ETV Bharat / state

১৯৩০ ৰ পৰা বৰ্তমানলৈ মুঠ ৩৭৪ টা ভূমিকম্পই জোকাৰিলে ৰাজ্যক, সাজু থাকক আগন্তুক বিপদৰ বাবে !

১৯৩০ চনৰ পৰা এতিয়ালৈ, তিনি শতাধিক ভূমিকম্পই জোকাৰি গৈছে ৰাজ্য । ভৱিষ্যতে আহি আছে আন কেইবাটাও ভয়ংকৰ ভূমিকম্প । পঢ়ক এই বিশেষ প্ৰতিবেদন ।

A total of 374 earthquakes have occurred in Assam from 1930 to the present
তিনি শতাধিক ভূমিকম্পই জোকাৰি গৈছে ৰাজ্য (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 7, 2026 at 6:47 PM IST

8 Min Read
Choose ETV Bharat

তেজপুৰ: শতিকাৰ ধৰি অসমৰ ভূ-পৃষ্ঠ ভূমিকম্প প্ৰবণ অঞ্চল হিচাপে চিহ্নিত হৈ আহিছে । ইতিহাসৰ পৃষ্ঠাত, জনজীৱনৰ স্মৃতিত আৰু এতিয়া বৈজ্ঞানিকৰ তথ্য মতে অসম সদায় ভূমিকম্পৰ সৈতে সহবাস কৰি আহিছে । ১৯০০ চনৰ পৰা ২০২৩ চনৰ শেষলৈকে সংগৃহীত ভূমিকম্পৰ তথ্যৰ এক বিস্তৃত বিশ্লেষণে স্পষ্ট কৰি তুলিছে যে অসম আৰু ইয়াৰ চাৰিওফালৰ অঞ্চল দক্ষিণ এছিয়াৰ ভিতৰত আটাইতকৈ ভূমিকম্প-সংবেদনশীল এলেকাসমূহৰ ভিতৰত অন্যতম ।

এই ভূমিকম্পৰ সম্পূৰ্ণ তথ্য সংগ্ৰহ কৰিছে ভাৰতীয় ভূ-তাত্ত্বিক বিশ্লেষণ বিভাগৰ (GSI), এগৰাকী প্ৰাক্তন উপ-সঞ্চালক (DDG), প্ৰফেছৰ সুজিত দাসগুপ্তাই । তেওঁ জনায় যে আন্তর্জাতিক ভূমিকম্প কেন্দ্ৰ (International Seismological Centre – ISC) আৰু ভাৰতীয় তথা বিশ্বব্যাপী বিভিন্ন ভূ-কম্পন সংস্থাৰ তথ্যৰ আধাৰত প্ৰস্তুত কৰা এই তালিকাত দেখা গৈছে যে ২৫°–২৭° উত্তৰ অক্ষাংশ আৰু ৯০°–৯৪° পূব দ্ৰাঘিমাংশৰ ভিতৰত অৱস্থিত অসমৰ অঞ্চলত ১৯৩০ চনৰ পৰা এতিয়ালৈ ৪.০ বা তাতকৈ অধিক প্ৰাবল্যৰ মুঠ ৩৭৪ টা ভূমিকম্প সংঘটিত হৈছে ।

A total of 374 earthquakes have occurred in Assam from 1930 to the present
ভাৰতীয় ভূ-তাত্ত্বিক বিশ্লেষণ বিভাগৰ প্ৰাক্তন উপ-সঞ্চালক প্ৰফেছৰ সুজিত দাসগুপ্তাই (ETV Bharat Assam)

৭৭ বছৰীয়া প্ৰাক্তন বিষয়াগৰাকীয়ে ১৯০০ চনৰ যি তথ্য আন্তর্জাতিক ভূমিকম্প কেন্দ্ৰৰ পৰা বিচাৰিছিল তাৰ পৰিৱৰ্তে আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰই মাত্ৰ ১৯৩০ চনৰ পৰাহে এই তথ্য প্ৰদান কৰে ৷ কিয়নো সেই তথ্য উপলব্ধ নাই ।

প্ৰত্যেক দুই বছৰৰ মূৰত এই তথ্য উপলব্ধ হয় যদিও তেওঁলোকে সকলো সংগ্রহ কৰে অৰ্থাৎ ২০২৪ আৰু ২০২৫ ৰ তালিকা কিছুদিনৰ পাছত প্ৰকাশ পাব পাৰে বুলিও তেওঁ কয় । এই অঞ্চলৰ ভিতৰত তেজপুৰ, নগাঁও, মৰিগাঁও, কাৰ্বি আংলং আৰু অৰুণাচল প্ৰদেশৰ কিছুমান অংশ অন্তৰ্ভুক্ত যিবোৰ এলেকা ভূ-তাত্ত্বিক দৃষ্টিত অতি সংবেদনশীল ।

ভূ-সংঘৰ্ষত গঢ় লৈ উঠা অসম

ভূ-তাত্ত্বিকভাৱে অসম অৱস্থিত এক জটিল সংঘৰ্ষজনিত অঞ্চলত । উত্তৰ দিশলৈ আগবাঢ়ি অহা ভাৰতীয় টেকটনিক ফলক ইউৰেছীয় ফলকৰ সৈতে সংঘৰ্ষত লিপ্ত হৈ আছে । এই সংঘৰ্ষেই হিমালয় পৰ্বতমালাৰ সৃষ্টি কৰিছে আৰু উত্তৰ-পূৰ্বাঞ্চলত অবিৰত চাপ আৰু বিকৃতি ঘটাই আছে ।

ইয়াৰ লগতে কপিলী ফল্ট চ্যুতি, ডাউকী ফল্ট আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ তলত লুকাই থকা কেইবাটাও উপ-ফল্টে অঞ্চলটোক অধিক বিপদসংকুল কৰি তুলিছে । ভূমিকম্পৰ তথ্যই প্ৰমাণ কৰে যে এই ফল্টসমূহ আজিও সক্ৰিয় । ইতিহাস কঁপোৱা বৃহৎ ভূমিকম্পসমূহ তথ্যত উল্লেখ থকা বহু ভূমিকম্পৰ ভিতৰত কিছুমানে অসমক গভীৰভাৱে প্ৰভাৱিত কৰিছে ।

১৯৪৩ চনৰ ভূমিকম্প (Mw প্ৰায় ৭.১) আছিল অসমৰ ইতিহাসৰ অন্যতম শক্তিশালী ভূমিকম্প, যিয়ে উপৰ অসমত বিস্তৃত আতংক আৰু ক্ষতিৰ সৃষ্টি কৰিছিল । ১৯৩০, ১৯৩২, ১৯৫০, ১৯৫৫ আৰু ১৯৬০ চনত ৬.০ বা তাতকৈ অধিক প্ৰাবল্যৰ ভূমিকম্প সংঘটিত হৈছিল । ১৯৫০ চনৰ বৰভূমিকম্পই (Great Assam Earthquake) আজিও অঞ্চলটোৰ ভূ-চাপৰ বিন্যাসত প্ৰভাৱ পেলাই আছে । যদিও এনে বৃহৎ ভূমিকম্প সঘন নহয়, তথাপি মধ্যম প্ৰাবল্যৰ (৪.০–৫.৫) ভূমিকম্প প্ৰায় প্ৰতিবছৰে সংঘটিত হোৱা তথ্যই গভীৰ চিন্তাৰ সৃষ্টি কৰিছে ।

মধ্যম ভূমিকম্প

ই অতি নীৰৱ কিন্তু বিপদজনক ৷ এই তথ্য বিশ্লেষণৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ হৈছে মধ্যম প্ৰাবল্যৰ ভূমিকম্পৰ পুনৰাবৃত্তি হৈ থাকে । ভাৰতীয় ভূ-তাত্ত্বিক বিশ্লেষণৰ(GSI) অৱসৰপ্ৰাপ্ত উপ-সঞ্চালক (DDG), প্ৰফেছৰ সুজিত দাসগুপ্তাই এই তথ্য সংগ্ৰহ কৰি এই বিষয়ে চর্চা অব্যাহত ৰাখিছে ।

তেওঁ ইটিভি ভাৰতক কয়, ‘‘অসমত বাৰে বাৰে সংঘটিত হোৱা ৪-৫ প্ৰাবল্যৰ ভূমিকম্পসমূহে এইটো প্ৰমাণ কৰে যে মাটিৰ তলত অবিৰত চাপ জমা হৈ আছে । এইবোৰে চাপ সম্পূৰ্ণৰূপে মুক্ত নকৰে, বৰঞ্চ ডাঙৰ ভূমিকম্পৰ সম্ভাৱনা সদায় বজাই ৰাখে ।” তেওঁৰ মতে, এনে ভূমিকম্পসমূহক সাধাৰণ বুলি অৱহেলা কৰা অতি বিপদজনক ।

গভীৰতা: ক্ষতিৰ মূল কাৰণ

তথ্য অনুসৰি বহু ভূমিকম্প ১০–৩৫ কিলোমিটাৰ গভীৰতাত সংঘটিত হৈছে । এইধৰণৰ অগভীৰ ভূমিকম্পই ভূ-পৃষ্ঠত অধিক কম্পনৰ সৃষ্টি কৰে আৰু ক্ষয়-ক্ষতিৰ সম্ভাৱনা বৃদ্ধি কৰে । কিছুমান ভূমিকম্প ৪০–৬০ কিলোমিটাৰ গভীৰতো সংঘটিত হৈছে, যিয়ে ভূ-গভীৰ স্তৰত চলি থকা জটিল প্ৰক্ৰিয়াৰ ইংগিত দিয়ে ।

A total of 374 earthquakes have occurred in Assam from 1930 to the present
ভূমিকম্পৰ সাধাৰণ কাৰণ (ETV Bharat Assam GFX)

ইতিহাস কঁপোৱা ভূমিকম্পসমূহ

অসমৰ ভূমিকম্প ইতিহাসত কিছুমান বছৰ বিশেষভাৱে উল্লেখযোগ্য ৷ সেয়া হৈছে ১৯৪৩ চনৰ ভূমিকম্প (Mw≈৭.১), যাৰ ফলত উজনি অসমত বিস্তৰ ক্ষয়-ক্ষতি সাধন হয় । ১৯৫০ চনৰ বৰ ভূমিকম্প - উত্তৰ-পূৰ্বাঞ্চলৰ ভূ-প্ৰকৃতি ও ভূগোল সলনি কৰা এক উল্লেখযোগ্য ঘটনা ।

১৯৩০, ১৯৫৫, ১৯৬০ চনত সংঘটিত একাধিক শক্তিশালী ভূমিকম্প আছিল যদিও এই ধৰণৰ ডাঙৰ ভূমিকম্প সঘনাই নহয় ৷ তথাপি তথ্যই দেখুৱাইছে যে ৪.০–৫.৫ প্ৰাবল্যৰ ভূমিকম্প প্ৰায় প্ৰতি বছৰে সংঘটিত হৈছে ।

অসমক কঁপাই তোলা দুটা বৃহৎ ভূমিকম্প

এই বিস্তৃত তথ্য তালিকাত দুটা ভূমিকম্পই বিশেষভাৱে গুৰুত্ব লাভ কৰিছে ৷ প্ৰফেছৰ দাসগুপ্তাই সংগ্ৰহ কৰা তথ্যৰ আধাৰত দেখা পোৱা যায় যে, ১৯৩০ চনৰ ২ জুলাইৰ ধুবুৰী-পশ্চিম অসম ভূমিকম্প (Ms ৭.২ Mw প্ৰায় ৭.১) অসমৰ ইতিহাসৰ অন্যতম বিধ্বংসী ভূমিকম্প আছিল ।

অতি কম গভীৰতাত সংঘটিত এই ভূমিকম্পত মাটিত দীঘলীয়া ফাঁটৰ সৃষ্টি হৈছিল, বহু ঠাইত মাটি তললৈ নামি যায় আৰু নদীৰ পথ পৰিবৰ্তন হোৱাৰ ঘটনাও নথিভুক্ত হয় । পশ্চিম অসম আৰু তেতিয়াৰ অবিভক্ত গাৰো পাহাৰত বিস্তৃত ক্ষয়-ক্ষতি সংঘটিত হৈছিল ।

A total of 374 earthquakes have occurred in Assam from 1930 to the present
বৰ্তমানলৈ কিমানটা ভূমিকম্পই জোকাৰিলে ৰাজ্য (ETV Bharat Assam GFX)

দ্বিতীয় বৃহৎ ভূমিকম্পটো ১৯৪৩ চনৰ ২৩ জানুৱাৰীৰ মধ্য অসম ভূমিকম্প(Ms 7.2) । এই ভূমিকম্পৰ প্ৰভাৱ ওপৰ অসমত বিস্তৃতভাৱে অনুভূত হৈছিল । বিশেষজ্ঞসকলৰ মতে, এই ভূমিকম্পই কপিলী ফল্ট আৰু সংলগ্ন আভ্যন্তৰীণ ফল্ট ব্যৱস্থাৰ সক্ৰিয়তা স্পষ্ট কৰি তোলে ।

আনহাতে, সৰ্বাধিক নহয়, কিন্তু আটাইতকৈ বিপদজনক আৰু উল্লেখযোগ্য যে, ১৯৫০ চনৰ অসম–তিব্বত ভূমিকম্প (Mw 8.6) এই তালিকাত অন্তৰ্ভুক্ত নহয় ৷ কিয়নো তাৰ উপ-কেন্দ্ৰ এই নিৰ্ধাৰিত অক্ষাংশ–দ্ৰাঘিমাংশৰ বাহিৰত আছিল । তথাপিও, এই তথ্যই স্পষ্ট কৰে যে ১৯৫০ চনৰ বৰ ভূমিকম্পৰ বাহিৰেও অসমৰ অভ্যন্তৰীণ অংশত স্বতন্ত্ৰভাৱে প্রাবল্য ৭ ৰ ভূমিকম্প সংঘটিত হোৱাৰ সক্ষমতা আছে ।

১৯৬০-১৯৮০ ৰ দশকলৈকে অসমত ৪.৫-৫.৮ প্রাবল্য পৰ্যন্ত ভূমিকম্পৰ সঘনাই পুনৰাবৃত্তি দেখা যায় । ভূ-বিজ্ঞানীসকলৰ মতে, এইবোৰ কপিলী ফল্ট জ’ন, ডাউকী ফল্টৰ প্ৰসাৰণ আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ তলত থকা গুপ্ত ফল্টসমূহৰ সক্ৰিয়তাৰ ফল ।

আজিৰ সময়ত কিয় ই গুৰুত্বপূৰ্ণ

দীর্ঘদিন ধৰি বৃহৎ ভূমিকম্প নঘটা মানেই নিৰাপত্তা নহয় । বৰঞ্চ ই ভূ-গৰ্ভত শক্তিশালী চাপ সঞ্চিত হৈ থকাৰ ইংগিত হ’ব পাৰে । দ্ৰুত নগৰায়ন, বৃহৎ পথ–বান্ধ–ভৱন নিৰ্মাণ আৰু জনসংখ্যা বৃদ্ধিৰ ফলত, ১৯৪৩ চনৰ পিছত অসমৰ ভূমিকম্পজনিত কাৰণ বহু গুণে বৃদ্ধি পাইছে । এই ইতিহাসে স্পষ্টকৈ কয়, অসমত বৃহৎ ভূমিকম্প দুষ্প্ৰাপ্য, কিন্তু অনিবাৰ্য ।

উন্নয়ন বনাম ভূমিকম্পৰ বাস্তৱতা

বৰ্তমান অসমত নগৰায়ণ দ্ৰুতগতিত আগবাঢ়িছে । সুউচ্চ অট্টালিকা, উৰণসেতু, দলং, বাণিজ্যিক কমপ্লেক্স নিৰ্মাণ হৈছে । কিন্তু বহুক্ষেত্ৰত ভূমিকম্প প্ৰতিৰোধী নিৰ্মাণ বিধি কঠোৰভাৱে পালন কৰা হৈছেনে, সেয়া এক গুৰুত্বপূৰ্ণ বিষয় ।

প্ৰফেছৰ দাসগুপ্তাৰ মতে, "অসম চিছমিক জ’ন–৫ ত অৱস্থিত । এই বাস্তৱতাক উপেক্ষা কৰি যিকোনো উন্নয়ন প্ৰকল্প আৰম্ভ কৰাটো ভৱিষ্যতৰ বাবে বিপদ ঘনীভূত কৰি তোলাৰ সমান ।"

সংখ্যাত লিখা সতর্কবাণীসমূহ

এশ বছৰৰ ভূমিকম্প তথ্য কেৱল অতীতৰ বিৱৰণ নহয়, ই এক স্পষ্ট সতর্ক সংকেত । ভূমিকম্প কেতিয়া হ’ব সেয়া বিজ্ঞানেও সঠিককৈ ক’ব নোৱাৰে ৷ কিন্তু এইটো নিশ্চিত যে ভূমিকম্প হ’বই । সেয়ে প্ৰয়োজন ভূমিকম্প প্ৰতিৰোধী নিৰ্মাণ বিধি কঠোৰভাৱে প্ৰয়োগ, জনসচেতনতা বৃদ্ধি আৰু বৈজ্ঞানিক সকলে গৱেষণা আৰু ভৱিষ্যতৰ নিৰন্তৰ নিৰীক্ষণ দিশে কাম কৰি আহিছে ।

অসমৰ উন্নয়নৰ পথত আগবঢ়াৰ সময়ত, মাটিৰ তলৰ এই নীৰৱ বিপদক আওকাণ কৰিব নোৱাৰি । ১৯৩০ চনৰ পৰা ২০২৩ চনলৈ বিস্তৃত ভূমিকম্পৰ তথ্যই এটা কথাই স্পষ্ট কৰে অসমৰ ভূমি সদায় কঁপিছিল, আজিও কঁপিছে আৰু ভৱিষ্যততো কঁপিব । এতিয়া প্ৰশ্নটো হৈছে, আমি কিমান প্ৰস্তুত ?

লগতে পঢ়ক: এশ বছৰজুৰি চলোৱা খননৰ ফলত ভূগৰ্ভত সৃষ্টি হোৱা বৃহৎ গাঁতে বিপদ মাতিব: ক'লে বিশিষ্ট ভূতত্ত্ববিদে

8.0 ৰ ওপৰৰ প্ৰাবল্যৰ মেগাকম্পই জোকাৰিব জাপানক; প্ৰাণ কাঢ়িব লক্ষ লক্ষ লোকৰ