উচ্ছেদিতক পুনৰ সংস্থাপনৰ দাবীত আমছুৰ প্ৰতিবাদ
চৰকাৰে ৰাজনীতি কৰাৰ সময়ত হিন্দু-মুছলমান কৰিব পাৰে কিন্তু দেশৰ নাগৰিকৰ মাজত বৈষম্য আনিব নোৱাৰে । আমছুৰ হুংকাৰ ৷

Published : July 8, 2026 at 7:27 PM IST
মঙলদৈ: দৰঙৰ খাৰুপেটীয়া বাছ আস্থানত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ (আমছু) তীব্ৰ প্ৰতিবাদ । উচ্ছেদিত লোকক পুনৰ সংস্থাপনৰ দাবীত আমছুৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । আমছুৰ সভাপতি ইমতিয়াজ হুছেইন, দৰং জিলা সমিতিৰ সভাপতি জিয়াউল হক আৰু মুখ্য উপদেষ্টা আইনুদ্দিন আহমেদৰ উপস্থিতিত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে সংগঠনটোৱে ৷
প্ৰতিবাদত অংশ লৈ সভাপতি ইমতিয়াজ হুছেইনে কয়, "ডঃ হিমন্ত বিশ্ব শৰ্মাই যেতিয়াৰ পৰা মুখ্যমন্ত্ৰীৰ দায়িত্ব ল'লে তেতিয়াৰ পৰা দেখা পাইছোঁ সমগ্ৰ অসমতে এটাৰ পিছত আনটো উচ্ছেদ আৰম্ভ হৈছে । উচ্ছেদ অমানৱীয়ভাৱে হ'ল । বাচি বাচি কৰা হ'ল । তাৰ আমি প্ৰতিবাদ জনাইছোঁ । উচ্ছেদ কৰাৰ পিছত এখন কল্যাণকামী চৰকাৰৰ নাগৰিকৰ প্ৰতি দায়বদ্ধতা থাকে । সেই দায়বদ্ধতা অনুযায়ী তেওঁলোকক পুনৰ সংস্থাপন কৰাৰ কথা আছিল । তেওঁলোকক পুনৰ সংস্থাপন কৰিম বুলি সেই সময়ত বিভিন্ন আলোচনাত মুখ্যমন্ত্ৰীয়ে কথা দিছিল ।"
তেওঁ লগতে কয়, "ঢলপুৰৰ পৰা উচ্ছেদ কৰা ২ হাজাৰ ৫১ টা পৰিয়ালক সংস্থাপিত কৰিবলৈ এটা ব্যৱস্থা কৰিছিল কিন্তু দেখা গ'ল সেই সময়ৰ চক্ৰ বিষয়া আৰু নেতাসকলে যি বেমেজালিৰ সৃষ্টি কৰিলে, সংস্থাপন থমকি ৰ'ল । প্ৰায় ১৮০০ পৰিয়ালক লৈ গৈ এটা অঞ্চলত বহাই মাটি দিয়াৰ কথা আমি শুনিছোঁ, মৌখিকভাৱে দিয়া হৈছে । তাত একো কাগজ পত্ৰ দিয়া হোৱা নাই । আনকি সেই লোকসকলৰ যি মৌলিক অধিকাৰ খাদ্য, শিক্ষা, স্বাস্থ্য আদিৰো কোনো ব্যৱস্থা নাই ।"
আন স্থানত হোৱা উচ্ছেদৰ কথা উল্লেখ কৰি তেওঁ কয়, "হোজাইৰ ন সুঁতিটো ৫০০ৰ পৰা হাজাৰ পৰিয়াল ডবকালৈ লৈ গৈ জীৱ-জন্তুৰ দৰে ৰাখিছে । এতিয়ালৈকে সংস্থাপিত কৰা হোৱা নাই । গোৱালপাৰাৰ হাচিলা বিলত চৰকাৰে এতিয়াও সংস্থাপন কৰা নাই ।"

চৰকাৰক তীব্ৰ সমালোচনা কৰি তেওঁ কয়, "আমি এই চৰকাৰখনক স্পষ্টকৈ কৈছো আপোনালোকে ৰাজনীতি কৰাৰ সময়ত হিন্দু-মুছলমান কৰিব পাৰে কিন্তু দেশৰ নাগৰিকৰ মাজত বৈষম্য আনিব নোৱাৰে । প্ৰতিজন নাগৰিকৰ প্ৰতি সম-দায়িত্ব লৈ নাগৰিকৰ যি অধিকাৰ সেই অধিকাৰ দিব লাগিব ।"
আমছু নেতাগৰাকীয়ে লগতে কয় যে উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপন নিদিয়ালৈ আমছুৱে আন্দোলন অব্যাহত ৰাখিব ।
লগতে পঢ়ক :
অসম-নাগালেণ্ড সমস্যাক লৈ সৰুপথাৰত আছুসহ তিনি সংগঠনৰ উত্তাল প্ৰতিবাদ

