে চাৰ্জশ্বীটত থকা কথাবোৰ তথ্য প্ৰমাণ সহকাৰে আদালতত সাব্যস্ত কৰি দোষীক আইনী শাস্তি দিয়াব নোৱাৰে, তেতিয়ালৈকে চৰকাৰৰ দায়িত্ব শেষ নহয়, এছআইটিৰ দায়িত্বও শেষ নহয় ।’’ -সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাৰ মন্তব্য ৷

জুবিন গাৰ্গৰ গোচৰ সন্দৰ্ভত উৎপল শৰ্মাৰ প্ৰতিক্ৰিয়া (ETV Bharat)

বৃহস্পতিবাৰে সন্ধিয়া লখিমপুৰৰ খেলমাটিৰ শিৱ মন্দিৰ চাৰিআলিত ছাত্ৰ সন্থাৰ উদ্যোগত স্থাপন কৰা জুবিন গাৰ্গৰ এটা পূৰ্ণাংগ প্ৰতিমূৰ্তি উন্মোচন কৰে সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি উৎপল শৰ্মাই । গায়ন-বায়ন, আয়তীৰ উৰুলিৰ ধ্বনিৰ মাজত তেওঁ প্ৰতিমুৰ্তিটো উন্মোচন কৰে । প্ৰতিমূৰ্তি উন্মোচন কৰি তেওঁ কয়, ‘‘কায়িকভাৱে জুবিন গাৰ্গ আমাৰ মাজত নাথাকিলেও তেওঁৰ সৃষ্টি, তেওঁৰ আদৰ্শ, তেওঁৰ চিন্তা প্ৰজন্মৰ পৰা প্ৰজন্মলৈ কঢ়িয়াই লৈ যাব লাগিব । যেতিয়ালৈকে ন্যায় নাপাব তেতিয়ালৈকে অসমৰ মানুহৰ অন্তৰে অন্তৰে জ্বলি থকা জুই কুৰা কোনো কাৰণতে নিৰ্বাপিত নহয় । জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচন স্থলীৰ পৰা মই পুনৰ বাৰ জুবিন গাৰ্গৰ ন্যায়ৰ দাবী জনাইছোঁ । প্ৰত্যয়ৰে সৈতে মই বিশ্বাস কৰিছোঁ নতুন প্ৰজন্মই জুবিন গাৰ্গৰ চিন্তা, আদৰ্শক আগুৱাই লৈ যাব ।’’

জুবিন গাৰ্গক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা সন্দৰ্ভত শ্যামকানু মহন্ত পত্নীৰ এক আজৱ বক্তব্যৰ আঁত ধৰি তেওঁ কয়, ‘‘সূৰ্যক আকাশৰ সৈতে চিনাকি কৰাই দিয়াৰ প্ৰয়োজন আছে জানো ? জুবিন গাৰ্গক কোনোবাই বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব, এইটো শুনিলেই হাঁহি উঠা কথা । অসমৰ মানুহবোৰ খুউব খঙত আছে । এনেধৰণৰ টুলুঙা কথাবোৰ নোকোৱাই ভাল ।’’ পৰোক্ষভাৱে তেওঁ এনেদৰে সকীয়নি দিয়ে অভিযুক্ত পক্ষক ।

প্ৰতিমূৰ্তি উন্মোচন স্থলীত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাৰ লগতে সীমান্ত নেওগ সহ জিলা ছাত্ৰ সন্থাৰ বিষয়-ববীয়া সকল আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে । জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি উন্মোচনৰ সময়ত সমবেত লোকসকলৰ বহুতেই আবেগিক হৈ পৰি চকুলো টোকাৰ পৰিলক্ষিত হয় ।

লগতে পঢ়ক: ৩০ এপ্ৰিলত হ'ব শ্য়ামকানু মহন্তৰ জামিন আবেদনৰ ৰায়দান