ETV Bharat / state

টাই আহোমৰ পৰম্পৰাগত সাজ-পোচাকক বিশ্বমুখী কৰাৰ প্ৰয়াস এজন অসমীয়াৰ

থাইলেণ্ড, আমেৰিকা, ইংলেণ্ড, চীনত সমাদৃত হৈছে অসমীয়া শিপিনীয়ে তাঁতশালত বোৱা টাই আহোমৰ পৰম্পৰাগত সাজ-পোচাক ।

jansai ethnics
টাই আহোমৰ পৰম্পৰাগত সাজ-পোচাকক বিশ্বমুখী কৰাৰ প্ৰয়াস এজন অসমীয়াৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 1, 2026 at 2:33 PM IST

6 Min Read
Choose ETV Bharat

ডিব্ৰুগড় : ৬০০ বছৰ শাসন কৰা আহোমসকলৰ ধৰ্মীয় আৰু সংস্কৃতিৰ নিজস্ব পৰম্পৰা থকাৰ দৰে সাজ-পোচাকতো আছিল স্বকীয়তা । কিন্তু আধুনিকতাৰ কবলত হেৰাই যাবলৈ ধৰিছে আহোমৰ সাজ-পোচাক । নিজৰ জনগোষ্ঠীটোৰ পোচাকৰ প্ৰতি থকা মৰম আৰু আকুলতাৰ বাবে টাই আহোমৰ সাজ-পোচাকক বিশ্বমুখী কৰাৰ চেষ্টাত ব্যস্ত হৈ পৰিল এজন অসমীয়া । পোচাকৰ প্ৰতি থকা মৰম আৰু পৰম্পৰাগত পোচাকৰ বিশ্ব দৰবাৰত জিলিকাই আজি স্বাৱলম্বী হৈ উঠিছে ডিব্ৰুগড়ৰ হৰ্ষজিত সন্দিকৈ ওৰফে জানচাই ।

বিহু, সভা-সমিতি, অনুষ্ঠানত নিজৰ জনগোষ্ঠীৰ পোচাক পিন্ধিবলৈ বিচাৰি নোপোৱা কথাটোৱে নতুন চিন্তাৰ উন্মেষ ঘটাইছিল ডিব্ৰুগড়ৰ লেজাইৰ প্ৰয়াত গুণীন সন্দিকৈ আৰু হেমপ্ৰভা সন্দিকৈৰ পুত্ৰ হৰ্ষজিত সন্দিকৈৰ । হেৰাই যাব ধৰা জনগোষ্ঠীটোৰ সাজ-পোচাক পুনৰ উদ্ধাৰ আৰু ব্যৱহাৰৰ বাবে সহজলভ্য কৰাৰ লক্ষ্যৰে ২০১৩ চনৰ পৰা আৰম্ভ কৰে নিজেই সূতা কাটি কাপোৰ বোৱা কাম । এইদৰে এদিন ঐতিহ্যময় আহোমৰ পোছাকযোৰক লৈ তেওঁ আৰম্ভ কৰিলে জানচাই এথেনিক্স নামৰ এটা ব্ৰেণ্ড । হৰ্ষজিতৰ আহোমৰ পোচাকযোৰ বিচাৰি আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যৰ বহু ৰাজনীতিবিদ, অভিনেতা-অভিনেত্ৰী আনকি বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰাও অৰ্ডাৰ আহে ।

টাই আহোমৰ পৰম্পৰাগত সাজ-পোচাকক বিশ্বমুখী কৰাৰ প্ৰয়াস হৰ্ষজিত সন্দিকৈৰ (ETV Bharat Assam)

থাইলেণ্ড, আমেৰিকা, ইংলেণ্ড আদিৰ দৰে বিভিন্ন দেশতো জিলিকি আছে হৰ্ষজিত ওৰফে জানচাইয়ে প্ৰস্তুত কৰা পোচাক । ডিব্ৰুগড়ৰ লেজাই, বাণীপুৰ আৰু চেপনত জানচাইৰ আহোমৰ পোচাক প্ৰস্তুত কৰা উদ্যোগ আছে । য'ত অঞ্চলটোৰ ৫০ৰো অধিক পুৰুষ-মহিলাই কৰ্ম সংস্থাপনৰ বাট মুকলি কৰিবলৈ সক্ষম হৈছে ।

jansai ethnics
হৰ্ষজিতৰ উদ্যোগত প্ৰস্তুত কৰা পোচাক (ETV Bharat Assam)
jansai ethnics
৫০ৰো অধিক পুৰুষ-মহিলাই কৰ্ম সংস্থাপন লাভ কৰিছে (ETV Bharat Assam)

আহোমৰ পোচাক পুনৰ উদ্ধাৰৰ উদ্দেশ্যে আৰম্ভ হৈছিল যাত্ৰা :

টাই আহোমসকলৰ সাজ-পোচাক সমগ্ৰ বিশ্বতে চিনাকি কৰাই দিবলৈ সক্ষম হোৱা হৰ্ষজিত সন্দিকৈৰ বিশ্বমুখী যাত্ৰাৰ আৰম্ভণিৰ বিষয়ে তেওঁ কয়, "আহোমসকলৰ বস্ত্ৰ ভাণ্ডাৰৰ বিষয়ে আমি কিতাপত পঢ়িবলৈ পাইছিলোঁ । কিন্তু বজাৰত বিচাৰি পোৱা নাছিলোঁ আহোমৰ সাজ-পোচাকসমূহ । সেয়ে এই সাজ-পোচাকসমূহ পুনৰ উদ্ধাৰৰ বাবে ক্ষেত্ৰভিত্তিক গৱেষণা আৰম্ভ কৰিছিলোঁ । ইয়াৰ পাছতে নিজৰ বস্ত্ৰখিনি মানুহৰ মাজত সহজতে যাতে উপলব্ধ কৰিব পাৰি সেই চিন্তা কৰি ২০১৩ চনত মই এই উদ্যোগটো আৰম্ভ কৰিছিলোঁ ।

jansai ethnics
বিভিন্ন প্ৰদৰ্শনীত হৰ্ষজিতৰ ব্ৰেণ্ডৰ পোচাক (ETV Bharat Assam)
jansai ethnics
হৰ্ষজিতৰ উদ্যোগত প্ৰস্তুত কৰা পোচাক (ETV Bharat Assam)

৫০ৰো অধিক পুৰুষ-মহিলাৰ স্বাৱলম্বিতাৰ বাট মুকলি :

হৰ্ষজিতে কয়, "বিগত ১৩ বছৰে বিভিন্ন প্ৰত্যাহ্বানৰ মাজেদি আগবাঢ়ি আজি এই পৰ্যায়ত উপনীত হৈছোহি । বৰ্তমান দুটাকৈ স্থানত ৭ খনকৈ তাঁতশাল আছে । টাই আহোম জনগোষ্ঠীৰ সাজ-পোচাক পুনৰুদ্ধাৰ কৰি ৰাইজৰ ওচৰলৈ লৈ যোৱাৰ প্ৰচেষ্টা সুদীৰ্ঘ ১৩ বছৰে চলাই নিবলৈ সক্ষম হৈছোঁ । বৰ্তমান এই উদ্যোগত ৫০ ৰো অধিক পুৰুষ-মহিলাই কাম কৰি আছে । ইয়াত সকলো থলুৱা পুৰুষ-মহিলাই কাম কৰি আহিছে । জানচাই এথেনিক্স নামৰ এই উদ্যোগৰ জৰিয়তে ইয়াত কৰ্মৰত প্ৰতিগৰাকীয়ে সংস্থাপন লাভ কৰাৰ লগতে আমিও উপাৰ্জনৰ বাট মুকলি কৰিবলৈ সক্ষম হৈছোঁ ।"

jansai ethnics
বহুতৰ প্ৰিয় হৰ্ষজিতে প্ৰস্তুত কৰা টাই আহোমৰ পৰম্পৰাগত পোচাক (ETV Bharat Assam)
jansai ethnics
টাই আহোমৰ পৰম্পৰাগত সাজ-পোচাকক বিশ্বমুখী কৰাৰ প্ৰয়াস হৰ্ষজিতৰ (ETV Bharat Assam)
jansai ethnics
৩ টা স্থানত আছে হৰ্ষজিতৰ উদ্যোগ (ETV Bharat Assam)

মুগা আৰু এৰী সূতাৰ কাপোৰৰ সমাদৰ অধিক :

হৰ্ষজিত সন্দিকৈয়ে কয়, "জানচাই এথেনিক্স নামৰ অনুষ্ঠানৰ জৰিয়তে প্ৰথম অৱস্থাত কেৱল টাই আহোমৰ পৰম্পৰাগত সকলো বস্ত্ৰ বোৱা হৈছিল যদিও বৰ্তমান ইয়াৰ সমান্তৰালভাৱে মহিলাসকলৰ চাদৰ-মেখেলা, গামোচা, টঙালি আদি প্ৰস্তুত কৰা হয় । টাই আহোমৰ সাজ-পোছাকৰ ওপৰত বিশেষকৈ কাম কৰি আছোঁ । টাই আহোমৰ সাজ-পোচাক কম্বোডিয়া, ভিয়েটনাম, ম্যানমাৰ, চীনত প্ৰায় একেই হয় । সেয়ে আমাৰ সাজ-পোচাক সেই দেশসমূহত সমাদৃত হৈছে । আমাৰ ইয়াৰ পৰা সেই ঠাইসমূহলৈ পঠিওৱা হয় । সেই দেশৰ মানুহে মুগা আৰু এৰী সূতাৰ কাপোৰ বিচাৰে । সেই দেশৰ মানুহ আহি ইয়াৰ পৰাই কাপোৰ লৈ যায় । মই নিজেই এবাৰ থাইলেণ্ড গৈছিলোঁ । খুবেই ভাল বিক্ৰী হৈছিল কাপোৰ । আমেৰিকা, লণ্ডন, অষ্ট্ৰেলিয়াৰ পৰাও ইয়ালৈ আহি ইয়াৰ পৰা মুগা আৰু এৰী সূতাৰ কাপোৰ লৈ যায় ।"

jansai ethnics
হৰ্ষজিতৰ জানচাই এথেনিক্স নামৰ ব্ৰেণ্ড (ETV Bharat Assam)
jansai ethnics
হৰ্ষজিতে প্ৰস্তুত কৰা পোচাকত কণ্ঠশিল্পী দীপলীনা ডেকা (ETV Bharat Assam)

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা সংগ্ৰহ কৰা হয় সূতা :

এৰী আৰু মুগা সূতা বিভিন্ন ঠাইৰ পৰা সংগ্ৰহ কৰা হয় বুলি জানিবলৈ দিয়ে হৰ্ষজিত সন্দিকৈয়ে । তেওঁ কয়, "এৰী আৰু মুগা সূতাৰ খোলা বিলাক সংগ্ৰহ কৰি আমাৰ নিজৰ কৰ্মীয়ে সূতা কাটি কাপোৰ বোৱাৰ বাবে প্ৰস্তুত কৰে । কিছুমান সূতা বজাৰৰ পৰা কিনি অনা হয় ।"

jansai ethnics
হৰ্ষজিতৰ উদ্যোগলৈ গৱেষণাৰ বাবে আহে শিক্ষাৰ্থী (ETV Bharat Assam)
jansai ethnics
পৰম্পৰাগত পোচাকত হৰ্ষজিত সন্দিকৈ (ETV Bharat Assam)

প্ৰশিক্ষণ কেন্দ্ৰত পৰিণত হৰ্ষজিতৰ উদ্যোগ :

হৰ্ষজিতৰ উদ্যোগলৈ ইণ্টাৰ্ণশ্বীপৰ বাবে আহে বিভিন্ন শিক্ষানুষ্ঠানত অধ‍্যয়নৰত ছাত্ৰীসকলৰ লগতে বহু বিদেশী পৰ্যটক । সেই সম্পৰ্কে তেওঁ কয়, "প্ৰতিবছৰে ৰাজ্যৰ বিভিন্ন চৰকাৰী শিক্ষানুষ্ঠানত অধ‍্যয়নৰত শিক্ষাৰ্থী ইয়াত প্ৰশিক্ষণৰ বাবে আহে । শেহতীয়াকৈ গৱেষণাৰ বাবে আহমেদাবাদৰ পৰা শিক্ষাৰ্থী আহিছে ।"

jansai ethnics
হৰ্ষজিতৰ উদ্যোগত প্ৰস্তুত হোৱা সাজ-পোচাকৰ প্ৰশংসা বিভিন্নজনৰ (ETV Bharat Assam)
jansai ethnics
বিদেশী পৰ্যটকেও ক্ৰয় কৰে পৰম্পৰাগত সাজ-পোচাক (ETV Bharat Assam)

উৎফুল্লিত স্থানীয় শিপিনী :

হৰ্ষজিতৰ তাঁতশালত কৰ্মৰত এগৰাকী শিপিনীয়ে কয়, "মই ইয়াত বোৱা ৫ বছৰ মানেই হ'ল । তাঁত বৈ ঘৰখন উপকৃত হোৱাৰ লগতে ল'ৰা-ছোৱালীকেইটাকো পঢ়ুৱাব পাৰিছো । মুগা, টচৰ গামোচা, চেলেং, কছাৰী, আহোমৰ গামোচা সকলোবোৰেই বোৱা হয় । আমি ইয়াত প্ৰায় ৫০ গৰাকী নিয়োজিত হৈ আছোঁ । বহু দূৰ-দূৰণিৰ তথা আমেৰিকাৰ পৰাও মানুহ আহি তচৰ কাপোৰ, চেলেঙৰ পৰা আদি কৰি মুগা কাপোৰ ক্ৰয় কৰি নিয়ে । ইয়াৰ দ্বাৰা বহু মহিলা স্বাৱলম্বী হৈছে ।

jansai ethnics
৫০ৰো অধিক শিপিনীয়ে কৰ্ম সংস্থাপন লাভ কৰিছে (ETV Bharat Assam)
jansai ethnics
দেশ-বিদেশৰ পৰা গৱেষণাৰ বাবে আহে শিক্ষাৰ্থী (ETV Bharat Assam)

নতুন প্ৰজন্মৰ বাবে আদৰ্শ :

হৰ্ষজিতৰ তাঁতশাল কেন্দ্ৰত উপস্থিত হৈ সমাজকৰ্মী ৰঞ্জিত বৰুৱাই কয়, "মই তেখেতৰ কথা শুনি আছিলোঁ । হৰ্ষজিত সন্দিকৈয়ে ২০১৩ চনৰ পৰাই বহু পৰিশ্ৰম কৰিছে । আমাৰ হেৰাই যাব ধৰা আপুৰুগীয়া সাজ-পোচাকসমূহ তেওঁ জীয়াই ৰখাৰ চেষ্টা কৰিছে । তেখেতৰ প্ৰচেষ্টা শলাগ ল'বলগীয়া । তেওঁ এই অনুষ্ঠান আগবঢ়াই নিয়ক । ইয়াত বহু মহিলা-পুৰুষক সংস্থাপন দিবলৈ সক্ষম হৈছে, লগতে নতুন প্ৰজন্মক তাঁতশালৰ বিদ্যা দিবলৈ সক্ষম হৈছে ।"

jansai ethnics
হৰ্ষজিতৰ উদ্যোগত নিতৌ প্ৰস্তুত হয় টাই আহোমৰ পৰম্পৰাগত বস্ত্ৰ (ETV Bharat Assam)
jansai ethnics
টাই আহোমৰ পৰম্পৰাগত সাজ-পোচাকক বিশ্বমুখী কৰাৰ প্ৰয়াসৰ বাবে প্ৰশংসিত ডিব্ৰুগড়ৰ যুৱক (ETV Bharat Assam)

সম্প্ৰতি চাকৰিৰ সন্ধানত অনাই বনাই ঘূৰি ফুৰা যুৱক-যুৱতীৰ বাবে এতিয়া প্ৰেৰণাৰ উৎস হৈ পৰিছে ডিব্ৰুগড়ৰ হৰ্ষজিত সন্দিকৈ । কাৰণ তেওঁ কেৱল পৰম্পৰা ৰক্ষা কৰাই নহয়, ৰাজ্যৰ অৰ্থনীতিত অৱদান আগবঢ়াইছে, নিবনুৱাক সংস্থাপন দিছে, অসমক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক :এৰী কাপোৰ আপুনি দেখিছে বা পিন্ধিছে, কিন্তু এৰীৰ চাবোন ব্যৱহাৰ কৰিছেনে ?