ৰৈ যা বাটৰুৱা… জ্ঞান বিলোৱাৰ এক অনন্য় প্ৰয়াস
মুকালমুৱাৰ পথৰে আপুনি গ'লে কিতাপে মাতিব আপোনাক ৰিঙিয়ায় । এগৰাকী লেখিকাই লৈছে এক বিশেষ পদক্ষেপ ।

Published : January 7, 2026 at 9:24 PM IST
নলবাৰী: 'ৰৈ যা বাটৰুৱা' - বাটৰুৱাক ক্ষন্তেক বিশ্ৰামৰ লগতে জ্ঞানৰ যোগান ধৰাৰ এক অনন্য প্ৰয়াস । পথৰ দাঁতিত পথৰুৱাৰ বাবে বিশ্ৰামৰ স্থান আৰু এটা পুথিভঁৰাল সাজি সমাদৰ এগৰাকী লেখিকা তথা চৰকাৰী বিষয়াৰ । সৰুৰে পৰা পঢ়াৰ প্ৰতি থকা নিচা আৰু লিখা-মেলাৰ পৰ্বৰে এগৰাকী বিষয়াই এটি ক্ষুদ্ৰ পুথিভঁৰাল সাজি উলিয়াই বাটৰ পঢ়ুৱৈক দিব অনন্য সোৱাদ ।
বহুদিনীয়া এক সপোন লৈ কিতাপৰ পৃথিৱীখনৰ সৈতে নতুন প্ৰজন্মক চিনাকি কৰাই কিতাপ পঢ়াৰ পৰিৱেশ গঢ়ি তোলাটো মনতে নৈতিক দায়িত্ব হিচাপে লৈছে নলবাৰীৰ এগৰাকী চৰকাৰী বিষয়া তথা লেখিকা শিৱানী বৰাই । নলবাৰীৰ মুকালমুৱাৰ ৰঘুনাথ চৌধাৰী উচ্চতৰ মাধ্যমিক বিদ্যাললয়ৰ বিপৰীত ফালে হাজো-দৌলাশাল-গুৱাহাটী মূল ঘাইপথৰ দাঁতিত এই পথিকাৰ পুথিভঁৰালটো সম্পূৰ্ণ কৰি উলিয়াইছে শিৱানী বৰাই ।
নলবাৰীৰ দক্ষিণ প্ৰান্তৰ ঠাই টুকুৰা এখন সৰু গ্ৰাম্য চহৰ মুকালমুৱাৰ দৰে ঠাইত এটি পথৰ পুথিভঁৰালৰ প্ৰয়োজনীয়তাবোধ কৰি লেখিকাগৰাকীয়ে মনতে থিৰাং কৰিছিল এই সংকল্পৰ । তেওঁ নিজে লিখা তিনিখনকৈ কিতাপৰ উপৰিও কেইবাখনো গ্ৰন্থ পুথি তাত সন্নিবিষ্ট কৰাই এটি পূৰ্ণাংগ পথিকাৰ পুথিভঁৰাললৈ ৰূপান্তৰ কৰে ।
লেখিকাগৰাকীৰ এই প্ৰয়াসে মুকালমুৱাৰ পঢুৱৈ তথা যুৱ সমাজৰ মাজত এক আন্দোলন আনিব বুলি বিশ্বাসী শিৱানী বৰা । শিৱানী বৰাৰ মন, "অসমৰ প্ৰতিটো অঞ্চলতেই গঢ়ি উঠক এনেকুৱা পথৰ পুথিভঁৰাল । য'ত এপলক ৰৈ সকলোৱে হাতত তুলি লওক কিতাপ ।" যাৰ বাবে তেওঁ পুথিভঁৰালটোৰ নাম দিছে 'ৰৈ যা বাটৰুৱা' ।
বাটৰুৱাৰ বাবে পুথিভঁৰাল সাজিবলৈ কিয় মনতে প্ৰয়াস কৰিলে শিৱানী বৰাই
বৰাই কয়, "যেতিয়া বাটৰুৱা এজন যাব, তেতিয়া আমি কৈছোঁ 'ৰৈ যা বাটৰুৱা' । ৰৈ অলপ বহক । আমাৰ ইয়াত বহাৰো ব্যৱস্থা আছে । বহি অলপ ৰৈ হাতত কিতাপখন লৈ পুথিভঁড়ালটো আদৰি লওঁক । ২৪ ঘণ্টাই খোলা থাকিব এই পুথিভঁড়ালটো । যাৰ বাবে পঢ়ুৱৈয়ে হাতত কিতাপখন লৈ দুই-এপৃষ্ঠা লুটিয়াব । এক ভাল অভ্যাস গঢ়ি উঠিব ।"

তেওঁ লগতে কয়, "কিতাপখিনিও মানুহৰ মাজলৈ যায় নতুন প্ৰজন্মৰ মাজলৈ এক ভাল বাৰ্তা যাব । যাৰ বাবে পুথিভঁৰালটোৰ নাম ৰখা হৈছে 'ৰৈ যা বাটৰুৱা' । মই কিতাপ যিহেতু পঢ়ি খুব ভালপাওঁ । আমাৰ ঘৰুৱা পৰিৱেশটো পঢ়াৰ মাজেৰে গৈছিল । সৰুৰে পৰা হাতত কিতাপ তুলি দিছিল । যাৰ দ্বাৰা মই কিতাপৰ পৃথিৱী খনৰ সৈতে পৰিচিত । মই লিখিও ভালপাওঁ । মোৰ ৫ খন নিজে লিখা কিতাপ আছে । ইয়াৰে এখন গল্প সংকলন আৰু চাৰিখন উপন্যাস ।"
এই পুথিভঁড়ালে কিদৰে নৱপ্ৰজন্মৰ মাজত বৃদ্ধি কৰিব পঢ়াৰ নিচা
এই সন্দৰ্ভত লেখিকা বৰাই কয়, "বৰ্তমান আধুনিক সময়ৰ তথ্য প্ৰযুক্তিৰ যুগত মানুহৰ মাজত কিতাপ পঢ়াৰ অভ্যাসটো নাইকিয়া হৈ গৈছে । এতিয়া ডিজিটেল যুগ আৰম্ভ হোৱা শিশুসকল ম’বাইলৰ সৈতেই ডাঙৰ হয় । যাৰ বাবে কিতাপ পঢ়াৰ অভ্যাস নাইকিয়া হৈ গৈছে । গতিকে মই ভাবো এই সময়ছোৱাত এটি শিশু বা এজন ছাত্ৰক কিতাপৰ সৈতে পৰিচয় কৰাই দিয়াতো অতিকৈ জৰুৰী ।"

তেওঁ পুনৰ কয়, "লগতে অসমৰ যিটো গ্ৰন্থ উদ্যোগ সেয়াও ভাঙোনমুখী অৱস্থাত । যদিও গ্ৰন্থমেলা অথবা গ্ৰন্থবৰ্ষ আৰম্ভ কৰিছে, তথাপিও মানুহৰ মাজৰ পৰা কিতাপ পঢ়াৰ অভ্যাসটো নাইকিয়া হ'ব ধৰিছে । আমি যিমানেই আগবাঢ়ি নাযাওক কিয় কিতাপ পঢ়িবই লাগিব । কিতাপৰ মাজৰেহে কিবা এটা শিকিব পাৰি । কিতাপৰ খিনি চিৰস্থায়ী, যি সদায় থাকি যায় । গতিকে কিতাপ পঢ়াটো এক ভাল অভ্যাস ।"
বাটৰুৱাৰ পুথিভঁৰাল সাজিবলৈ কিয় মন মেলিলে লেখিকাগৰাকীয়ে
এই সন্দৰ্ভত শিৱানী বৰাই কয়, "মুকালমুৱাৰ নিচিনা ঠাই এটুকুৰাত মই ৩ বছৰৰো অধিক সময় থাকিলোঁ । ইয়াত একাংশ নৱপ্ৰজন্মৰ মাজত বৰ্তমান নিচাজাতীয় সামগ্ৰী সেৱনে গ্ৰাস কৰি উঠিছে । তেনে এটা পৰিৱেশত গ্ৰন্থ অধ্যয়নৰ মাজেৰে যদি এটা ভাল অভ্যাস গঢ়ি তুলিব পাৰোঁ, ভৱিষ্যতে এক ভাল পৰিৱেশ গঢ়ি উঠিব । এয়া মোৰ আৰম্ভণিহে ।"

তেওঁ লগতে কয়, "মোৰ এটা সপোন আছিল । মই নিজে কিতাপ পঢ়ি ভালপাওঁ । গতিকে আনকো গ্ৰন্থৰ পৃথিৱীৰ সৈতে পৰিচয় কৰি দিবলৈ বিচাৰি আছিলোঁ আৰু মই সদায় সুখীও হ'ম । যাৰ বাবে মোৰ এয়া সৰু প্ৰয়াস । অনাগত দিনবোৰতো এনেদৰে কাম কৰাৰ ইচ্ছা আছে । মই যোৱা বছৰতেই ভাবিছিলোঁ । এটা পৰিকল্পনা আছিল । বিভিন্ন কৰ্মব্যস্ততাৰ বাবে ই হৈ নুঠিল । ১৮ নৱেম্বৰৰ জন্মদিনৰ দিনা আৰম্ভ কৰিম বুলি ভাবিছিলোঁ । কিন্তু ১৮ নৱেম্বৰতো সেয়া সম্পূৰ্ণ নহ'ল । সেইবাবে ২০২৬ ৰ প্ৰথমতেই আৰম্ভণি কৰিলোঁ ।"
লেখিকাগৰাকীয়ে লগতে কয়, "মোৰ মতে কিতাপ পঢ়াটো ভাল অভ্যাস । নতুন বিষয় এটা জানিবলৈ কিতাপৰ মাজলৈ সোমাব লাগিব । লাহে লাহে যেতিয়া মানুহৰ অভ্যাসত পৰিণত হ'ব তেতিয়া মানুহে এই পুথিভঁৰালটো আঁকোৱালি ল'ব । এটা সুন্দৰ পৰিৱেশ । সন্মুখত বিদ্যালয় আছে । মূল ৰাস্তাৰো একেবাৰে ওচৰত নহয় । ছাত্র-ছাত্ৰীসকলৰো সুবিধা হ'ব । সেইবাবে স্থাপিত ঠাইটুকুৰাও যথেষ্ট সুবিধাজনক । যিয়ে ড্ৰাগছৰ নিচাক পৰাভূত কৰি মানুহে কিতাপৰ নিচাক আঁকোৱালি ল'ব । অসমৰ প্ৰতিটো প্ৰান্ততে গাঁৱে-ভূঞে পথৰ দাঁতিত এনেকুৱা পুথিভঁৰাল গঢ়ি উঠিব লাগে, যাতে এক পঢ়াৰ পৰিৱেশ গঢ়ি উঠে ।"

উল্লেখযোগ্য যে লেখিকা শিৱানী বৰা এগৰাকী অসম চৰকাৰ বিষয়া হিচাপে মুকালমুৱাত কৰ্মৰত । মুকালমুৱাৰ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া হিচাপে কৰ্মৰত বিষয়া-লেখিকাগৰাকী । নিজৰ কৰ্মজীৱনৰ মাজেৰে লিখা-পঢ়াৰ চৰ্চাও সমানে চলাই নিছে তেওঁ ।

