ETV Bharat / state

জোঁৰ পুৰি হাত পোৱা নাই, কিলাকুটি পাৰ হৈ বাহু পালেহি: কলিয়াবৰত আছুৰ কেন্দ্ৰীয় শ্বহীদ দিৱস

অসম আন্দোলনৰ লক্ষ্যত উপনীত নোহোৱালৈ অসমত গণ সংগ্ৰামৰ প্ৰাসংগিকতা থাকিব আৰু আছুৱে এই ধাৰা অব্যাহত ৰাখিব । শ্বহীদ দিৱসত আছুৰ হুংকাৰ ।

Assam swahid divas
কলিয়াবৰত আছুৰ কেন্দ্ৰীয় শ্বহীদ দিৱস পালন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 10, 2025 at 7:57 PM IST

5 Min Read
Choose ETV Bharat

কলিয়াবৰ : অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিত আজি ৰাজ্যজুৰি পালন কৰা হয় শ্বহীদ দিৱস । সদৌ অসম ছাত্ৰ সন্থায়ো প্ৰতিবছৰৰ দৰে অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনত প্ৰাণ আহুতি দিয়া ৮৬০ গৰাকী শ্বহীদক স্মৰণ কৰি এই দিৱস পালন কৰে । নগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত, কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ ব্যৱস্থাপনাত আৰু স্থানীয় ৰাইজৰ সহযোগত কলিয়াবৰত আছুৱে কেন্দ্ৰীয় শ্বহীদ দিৱস পালন কৰে ।

উল্লেখ্য যে অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰে ১৯৭৯ চনৰ ১০ ডিচেম্বৰতে প্ৰাণ হেৰুৱাইছিল আৰু সেই দিনটোতে আছুৱে শ্বহীদ দিৱস পালন কৰি আহিছে । এই উপলক্ষে কলিয়াবৰৰ কুঁৱৰীটোলৰ ঐতিহাসিক গান্ধী খেলপথাৰত আছুৱে কেন্দ্ৰীয়ভাৱে আজি শ্বহীদ দিৱস পালন কৰে ।

কলিয়াবৰত আছুৰ কেন্দ্ৰীয় শ্বহীদ দিৱস পালন (ETV Bharat Assam)

শ্বহীদ দিৱসৰ মূল কাৰ্যসূচী হিচাপে পতাকা উত্তোলন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই । শ্বহীদ দিৱসৰ পতাকা উত্তোলনৰ পিছতেই অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই । স্মৃতি তৰ্পণ কৰে আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে । ইয়াৰ পিছতে ৮৬০ গৰাকী শ্বহীদৰ স্মৃতিত ৮৬০ গছি বন্তি প্ৰজ্বলন কৰি অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনত প্ৰাণ আহুতি দিয়া বীৰসকলক স্মৰণ কৰে আছুৰ নেতা-কৰ্মীসকলে ।

পতাকা উত্তোলন কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই ভাষণ প্ৰসংগত কয়, "অসম আন্দোলনত কলিয়াবৰবাসীৰ অৱদান সদৌ অসম ছাত্ৰ সন্থাৰ মানচিত্ৰত স্বৰ্ণিল আখৰেৰে জিলিকি থাকিব । যেতিয়া অবৈধ নিৰ্বাচন এটা জাপি দিয়া হৈছিল, এই নিৰ্বাচনক অসমৰ ৰাইজে বৰ্জন কৰিছিল । এই নিৰ্বাচনক সদৌ অসম ছাত্ৰ সন্থাই অবৈধ ঘোষণা কৰি ৰাইজক আহ্বান জনাইছিল যে নিৰ্বাচনৰ কেন্দ্ৰসমূহ ঘেৰাও কৰিব লাগে । প্ৰাৰ্থিত্ব দিব বিচৰা দলসমূহৰ প্ৰাৰ্থীসমূহৰ ঘৰে-ঘৰে গৈ ঘেৰাও কৰিব লাগে, সেই আহ্বানত ৰাইজ ওলাই আহিছিল । যিখিনি সময়ত বৰপেটাত মনোনয়ন দাখিল কৰিবলৈ বেগম আবিদা পাৰ হৈ গৈছিল, সেই যাত্ৰাত বাধা দিয়া হৈছিল । যেতিয়া বৰপেটা পালেগৈ বাধা দিয়া ৰাইজক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে লাঠিচালনা কৰিছিল । সেই সমবেত ৰাইজৰ নেতৃত্ব দিয়া আছুৰ সক্ৰিয় কৰ্মী খৰ্গেশ্বৰ তালুকদাৰে আৰক্ষীৰ নিৰ্যাতনত মৃত্যুবৰণ কৰিলে । শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰে মৃত্যুবৰণ কৰা দিনটোৱে আছুৱে শ্বহীদ দিৱস ৰূপে পালন কৰি আহিছোঁ ।"

Assam swahid divas
৮৬০ গৰাকী শ্বহীদৰ স্মৃতি বন্তি প্ৰজ্বলন (ETV Bharat Assam)

তদুপৰি শ্বহীদৰ ত্যাগক প্ৰকৃত মূল্য নিৰূপণৰ বাবে আছুৰ সংকল্পৰ বিষয়ে তেওঁ কয়, "অসম আন্দোলনৰ যি লক্ষ্য আছিল, যি সত্তাক সাৰোগত কৰি ৮৬০ গৰাকী শ্বহীদে হেলাৰঙে আত্মবলিদান দিছিল, সেই আদৰ্শ লক্ষ্যত যেতিয়ালৈকে উপনীত হ'ব নোৱাৰো – তেতিয়ালৈকে অসমত গণ সংগ্ৰামৰ প্ৰাসংগিকতা থাকিব আৰু আছুৱে এই ধাৰা অব্যাহত ৰাখিব ।

আনহাতে ভোটাৰ তালিকা সংশোধনৰ বিষয়ে শৰ্মাই কয়, "এন আৰ চিত বিদেশীৰ নাম ৰৈ গ'ল, এতিয়া ভোটাৰ তালিকাৰ সংশোধন কৰিব বিচাৰিছে । কৰক আমাৰ আপত্তি নাই । ভোটাৰ তালিকাৰ পৰা বিদেশীৰ নাম কৰ্তন হোৱাতো বিচাৰো । কিন্তু একে সময়তে বাস্তৱ সত্য উপলব্ধি কৰি আগবাঢ়িব লাগিব । অসমত যেতিয়ালৈকে এখন শুদ্ধ নাগৰিকপঞ্জী নহয়, তেতিয়ালৈকে এছ আৰ, এছ আই আৰ যিয়েই নহওঁক, শুদ্ধ ভোটাৰ তালিকা সম্ভৱ নহয় ।" অসম আন্দোলনৰ পৰিপ্ৰেক্ষিতত স্থাপন হোৱাৰ তেজপুৰ বিশ্ববিদ্যালয়ত চলি থকা অচলাৱস্থাক লৈও উদ্বেগ প্ৰকাশ কৰে আছুৰ সভাপতিগৰাকীয়ে ।

Assam swahid divas
আছুৰ কেন্দ্ৰীয় শ্বহীদ দিৱস (ETV Bharat Assam)

ইফালে আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল ভট্টাচাৰ্যই অনুষ্ঠানত অংশ লৈ কয়, "অসম আন্দোলনৰ সময়তকৈ বৰ্তমানৰ সময় অতি জটিল, ভয়াৱহ । জোঁৰ পুৰি হাত পোৱা নাই, কিলাকুটি পাৰ হৈ বাহু পালেহি । অবৈধ বিদেশী নাগৰিকৰ প্ৰব্ৰজনে অসমৰ জনবিন্যাসত পৰিৱৰ্তন আনিছে । ইয়াৰ সমাধানৰ উপায় হ'ল – অসম চুক্তিৰ প্ৰতিটো দফা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্যকৰী হ'ব লাগিব । বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ প্ৰতিটো পৰামৰ্শ কাৰ্যকৰী কৰি সাংবিধানিক ৰক্ষাকৱচ দিব লাগিব । সাংবিধানিক ৰক্ষাকৱচ অসমীয়া জনগণৰ প্ৰাপ্য । এইটো দয়া-মৰম নহয় । ছবছৰ আন্দোলনৰ পাছত চুক্তি, তথাপিও যোৱা ৪৬ বছৰে জাতিটোৱে সংগ্ৰাম কৰি আছে ।"

তেওঁ লগতে কয়, "ভাৰতৰ এনে ৰাজ্য নাই যি অসমৰ দৰে নিজৰ ভাষা-সংস্কৃতি, অস্তিত্ব ৰক্ষাৰ বাবে সংগ্ৰাম কৰিব লগা হৈছে । ইয়াৰ সমাধান লাগিব, সমাধান নোপোৱালৈকে আমি ক্ষান্ত নহওঁ । ৮৬০ কোনো সংখ্যা নহয়, ৮৬০ টা জীৱন । এই ত্যাগক আমি অথলে যাবলৈ নিদিওঁ । যেতিয়ালৈকে এই সমস্যাৰ সমাধান নহয়, তেতিয়ালৈকে এই সংগ্ৰাম অব্যাহত ৰাখিম । কিয়নো এইখন আমাৰ অসম । ইয়াত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব, সৰ্বকালৰ বাবে নিৰ্ণায়ক অধিকাৰ থাকিব লাগিব । তেতিয়ালৈকে আমি এই সংগ্ৰাম অব্যাহত ৰাখিম ।"

লগতে পঢ়ক :ৰাজ্যজুৰি অসম আন্দোলনৰ শ্বহীদক স্মৰণ: বিভিন্ন প্ৰান্তত শ্বহীদ দিৱস পালন