ETV Bharat / state

কেঁচা নাদ-লেতেৰা নৈৰ পানী খাই জীৱন নিৰ্বাহৰ সংগ্ৰাম : এখন গাঁৱে দেখুৱাইছে বিকশিত অসমৰ নমুনা

১৯ শতিকাৰ দৰে জীৱন নিৰ্বাহ জোনাইৰ গিনে ম'হমৰা গাঁৱৰ দুই শতাধিক পৰিয়ালৰ । জলজীৱন মিছন আঁচনি থাকিও বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত ৰাইজ ।

Jonai drinking water problem
কেঁচা নাদ-লেতেৰা নৈৰ পানী খাই জীৱন নিৰ্বাহৰ সংগ্ৰাম (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 21, 2026 at 11:47 AM IST

3 Min Read
Choose ETV Bharat

জোনাই : "আমাৰ গাঁৱত বহুত পানীৰ সমস্যা হৈছে । কুঁৱাবোৰত পানী শুকাই গৈছে, বৰষুণ নিদিয়াৰ কাৰণে নে কি নাজানো । আমাৰ গাঁৱত দমকল বহাব নোৱাৰে । এজনে গা ধুলে ঘৰৰ বাকী পৰিয়ালৰ গা নোধোৱাকৈ থাকিবলগা হয় । উপায় নাপাই নদীৰ ঘোলা পানীতে কাপোৰ-কানি ধুবলগা হৈছে । লেতেৰা পানী সেৱনৰ ফলত বিভিন্ন ৰোগে আক্ৰমণ কৰে ।" এয়া হৈছে এখন গাঁৱৰ গাঁওবাসীৰ মনৰ কথা ।

জোনাই সমষ্টিৰ অন্তৰ্গত গিনে ম'হমৰা গাঁৱৰ ৰাইজে দেশে স্বাধীনতা পোৱাৰ প্ৰায় ৭৯ বছৰ পিছতো হাহাকাৰ কৰিছে এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে ৷ চৰকাৰৰলৈ বিশুদ্ধ খোৱাপানী যোগানৰ ব্যৱস্থা কৰি দিবলৈ কাতৰ আহ্বান গিনে ম'হমৰা গাঁৱৰ ৰাইজৰ ।

কেঁচা নাদ-লেতেৰা নৈৰ পানী খাই জীৱন নিৰ্বাহৰ সংগ্ৰাম: এখন গাঁৱে দেখুৱাইছে বিকশিত অসমৰ নমুনা (ETV Bharat Assam)

গিনে ম'হমৰা গাঁওখন জোনাই সমজিলা সদৰৰ পৰা কোনো ভিতৰুৱা কিম্বা দুৰ্গম অঞ্চলত নহয়, জোনাই সদৰৰ পৰা মাত্ৰ প্ৰায় ১ কিলোমিটাৰ নিলগত অৱস্থিত । উল্লেখ্য যে জনস্বাস্থ্য কাৰিকৰী নামৰ এটা বিয়াগোম চৰকাৰী বিভাগ থকাৰ পিছতো গিনে ম'হমৰা গাঁৱত আজিকোপতি কোনোধৰণৰ বিশুদ্ধ খোৱাপানী যোগানৰ ব্যৱস্থা কৰি নিদিয়াত বছৰ বছৰ ধৰি ৰাইজে নিজেই কুঁৱা খান্দি ঘোলা-লেতেৰা পানীকে সেৱন কৰি দিন অতিবাহিত কৰি আহিছে ।

কিন্তু খৰালিৰ সময়ত নাদসমূহ শুকাই যোৱাত এতিয়া বোকা সংমিশ্ৰিত পানীকে খাবলগীয়া হোৱাত ৰাইজৰ মাজত এটুপি বিশুদ্ধ পানীৰ বাবে সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ ৷ তদুপৰি গা ধোৱা, কাপোৰ ধোৱা আৰু বাচন-বৰ্তন আদি ধুবলৈ নদীৰ লেতেৰা পানী ব্যৱহাৰ কৰিবলগীয়া হয় বুলিও জানিবলৈ দিয়ে স্থানীয় ৰাইজে ।

Jonai drinking water problem
কেঁচা নাদ-লেতেৰা নৈৰ পানী খাই জীৱন নিৰ্বাহৰ সংগ্ৰাম (ETV Bharat Assam)

স্থানীয় ৰাইজৰ জানিবলৈ দিয়া মতে, গিনে ম'হমৰা গাঁৱত স্থাপন কৰিব নোৱাৰে দমকল ৷ যদিও প্ৰায় ২০০ টাৰো অধিক পৰিয়ালে বসবাস কৰা গিনে ম'হমৰা গাঁৱৰ ৰাইজে বিভিন্ন সময়ত জনস্বাস্থ্য কাৰিকৰী বিভাগ তথা চৰকাৰৰ ওচৰত বিশুদ্ধ খোৱাপানী যোগানৰ বাবে আবেদন-নিবেদন কৰি আহিছে, কিন্তু আজিকোপতি চৰকাৰে কিম্বা জনস্বাস্থ্য কাৰিকৰী বিভাগে কোনোধৰণৰ বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ।

Jonai drinking water problem
কেঁচা নাদ-লেতেৰা নৈৰ পানী খাই জীৱন নিৰ্বাহৰ সংগ্ৰাম (ETV Bharat Assam)

সমান্তৰালকৈ জলজীৱন মিছন আঁচনিয়ো আজিলৈ লাভ কৰিবলৈ সক্ষম নোহোৱাত দুৰ্ভগীয়া গাঁওখনৰ ৰাইজে গা-ধোৱা, কাপোৰ ধোৱা আদিৰ কথাতো বাদেই, এতিয়া ককবকাই আছে এটুপি খোৱাপানীৰ বাবে ৷ আনহাতে, গাঁওখনৰ প্ৰায়বোৰ পৰিয়ালে নিজৰ নিজৰ ঘৰত কুঁৱা খান্দিছে যদিও প্ৰায়বোৰ কুঁৱা শুকাই যোৱাত কিছু পানী থকা পৰিয়ালৰ নাদৰ পৰা ১০-১২ ঘৰে ঘোলা পানীকে তুলি খাবলগীয়া হৈছে ।

Jonai drinking water problem
কেঁচা নাদ-লেতেৰা নৈৰ পানী খাই জীৱন নিৰ্বাহৰ সংগ্ৰাম (ETV Bharat Assam)

কিন্তু গাঁৱখনত ঘোলা পানী সেৱন কৰি বহু সময়ত বিভিন্ন ৰোগত আক্ৰান্ত হোৱা দেখা গৈছে ৷ সেয়ে বছৰ বছৰ ধৰি এটুপি বিশুদ্ধ খোৱাপানীৰ অভাৱত জীয়াতু ভুগি অহা গিনে ম'হমৰা গাঁৱৰ ৰাইজে অসম চৰকাৰ আৰু স্থানীয় বিধায়ক ভুৱন পেগুক জে জে এম অৰ্থাৎ জলজীৱন মিছন আঁচনি স্থাপন কৰি ৰাইজক বিশুদ্ধ খোৱাপানী যোগানৰ ব্যৱস্থা কৰি দিবলৈ কাতৰ আহ্বান জনাইছে ৷

লগতে পঢ়ক :এটাৰ পিছত আনটোকৈ কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ
লগতে পঢ়ক :কলিয়াবৰত ৫০কোটি টকাৰ উন্নয়নমূলক কামৰ ভূমি পূজন আৰু আধাৰশিলা স্থাপন