ETV Bharat / state

নলবাৰী হত্যাকাণ্ডৰ দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰ দাবী আছুৰ

নলবাৰীৰ ঘটনাক লৈ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনৰ প্ৰতিক্ৰিয়া । মাধুৰ্য বৰ্মন আৰু সম্পৰ্কীয় ভগ্নীৰ ওপৰত আক্ৰমণৰ ঘটনাক গৰিহণা ।

Nalbari AASU leader murder
নলবাৰী হত্যাকাণ্ডৰ দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰ দাবী আছুৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 1, 2026 at 2:10 PM IST

3 Min Read
Choose ETV Bharat

শিৱসাগৰ: দেওবাৰে নিশা নলবাৰীত সংঘটিত এক হত্যাকাণ্ডই এতিয়া সমগ্ৰ ৰাজ্য জোকাৰি আছে । সদৌ অসম ছাত্ৰ সন্থাৰ পশ্চিম নলবাৰী আঞ্চলিকৰ সহকাৰী সম্পাদক মাধুৰ্য বৰ্মনক দুৰ্বৃত্তই ৰাজপথত নৃশংসভাৱে হত্যা কৰে । আনহাতে, তেওঁৰ এগৰাকী সম্পৰ্কীয় ভগ্নীকো বৰ্বৰোচিতভাৱে আক্ৰমণ কৰাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ত জীৱন-মৃত্যুৰে যুঁজি আছে । এই ঘটনাক লৈ এতিয়া সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । লগতে দোষীক কৰায়ত্ত কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ দাবী জনাইছে ।

ইফালে নলবাৰীত সংঘটিত লোমহৰ্ষক আক্ৰমণত আছু কৰ্মী মাধুৰ্য বৰ্মন নিহত হোৱাৰ লগতে আন এগৰাকী ছাত্ৰী গুৰুতৰভাৱে আহত হোৱা ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক সমীৰণ ফুকনে । সোমবাৰে এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে এই বৰ্বৰ আক্ৰমণক ধিক্কাৰ প্ৰদান কৰি এয়া আইন-শৃংখলাৰ চূড়ান্ত অৱনতি বুলি উল্লেখ কৰে । লগতে প্ৰশাসন আইন-শৃংখলা ৰক্ষাৰ ক্ষেত্ৰত সম্পূৰ্ণ ব্যৰ্থ হোৱা বুলি অভিযোগ কৰে ।

নলবাৰী হত্যাকাণ্ডৰ দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰ দাবী আছুৰ (ETV Bharat Assam)

এয়া কেৱল আছুকৰ্মীক আক্ৰমণৰ ঘটনা ঘটনা নহয়, কিন্তু সাধাৰণ জনতাক সুৰক্ষা প্ৰদান কৰাত প্ৰশাসন ব্যৰ্থ হোৱা বুলিও তেওঁ ক্ষোভ প্ৰকাশ কৰে । তেওঁ এই ঘটনাৰ সৈতে জড়িত দুই অভিযুক্তক অনতিপলমে কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ দাবী জনোৱাৰ লগতে মৃত ছাত্র আৰু আহত ছাত্ৰীগৰাকীৰ পৰিয়ালক উচিত ক্ষতিপূৰণ দিয়াৰো দাবী উত্থাপন কৰে ।

আনহাতে, নিহত সদৌ অসম ছাত্র সন্থাৰ কৰ্মীগৰাকীয়ে উচিত ন্যায় নোপোৱা পৰ্যন্ত আছুৱে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি যাব বুলিও স্পষ্ট কৰি দিয়ে ।

আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয়, "নলবাৰী জিলাত যোৱানিশা সংঘটিত এটা ঘটনাত সদৌ অসম ছাত্ৰ সন্থাৰ অন্তৰ্গত পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক মাধুৰ্য বৰ্মন নামৰ এগৰাকী যুৱকক অতি নৃশংসভাৱে, বৰ্বৰভাৱে আচিফ আলী নামৰ এগৰাকী দুৰ্বৃত্তই হত্যা কৰিছে হানি-খুঁচি । লগতে মাধুৰ্য বৰ্মনৰ এগৰাকী সম্বন্ধীয় ভগ্নীকো বৰ্বৰভাৱে আক্ৰমণ কৰে, যিগৰাকী এতিয়া জিএমচিএইচত চিকিৎসাধীন হৈ আছে । এই ঘটনাটোৱে এতিয়া গোটেই অসমত আৰক্ষী-প্ৰশাসনৰ প্ৰতি যে মানুহে অংগুষ্ঠ প্ৰদৰ্শন কৰিছে, আইন-শৃংখলাজনিত পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত যে চৰকাৰ ব্যৰ্থ হৈছে, গৃহ বিভাগ ব্যৰ্থ হৈছে এই কথাটো প্ৰতীয়মান কৰিছে ।"

তেওঁ লগতে কয়, "এই সমগ্ৰ ঘটনাৰ আমি উচিত তদন্ত বিচাৰিছোঁ আৰু দোষীক কৰায়ত্ত কৰি শূন্য সহনশীলতা নীতিৰে আৰক্ষীয়ে কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ ব্যৱস্থা কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ ।"

উল্লেখ্য যে মাধুৰ্য বৰ্মনৰ ঘৰ নলবাৰী জিলাৰ চামতাৰ বালিপথাৰত ৷ আনহাতে, তেওঁৰ সম্পৰ্কীয় ভগ্নীৰ ঘৰ গংগাপুৰত ৷ তেওঁ মাধুৰ্যৰ মাহীয়েকৰ কন্যা ৷ তেওঁক ঘৰত থ’বলৈ যোৱাৰ সময়তেই দুয়োৰে ওপৰত এই নৃশংস আক্ৰমণৰ ঘটনা সংঘটিত হয় ৷ দুৰ্বৃত্তৰ চোকা অস্ত্ৰৰ আঘাতত থিতাতে নিহত হয় মাধুৰ্য বৰ্মন ৷ আনহাতে, এই ঘটনাত গুৰুতৰভাৱে আহত ছাত্ৰীগৰাকী বৰ্তমান সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ৷ প্ৰেমজনিত কাৰণতে এই আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ।

লগতে পঢ়ক :ৰক্তাক্ত অৱস্থাত উদ্ধাৰ আছু নেতাৰ মৃতদেহ, ক'ত সংঘটিত হৈছে এই ঘটনা?
লগতে পঢ়ক :সাংবাদিকৰ ওপৰত বৰ্বৰ আক্ৰমণ; দোষীক কঠোৰ শাস্তিৰ দাবী শিলচৰ প্ৰেছ ক্লাৱৰ