ETV Bharat / state

পেডেল মাৰি মাৰি বাঁহ-বেতৰ সামগ্ৰী কঢ়িয়াই লৈ ফুৰা এজন ব্যৱসায়ীৰ কথাৰে...

প্লাষ্টিকৰ ধামখুমীয়াত হেৰাই যোৱাৰ দিশে থলুৱা বাঁহ-বেতৰ সামগ্ৰী ৷ ২৪ বছৰে চাইকেলত 'ডলা-চালনী-চেপা' বেচা এজন লোকৰ মনৰ কথাৰে, দেবেন বৰুৱাৰ এক বিশেষ প্ৰতিবেদন...

bamboo and cane products
প্লাষ্টিকৰ ধামখুমীয়াত হেৰাই যোৱাৰ দিশে থলুৱা বাঁহ-বেতৰ সামগ্ৰী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 30, 2026 at 6:09 PM IST

3 Min Read
Choose ETV Bharat

সোণাপুৰ: ‘‘আমাৰ অসমীয়া বস্তু আজিকালি আমাৰ অসমীয়া মানুহেই নলয়, চাহিদা একেবাৰে কমি গৈছে... ৷" চকুৰ কোণত একাঁজলি হতাশা আৰু বুকুত ক্ষোভ লৈ এই মন্তব্য কৰে বিগত ২৪ বছৰে গাঁৱে-ভূঞে চাইকেলত বাঁহ-বেতৰ সামগ্ৰী বিক্ৰী কৰি অহা এজন থলুৱা ব্যৱসায়ীয়ে ।

আধুনিকতা আৰু সস্তিয়া প্লাষ্টিকৰ বজাৰে যেন উটুৱাই নিব বিচাৰিছে অসমীয়াৰ স্বাভিমানী বাঁহ-বেতৰ ঐতিহ্যক ! নলবাৰী অঞ্চলৰ পৰা সামগ্ৰীসমূহ সংগ্ৰহ কৰি বৰ্তমান গুৱাহাটীৰ সমীপৱৰ্তী ডিমৰীয়া অঞ্চলত বিক্ৰীৰ বাবে ঘূৰি ফুৰা এইগৰাকী ব্যক্তিয়ে নিজেও বাঁহ-বেতৰ সামগ্ৰী প্ৰস্তুত কৰে । তেওঁৰ পৰিয়াল আৰু সমগ্ৰ গাঁৱৰ লোকসকলো এই শিল্পৰ সৈতে জড়িত ।

২৪ বছৰে চাইকেলত 'ডলা-চালনী-চেপা' বেচা এজন লোকৰ মনৰ কথাৰে... (ETV Bharat Assam)

কিন্তু বৰ্তমান বজাৰত মাত্ৰ ১০-২০ টকাত উপলব্ধ হোৱা সস্তিয়া প্লাষ্টিকৰ সামগ্ৰীৰ আগ্ৰাসনে যেন মোক্ষম আঘাত হানিছে থলুৱা শিল্পত । বিক্ৰী হ্ৰাস পোৱাৰ বাবে এতিয়া অহৰহ পৰিশ্ৰম কৰিও উচিত মজুৰি পাবলৈ সক্ষম হোৱা নাই এইসকল কষ্টসহিষ্ণু লোকে ।

bamboo and cane products
আধুনিকতা আৰু সস্তিয়া প্লাষ্টিকৰ বজাৰে যেন উটুৱাই নিব বিচাৰিছে অসমীয়াৰ বাঁহ-বেতৰ ঐতিহ্যক (ETV Bharat Assam)
bamboo and cane products
বাঁহ-বেতৰ সামগ্ৰী (ETV Bharat Assam)
  • নতুন প্ৰজন্মই চিনি নাপায় 'চেপা-খালৈ'

প্ৰায় আঢ়ৈ দশক ধৰি এই বৃত্তিৰ সৈতে জড়িত ব্যৱসায়ীজনে গভীৰ উদ্বেগ প্ৰকাশ কৰি কয় যে আজিৰ প্ৰজন্মৰ বহু ল’ৰা-ছোৱালীয়ে অসমীয়াৰ পৰম্পৰাগত সঁজুলিবোৰ চিনিয়েই নাপায় । তেওঁ আক্ষেপেৰে আৰু কয়, ‘‘আজিকালিৰ ল’ৰা-ছোৱালীয়ে চেপা কি, খালৈ কি, এইবোৰেৰে কি কৰে, একো নাজানে । মই এনে বহু নতুন প্ৰজন্মৰ ল’ৰা-ছোৱালী লগ পাইছো ।"

bamboo and cane products
২৪ বছৰে চাইকেলত 'ডলা-চালনী-চেপা' বেচা এজন লোক (ETV Bharat Assam)

তেওঁৰ চাইকেলখনত ওলমি থাকে ডলা-চালনী, বৰ চালনী, চেপা, মূঢ়া, খৰাহি, জাপি, বিচনী আদি বহুতো খাটি অসমীয়া বাঁহ-বেতৰ সামগ্ৰী । সমগ্ৰ বিশ্বই যেতিয়া গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে প্লাষ্টিক বৰ্জনৰ কথা কয় , তেনে সময়তে অসমীয়া গ্ৰাহকে থলুৱা পৰিৱেশ অনুকূল সামগ্ৰী এৰি প্লাষ্টিকৰ পাছত দৌৰাটো এক ডাঙৰ ট্ৰেজেডী ৷

bamboo and cane products
বাঁহ-বেতৰ সামগ্ৰী (ETV Bharat Assam)
  • "অসমীয়া মানুহে ল'ব লাগিব অসমীয়া বস্তু"

থলুৱা ব্যৱসায়ীগৰাকীৰ সৰল আহ্বান, ‘‘অসমীয়া সংস্কৃতি আৰু কুটীৰ শিল্পক জীয়াই ৰাখিবলৈ হ’লে অসমীয়া মানুহেই প্ৰথম আগভাগ ল’ব লাগিব । কেৱল ১০ বা ২০ টকাৰ সস্তিয়া প্লাষ্টিকৰ সামগ্ৰীৰ মোহলৈ নোযোৱাকৈ, নিজৰ কৃষ্টি-উত্তৰাধিকাৰক বচাই ৰাখিবলৈ অসমীয়া মানুহে এইসমূহ থলুৱা সামগ্ৰী ক্ৰয় কৰাটো অতি প্ৰয়োজন ।’’

bamboo and cane products
প্লাষ্টিকৰ ধামখুমীয়াত হেৰাই যোৱাৰ দিশে থলুৱা বাঁহ-বেতৰ সামগ্ৰী (ETV Bharat Assam)
  • সময় থাকোতেই সাৰ পাবনে অসমীয়া

‘‘যদিহে এই থলুৱা শিল্পী আৰু ব্যৱসায়ীসকলক আমি এখন উচিত বজাৰ উলিয়াই দিব নোৱাৰো, তেন্তে অনাগত দিনত অসমীয়াৰ পৰিচয়বাহী এই বাঁহ-বেতৰ শিল্প কেৱল যাদুঘৰৰ বস্তুত পৰিণত হ’ব সেয়া যেন নিশ্চিত ৷’’

লগতে পঢ়ক : ডলফিন মানুহৰ বন্ধু; সজাগতা সৃষ্টিৰ লক্ষ্যৰে চম্পক শৰ্মাৰ হাতত প্ৰাণ পাইছে বিলুপ্তপ্ৰায় শিহুৱে

লগতে পঢ়ক : পানী মেটেকাই দেখুৱাইছে সপোন, স্বাৱলম্বিতাৰ বাটত অগ্ৰসৰ বোকাখাতৰ দুই বন্ধু