ETV Bharat / state

১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত পুখুৰীসদৃশ গাঁত, শীঘ্ৰে মেৰামতিৰ দাবী আছুৰ

মঙলদৈত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত সৃষ্টি হৈছে পুখুৰী সদৃশ দ গাঁতৰ ৷ যাৰ ফলত পথচাৰীয়ে অতি বিপদসংকুলভাৱে যাত্ৰা কৰিবলগীয়া হৈছে এই পথেৰে ৷

NH 15 in Mangaldai
১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 12, 2026 at 5:22 PM IST

3 Min Read
Choose ETV Bharat

মঙলদৈ: ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এটা অতিব্যস্ত ৰাজপথ হৈছে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ ৷ নামনি অসমক উজনি অসমৰ সৈতে সংযোগ কৰা একমাত্ৰ ঘাইপথ হৈছে এই ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ ৷ কিন্তু পথটোৰ বিধ্বস্ত ৰূপে দীৰ্ঘদিন ধৰি জ্বলা-কলা খুৱাই আহিছে পথচাৰীক ৷ বিগত সময়ছোৱাত এই পথটোৰ দুৰৱস্থাৰ বাবে কেবাটাও সৰু-বৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হোৱা দেখা গৈছে ৷ তথাপিও আজিকোপতি পথটোৰ মেৰামতি কৰা পৰিলক্ষিত হোৱা নাই ৷

মঙলদৈত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত সৃষ্টি হৈছে পুখুৰী সদৃশ দ গাঁতৰ ৷ যাৰ ফলত পথচাৰীয়ে অতি বিপদসংকুলভাৱে যাত্ৰা কৰিবলগীয়া হৈছে এই পথেৰে ৷ মঙলদৈৰ পুনীয়াত ৰাষ্ট্ৰীয় ঘাইপথত এই গাঁতৰ ফলত ইতিমধ্যে সংঘটিত হৈছে বহুকেইটা দুৰ্ঘটনা । পথৰ মাজতে ৰাইজে বাঁহ বান্ধি গাঁতৰ পৰা পথচাৰীক বচাবলৈ ব্যৱস্থা কৰিবলগীয়া হৈছে ৷

১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা (ETV Bharat)

পথটোৰ দুৰৱস্থা সন্দৰ্ভত বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰিছে সদৌ অসম ছাত্ৰসন্থাৰ মঙলদৈ জিলা সমিতিৰ সভাপতি পাৰ্থজ্যোতি ডেকাই ৷ সংবাদ মাধ্যমৰ আগত তেওঁ কয়, ‘‘ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এইটো ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ । অতিব্যস্ত এই ঘাইপথটো উত্তৰ পাৰেৰে নামনিৰ পৰা উজনি অসমলৈ যোৱা একমাত্ৰ পথ । এই পথটোত এজাক বৰষুণতে বানপানী সদৃশ পৰিৱেশৰ সৃষ্টি হয় । ইয়াৰে অহা-যোৱা কৰা ব্যক্তিৰ লগতে বিদ্যাৰ্থীসকলৰ বহু অসুবিধা হয় । বহুকেইটা দুৰ্ঘটনা সংঘটিত হৈছে এই গাঁতৰ ফলত । প্ৰায় প্ৰতি দিনে দুটা-তিনিটাকৈ দুৰ্ঘটনা সংঘটিত হৈ আহিছে ।’’

‘‘আমাৰ সাংসদ মহোদয়ক সুধিব খুজিছোঁ যে আপোনাৰ দ্বিতীয় কাৰ্যকালৰ দুবছৰ সম্পূৰ্ণ হ'ল ৷ আপুনি নিতৌ এই পথটিৰে মঙলদৈলৈ অহা যোৱা কৰে, কিন্তু আজিলৈকে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথটো কিয় ফ’ৰলেন নহ'ল । লগতে চৰকাৰক অনুৰোধ জনাইছোঁ যে অতি কম দিনৰ ভিতৰতে পথটো নিৰ্মাণ কৰক, অন্যথা আমি আন্তঃমঙলদৈ ছাত্ৰ সন্থাই পথ অৱৰোধ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম । সাংসদ মহোদয়ক সকীয়াই দিছোঁ, আপুনি সদায় এই ৰাস্তাটোৰে অহা-যোৱা কৰে ৷ যদি পথটোৰ অৱস্থা চকুত পৰা নাই তেন্তে ইয়াত এবাৰ ৰৈ ভালকৈ চাই যাব, নহ'লে আমি ৰাইজৰ সহযোগত পথ অৱৰোধ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম ।’’ তেওঁ লগতে কয় ৷

উল্লেখ্য যে পথটোৰ মেৰামতি বা পুনঃনিৰ্মাণৰ ক্ষেত্ৰত সাংসদ দিলীপ শইকীয়াই চকুমুদা কুলিৰ ভাও ধৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজ তথা দল-সংগঠনে ৷ বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথটো অতিশীঘ্ৰে চাৰি লেনযুক্ত পথ হিচাপে নিৰ্মাণৰ বাবে দাবী জনায় আহিছে ৰাইজে ৷

লগতে পঢ়ক: ৰাস্তাৰ দুৰৱস্থা, জনপ্ৰতিনিধি টোপনিত: বৰফুকন আলিত জাকৈ বাই প্ৰতিবাদ মহিলাৰ