নলবাৰীৰ নৃশংস হত্যাকাণ্ড: মাধুৰ্যৰ মৃত্যুক সহজভাৱে ল’ব পৰা নাই আছুৱে
প্ৰয়াত মাধুৰ্য বৰ্মনৰ বাসগৃহত উপস্থিত আছু আৰু প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব ৷

Published : June 5, 2026 at 2:41 PM IST
নলবাৰী: ‘‘মাধুৰ্য বৰ্মনৰ মৃত্যু গোটেই আছুৰ বাবে এক পাহৰিব নোৱৰা দুখ । এই মৃত্যু সহজ নাছিল । এগৰাকী অসমীয়া জীয়ৰীৰ সন্মান বচাবলৈ গৈ মৃত্যুবৰণ কৰিবলগীয়া হ’ল মাধুৰ্যই । ফুটগধূলিতেই হানি-খুচি তেওঁক হত্যা কৰা হ’ল । এই দুখে আমাৰ পৰিয়ালক বহুদিনলৈকে কন্দুৱাই থাকিব । মাধুৰ্যৰ পৰিয়ালৰ কাষত আমাৰ সকলোৱে প্ৰতিটো সময়তে থিয় হৈ আছে আৰু থাকিব ।’’ সদৌ অসম ছাত্র সন্থাৰ সভাপতি উৎপল শৰ্মাই কয় ৷
তেওঁ আৰু কয়, ‘‘মাধুৰ্য বৰ্মন তেওঁলোকৰ পৰিয়ালৰ দ্বিতীয় প্ৰজন্মৰ আছু কৰ্মী আছিল । মাধুৰ্যৰ পিতৃ হৰি বৰ্মনে হাৰে হিমজুৱে আছু কৰিছিল । এনে কমসংখ্যক লোক আছে, যিয়ে নিজে ছাত্র সন্থা কৰি পৰৱৰ্তী সময়ত নিজৰ সন্তানকো আছু কৰিবলৈ আগবঢ়াই দিয়ে ৷’’
লাভ জেহাদক লৈ ছাত্র সন্থাৰ সভাপতি উৎপল শৰ্মাই কয়, ‘‘এই শব্দটিক লৈ অসমত ব্যাপক চৰ্চা হৈ আছে । চাপৰিলে মেঘ নাতৰে বুলি কোৱাৰ দৰে এই শব্দটো চৰ্চাৰ পৰা আঁতৰাই ৰাখিলেও সমাজৰ পৰা নোহোৱা হৈ নাযায় । দুটা বেলেগ বেলেগ ধৰ্মৰ ল’ৰা-ছোৱালীয়ে বিয়া পাতিব খুজিলে স্পেছিয়েল মেৰেজ এক্ট আছে । এনে ঘটনাৰ বাবে সজাগতাৰ দৰকাৰ আছে ৷ লগতে চৰকাৰেও ইয়াৰ ওপৰত বিধিগত ব্যৱস্থা লোৱাৰ সময় আহি পৰিছে ৷
তেওঁ আৰু কয়, ‘‘মাধুৰ্যক যিধৰণে হত্যা কৰা হ’ল, তেওঁৰ ভগ্নীয়ে যিধৰণে মৃত্যুৰ সৈতে যুঁজি আছে, এয়াই শেষ ঘটনা হওঁক । অপৰাধীয়ে অপৰাধ কৰিবলৈ ভয় কৰিবলগীয়া পদক্ষেপ চৰকাৰে ল’ব লাগিব ৷’’
আনহাতে, আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে কয়, ‘‘গোটেই আইন-শৃংখলা পৰিস্থিতি বজাই ৰখাটো চৰকাৰৰ দায়িত্ব । অসমৰ সকলো মানুহে যিকোনো সময়ত যিকোনো ঠাইতে সাৱলীলভাৱে যাতায়ত কৰিবলৈ আইন-শৃখলা পৰিস্থিতি গঢ়ি তুলিব লাগে । মাধুৰ্যৰ ঘটনাই যেন শেষ ঘটনা হওঁক ৷’’
উল্লেখ্য যে, ৰাজ্য কঁপাই যোৱা নলবাৰীৰ নৃশংস হত্যাকাণ্ডৰ চাঞ্চল্য আজিও মাৰ যোৱা নাই । নিজৰ সম্পৰ্কীয় ভগ্নীৰ প্ৰাণ ৰক্ষা কৰিবলৈ গৈ ৰ'জ আলী নামৰ এটা অভিযুক্তৰ হাতত প্ৰাণ গ’ল আছু কৰ্মী মাধুৰ্য বৰ্মনৰ ৷ আজিলৈকে এই ঘটনাক সহজভাৱে কোনেও ল’ব পৰা নাই ।
মাধুৰ্য ঢুকুৱাৰ পাছতে প্ৰতিদিনে তেওঁৰ চামতাস্থিত বাসগৃহলৈ বহু দল-সংগঠনৰ নেতা-কৰ্মীয়ে ভিৰ কৰা দেখা যায় ৷ বৃহস্পতিবাৰে বিয়লি ভাগত প্ৰয়াত আছু কৰ্মীগৰাকীৰ বাসগৃহত উপস্থিত হয় আছুৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকন । আছুৰ কেন্দ্ৰীয় নেতৃত্বক সংগ দিয়ে নলবাৰী জিলা আছুৰ বিষয়ববীয়াকে ধৰি আছুকৰ্মীসকলেও ৷
আনহাতে, বৃহস্পতিবাৰে দিনৰ ভাগত প্ৰয়াত আছু কৰ্মী মাধুৰ্য বৰ্মনৰ বাসগৃহত উপস্থিত হয় কংগ্ৰেছ নেতা ৰিপুণ বৰা আৰু দলটোৰ নেত্ৰী মীৰা বৰঠাকুৰ ৷ সংবাদ মাধ্যমৰ আগত ৰিপুণ বৰাই কয়, ‘‘আমি জানিব পৰা মতে, ‘‘মাধুৰ্য বৰ্মনৰ হত্যাত অকল ৰ’জ জড়িত নাছিল ৷ এই হত্যাকাণ্ডত আন কেইবাজনো জড়িত আছিল । এয়া ৰ’জে অকলে কৰা ঘটনা নহয় ৷ আৰক্ষীয়ে ইয়াৰ ওপৰত আৰু অধিক তদন্ত কৰক । আমি ইতিমধ্যে হাস্পতাললৈ গৈ আহত যুৱতীগৰাকীৰ স্বাস্থ্যৰ বুজ লৈছো ।’’
ইফালে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে কয়, ‘‘অসম আৰক্ষীত আধুনিকৰণৰ প্ৰয়োজন আছে ৷ তেহে অপৰাধীক ধৰাৰ লগতে আৰক্ষী নিজেও সুৰক্ষিত হৈ থাকিব ৷’’

