আমি ছাত্ৰ-ছাত্ৰীৰ সাৰথী হিচাপে থিয় দিম: আছু নেতা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য
আছুৰ উদ্যোগত সোমবাৰে মহানগৰীৰ আইটিএ মাছখোৱাত অনুষ্ঠিত অভিনন্দন অনুষ্ঠান ৷ ১৩২ গৰাকী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জ্ঞাপন আছুৰ তৰফৰ পৰা ৷

Published : May 18, 2026 at 9:21 PM IST
|Updated : May 18, 2026 at 9:28 PM IST
গুৱাহাটী: সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৰ উদ্যোগত সোমবাৰে অনুষ্ঠিত হয় অভিনন্দন অনুষ্ঠান ৷ মহানগীৰৰ আইটিএ মাছখোৱাত অনুষ্ঠিত অভিনন্দন অনুষ্ঠানত ১৩২ গৰাকী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰে আছুৰ তৰফৰ পৰা ৷ এই সন্দৰ্ভত সংবাদমাধ্যমৰ আগত আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়, " অভিনন্দন অনুষ্ঠানৰ জৰিয়তে ক'ব বিচাৰো মেধাৱী ছাত্ৰ ছাত্ৰীসকল আশাৰ ভাষা আৰু ভাষাটোৰো আশা হওক । বহু মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে ঘৰুৱা অৰ্থনৈতিক অসুবিধাৰ বাবে পঢ়া শুনাত অসুবিধা পাইছে । আমি এনে বহু ছাত্ৰ-ছাত্ৰীৰ কাষত থিয় দি আছো । ঘৰুৱা অৰ্থনৈতিক অসুবিধা থকা সকলে কোনেও পঢ়া শুনা বাদ দিব নালাগে । প্ৰত্যেকজন ঘৰুৱা আৰ্থিক অসুবিধা থকা ছাত্ৰ-ছাত্ৰীক আমি সহযোগীতা কৰিম আৰু সাৰথী হিচাপে থিয় দিম।"
আনহাতে আছুৰ সভাপতি উৎপল শৰ্মা কয় ,"হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ৫৭৯ নম্বৰ বা তাতোধিক নম্বৰ প্ৰাপ্ত ৩৪ গৰাকী আৰু উচ্চতৰ মাধ্যমিক বিজ্ঞান, বাণিজ্য আৰু কলা শাখাত উত্তীৰ্ণ ৯৮ গৰাকী, মুঠ ১৩২ গৰাকী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰা হৈছে। যিসমূহ শিক্ষা অনুষ্ঠানৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে ভাল ফলাফল লাভ কৰিছে তাৰ মুৰব্বীসকলকো সম্বৰ্ধনা জনোৱা হৈছে । এই অনুষ্ঠান আয়োজনৰ উদ্দেশ্য হৈছে ছাত্ৰ-ছাত্ৰীসকলে উপলব্ধ কৰক যাতে ব্যক্তিগত সফলতাক এখন সমাজেও উদযাপন কৰি আছে । সমাজখনৰ প্ৰতি তেওঁলোকৰ কৰণীয় আছে সেই চিন্তাৰ বীজ যাতে আজিয়েই ৰোপন হয় । তদুপৰি নতুন প্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীসকল যাতে অনুপ্ৰাণিত হয় সেই চেষ্টাৰে এই অনুষ্ঠানৰ আয়োজন কৰো।"
আনহাতে অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামীয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ড° সমুজ্বল কুমাৰ ভট্টাচাৰ্য আৰু উৎপল শৰ্মাই কয়, " অসম সাহিত্য সভাৰ সভাপতি গৰাকীয়ে কৰা মন্তব্য আমাৰ দৃষ্টিগোচৰ হৈছে । তেওঁ কৰা এটা মন্তব্য সকলো মুছলমানে বাংলাদেশী নহয় । সেই কথাটোৰ লগত আমি এক মত । ভাষাটো সন্দৰ্ভত সভাপতি গৰাকীয়ে যি কথা কৈছে, লোকপিয়ল সন্দৰ্ভত যিটো কথা কৈছে সেই কথাটোৰ সৈতে আমি একমত নহয় । গতিকে অসমীয়া খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ বিষয়টোক লৈ আমি সাহিত্য সভাৰ লগত আলোচনা কৰিম। অতি সোনকালেই কথা পাতিম। খিলঞ্জীয়া মানুহৰ সুৰক্ষা নিশ্চিত হ'ব লাগিব ।"
আনহাতে মূল্যবৃদ্ধি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছুৰ মুখ্য উপদেষ্টা ড° ভট্টাচাৰ্যই কয়, " অত্যাৱশ্যকীয় সামগ্ৰীৰ সাংঘাটিক মূল্যবৃদ্ধি হৈছে । চাউল, দাইল, মিঠাতেল, গাখীৰ, কণী সকলোৰে মূল্যবৃদ্ধি হৈছে । এনে অত্যাৱশ্যকীয় সামগ্ৰী নাই য'ত মূল্যবৃদ্ধি হোৱা নাই । পেট্ৰ'ল- ডিজেল দাম বাঢ়িছে । কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ মূল্যবৃদ্ধি ৰোধ কৰাত ব্যৰ্থ হৈছে । মূল্যবৃদ্ধিয়ে অসমৰ জনসাধাৰণৰ জীৱন দুৰ্বিসহ কৰি তুলিছে । ৰাইজক ৰামটাঙোন দিছে । মূল্যবৃদ্ধি প্ৰত্যাহাৰ কৰিব লাগিব । নহ'লে সদৌ অসম ছাত্ৰ সন্থাই আন্দোলন কৰিবলৈ বাধ্য হ'ব।"
লগতে পঢ়ক:কাঠফুলা খেতিয়ে মোক পৃথিৱীখন দেখুৱালে : এগৰাকী সফল উদ্যোগীৰ কথাৰে...

