ETV Bharat / state

ঊণ সূতাৰে বিকাশ কৰিছে প্ৰতিভা, আৰ্জিছে পৰ্যাপ্ত ধন

ব্যক্তিগত খণ্ডৰ চাকৰিয়ে আমুৱালে । হাতত তুলি ল'লে ঊণ সূতা । এগৰাকী মহিলাই দাঙি ধৰিছে স্বাৱলম্বিতাৰ নিদৰ্শন । এক প্ৰতিবেদন ।

A woman has become self-reliant by making various items from wool yarn in Guwahati
ঊণ সূতাৰে প্ৰতিভা বিকাশ কৰিছে ৰূপালী পালে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 7, 2026 at 8:28 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী: ব্যক্তিগত খণ্ডৰ চাকৰি এৰি ঊণ সূতা ব্যৱহাৰ কৰি বিভিন্ন সৃজনশীল সামগ্ৰী প্ৰস্তুত কৰি স্বাৱলম্বিতাৰ এক নিদৰ্শন দাঙি ধৰিছে গুৱাহাটী মহানগৰীৰ এগৰাকী মহিলাই । ঘৰতে তেওঁ ঊণ সূতাৰ ক্লীপ, বিভিন্ন প্ৰকাৰৰ হেয়াৰবেন, পুতলা, চাবিৰ ৰিং, কাণফুলি, চশমা বাকচ, এয়াৰ বাডচৰ কভাৰ, ফুলৰ বুকে, বেগ, ভগৱানৰ মূৰ্তিৰ অংগবস্ত্ৰ আদি প্ৰস্তুত কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ।

বিগত দহ বছৰ ব্যক্তিগত খণ্ডত চাকৰি কৰা মহানগৰীৰ লাচিত নগৰৰ বাসিন্দা ৰূপালী পালে বিগত বৰ্ষৰ পৰা ঊণ সূতাৰ সামগ্ৰীবোৰ বনাবলৈ আৰম্ভ কৰিছিল । গ্ৰাহকৰ চাহিদা বৃদ্ধি পোৱাৰ লগে লগে ই এক ক্ষুদ্ৰ ব্যৱসায়ৰ ৰূপ লয় । তেওঁৰ সামগ্ৰীসমূহে বজাৰত বিশেষ সমাদৰ লাভ কৰিছে । বিভিন্ন মেলা আৰু সামাজিক মাধ্যমৰ জৰিয়তে তেওঁ নিজৰ সামগ্ৰীসমূহ বিক্ৰী কৰি উপাৰ্জনৰ পথ মুকলি কৰিবলৈ সক্ষম হৈছে । এই উদ্যোগে মহিলাগৰাকীৰ পৰিয়ালৰ অৰ্থনৈতিক অৱস্থা শক্তিশালী কৰাৰ লগতে আত্মবিশ্বাসো বৃদ্ধি কৰিছে ।

ঊণ সূতাৰে বিকাশ কৰিছে প্ৰতিভা, আৰ্জিছে পৰ্যাপ্ত ধন (ETV Bharat Assam)

কিয় আৰম্ভ কৰিলে এই ব্যৱসায়

তেওঁ কয়, "ব্যক্তিগত খণ্ডত বহুত বছৰ চাকৰি কৰিলোঁ । তাৰ পিছত ভাবিলোঁ কিবা এটা ব্যৱসায় মই কৰিব লাগে । ব্যক্তিগত খণ্ডৰ চাকৰি এৰি এই ব্যৱসায় আৰম্ভ কৰিছিলোঁ । এই ব্যৱসায় কৰি মই সুখী । কিয়নো নিজৰ ব্যৱসায় । নিজৰ ইচ্ছা মতে কৰিব পাৰোঁ ।"

A woman has become self-reliant by making various items from wool yarn in Guwahati
ৰূপালী পালে নিৰ্মাণ কৰা চাবিৰ ৰিং (ETV Bharat Assam)

পালে লগতে কয়, "মই সৰুৰ পৰাই মাৰ পৰা ঊণ সূতা গুঠিব শিকিছিলোঁ । চাকৰি বাদ দিয়াৰ পিছত এই কামটো কৰি আগবাঢ়িম বুলি ভাবিলোঁ । তেতিয়াৰ পৰা ১০-১৫ বিধ সামগ্ৰী বনাও । এই সামগ্ৰীবোৰৰ ভিতৰত আছে ক্লীপ, বিভিন্ন প্ৰকাৰৰ হেয়াৰবেন, পুতলা, চাবিৰ ৰিং, কাণফুলি, চশমা বাকচ, এয়াৰ বাডচৰ কভাৰ, ফুলৰ বুকে, বেগ, ভগৱানৰ মূৰ্তিৰ অংগবস্ত্ৰ আদিকে ধৰি অৰ্ডাৰ অনুযায়ী সামগ্ৰী বনাই দিওঁ । মোৰ এই সামগ্ৰীবোৰৰ ভিতৰত চাবিৰ ৰিং, কাণফুলি, ফুলৰ চাহিদা বেছি । তাৰ ভিতৰত চানফ্লাৱাৰ, ডেইজী আদি ডিজাইনৰ সামগ্ৰীবোৰ চাহিদা অধিক ।"

A woman has become self-reliant by making various items from wool yarn in Guwahati
ৰূপালী পালে নিৰ্মাণ কৰা ক্লিপ (ETV Bharat Assam)

কিমান টকাৰে আৰম্ভ কৰিছিল এই ব্যৱসায়

ৰূপালী পালে কয়, "২০২৫ ত মই ১৫-২০ হাজাৰ টকাৰে এই ব্যৱসায় আৰম্ভ কৰিছিলোঁ । ভগৱানৰ কৃপাত ব্যৱসায় ভাল চলি আছে । মোৰ সামগ্ৰীবোৰ মেলা প্ৰদৰ্শন উপৰিও অনলাইনযোগে ক্ৰচেটিং কটেজ (crochetingcottage) নামৰ পেজটোৰ জৰিয়তে বিক্ৰী কৰোঁ । গুৱাহাটীৰ বিভিন্ন স্থানত হোৱা মেলাৰ উপৰিও খাৰুপেটীয়াত দুবাৰ মেলাত বিক্ৰী কৰিছোঁ । তদুপৰি অনলাইনযোগে অসমৰ বিভিন্ন স্থানৰ লগতে জয়পুৰ, চণ্ডীগড়লৈও মোৰ সামগ্ৰী গৈছে ।"

A woman has become self-reliant by making various items from wool yarn in Guwahati
ঊণ সূতাৰে নিৰ্মাণ কৰা ৰিবন (ETV Bharat Assam)

তেওঁ লগতে কয়, "প্ৰদৰ্শনী, মেলাবোৰ অক্টোবৰৰ পৰা এপ্ৰিললৈ থাকে । মাজত তিনি-চাৰিমাহ থাকে । সেই সময়খিনিত সামগ্ৰীবোৰ বনাওঁ । বনাবলৈ প্ৰয়োজনীয় হোৱা সামগ্ৰীবোৰ অনলাইন আৰু ফাঁচীবজাৰৰ পৰা আনোঁ । মোৰ এই কামত স্বামী আৰু ছোৱালীয়ে সহায় কৰে ।"

A woman has become self-reliant by making various items from wool yarn in Guwahati
ঊণ সূতাৰে নিৰ্মাণ কৰা বেগ (ETV Bharat Assam)

তেওঁ কয়, "মাহিলী উপাৰ্জন মোৰ ভাল হৈছে । শেহতীয়াকৈ এখন প্ৰদৰ্শনীত বিপণি দি ৫০-৬০ হাজাৰ টকা উপাৰ্জন হৈছে । মই বনোৱা সামগ্ৰীবোৰ ৫০ টকাৰ পৰা আৰম্ভ কৰি ১৪০০ টকালৈ আছে । গ্ৰাহকৰ সঁহাৰি ভাল পাই আনন্দিত হৈছোঁ ।"

A woman has become self-reliant by making various items from wool yarn in Guwahati
ঊণ সূতাৰে নিৰ্মাণ কৰা ভগৱানৰ মূৰ্তিৰ অংগবস্ত্ৰ (ETV Bharat Assam)

সামগ্ৰীবোৰৰ প্ৰতি যুৱ প্ৰজন্ম আকৰ্ষিত

সামগ্ৰীসমূহৰ প্ৰতি আকৰ্ষণ কেনে সেই সন্দৰ্ভত তেওঁ কয়, "হাতেৰে বনোৱা আৰু ধুব পাৰি বাবে মোৰ সামগ্ৰীবোৰ গ্ৰাহকে পচন্দ কৰে । মোৰ সামগ্ৰীবোৰৰ বিচাৰি বেছিভাগ ছাত্ৰ-ছাত্ৰী আহে । আদহীয়াসকলে বেছিভাগ ভগৱানৰ ড্ৰেছ, বেগ আৰু ক্লাচাৰ লয় । পৰৱৰ্তী সময়ত এই ব্যৱসায় বৃদ্ধি কৰাৰ পৰিকল্পনা আছে ।"

A woman has become self-reliant by making various items from wool yarn in Guwahati
ঊণ সূতাৰে নিৰ্মাণ কৰা ক্লিপ (ETV Bharat Assam)

উল্লেখযোগ্য যে, এই সফলতাৰ জৰিয়তে মহিলাগৰাকীয়ে আন বহু মহিলাকো স্বাৱলম্বী হ’বলৈ অনুপ্ৰাণিত কৰিছে । তেওঁৰ এই প্ৰচেষ্টাই দেখুৱাই দিয়ে যে সঠিক পৰিকল্পনা, কঠোৰ পৰিশ্ৰম আৰু সৃজনশীলতা থাকিলে ঘৰুৱা উদ্যোগৰ জৰিয়তেই সফলতা লাভ কৰা সম্ভৱ । ঘৰতে থকা মহিলাসকলে এনে কামৰ জৰিয়তেও উপাৰ্জনৰ পথ মুকলি কৰিব পাৰে ।

A woman has become self-reliant by making various items from wool yarn in Guwahati
ৰূপালী পালে নিৰ্মাণ কৰা সামগ্ৰী (ETV Bharat Assam)

লগতে পঢ়ক: কলগছ কেৱল ভাতৰ লগত নহয়, বনাই খাব পাৰিব চাহ-পকৰি

বিজেপিৰ লক্ষ্য মহিলা আৰু যুৱ ভোটাৰ : হিতাধিকাৰী সৃষ্টিৰে বহু আঁচনিৰ চমক