'মিৰিজিম' তৈয়াৰ কৰি আজুৰিলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা: কি এই 'মিৰিজিম' ?
তাঁতশালত সপোন ৰচি, ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা আজুৰিলে এজন লোকে । তেওঁ বৈ উলিওৱা 'মিৰিজিম' কি ? পঢ়ক এই প্ৰতিবেদন ।

Published : November 28, 2025 at 4:19 PM IST
মাজুলী/নগাঁও: প্ৰতিটো জাতি-জনগোষ্ঠীৰে আছে নিজা নিজা কৃষ্টি-সংস্কৃতি তথা বিশেষ বস্ত্ৰ । ঠিক একেদৰে অসমৰ অন্যতম ভূমিপুত্ৰ মিচিংসকলৰো আছে সুকীয়া বস্ত্ৰ তথা সুকীয়া সংস্কৃতি । তেনে এক বস্ত্ৰৰ বাবেই এতিয়া ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছে মাজুলীৰ এগৰাকী শিপিনীয়ে ।
মিচিং সমাজৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ এই বস্ত্ৰভাগ হৈছে মিৰিজিম, যাৰ প্ৰকৃত নাম গাডু । মিৰিজিম বা গাডু বৈ উলিয়াই ৰাষ্ট্ৰীয় পুৰস্কাৰ অৰ্জন কৰিবলৈ সক্ষম হোৱা মাজুলীৰ শিপিনীগৰাকীৰ নাম হৈছে বাপুকন পায়েং । মাজুলীৰ ম'হখুটি গাঁৱৰ বাপুকন পায়েঙে তাঁতশালখনকে জীৱিকাৰ সম্বল হিচাপে লৈ স্বাৱলম্বী হোৱাৰ লগতে নিজৰ পৰিয়াল সুন্দৰকৈ পোহপাল দি আহিছে । পিছে বাপুকনক স্বীকৃতি দিয়া এই মিৰিজিমনো কি ?
মিৰিজিম কি:
এই সন্দৰ্ভত আমাৰ সংবাদদাতাই কথা পাতিছিল নগাঁও আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ সদানন্দ পায়েঙৰ সৈতে । ড৹ পায়েঙে প্ৰথমেই মিৰিজিম শব্দৰ বিষয়ে ক'লে এইদৰে,"মিৰিজিম যি শব্দ, এই শব্দটো মিচিং শব্দ নহয় । আমাৰ মিৰিজিম বুলি কোনো বস্তু নাই । এইটো বাহিৰৰ মানুহে দিয়া নাম । যেনেকে নৰা চিঙা বিহু বুলি কয় বা মিৰিজিম বুলি কয়, সেই শব্দবোৰ আমাৰ শব্দ নহয় ।"
মিৰিজিমৰ মিচিং নামটি কি, অধ্যক্ষগৰাকীয়ে ক'লে, "আচলতে আমাৰ মিচিং জনগোষ্ঠীৰ যিটো 'গাডু' বুলি কয়, এই 'গাডু'কে মিৰিজিম বুলি কৈছে । এই মিৰিজিম মিচিং জনগোষ্ঠীৰ বাবে এটা গুৰুত্বপূৰ্ণ বস্ত্ৰ । দৰাচলতে ইয়াক ঠাণ্ডা দিনত লয় । ঠিক কম্বলৰ নিচিনা বুলিও ক'ব নোৱাৰি, ইয়াৰ বয়ন শিল্পটো অলপ বেলেগ । গাডু বা মিৰিজিমৰ ইতিহাস ক'বলৈ হ'লে, মংগোলীয় জনগোষ্ঠীৰ বিশেষকৈ টানি জনগোষ্ঠীৰ লোকসকলে প্ৰত্যেকে গাডু বয় । এই গাডু মিচিং সমাজত আদিম কালৰ পৰাই প্ৰচলিত আৰু বিশেষকৈ ঠাণ্ডা নিবাৰণৰ বাবেই প্ৰস্তুত কৰা হয় ।"

কিদৰে এই মিৰিজিম বা গাডু তৈয়াৰ কৰা হয়, সেই সন্দৰ্ভত তেওঁ কয়,"মিচিংসকলে কপাহ খেতি কৰে । সেই কপাহৰ পৰাই গাডু তৈয়াৰ হয় । আজিকালি টোলোঠা, দ্ৰোপদী লৈ যেনেকে বয়, তেনেকুৱা নহয় । আমাৰ চুম্পা বা তেনেকুৱা বেলেগ আছিল । ইয়াক পুৰুষেও ব'ব পাৰে । গাডুৰ গুৰুত্বটো হ'ল ঠাণ্ডা নিবাৰণৰ উপৰিও পৰম্পৰাগত খুব মৰ্যাদাপূৰ্ণ কাপোৰ । বিশেষকৈ যদি ঘৰৰ ডাঙৰ ল'ৰাটোৰ বিয়া হয়, তেন্তে গাডু দিয়াটো মাকৰ কৰ্তব্য । এটা সময়ত মিচিংসকলৰ বাবে আধুনিক যি বস্ত্ৰ কম্বল, লেপ, তুলিৰ সলনি নিজেই তৈয়াৰ কৰি লৈছিল । বয়ন শিল্পত মিচিংসকল খুব পাকৈত । তেওঁলোকৰ ৰঙৰ চয়ন খুব ভাল ।"
আন আন ক্ষেত্ৰত আধুনিকতাই গ্ৰাস কৰাৰ দৰে গাডু আধুনিকতাৰ কৱলত পৰা সন্দৰ্ভত তেওঁ কয়,"আধুনিকতাৰ প্ৰভাৱ পৰিছে । প্ৰতিবছৰে বান হয়, তেতিয়া ঘৰ ডুবি যায়, তাত গাডু তিতি যায় । গাডু এনেকুৱা এক বস্ত্ৰ, এবাৰ তিতিলে তাক শুকুৱাবলৈ বহুত সময় লাগিব । ইয়াৰ ওজন বহুত ।"

ড৹ পায়েঙে বাপুকন পায়েঙলৈ শুভেচ্ছা জনাই কয়,"কিন্তু আধুনিকতাৰ যিমানেই চাপ নপৰক লাগিলে, জনগোষ্ঠীয় মানুহবোৰে সংৰক্ষণ কৰিব পাৰে বা চৰকাৰৰ যিবোৰ সংগ্ৰহালয় আছে, তেওঁলোকৰ তাতো এইবোৰ সংগ্ৰহ কৰি সুন্দৰকৈ ৰাখিব পাৰে । বহুতে এতিয়া গাডু তৈয়াৰ কৰি কাৰ্পেটৰ দৰে ব্যৱহাৰ কৰিবলৈ লৈছে । এইটো অত্যন্ত অশোভনীয় কথা এটা । গাডুক কাৰ্পেট কৰা মানে তাৰ মৰ্যাদা হানি কৰা হ'ল । নিশ্চয়কৈ ই স্বাভিমানৰ প্ৰতীক । বাপুকন পায়েঙলৈ শুভেচ্ছা জনাইছোঁ ।"
গাডু বা মিৰিজিম তৈয়াৰ বাপুকনে কৰি ৰাষ্ট্ৰীয় বঁটা আজুৰিলে কেনেকৈ:
তেওঁ আজিৰ তাৰিখত মিৰিজিম তৈয়াৰ কৰি আছে, এই মিৰিজিমৰ বাবে ৰাষ্ট্ৰীয় সন্মান পাবলৈ সক্ষম হৈছে বুলি কয় লোকজনে । বাপুকন পায়েঙে কয়,"প্ৰাচীন কালত এই কম্বলখনে মিচিং সম্প্ৰদায়ৰ যুৱতীৰ বিয়াত যৌতুক হিচাপে দিয়া হৈছিল । আজিৰ তাৰিখত এই মিৰিজিম নাইকিয়া হৈছে । দুজন মানুহে একেলগে ল'ব পৰা এখন মিৰিজিম তৈয়াৰ কৰোতে প্ৰায় 40,000 টকা খৰচ হোৱাৰ বিপৰীতে প্রায় এটা মাহৰ প্ৰয়োজন হয় ।"
কেনেকৈ বাপুকনে আৰম্ভ কৰিছিল বয়ন শিল্প:
মাজুলীৰ ম'হখুটি গাঁৱৰ বাপুকন পায়েঙে পঞ্চম শ্ৰেণীত অধ্যয়ন কৰি থকা অৱস্থাৰ পৰাই মাকে তাঁতশালত কাপোৰ বোৱা দেখি আগ্ৰহী হৈ তাঁত শালৰ লগত জড়িত হৈ বৰ্তমানেও সেই কাম কৰি আহিছে । আজিৰ তাৰিখত এইজন বাপুকন পায়েঙে মিচিং চোলা, এৰি চাদৰ, গামোচা, ৰিহা, মিচিং চাদৰ-মেখেলাৰ পৰা আদি কৰি তাঁতশালত ব'ব পৰা সকলো কাপোৰ বৈ উলিয়াব পাৰে । এই তাঁতৰ শালখনৰ ওপৰত নিৰ্ভৰ কৰিয়েই তেওঁ নিজৰ পৰিয়াল পোহপাল দি আহিছে ।
পৰিয়ালে কিদৰে সহায় কৰে তেওঁক:
তেওঁ লগতে জনাই যে তেওঁৰ এই কৰ্মত পৰিয়ালৰ যথেষ্ট সহযোগিতা আছে । কামৰ অত্যাধিক ব্যস্ততা থাকিলে তেওঁৰ সন্তানেও কামত সহযোগিতা আগবঢ়াই । প্ৰথম অৱস্থাত তেওঁ এই শিল্পৰ এটা উদ্যোগ আছিল, য'ত কেইবাগৰাকী যুৱতী নিয়োজিত হৈ আছিল । লগতে বৰ্তমানো তেওঁৰ ওচৰত অঞ্চলটোৰ বহু মহিলাই তাঁত শালত কাপোৰ বোৱা শিকিবলৈ আহে ।

নৱপ্ৰজন্মলৈ কি আহ্বান বাপুকনৰ:
বাপুকন পায়েঙে সংবাদ মাধ্যমৰ আগত জনোৱা মতে তেওঁ তাঁত শালত বৈ উলিওৱা কাপোৰ ডিব্ৰুগড়, লখিমপুৰ, গুৱাহাটীকে আদি কৰি অসমৰ বিভিন্ন প্ৰান্তৰ লগতে অৰুণাচল, নাগালেণ্ড পৰ্যন্ত অৰ্ডাৰ মতে বিক্ৰী কৰে । এইজন বাপুকন পায়েঙৰ উঠি অহা নৱ প্ৰজন্মৰ প্ৰতি আহ্বান, "এই শিল্পটো ধৰি ৰাখিবৰ বাবে আগবাঢ়ি আহক । কিয়নো আমি কৰিব নোৱাৰা অৱস্থা হ'লে এই শিল্পটো কোনোৱে নহয় কোনোৱে জীয়াই ৰাখিব পাৰে । মোৰ সৰু পুত্ৰকো এই শিল্পৰ প্ৰতি আগ্ৰহী কৰাইছোঁ যাতে শিল্পবিধ জীয়াই থাকে ।"
তেওঁৰ এই কর্ম দৰ্শন কৰিবলৈ তেওঁৰ গৃহলৈ বিভিন্নজনৰ আগমন ঘটে বুলিও কয় এই লোকজনে । অহা ৯ ডিচেম্বৰত ভাৰত চৰকাৰে তেওঁক এক ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰিব ।

