কলগছ কেৱল ভাতৰ লগত নহয়, বনাই খাব পাৰিব চাহ-পকৰি
মহানগৰীৰ পদপথৰ এখন বিপণিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । নুনমাটিলৈ আহিলে আপুনি জুতি ল'ব পাৰিব কলগছৰ চাহৰ পৰা কলগছৰ পকৰিলৈ ।

Published : January 6, 2026 at 10:14 PM IST
গুৱাহাটী: প্ৰাচীন কালৰ পৰাই বিভিন্ন ধৰ্মীয় পূজা-পাৰ্বণ, বিবাহ আদিত কলগছৰ পাত, ফল আদি সকলো ব্যৱহাৰ কৰা হয় । তদুপৰি কলৰ খাৰৰ পৰা আৰম্ভ কৰি কলফুল, পচলা আদি পৰম্পৰাগতভাৱে অসমীয়া খাদ্যত ব্যৱহাৰ হৈ আহিছে । গুৱাহাটী মহানগৰীৰ এগৰাকী মহিলাই কলগছৰ পৰা বিভিন্ন প্ৰকাৰ খাদ্য প্ৰস্তুত কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ।
কোনেও নভবা খাদ্য প্ৰস্তুত কৰি স্বাৱলম্বিতাৰ বাট বিচাৰি উলিয়াইছে নলবাৰীৰ সুমন তালুকদাৰ নামৰ উদ্যমী মহিলাগৰাকীয়ে । তেওঁ কলগছৰ চাহ, কলগছৰ পকৰা, কলফুলৰ পিঠা, লাড়ু, চাটনি, ইডলি পিঠা, পাতে বন্ধা পিঠা আদি বিক্ৰী কৰি আহিছে ।
ব্যতিক্ৰমী চিন্তাৰে কিয় আৰম্ভ কৰিলে এই ব্যৱসায়
নলবাৰীৰ বোৱাৰী সুমন তালুকদাৰে স্বামীৰ কৰ্মসূত্ৰে গুৱাহাটীৰ পূৱ জ্যোতি নগৰত বাস কৰে । নতুন নতুন খাদ্য সামগ্ৰী প্ৰস্তুত কৰাৰ চখ থকা সুমনে ব্যতিক্ৰমী চিন্তাৰে শহুৰৰ ঘৰত কলগছ, কলফুল আৰু কলৰ পৰা বিভিন্ন খাদ্য সামগ্ৰী প্ৰস্তুত কৰিছিল । ঘৰত খোৱাৰ লগতে ওচৰ-চুবুৰীয়াক ভগাই দিছিল । ওচৰ-চুবুৰীয়াই তেওঁ বনোৱা কলগছৰ পকৰা, কলফুলৰ পিঠা, লাড়ু খাই ভাল পাইছিল ।

সেয়েহে তেওঁ মহানগৰীত কলগছৰ খাদ্য সামগ্ৰীৰ দোকান দিয়াৰ চিন্তা-চৰ্চা কৰিলে । কিয়নো এনে মূল্যবৃদ্ধিৰ সময়ত স্বামীৰ উপাৰ্জনেৰে পৰিয়ালটো নচলে । সেই চিন্তা মতেই এবছৰ পূৰ্বে তেওঁ মহানগৰীৰ নুনমাটি পদপথত দোকান আৰম্ভ কৰিছিল । সন্ধিয়া ৫.৩০ বজাৰ পৰা নিশা ৯ বজালৈ তেওঁ দোকানত গ্ৰাহকে কলগছৰ পকৰা, চাহ, পিঠাৰ জুতি লয় । তেওঁ এবছৰ পূৰ্বে যি আৰম্ভ কৰিলে এতিয়া তেওঁ উভতি চাবলগীয়া হোৱা নাই ।
সুমনৰ দোকানত কলগছৰ কি কি খাদ্য সামগ্ৰী পোৱা যায়
এই সন্দৰ্ভত সুমন তালুকদাৰে কয়, ‘‘মোৰ বিপণিত কলগছৰ পৰা বনোৱা ৬-৭ বিধ খাদ্য সামগ্ৰী পোৱা যায় । কলগছৰ চাহ, কলগছৰ পকৰা, কলফুলৰ পিঠা, লাড়ু, চাটনি, ইডলি পিঠা, পাতে বন্ধা পিঠা আদি । প্ৰতিবিধ খাদ্য সামগ্ৰীৰ ১০ টকাকৈ বিক্ৰী কৰো । সকলোতকৈ পকৰি আৰু কলগছৰ চাহৰ চাহিদা অধিক । গুৱাহাটীৰ বিভিন্ন স্থানৰ লগতে লক্ষীমপুৰ, ধেমাজি, যোৰহাট, দিল্লী আদিৰ গ্ৰাহকো আহিছে । আমি সকলো সামগ্ৰী কলপাত গ্ৰাহকক দিও কোনো ধৰণৰ প্লাষ্টিকৰ প্লেটৰ ব্যৱহাৰ নকৰোঁ ।’’

কলগছৰ চাহৰ বনোৱাৰ চিন্তা কেনেকৈ আহিল মনলৈ
সুমনে কয়, ‘‘মই জুবিন দাৰ এটা ভিডিঅ' দেখিছিলোঁ । কলগছৰ পানী খোৱা । তেতিয়া মই ভাবিলোঁ পানীখিনিৰে চাহ বনাবো পাৰো । তেতিয়া বনাই চালোঁ । খাবলৈ বৰ সোৱাদযুক্ত হৈছিল । তেতিয়াৰ পৰাই কলগছৰ পৰা ওলোৱা পানীৰ চাহ বনাই বিক্ৰী কৰি আহিছোঁ ।’’
কলগছ, কলফুলবোৰ কৰ পৰা সংগ্ৰহ কৰে সুমনে
উদ্যমী মহিলাগৰাকীয়ে কয়, ‘‘বামুণীমৈদাম কলনী বজাৰৰ পৰা সংগ্ৰহ কৰাৰ লগতে ওচৰ-চুবুৰীয়াৰ পৰাও সংগ্ৰহ কৰো কলগছবোৰ ।’’ ইফালে বিপণিখন আৰম্ভ কৰাৰ সময়ৰ কথা সুঁৱৰি সুমনে কয়, ‘‘১১০০-১২০০ টকাৰে আৰম্ভ কৰা বিপণিখনৰ জৰিয়তে তেওঁ পৰিয়াল পোহপালত স্বামীক সহায় কৰিবলৈ সক্ষম হৈছে । নলবাৰী ৰাস, মহানগৰীৰ বিভিন্ন মেলাতো বিপণি দিছো । মোক তিনিজনী মহিলাই সহায় কৰে ।’’

সুমনৰ দোকানৰ কলগছৰ খাদ্যৰ জুতি লোৱা কেইবাগৰাকী গ্ৰাহকে কয়, ‘‘ইয়ালৈ মাজে মাজে আহোঁ । চাহ-পকৰা খাও আৰু ঘৰলৈও লৈ যাও । সোৱাদযুক্ত হোৱাৰ বাবে ইয়াৰ পকৰি খাবলৈ আহোঁ ।’’

