মঙলদৈৰ এখন গাঁৱত কিয় কৰা হয় জল দেৱতা আৰু বিষ্ণু পূজা ?
১৬৪ বছৰ ধৰি এখন গাঁৱৰ ৰাইজে এই পূজা অনুষ্ঠিত কৰি আহিছে । ৫ দিনীয়াকৈ আয়োজিত এই পূজাত এইবাৰ হাজাৰ হাজাৰ ভক্তৰ সমাগম হৈছে ।

Published : May 31, 2026 at 7:48 PM IST
মঙলদৈ : ভৌগোলিক বা জনগাঁথনিৰ দৃষ্টিকোণৰ পৰা দেশৰ ভিতৰতে অসম বাকী ৰাজ্যৰ তুলনাত অনন্য । ইয়াত থকা প্ৰতিটো জাতি, জনগোষ্ঠীৰ সুকীয়া পৰম্পৰাই ৰাজ্যখনক অধিক মনোৰম কৰি তোলে । আকৌ ঠাইভেদেও ইয়াত কিছুমান উৎসৱ বা অনুষ্ঠান কিছু পৃথক । তেনে এক সুকীয়া পৰম্পৰা আছে দৰং জিলাৰ মঙলদৈৰ এখন গাঁৱৰ ।
গাঁওখনৰ ৰাইজে বছৰ বছৰ ধৰি হিন্দু দেৱতাৰ বিশেষ পূজা কৰি আহিছে । সেই অনুসৰি গাঁওখনত প্ৰায় ১৬৪ বছৰ ধৰি জল দেৱতাৰ পূজা আৰু বিষ্ণু পূজা পাতি আহিছে । সেই পৰম্পৰা ৰক্ষা কৰি এইবছৰো মঙলদৈৰ পশ্চিম দক্ষিণ প্ৰান্তত অৱস্থিত ব্ৰহ্মপুত্ৰ সুঁতিৰ নিলগৰ মনিটাৰী গাঁৱত অনুষ্ঠিত হৈছে ঐতিহাসিক জল দেৱতাৰ পূজা আৰু বিষ্ণু পূজা ।
বিশেষকৈ বান বা মহামাৰীৰ পৰা মুক্তি পাবৰ বাবেই গাওঁখনৰ ৰাইজে ১৮৬২ চনৰ পৰা কৰি আহিছে এই বিশেষ পূজা । এই বছৰো ৫ দিনীয়াকৈ অনুষ্ঠিত হৈছে এই জল দেৱতাৰ পূজা আৰু বিষ্ণু পূজা । এই পূজাৰ বিশেষ গুৰুত্ব হৈছে কলৰ ভূৰ বা ভেলৰ পূজা ।
কলৰ ভূৰৰ পূজাৰ পিছত এই ভূৰ নদীত উটুৱাই দিয়া হয় । ব্ৰহ্মপুত্ৰ সুঁতিৰ কিছু নিলগতে থকা গাঁওখন প্ৰতিবছৰে বানৰ কৱলত পৰে কিন্তু এই ভূৰ পুজা অনুষ্ঠিত হোৱাৰ পৰা গাঁওবাসীৰ অনিষ্ট হোৱা নাই বুলি এক বিশ্বাস চলি আহিছে ।

জল দেৱতাৰ পূজা আৰু বিষ্ণু পূজা সম্পৰ্কে আয়োজকৰ এগৰাকী সদস্যই কয়, "২৭ মে'ৰ পৰা ৫ দিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে এই পূজা পালন কৰিছোঁ । ১৮৬২ চনৰে পৰা এই পূজা কৰি অহা হৈছে । ২৭ মে'ত গোন্ধ পূজা, ২৮ মে'ত হোম যজ্ঞ, ২৯ মে'ত আই তুতি মিনতি শীৰ্ষক এটি অনুষ্ঠানৰ আয়োজন কৰা হয় আৰু সদৌ অসম ভিত্তিত দিহা নাম প্ৰতিযোগিতাৰো আয়োজন কৰা হয় । চতুৰ্থ দিনা স্বৰ্ণা বিসৰ্জন কাৰ্যসূচীৰ লগতে নতুন প্ৰজন্মক আধ্যাত্মিক শিক্ষা দিয়াৰ লক্ষ্যৰে ধৰ্মালোচনী সভা এখন অনুষ্ঠিত কৰা হয় । আমাৰ এই পূজাৰ মাহাত্ম্যৰ উমান পাই প্ৰতি বছৰে ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি ক্ৰমে বাঢ়ি গৈ আছে । গোটেই কেইদিনৰ কাৰ্যসূচীত প্ৰায় ২০-২৫ হাজাৰ লোকৰ সমাগম হয় ।"

উল্লেখ্য যে, এই পূজালৈ অসমৰ বিভিন্ন প্ৰান্তৰ ভক্তসকলৰ সমাগম হয় । এইবছৰো হাজাৰ হাজাৰ ভক্তৰ আগমন হৈছে । ইফালে ঐতিহাসিক বিষ্ণু মন্দিৰ প্ৰাংগণত বিষ্ণু পূজাৰ উপৰিও ধৰ্মালোচনী সভা, আধ্যাত্মিক নাম-কীৰ্তন অনুষ্ঠিত হৈছে । আনহাতে হাজাৰ হাজাৰ ভক্তই শোভাযাত্ৰা কৰি কলৰ ভূৰ লৈ নদীত পূজা কৰিবলৈ ওলাই যোৱা দৃশ্যই সকলোকে আকৰ্ষিত কৰিছে ।

লগতে পঢ়ক : ধঁপাত বিৰোধী দিৱসত শিক্ষাৰ্থীক শপতবাক্য পাঠ নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ

