ETV Bharat / state

অপৰাধীয়ে ভয় খাব পৰা ধৰণৰ আইন প্ৰণয়ন কৰিব লাগে: সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

আছু নেতা প্ৰয়াত মাধুৰ্য বৰ্মনৰ বাসগৃহত উপস্থিত আছুৰ মুখ্য উপদেষ্টা ৷

Samujjal Kumar Bhattacharya visited the family of deceased Madhurjya Barman in Nalbari
আছু নেতা প্ৰয়াত মাধুৰ্য বৰ্মনৰ গৃহত উপস্থিত আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 2, 2026 at 1:54 PM IST

3 Min Read
Choose ETV Bharat

নলবাৰী: ‘‘আছু কৰা প্ৰতিজন সদস্যৰ দুখনকৈ ঘৰ থাকে । এখন নিজৰ পৰিয়াল থকা, আনখন আছুৰ পৰিয়াল । আছুৰ সকলো সদস্য একেখন ঘৰৰেই সদস্য । মাধুৰ্য বৰ্মন হেৰাই যোৱাটো আছুৰ পৰিয়ালৰ সদস্য হেৰাই যোৱা । এজন ছাত্রনেতাক নৃশংসভাৱে হত্যা কৰিছে । আৰক্ষীয়ে তাৎক্ষণিকভাৱে ২৪ ঘণ্টা নৌহওঁতেই হত্যাকাৰীক এনকাউণ্টাৰ কৰিছে । এয়া মাথোঁ এটি সামূহিক সকাহ ।’’ এই মন্তব্য আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জল ভট্টাচাৰ্যৰ ৷

তেওঁ আৰু কয়, ‘‘আগন্তুক সময়ত পুনৰ যাতে কোনেও নিৰাপত্তাহীনতাত ভুগিব নালাগে, অসমৰ ৰাইজে অতৰ্কিতে সু-নিৰাপত্তা পায়, তেনে ব্যৱস্থা গঢ়ি তুলিব লাগিব । ৰাইজো সজাগ হ’ব লাগিব । ভায়েকে-ভনীয়েক একেলগে ফুৰিবলৈ যোৱাৰ ক্ষেত্ৰত অসমত নিৰাপত্তা নিশ্চিত কৰিব লাগিব আৰু অপৰাধীয়ে ভয় খাব পৰা ধৰণৰ আইন প্ৰণয়ন কৰিব লাগিব । যিখন আইন প্ৰণয়ন হ’লে কোনো অপৰাধীয়ে অপৰাধ কৰাৰ আগত ভয় কৰিব লাগিব । তেনে ব্যৱস্থা চৰকাৰে আনিব লাগিব ।’’

আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য (ETV Bharat Assam)

ডঃ সমুজ্জল ভট্টাচাৰ্যই অভিযুক্ত হত্যাকাৰী ৰ'জ আলীৰ জানাজা সম্পৰ্কত কয়, ‘‘সমাজ ধৰি ৰাখিবলৈ সমাজেও ইতিবাচক সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব । হত্যাকাৰী ৰ'জ আলীৰ জানাজা নকৰাৰ ৬ খন গাঁৱৰ সিদ্ধান্ত ইতিবাচক ৷’’

উল্লেখ্য যে, মঙলবাৰে পুৱাৰ ভাগত প্ৰয়াত আছু নেতা মাধুৰ্য বৰ্মনৰ নলবাৰীৰ চামতাৰ বালিপথাৰস্থিত বাসগৃহত উপস্থিত হয় আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জল ভট্টাচাৰ্য ৷ ভট্টাচাৰ্যই প্ৰয়াত আছু নেতাগৰাকীৰ পিতৃ-মাতৃক সাক্ষাৎ কৰি সংবাদ মাধ্যমৰ আগত কেতবোৰ মন্তব্য কৰে ৷

Samujjal Kumar Bhattacharya visited the family of deceased Madhurjya Barman in Nalbari
আছু নেতা প্ৰয়াত মাধুৰ্য বৰ্মনৰ গৃহত উপস্থিত আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য (ETV Bharat Assam)

লগতে পঢ়ক : ৰক্তাক্ত অৱস্থাত উদ্ধাৰ আছু নেতাৰ মৃতদেহ, ক'ত সংঘটিত হৈছে এই ঘটনা?

লগতে পঢ়ক : আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'ব, শীঘ্ৰে ইয়াৰ উত্তৰ অসমৰ জনগণে পাব: নলবাৰীৰ ঘটনাক লৈ শৃংখল চলিহা

লগতে পঢ়ক : নলবাৰী হত্যাকাণ্ডৰ দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰ দাবী আছুৰ

লগতে পঢ়ক : আৰক্ষীৰ গুলীত নিহত নলবাৰী হত্যাকাণ্ডৰ অভিযুক্ত আছিফ আলী

ইতিমধ্যে সকলোৰে জ্ঞাত যে, দেওবাৰে সন্ধিয়া নলবাৰীৰ গংগাপুৰত ৰ'জ আলী নামৰ এক অভিযুক্তই দুই ভাতৃ-ভগ্নীক নৃশংসভাৱে আক্ৰমণ কৰিছিল । অভিযুক্ত ৰ'জৰ আক্ৰমণত থিতাতে নিহত হৈছিল মাধুৰ্য বৰ্মন নামৰ যুৱকজন আৰু তেওঁৰ ভগ্নী বৰ্তমানেও জিএমচিএইছত জীৱন-মৃত্যুৰে যুঁজি আছে ।

Samujjal Kumar Bhattacharya visited the family of deceased Madhurjya Barman in Nalbari
আছু নেতা প্ৰয়াত মাধুৰ্য বৰ্মনৰ গৃহত উপস্থিত আছুৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য (ETV Bharat Assam)

এই ঘটনাৰ পাছতে দোষীক শাস্তি বিহাৰ দাবীত আছুৱে প্ৰতিবাদ সাব্যস্ত কৰে ৷ উক্ত ঘটনাৰ ২৪ ঘণ্টা নৌহওঁতেই অসম আৰক্ষীয়ে অভিযুক্ত হত্যাকাৰী ৰ'জক আটক কৰে ৷ আৰক্ষীৰ সৈতে হোৱা এনকাউণ্টাৰত নিহত হয় অভিযুক্ত ৰ'জ ৷

শেহতীয়া খবৰ অনুসৰি, সোমবাৰে আৰক্ষীৰ এনকাউণ্টাৰত নিহত হোৱা অভিযুক্ত ৰ'জ আলীৰ জানাজাত কেবাখনো গাঁৱৰ ৰাইজে অংশ নোলোৱাৰ সিদ্ধান্ত লয় ৷ লগতে অভিযুক্তটোৰ পৰিয়ালকো গাঁৱৰ পৰা এঘৰীয়া কৰা হৈছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : আৰক্ষীৰ পাঁচটা বুলেটে প্ৰাণ ল’লে ৰ’জৰ...কিদৰে ঘটিছিল সমগ্ৰ ঘটনা ?

লগতে পঢ়ক : সংকটমুক্ত নহয় নলবাৰীৰ ঘটনাৰ ভুক্তভোগী কিশোৰী: আইচিইউত জীৱন-মৃত্যুৰে যুঁজিছে

লগতে পঢ়ক : স্ব-গৃহত মাধুৰ্যৰ নশ্বৰদেহ: আছিফে অকলে সংঘটিত কৰিছিল আক্ৰমণ

লগতে পঢ়ক : মাধুৰ্য বৰ্মনৰ হত্যাক কেন্দ্ৰ কৰি উত্তাল নলবাৰী

লগতে পঢ়ক : নলবাৰীত একপক্ষীয় প্ৰেমৰ ভয়ংকৰ পৰিণতি: পূৰ্বৰে পৰাই আছিফে দি আছিল হত্যাৰ ভাবুকি