ধান খাবলৈ আহি বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু বন্যহস্তীৰ
বিশ্ব পৰিৱেশৰ দিনাই জোনাইত অঘটন, খাদ্যৰ সন্ধানত জনাঞ্চললৈ অহা এটা হাতীয়ে বিদ্যুৎস্পৃষ্ট হৈ আকোৱালি ল'লে মৃত্যুক ।

Published : June 5, 2026 at 5:54 PM IST
জোনাই: বিশ্ব পৰিৱেশ দিৱসৰ দিনাই জোনাইত অঘটন । পুৱতি নিশা সংঘটিত হয় এক শোকাৱহ ঘটনা । বিদ্যুৎস্পৃষ্ট হৈ এটা বন্যহস্তীৰ মৃত্যুৰ খবৰে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য । খাদ্যৰ সন্ধানত জনাঞ্চললৈ নামি অহা এটা বন্যহস্তীয়ে শুকুৰবাৰে পুৱতি নিশা কৰুণ মৃত্যুক আঁকোৱালি লয় ।
জানিব পৰা মতে পবা বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা প্ৰায় ৬০ বছৰীয়া এটা প্ৰকাণ্ড বনৰীয়া হাতীয়ে লুহিজানত পূৰ্বেশ্বৰ কছাৰীৰ ভঁৰালৰ ধান খাবলৈ লওতে গৃহস্থই লগাই ৰখা বিদ্যুতৰ তাঁৰত লাগি কৰুণ মৃত্যুক সাবটি লয় । গৃহস্থই জানিবলৈ দিয়া অনুসৰি শুকুৰবাৰে পুৱতি নিশা প্ৰায় ২ বজাত ভঁৰালৰ কাষত এটা শব্দ হয় ।
লগে লগে গৃহস্থই ওলাই দেখে এটা প্ৰকাণ্ড হাতী বিদ্যুতৰ তাঁৰত লাগি মৃত্যু আকোৱালি লয় । লগে লগে বন বিভাগক খবৰ দিয়ে স্থানীয় ৰাইজে । পবা বনাঞ্চলৰ নিকটৱৰ্তী অঞ্চলসমূহত প্ৰায়ে তাণ্ডৱ চলাই আহিছিল হাতীটোৱে । বিশেষকৈ খাদ্যৰ সন্ধানত আগমন ঘটে বন্যহস্তীৰ ।
সুৰক্ষাৰ বাবে ভঁৰালত বিদ্যুতৰ এটা বাল্বত সংযোগ কৰা হৈছিল বিদ্যুৎ পৰিবাহী তাঁৰ আৰু তাৰ পৰিণতিত এই কৰুণ ঘটনা সংঘটিত হয় ৷ ইতিমধ্যে ঘটনাস্থলীত বন বিভাগ, আৰক্ষী দল উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে আৰু পশু চিকিৎসকৰ দল উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ পিছতহে হাতীটো মৃত্যু প্ৰকৃত কাৰণ জানিব পৰা যাব বুলি উল্লেখ কৰে ।
এই সন্দৰ্ভত পূৰ্বেশ্বৰ কছাৰীয়ে কয়,"লাইটটো লগাই ৰাখিছিলোঁ মই, কৰ'বাৰ পৰা আহি ভঁৰাল ভাঙি ধান খালে । ধান খাওতেই লাইটটো ভাঙি কাৰেণ্টত লাগি গ'ল । যেতিয়া বাগৰি পৰিছে তেতিয়া মই উঠি আহি চাইছোঁ । আগতেও আহিছিল হাতীটো ।"

