ETV Bharat / state

কোনে হত্যা কৰিলে ববিতাক, ইয়াৰ আঁৰৰ ৰহস্য কি ?

ঘৰৰ ভিতৰতে ৰহস্যজনক অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ । ডিব্রুগড়ৰ মিলননগৰ আইলেনত মহিলাৰ মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য ।

A woman mysteriously died in Second capital city Dibrugarh
কোনে হত্যা কৰিলে ববিতাক, ইয়াৰ আঁৰৰ ৰহস্য কি ? (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 11, 2026 at 10:24 PM IST

2 Min Read
Choose ETV Bharat

ডিব্ৰুগড়: দ্বিতীয় ৰাজধানী চহৰত মাজমজিয়াতেই ঘৰৰ ভিতৰতে ৰহস্যজনক অৱস্থাত মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য । ডিব্রুগড়ৰ মিলননগৰ আইলেনত এটা বাসগৃহত মহিলাৰ মৃতদেহ উদ্ধাৰ হয় । দুটা সন্তানৰ সৈতে থকা ববিতা দাস নামৰ ২৯ বছৰীয়া মহিলাগৰাকীৰ মৃতদেহ বৃহস্পতিবাৰে পুৱা পৰিয়ালে উদ্ধাৰ কৰে । মৃত মহিলাগৰাকীৰ স্বামী ৰবিন দাস এজন গাড়ী চালক ।

সেয়ে ডিব্ৰুগড়ৰ মিলননগৰ আইলেনত এটা বাসগৃহত ভাড়াতীয়া হিচাপে আছিল । নিশা ববিতা দাসৰ সৈতে দুটি সন্তানো আছিল ঘৰটোৰ ভিতৰত । কিন্তু পুৱা ৰহস্যজনকভাৱে মৃত অৱস্থাত উদ্ধাৰ হৈছে মহিলাগৰাকী । প্ৰাৰম্ভিকতে তদন্তত আৰক্ষীয়ে এইয়া হত্যা বুলি সন্দেহ প্ৰকাশ কৰিছে ।‌ মৃত মহিলাগৰাকীৰ এজন কিশোৰ পুত্ৰই আৰক্ষী আৰু পৰিয়ালক জানিবলৈ দিছে নিশা ঘৰলৈ আহিল এজন পুৰুষ ।

কোনে হত্যা কৰিলে ববিতাক, ইয়াৰ আঁৰৰ ৰহস্য কি ? (ETV Bharat Assam)

আনকি ঘৰৰ ভিতৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে সুৰাৰ বটল । পৰিয়ালে আৰক্ষীক অৱগত নকৰাকৈ পুৱা মহিলা গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰাইছিল । হাস্পতালৰ পৰাহে মিলন নগৰ আৰক্ষীয়ে খবৰ পাইছিল মহিলাগৰাকীৰ মৃত্যুৰ বিষয়ে । কিন্তু ইয়াৰ পিছত মৃত ববিতাৰ ভাতৃয়ে মিলন নগৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰে ।

এজাৰৰ দাখিলৰ পাছতেই আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত । মহিলাগৰাকীৰ দেহত কোনো ধৰণৰ আঘাতৰ চিহ্ন নাই বুলি আৰক্ষী আৰু পৰিয়ালে জানিবলৈ দিয়ে । দুটিকৈ সন্তানৰ সৈতে থকা মহিলাগৰাকীৰ মৃতদেহ ৰহস্যজনকভাৱে উদ্ধাৰ হোৱাত সমগ্ৰ চহৰখনতেই চাঞ্চল্য সৃষ্টি কৰিছে ।

সমগ্ৰ ঘটনাক লৈ মৃত মহিলাগৰাকীৰ জেষ্ঠ ভগ্নীয়ে কয়, "আমি মৃত অৱস্থাত আহি পাইছোঁ । পৰি থকা অৱস্থাত পাই আমি চিকিৎসালয়লৈ লৈ গৈছিলোঁ । ঘৰত ভন্টী আৰু ল'ৰা দুটা আছিল । তেওঁৰ স্বামীয়ে নৈশ বাছ চলাই সেয়ে ইয়াত আছিল । তেওঁলোকৰ প্ৰকৃত ঘৰ শিৱসাগৰত । ১৪ বছৰ আৰু ৩ বছৰীয়া দুটা সন্তানৰ সৈতে আছিল নিশা । নিশা কোনোবা আছিল আৰু ম'বাইলটো লৈ গৈছে বুলি ল'ৰা কেইটাই কৈছে ।"

লগতে পঢ়ক: কংক্ৰিটৰ মাজতো কৃষিকৰ্মৰে সফল হ'ব পাৰি...

কংক্ৰিটৰ মাজতো কৃষিকৰ্মৰে সফল হ'ব পাৰি...