ETV Bharat / state

বান্দৰেও ভয় খোৱা জালখন... ৰবিখেতিত কপিকূলৰ উপদ্ৰৱ বন্ধ হ'ল

শিৱসাগৰৰ দিখৌমুখত ৰবিশস্যৰ খেতিয়ে এতিয়া হাঁহি বিৰিঙাইছে কৃষকৰ মুখত ৷

preventing monkey attacks in rabi crop
ৰবিখেতিত বান্দৰৰ উপদ্ৰৱ ৰোধৰ সফল পৰীক্ষণ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 1, 2026 at 2:59 PM IST

7 Min Read
Choose ETV Bharat

আমগুৰি : সাম্প্ৰতিক সময়ত বন্যহস্তীৰ পিছতে বান্দৰ(কপিকূল)ৰ উপদ্ৰৱ কৃষকৰ বাবে এক প্ৰধান সমস্যা হৈ উঠিছে । বান্দৰৰ উপদ্ৰৱৰ কাৰণে কৃষকে ৰবিশস্যৰ খেতি কৰাত অপাৰগ হোৱাও দেখা গৈছে । শিৱসাগৰ জিলাৰ লগতে বহুকেইখন জিলাত বান্দৰৰ উপদ্ৰৱৰ কাৰণেই প্ৰায় কৃষকে ৰবিশস্যৰ খেতি কৰিবলৈ এৰি দিছে ।

বান্দৰৰ উপদ্ৰৱ সন্দৰ্ভত প্ৰতিকাৰৰ উপায় বিচাৰি অসম বিধানসভাতো চৰ্চ চলিছিল । বিশেষকৈ আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই বান্দৰৰ বংশবৃদ্ধি আৰু ইয়াৰ পৰিত্ৰাণ আৰু কৃষকক কৰা অপকাৰ সন্দৰ্ভত বিধানসভাত আলোচনা কৰিছিল ।

শিৱসাগৰৰ দিখৌমুখত ৰবিশস্যৰ খেতিয়ে এতিয়া হাঁহি বিৰিঙাইছে কৃষকৰ মুখত (ETV Bharat Assam)

বান্দৰৰ এই সমস্যাৰ কাৰণে কৃষকসকল আৰ্থিকভাৱে জুৰুলা হৈ উঠিছে । কৃষকৰ এনে সমস্যা দূৰ কৰিবৰ কাৰণে বিভিন্ন সময়ত প্ৰকৃতিবিদসকলে চিন্তা-চৰ্চা কৰি আহিছে যদিও সফল হোৱা নাছিল । বিশেষকৈ চ'লাৰ ফেন্সিঙৰ যোগেদি ৰবিশস্যৰ কৃষি সুৰক্ষাৰ ব্যৱস্থা কৰিছে যদিও অত্যধিক ব্যয়বহুল হোৱাত প্ৰায়সংখ্যক কৃষকেই এই ব্যৱস্থাৰ পৰা আঁতৰি থাকে ।

সমস্যা সমাধানৰ উপায় :

কৃষকৰ এই সমস্যা আঁতৰ কৰিবলৈ অৱশেষত অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ মাণ্ডলিক গৱেষণা কেন্দ্র, উত্তৰ লখিমপুৰৰ মুখ্য বিজ্ঞানী ডঃ প্ৰবাল শইকীয়াই দিখৌমুখৰ প্ৰকৃতিপ্ৰেমী হীৰেণ দত্তৰ সহযোগত এক পৰীক্ষামূলকভাৱে বান্দৰৰ উপদ্ৰৱ ৰোধৰ ব্যৱস্থা কৰে । যোৱা প্ৰায় তিনিমাহ ধৰি চলা এই পৰীক্ষামূলক ব্যৱস্থা সফল হৈ উঠাত বান্দৰৰ উপদ্ৰৱ ৰোধৰ এক কম খৰচী ব্যৱস্থাই কৃষকক সকাহ প্ৰদান কৰিছে ।

জ্যেষ্ঠ কৃষি বিজ্ঞানী ডঃ প্রবাল শহকীয়াই শিৱসাগৰ দিখৌমুখত বান্দৰৰৰ উপদ্রৱ ৰোধৰ বাবে ১০ জন কৃষকৰ দ্বাৰা এক পৰীক্ষামূলক প্রচেষ্টা হাতত লৈছিল । এই পৰীক্ষামূলক প্রকল্পৰ বাবে ডঃ শইকীয়াই ১০ গৰাকী কৃষকক শস্যৰ বীজ আৰু বান্দৰৰ পৰা শস্য ৰক্ষাৰ বাবে বেৰা দিবলৈ কম খৰচী এবিধ বিশেষ প্লাষ্টিকৰ জাল (net) যোগান ধৰিছিল ।

অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ মাণ্ডলিক গৱেষণা কেন্দ্র, উত্তৰ লখিমপুৰ ‘‘ICAR-ANIP ON VERTERBRATE PEST MANAGEMENT’’ৰ অধীনত কৰা এই পৰীক্ষমূলক প্রচেষ্টা যোৱা তিনি মাহত সফল হৈ উঠিছে ।

preventing monkey attacks in rabi crop
ৰবিখেতিত বান্দৰৰ উপদ্ৰৱ ৰোধৰ সফল পৰীক্ষণ (ETV Bharat Assam)
  • দিখৌমুখত সফল পৰীক্ষণ :

শিৱসাগৰৰ দিখৌমুখ ন-কটানি কালুগাৱৰ দহগৰাকী কৃষকৰ ক্ষেত্ৰত পৰীক্ষা চলোৱা হয় । কৃষকসকল হ'ল- বাবুল বড়া, সুনীল নেওগ, পৰমা নেওগ, নিতুল শইকীয়া, ৰিন্তু হাজৰিকা, অতুল শইকীয়া, অৰুণ শইকীয়া, দিগন্ত দত্ত, চম্পক শইকীয়া, উজ্জ্বল শইকীয়া, শৰৎ মহন্ত, দেবব্রত নেওগ আৰু ৰমেশ দত্ত ৷

এইকেইজন কৃষকে এই পদ্ধতিৰে কৃষি কৰি বান্দৰৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ পোৱাৰ লগতে ৰবিশস্যৰ খেতিত বান্দৰে উপদ্ৰৱ চলাব নোৱৰা হ'ল । ফলত পূৰ্বৰ দৰে নিৰ্ভয়ে কৃষকসকলে কৃষিকৰ্ম কৰিব পৰা হ'ল ।

উল্লেখ্য যে, বান্দৰৰ উপদ্ৰৱৰ কাৰণেই দিখৌমুখৰ বহু কৃষকে ৰবিশস্যৰ কৃষিকৰ্ম কৰিবলৈ এৰি দিছিল । অঞ্চলটোৰ শ শ বিঘা কৃষিভূমি চন পৰি ৰোৱাত কৃষকসকল হতাশাত ভাগি পৰিছিল । দুই-এজন কৃষকে বান্দৰৰ উপদ্ৰৱৰ পৰা ৰক্ষা পৰিবলৈ চ'লাৰ তাঁৰৰ বেৰাৰ ব্যৱস্থা কৰিছিল যদিও অত্যধিক খৰচৰ বাবে সৰহসংখ্যক কৃষকে কৃষিকৰ্ম এৰি দিয়ে ।

কৃষকৰ এনে গুৰুতৰ সমস্যা সমাধান কৰিবলৈ বিশেষভাৱে অঞ্চলটোৰ পৰিৱেশকৰ্মী তথা প্ৰকৃতিবিদ হীৰেন দত্তই অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছিল । এইসকল কৃষকে দিখৌমুখত পুনৰ কেনেদৰে আলু, কবি, বেঙেনা, বিলাহী, ফ্রেন্সবিন, ৰঙালাও, লাই, পালেং, ধনীয়া গাজৰ আদি খেতি কৰি গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰিব পাৰি তাৰ প্ৰচেষ্টা অব্যাহত ৰাখে ।

অৱশেষত প্ৰকৃতিবিদ হীৰেন দত্তই জ্যেষ্ঠ বিজ্ঞানী ডঃ প্রবাল শইকীয়াই যোগান ধৰা প্লাষ্টিক বেৰ (net) অর্থাৎ জাল ব্যৱহাৰ কৰি কৃষি পথাৰত বান্দৰৰ উপদ্রৱ বা প্রৱেশ ৰোধ কৰাৰ ব্যৱস্থা কৰে ।

preventing monkey attacks in rabi crop
ৰবিশস্যৰ খেতিয়ে হাঁহি বিৰিঙাইছে কৃষকৰ মুখত (ETV Bharat Assam)
  • কেনেদৰে স্থাপিত কৰে প্লাষ্টিকৰ জাল :

কৃষকসকলে ৰবিখেতি কৰা পথাৰৰ চাৰিওদিশে ৬ ফুটৰ পৰা ১০ ফুট পৰ্যন্ত ওখ খুটাত বান্দৰ বগাব অথবা জপিয়াব নোৱৰাকৈ কম খৰচী প্লাষ্টিকৰ জালৰ বেৰ দিয়াৰ ব্যৱস্থা কৰে । জালত বান্দৰ বগাব অথবা জপিয়াব নোৱাৰে । এনে ব্যৱস্থা কৰাত বান্দৰে ভয় কৰি জালৰ ভিতৰত প্ৰৱেশ নকৰে । ফলত কৃষকে কৰা ৰবিশস্যৰ খেতি বান্দৰে খাই নষ্ট কৰিব নোৱাৰে ।

অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ মাণ্ডলিক গৱেষণা কেন্দ্র, উত্তৰ লখিমপুৰৰ মুখ্য বিজ্ঞানী ডঃ প্রবাল শইকীয়াৰ এই পৰীক্ষামূলক প্ৰচেষ্টা দিখৌমুখ অঞ্চলত সফল ৰূপায়ণ হোৱাত কৃষকৰ মুখলৈ হাঁহি বিৰিঙি আহিছে । কৃষকৰ এই সমস্যা সমাধান কৰাত তেওঁৰ লগতে প্ৰকৃতিবিদ হীৰেণ দত্তক স্থানীয় ভুক্তভোগী কৃষকসকলে শলাগ লৈছে ।

শিৱসাগৰৰ কৃষকৰ দ্বাৰা এই প্রচেষ্ঠা সফল হোৱাৰ পাছতে কৃষকসকলে এতিয়া চৰকাৰলৈ বাট চাইছে । কৃষি বিভাগে উন্নত মানৰ বীজ আৰু জালৰ (net) যোগান ধৰিলে বহু আর্থিকভাৱে পিছপৰা কৃষক লাভৱান হোৱাৰ লগতে বান্দৰৰ উপদ্ৰৱৰ পৰা কৃষিভূমি ৰক্ষা পৰিব । অসমৰ যি যি স্থানত বান্দৰৰ উপদ্ৰৱৰ কাৰণে কৃষকে কৃষিকৰ্ম এৰি দিছে তেনে স্থানত প্লাষ্টিক জাল ব্যৱহাৰ কৰিলে কৃষকসকলে সুফল পাব পাৰে ।

preventing monkey attacks in rabi crop
কৃষকে কৰিছে ৰবিশস্যৰ খেতি (ETV Bharat Assam)

এইক্ষেত্ৰত ৰাজ্যৰ কৃষি বিভাগে দিখৌমুখৰ বান্দৰৰ উপদ্ৰৱ পৰিত্ৰাণৰ বিশেষ আৰ্হি সফল ৰূপায়ণ আৰু কৃষকক সহায়তাৰ বাবে আগবাঢ়ি আহিলে সুফল লাভ কৰিব পাৰে ।

এই সন্দৰ্ভত প্ৰকৃতিপ্ৰেমী হীৰেণ দত্তই কয়, ‘‘বান্দৰৰ উপদ্ৰৱ ৰোধ কৰিবলৈ বিভিন্ন সময়ত চিন্তা-চৰ্চা কৰি অহা হৈছিল । স্থানীয় কৃষকসকলৰ সমস্যা সমাধান কৰিবৰ বাবে বহু লোকৰ লগত আলোচনা কৰা হৈছিল । অৱশেষত বহু পৰীক্ষা-নিৰীক্ষাৰ অন্তত কৃষকসকলক উপকৃত কৰিবৰ কাৰণে কম খৰচত কৃষি পথাৰত ৬ ফুটৰ পৰা ১০ ফুট পৰ্যন্ত ওখকৈ প্লাষ্টিকৰ নেট বেৰ দি কৃষিকৰ্মৰ কাৰণে উৎসাহিত কৰে ।’’

‘‘পৰৱৰ্তী সময়ত দেখা গ'ল বান্দৰে এই প্লাষ্টিকৰ নেটত বগাব নোৱাৰে । ফলত কৃষি নষ্ট কৰিব নোৱাৰে। কৃষকৰ এই প্ৰচেষ্টা সফল হোৱাত এতিয়া দিখৌমুখৰ কৃষকসকলে নেট বাউণ্ডেৰীৰ ভিতৰত ৰবি শস্যৰ খেতিৰে অৰ্থনৈতিকভাৱে উপকৃত হ'বলৈ আৰম্ভ কৰিছে ।’’ তেওঁ কয় ৷

মাণ্ডলিক গৱেষণা কেন্দ্র, উত্তৰ লখিমপুৰৰ মুখ্য বিজ্ঞানী ডঃ প্রবাল শইকীয়াৰ এই পৰীক্ষামূলক গৱেষণা আৰু হীৰেণ দত্তৰ আশাসুধীয়া প্ৰচেষ্টাই নতুন বছৰৰ প্ৰাকক্ষণত কৃষকৰ চকুলৈ আশাৰ ৰেঙণি কঢ়িয়াই আনিছে ।

অন্য এগৰাকী কৃষক অৰুণ শইকীয়াই কয় যে জ্যেষ্ঠ কৃষি বিজ্ঞানী ডঃ প্ৰৱাল শইকীয়া কৃষকৰ কাৰণে ভগৱান হিচাপে আৰ্ৱিভাৱ হয় । তেওঁৰ প্ৰচেষ্টাতে কৃষকসকলে কৰ্ম কৰিবলৈ সক্ষম হৈছে । বান্দৰৰ সমস্যা দূৰ হোৱাৰ লগতে নিৰ্ভয়ে ৰবিশস্যৰ খেতি কৰা বুলিও অৱগত কৰে ।

কৃষকৰ চকুলো আঁতৰ কৰাত প্ৰকৃতিবীদ হীৰেন দত্ত আৰু কৃষিবিজ্ঞানী ডঃ প্ৰৱাল শইকীয়াক ধন্যবাদ জ্ঞাপন কৰে কৃষক নিতুল শইকীয়াই । তেওঁ কয়, ‘‘পূৰ্বে অঞ্চলটোত কৃষকসকলে বান্দৰৰ কাৰণে কৃৃষিকৰ্ম কৰিব পৰা নাছিল যদিও বৰ্তমান সম্ভৱ হৈছে । এইক্ষেত্ৰত কৃষিবিভাগে কৃষকসকলক প্লাষ্টিকৰ নেট আৰু উন্নত বীজ প্ৰদান কৰিলে কৃষকসকল উপকৃত হ'ব ।’’

এতিয়া বান্দৰৰ সমস্যা আঁতৰ হ'ব । বান্দৰে কৃষকক ৰবিশস্যৰ খেতি নষ্ট কৰিব নোৱাৰিব । অসমৰ যি যি অঞ্চলত বান্দৰৰ সমস্যা আছে তেনে অঞ্চলত এই নেট বেৰাৰৰ ব্যৱস্থা কৰিলে কৃষকসকল উপকৃত হৈ উঠিব । চৰকাৰে কৃষকসকলক নেট জালৰ ব্যৱস্থা কৰি উৎসাহিত কৰিলে অসমৰ গ্ৰামাঞ্চলৰ অৰ্থনৈতিক ব্যৱস্থা পুনৰ মূৰ দাঙি উঠিব ।

লগতে পঢ়ক : দুই হাজাৰ বিঘা কৃষিভূমিত মাথোঁ সেউজী-হালধীয়া ৰঙৰ ঢৌ

লগতে পঢ়ক : এগৰাকী শিক্ষকৰ চিন্তাৰ ফচল : লখিমপুৰত গ্ৰাম্য কৃষি পৰ্যটনৰ নতুন ৰূপ 'বনফুল'