ETV Bharat / state

মাধুৰ্য বৰ্মনৰ হত্যাক কেন্দ্ৰ কৰি উত্তাল নলবাৰী

টায়াৰ জ্বলাই পথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ ।

AASU AND VHPC PROTEST
মাধুৰ্য বৰ্মনৰ হত্যাক কেন্দ্ৰ কৰি উত্তাল নলবাৰী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 1, 2026 at 5:10 PM IST

2 Min Read
Choose ETV Bharat

নলবাৰী : মাধুৰ্য বৰ্মনৰ হত্যাকাণ্ডক কেন্দ্ৰ কৰি সোমবাৰে পুৱাৰে পৰা উত্তাল হৈ পৰে নলবাৰী চহৰ ৷ গংগাপুৰত দেওবাৰে সন্ধিয়া সংঘটিত লোমহৰ্ষক হত্যাকাণ্ডৰ উচিত তদন্ত আৰু দোষীক শাস্তি প্ৰদানৰ দাবীত নলবাৰী চহৰত আছু আৰু কুমাৰীকাটাত বিশ্ব হিন্দু পৰিষদে টায়াৰ জ্বলাই ৰাজপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

প্ৰেম প্ৰত্যাখ্যানজনিত কাৰণত হত্যাৰ বলি হয় নলবাৰীৰ আছু নেতা মাধুৰ্য বৰ্মন আৰু সম্পৰ্কীয় ভগ্নী । দেওবাৰে সন্ধিয়া মাধুৰ্য সম্বন্ধীয় ভগ্নীৰ সৈতে স্কুটীৰে গৈ থকা অৱস্থাত গংগাপুৰত দা আৰু ছুৰীৰে আক্ৰমণ কৰিছিল আছিফ আলী ওৰফে ৰ'জ নামৰ যুৱকজনে ৷ এই ঘটনাত মাধুৰ্য বৰ্মনৰ মৃত্যু হোৱাৰ বিপৰীতে তেওঁ ভগ্নী গুৰুতৰভাৱে আহত হৈছিল । ইয়াৰ পাছতেই সোমবাৰে পুৱাৰে পৰা উত্তাল হৈ পৰে নলবাৰী ৷

মাধুৰ্য বৰ্মনৰ হত্যাক কেন্দ্ৰ কৰি উত্তাল নলবাৰী (ETV Bharat Assam)

উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰীগৰাকীক কালাকুছি গাঁৱৰ আছিফ আলীয়ে প্ৰেম প্ৰস্তাৱেৰে দীৰ্ঘদিনে মানসিকভাৱে হাৰাশাস্তি কৰি আহিছিল । সেই প্ৰস্তাৱ নাকচ কৰাই কাল হ’ল কিশোৰীগৰাকীৰ । আছিফ আলী ওৰফে ৰ'জ আলী নামৰ যুৱকজনে কিশোৰীগৰাকীৰ লগত মাধুৰ্য বৰ্মনক ঘপিয়াই হত্যা কৰে ৷ প্ৰতিবাদকাৰীয়ে আক্ৰমণৰ মূল অভিযুক্ত আছিফক কৰায়ত্ত কৰি এনকাউণ্টাৰ কৰাৰ বাবে আৰক্ষীক দাবী জনায় ।

ইফালে বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদৰ মাজতেই আৰক্ষীয়ে অভিযুক্ত আছিফ আলী ওৰফে ৰ'জক আটক কৰে ৷ কিন্তু আটক কৰাৰ সময়ত আৰক্ষীৰ পৰা বন্দুক কাঢ়ি পলায়নৰ চেষ্টা চলাইছিল আছিফ আলীয়ে । আছিফে পলায়নৰ চেষ্টা কৰা সময়তে আৰক্ষীৰ গুলী নিহত হয় । ইফালে গুৰুতৰভাৱে আহত কিশোৰীগৰাকী বৰ্তমান জিএমচিএইছত জীৱন-মৃত্যুৰে যুঁজি আছে ।

লগতে পঢ়ক : আৰক্ষীৰ গুলীত নিহত নলবাৰী হত্যাকাণ্ডৰ অভিযুক্ত আছিফ আলী

নলবাৰীত লাভ জেহাদৰ ভয়ংকৰ পৰিণতি: পূৰ্বৰে পৰাই আছিফে দি আছিল হত্যাৰ ভাবুকি

আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'ব, শীঘ্ৰে ইয়াৰ উত্তৰ অসমৰ জনগণে পাব: নলবাৰীৰ ঘটনাক লৈ শৃংখল চলিহা