বিশেষ আদালত গঠন, এদল জ্যেষ্ঠ আগশাৰীৰ অধিবক্তাক Special Public Prosecutor হিচাপে নিয়োগ কৰাৰ আহ্বান আছুৰ
জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ এখন বিশেষ আদালতৰ ব্যৱস্থা কৰক - এই দাবী আছুৰ ৷

Published : January 4, 2026 at 10:45 PM IST
গুৱাহাটী: সদৌ অসম ছাত্ৰ সন্থাই(আছু) প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় প্রক্রিয়া সন্দৰ্ভত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শর্মালৈ দেওবাৰে এখন জৰুৰী চিঠি প্ৰেৰণ কৰিছে । জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় প্রক্রিয়া ত্বৰান্বিত কৰিবলৈ এখন বিশেষ আদালতৰ ব্যৱস্থা কৰাৰ পোষকতা আছুৰ ।
এই বিষয়ত মহামান্য উচ্চ ন্যায়ালয়ক অনুৰোধ জনাই বিশেষ আদালতৰ ব্যৱস্থা কৰিবলৈ ফলপ্রসূ পদক্ষেপ কৰা আৰু জুবিন গাৰ্গৰ পক্ষত ওকালতি কৰিবলৈ শীঘ্রেই ফৌজদাৰী গোচৰৰ অভিজ্ঞ, আগশাৰীৰ জ্যেষ্ঠ অধিবক্তাৰে গঠিত এটি দলক Special Public Prosector হিচাপে নিয়োগ কৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰীলৈ চিঠি প্ৰেৰণ কৰিছে ।

ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে স্বাক্ষৰ কৰা জৰুৰী চিঠিখনত কোৱা হয়, ‘‘বিগত বৰ্ষটোত ৰাজ্যখনৰ, জাতিটোৰ বাবে আটাইতকৈ দুখৰ বাতৰিটোৱেই আছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু । অসম চৰকাৰে গঠন কৰি দিয়া এছ আই টিয়ে ইতিমধ্যে শিল্পীগৰাকীৰ মৃত্যুৰ তদন্ত কৰি আদালতত চার্জশ্বীট দাখিল কৰিছে । জুবিন গাৰ্গক হত্যা কৰাৰ কথা চার্জশ্বীটত স্পষ্টভাৱে প্ৰকাশ পাইছে । আদালতত শুনানি আৰম্ভ হৈছে । অসমৰ ৰাইজ, ছাত্ৰ সন্থাই জুবিন গাৰ্গৰ বাবে ন্যায়ৰ দাবী কৰি আহিছে । হত্যাকাৰীয়ে শাস্তি পাবই লাগিব ।’’
পত্রৰ যোগেদি আছুৱে কয়, ‘‘মুখ্যমন্ত্ৰীয়েও জুবিন গাৰ্গৰ হত্যাকাণ্ডত ন্যায় প্ৰদান কৰাৰ কথা বিভিন্ন সময়ত দোহাৰিছে আৰু গোটেই আইনী প্ৰক্ৰিয়াটোত সহায় হোৱাকৈ Special Public Prosecutor নিয়োগ কৰিব বুলি ঘোষণা কৰিছে । এতিয়া আদালতত শুনানিকালত দেখা গৈছে যে অভিযুক্তসকলৰ প্ৰত্যেকেই নিজৰ প্ৰতিৰক্ষাৰ বাবে আগশাৰীৰ উকীল নিয়োগ কৰিছে । তেনেক্ষেত্ৰত জুবিন গাৰ্গৰ পক্ষত এটা শক্তিশালী অধিবক্তাৰ দল নিয়োগ কৰাৰ সময় আহি পৰিছে । শীঘ্ৰেই ফৌজদাৰী আইনৰ অভিজ্ঞ আগশাৰীৰ অধিবক্তাৰ এটি দলক Special Public Prosecutor হিচাপে নিয়োগ কৰাৰ আৰু আইনী প্ৰক্ৰিয়াটো ত্বৰান্বিত হোৱাৰ স্বাৰ্থত এখন বিশেষ আদালতৰ নিতান্তই প্রয়োজন আহি পৰিছে ।’’
আছুৱে জৰুৰী চিঠিখনত মুখ্যমন্ত্ৰীলৈ আহ্বান জনাই কয়, ‘‘জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ এখন বিশেষ আদালতৰ ব্যৱস্থা কৰক । এই বিষয়ত উচ্চ ন্যায়ালয়ক অনুৰোধ জনাই বিশেষ আদালতৰ ব্যৱস্থা কৰিবলৈ ফলপ্রসূ পদক্ষেপ ল’ব লাগে । জুবিন গাৰ্গৰ পক্ষত ওকালতি কৰিবলৈ শীঘ্ৰেই ফৌজদাৰী গোচৰৰ অভিজ্ঞ, আগশাৰীৰ জ্যেষ্ঠ অধিবক্তাৰে গঠিত এটি দলক Special Public Prosector হিচাপে নিয়োগ কৰিব লাগে ।’’
লগতে পঢ়ক: ২৫ বছৰে জালুকবাৰী সমষ্টি দখল ড৹ হিমন্ত বিশ্ব শৰ্মাৰ : সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছৰ পৰিৱেশ

