জাতিংগা দলঙৰ ওচৰত ফৰ্মেলিন ভৰ্তি টেংকাৰ দুৰ্ঘটনাগ্ৰস্ত, দুদিনলৈ নৈৰ পানী ব্যৱহাৰ নকৰিবলৈ আহ্বান
নামৰূপৰ পৰা ত্ৰিপুৰা অভিমুখে গৈ থকা এখন ফৰ্মেলিন ভৰ্তি টেংকাৰ পথৰ ওপৰতে বাগৰি পৰি দুৰ্ঘটনাটো সংঘটিত হৈছে ৷ ঘটনাটোত টেংকাৰখনৰ চালকে প্ৰাণ হেৰুৱায় ৷

Published : July 2, 2026 at 10:50 PM IST
হাফলং: ৰাজ্যত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা ৷ হাফলং-শিলচৰ সংযোগী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বৃহস্পতিবাৰে আবেলি প্ৰায় ৪ বজাত এই পথ দুৰ্ঘটনাটো সংঘটিত হয় ৷ দুৰ্ঘটনাটোত এজন লোকে প্ৰাণ হেৰুৱায় ৷
প্ৰাপ্ত তথ্য অনুসৰি, ডিমা হাছাও জিলাৰ মাজেৰে বৈ যোৱা জাতিংগা নৈৰ ওপৰৰ দলঙত এই দুৰ্ঘটনা সংঘটিত হৈছে ৷ জাতিংগা দলঙৰ নিচেই সমীপত ৰাষ্ট্ৰীয় ঘাইপথটোৰে নামৰূপৰ পৰা ত্ৰিপুৰা অভিমুখে গৈ থকা এখন ফৰ্মেলিন ভৰ্তি টেংকাৰ পথৰ ওপৰতে বাগৰি পৰি দুৰ্ঘটনাটো সংঘটিত হৈছে ৷ দুৰ্ঘটনাত পতিত হোৱা টেংকাৰখনৰ নম্বৰ হৈছে - এনএল ০১ এই ৩৮৮৬ ৷

এই খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত স্থানীয় আৰক্ষী উপস্থিত হয় ৷ আৰক্ষীয়ে টেংকাৰখনৰ চালক চিৰাং জিলাৰ দলগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বৰতলাৰ বাসিন্দা চাইফুল হক(৩৬) ক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত হাফলং অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসালয়ত তেওঁৰ মৃত্যু ঘটে ।
সবাতোকৈ চিন্তিত বিষয় এয়ে যে এই দুৰ্ঘটনাৰ ফলত টেংকাৰখনৰ দুটা চেম্বাৰৰ পৰা ফৰ্মেলিন ওলাই কাষৰ এটা জলধাৰাত মিহলি হৈ পৰে ৷ এই জলধাৰা বৈ গৈ জাতিংগা নদীত পৰাৰ বাবেই ফৰ্মেলিনখিনি নৈৰ পানীত মিহলি হোৱাৰ আশংকা কৰা হৈছে ৷

জনস্বাস্থ্যৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে বিষয়টোক গুৰুত্ব সহকাৰে লৈ এক নিৰ্দেশনা জাৰি কৰিছে ৷ সেই নিৰ্দেশনা অনুসৰি পৰৱৰ্তী দুদিনলৈকে জাতিংগাৰ পৰা আৰম্ভ কৰি হাৰাংগাজাওলৈকে বাস কৰা লোকসকলে নৈৰ পানী ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব লাগিব ৷ অকল জনসাধাৰণেই নহয়, গৰু-ছাগলী আৰু অন্যান্য জীৱ-জন্তুক খুৱাবলৈ নদীৰ পানী ব্যৱহাৰ নকৰিবলৈ প্ৰশাসনে অনুৰোধ জনাইছে । পৰিৱেশৰ সুৰক্ষাৰ স্বাৰ্থতে জিলা প্ৰশাসনৰ ফালৰ পৰা এই সতৰ্কতামূলক নিৰ্দেশনা জাৰি কৰা হৈছে ৷
আনহাতে, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাই এই অঞ্চলসমূহত বাস কৰা প্ৰতিগৰাকী লোকে যাতে প্ৰশাসনৰ এই নিৰ্দেশনা লাভ কৰে, তাৰ প্ৰতি সচেতন হ’বলৈ সকলোকে আহ্বান জনাইছে ৷
লগতে পঢ়ক: দ্বিতীয় ৰাজধানী চহৰত প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান

