এজন শিক্ষকে শিক্ষাদান কৰিছে ৭৪ গৰাকী শিক্ষাৰ্থীক
শিক্ষক এজন, ছাত্ৰ-ছাত্ৰী ৭৪ গৰাকী । চৰকাৰী বিদ্যালয়ৰ শিক্ষাগত মান কেনেকৈ নিৰ্ণয় কৰিব ?

Published : February 21, 2026 at 12:38 PM IST
সৰুপথাৰ: ৰাজ্যৰ শিক্ষাখণ্ডত আমুল পৰিৱৰ্তন আনিবলৈ চৰকাৰে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে যদিও এতিয়াও কিছু কিছু বিদ্যালয়ৰ অৱস্থা দেখিলে চকু কপালত উঠিব আপোনাৰো । তেনে এখন বিদ্যালয়ৰ বিষয়ে এই প্ৰতিবেদন । যিখন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৭৪ গৰাকী, কিন্তু তেওঁলোকক শিক্ষাদান কৰিবলৈ শিক্ষক মাত্ৰ এজন ।
সৰুপথাৰ সমজিলাৰ দক্ষিণ গোলাঘাট শিক্ষা উন্নয়ন খণ্ডৰ অন্তর্গত নাওজান ২ নং কৈৰী গাঁৱৰ শ্ৰীশ্ৰী শংকৰদেৱ প্ৰাথমিক বিদ্যালয়ত ৭৪ জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে এজনেই শিক্ষক । ছাত্ৰ-ছাত্ৰীক পাঠদানৰ উপৰিও বিদ্যালয়খনৰ কাৰ্যালয়ৰ কাম-কাজো কৰিবলগীয়া হয় এজন শিক্ষকেই । সৰুপথাৰত শিক্ষাখণ্ডৰ পয়ালগা অৱস্থা ।
শিক্ষক নিযুক্তিৰ বাবে বহু আৱেদন-নিৱেদনৰ পিছতো বিভাগীয় কৰ্তৃপক্ষই গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ । যাৰ ফলত এগৰাকী শিক্ষকেই পাঠদান কৰিবলগীয়া হৈছে ৭৪ গৰাকীকৈ ছাত্ৰ-ছাত্ৰীক । দক্ষিণ গোলাঘাট শিক্ষা উন্নয়ন খণ্ডৰ অন্তর্গত নাওজান ২ নং কৈৰী গাঁৱৰ শ্ৰীশ্ৰী শংকৰদেৱ প্ৰাথমিক বিদ্যালয়ত এজনীয়া শিক্ষকৰ দ্বাৰাই পৰিচালিত হৈছে বিদ্যালয়খন ।

একেটা কোঠাতে চাৰি-পাঁচটাকৈ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে আওৰাইছে গণিত, কবিতা আৰু অন্যান্য পাঠ । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগুলৈ অনুৰোধ বিদ্যালয়খন ধ্বংস হোৱাৰ আগতেই শিক্ষক নিযুক্তি দিয়ক ।
বিদ্যালয়খনৰ শিক্ষকজনে কয়,"বিদ্যালয়খন যিহেতু তিনিটা ভাগত ভাগ হৈ আছে, এইটো মূল সমস্যা । এটা শ্ৰেণীত পাঠদান কৰিলে আনটো শ্ৰেণীৰ ক্ষতি হয় । কাৰ্যালয়ৰ কাম-কাজসমূহ বিদ্যালয় ছুটীৰ পিছত কৰিবলগীয়া হয় । বিভাগক বিষয়টো জনাই থোৱা আছে । তেওঁলোকে নিযুক্তি দিম বুলি কৈছে । বিদ্যালয়খনত ৭৪ জন ছাত্ৰ-ছাত্ৰী আছে ।"
বিদ্যালয় পৰিচালনা সমিতিৰ সভানেত্ৰীয়ে কয়,"শ্ৰী শ্ৰী শংকৰদেৱ প্ৰাথমিক বিদ্যালয়ত এজন শিক্ষকে পাঠদান কৰাত যথেষ্ট অসুবিধা হয় । ওচৰৰে বাইদেউ এগৰাকীয়ে সহযোগিতা আগবঢ়াইছে বিদ্যালয়খনত । এজন শিক্ষকে পাঠদান কৰাত ছাত্ৰ-ছাত্ৰীসকলে সম্পূৰ্ণ শিক্ষা লাভ কৰিব নোৱাৰিব । বিদ্যালয়খনত শিক্ষক নিযুক্তি দিলে আমি নথৈ আনন্দিত হ'ম । এটা শ্ৰেণীত পাঠদান কৰিলে আনটো শ্ৰেণীত চিঞৰ-বাখৰ হয় । গোটেইকেইটা শ্ৰেণীতেই একেলগে পাঠদান কৰোৱাত ছাৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হয় । সময়ো নষ্ট হয় ।"

উল্লেখযোগ্য যে প্ৰতি বছৰেই চৰকাৰী বিদ্যালয়ৰ শিক্ষাগত মানদণ্ড নিৰূপণৰ বাবে চৰকাৰে গুণোৎসৱৰ যোগেদি বিদ্যালয়ৰ শিক্ষাগত মান নিৰূপণ কৰি আহিছে । তাৰ মাজতো এনেধৰণৰ বিদ্যালয়ত এজন শিক্ষকে পাঠদান কৰাত ছাত্ৰ-ছাত্ৰীসকলে কি শিক্ষা লাভ কৰিব । কিমান উন্নত মানৰ শিক্ষা লাভ কৰিব এইসকল ছাত্ৰ-ছাত্ৰীয়ে ।

