ETV Bharat / state

নলবাৰীত একপক্ষীয় প্ৰেমৰ ভয়ংকৰ পৰিণতি: পূৰ্বৰে পৰাই আছিফে দি আছিল হত্যাৰ ভাবুকি

আছিফ আলীয়ে দিয়া প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল কিশোৰীগৰাকীয়ে । যাৰ বাবে দেওবাৰে সন্ধিয়া দুয়ো ভাতৃ-ভগ্নীক নৃশংসভাৱে আক্ৰমণ কৰে আছিফে ।

Nalbari murder case
নিহত আছু নেতা মাধুৰ্য বৰ্মন আৰু মৃত্যৰে যুঁজি থকা মাধুৰ্যৰ ভগ্নী (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 1, 2026 at 3:10 PM IST

|

Updated : June 1, 2026 at 4:37 PM IST

3 Min Read
Choose ETV Bharat

নলবাৰী: নলবাৰীৰ গংগাপুৰত দেওবাৰে সন্ধিয়া সংঘটিত লোমহৰ্ষক হত্যাকাণ্ডক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । দুৰ্বৃত্তই দুই ভাতৃ-ভগ্নীক নৃশংসভাৱে আক্ৰমণ কৰিছিল । য'ত মাধুৰ্য বৰ্মন নামৰ যুৱকজনৰ মৃত্যু হয় আৰু ভগ্নী এতিয়াও জিএমচিএইছত জীৱন মৃত্যুৰে যুঁজি আছে । এই ঘটনাই এতিয়া নতুন মোৰ লৈছে । তেওঁলোকক দেহৰকালাকুছিৰ আছিফ আলী ওৰফে ৰ'জ নামৰ এজন যুৱকে আন এজন যুৱকৰ সহযোগত তেওঁলোকক আক্ৰমণ কৰিছিল বুলি জানিব পৰা গৈছে ।

আক্ৰমণৰ কাৰণ আছিল প্ৰেম প্ৰত্যাখ্যান । অভিযোগ অনুসৰি কিশোৰীগৰাকীক দীৰ্ঘদিন ধৰি প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ লগতে বিভিন্ন ধৰণে হাৰাশাস্তি কৰি আহিছিল । প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ নকৰাৰ বাবে আনকি ঘৰলৈ আহিও বিভিন্ন ধৰণে ভাবুকি দিছিল । যাৰ বাবে কিশোৰীগৰাকীৰ পৰিয়ালে তেওঁৰ বিদ্যালয়ো সলনি কৰিবলগীয়া হৈছিল । কিন্তু দেওবাৰে সন্ধিয়া ভাতৃ মাধুৰ্যৰ সৈতে কিশোৰীগৰাকী কিতাপ ক্ৰয় কৰিবলৈ যোৱাৰ সময়তে আছিফ আলীয়ে তেওঁলোকক আক্ৰমণ কৰে ।

ভুক্তভোগী কিশোৰীৰ মাতৃৰ ভাষ্য (ETV Bharat)

এই সন্দৰ্ভত কিশোৰীগৰাকীৰ মাতৃয়ে কয়, "আগৰ পৰা সি আমাক ভাবুকি দি আহি আছিল । তাৰ মাক-দেউতাকক মাতি আনি সমগ্ৰ কথা অৱগত কৰিছিলোঁ আৰু আৰক্ষীৰ কাষ চাপিম বুলি কৈছিলোঁ । ছোৱালীজনীক ঘৰৰ পৰা ওলাব নোৱাৰা কৰি দিছিল । তেতিয়া তেওঁলোকে হাতে-ভৰি ধৰি গোচৰ নিদিবলৈ কাতৰ অনুৰোধ কৰিছিল । ল'ৰাজনৰ কাৰণে আমি ছোৱালীজনীক বিদ্যালয়ো সলনি কৰিছিলোঁ ।" অভিযুক্তৰ কঠোৰ শাস্তিৰ দাবীত মাতৃয়ে কয়, "যিয়ে তেওঁলোকক আক্ৰমণ কৰিছে তেওঁলোকক মুকলিকৈ ফাঁচী দিয়ক আমি সেইটোৱে বিচাৰো । মুখ্যমন্ত্ৰী মহোদয় আপুনি বহুত মহান মানুহ । আমি বহু বছৰে আপোনাৰ পাৰ্টীৰ লগতে আছোঁ । অতি শীঘ্ৰে এই ঘটনাত জড়িত থকাসকলক বিচাৰি শাস্তি দিয়ক ।"

ভুক্তভোগী কিশোৰীৰ পৰিয়ালৰ সদস্যৰ ভাষ্য (ETV Bharat)

ইফালে ঘটনা সন্দৰ্ভত পৰিয়ালৰে এগৰাকী মহিলাই কয়, "মাধুৰ্য আৰু মাহীয়েকৰ ছোৱালী নলবাৰীত কিতাপ আনিবলৈ গৈছিল । তেতিয়াই তেওঁলোকক মাৰিছে । নৱম শ্ৰেণীৰ পৰাই ছোৱালীজনীক হাৰাশাস্তি কৰি আহিছে । মানসিকভাৱে বহুত কষ্ট দিছে । মাজতে এদিন ছুৰী লৈ আহি ভাবুকি দি গৈছে ।"

হত্যাকাৰীক কঠোৰ শাস্তিৰ দাবী আছুৰ (ETV Bharat)

উল্লেখ্য যে ঘটনাটোত নিহত মাধুৰ্য বৰ্মন এগৰাকী আছু নেতা আছিল । যাৰ বাবে আছুৰ ভিতৰচ'ৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আছুৱে ইতিমধ্যে দোষীৰ শাস্তিৰ দাবীত নলবাৰীত প্ৰতিবাদ সাব্যস্ত কৰিছে ।

এই ঘটনাৰ পিছৰে পৰা অভিযুক্ত আছিফ আলী আৰু পৰিয়ালটো পলাতক হৈ আছে । আছিফৰ ঘৰৰ বাহিৰত আৰক্ষী, অৰ্ধসামৰিক বাহিনীও মোতায়েন কৰা হৈছে । শেহতীয়া খবৰ অনুসৰি আৰক্ষীয়ে আছিফ আলীক বিচাৰি অভিযান চলাইছে । এই অভিযানৰ সময়তে আৰক্ষীৰ গুলীত নিহত হয় আছিফ আলী । মুকালমুৱা চৰত আৰক্ষীয়ে এনকাউণ্টাৰ কৰাৰ কথা জানিব পৰা গৈছে । আন অভিযুক্তসকলৰ বিৰুদ্ধেও আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :

ৰক্তাক্ত অৱস্থাত উদ্ধাৰ আছু নেতাৰ মৃতদেহ, ক'ত সংঘটিত হৈছে এই ঘটনা?

Last Updated : June 1, 2026 at 4:37 PM IST