নষ্টালজিয়া: তাহানিৰ দিনৰ স্মৃতি মনত সজীৱ কৰিবলৈ দেৱ কুমাৰ বৰাৰ সংগ্ৰহালয়টোলৈ আহক!
মনলৈ উভতি আহে তাহানিৰ স্মৃতি । সময়ক ধৰি ৰখাৰ প্ৰয়াসেৰে পুৰণি সামগ্ৰীৰ বিশাল সাম্ৰাজ্য ।

Published : September 2, 2026 at 4:27 PM IST
|Updated : September 2, 2026 at 5:58 PM IST
মাণিক কুমাৰ ৰায়
গুৱাহাটী : সময় গতিশীল আৰু গতিশীল সময়ত মানুহে জীৱনৰ বাটত বহু বস্তু এৰি আহে । সময় বাগৰাৰ লগে লগে সেই বস্তুবোৰ অতীত হৈ পৰে আৰু বহু সময়ত সেইবোৰ নোহোৱা হৈ পৰে । এক কথাত সেইবোৰ কেৱল স্মৃতি হৈ ৰয় ।
কেতিয়াবা অতীতত এৰি অহা সেই বস্তুবোৰ দেখিলে মনটো তাহানিৰ সেই দিনবোৰলৈ উভতি যায়, মানুহ নষ্টালজিক হৈ পৰে । বৰ্তমানৰ দ্ৰুত তথ্য-প্ৰযুক্তিৰ যুগত মানুহ অধিক যান্ত্রিক হৈ পৰিছে । যান্ত্রিকতাত আজিৰ এই সময়ৰ মনুহ আবদ্ধ হৈ পৰিছে । অভাৱ সময়ৰ । কিন্তু তাৰে মাজতে হেৰাই যোৱা তাহানিৰ সেই বস্তুবোৰ দেখিলে স্বাভাৱিকতে মনটো উৎফুল্লিত হৈ পৰে ।
নষ্টালজিয়া: এক প্ৰাচীন সংগ্ৰহালয়
তাহাতিৰ সেই দূৰদৰ্শনৰ বিজ্ঞাপনবোৰ; বিজ্ঞাপনৰ সেই বস্তুবোৰৰ সৈতে বহুতৰে বহু স্মৃতি জড়িত হৈ আছে । এইটো এটা সাধাৰণ উদাহৰণহে মাত্র । এনে অনেক সামগ্ৰী আছে, যিবোৰ আজি দেখিবলৈ পোৱা নাযায় । কিন্তু সময়ৰ গতিত হেৰাই যোৱা সেই সামগ্ৰীসমূহ এপদ এপদকৈ সংৰক্ষণ কৰি আহিছে গুৱাহাটীৰ ৰূপনগৰৰ এজন ব্যক্তিয়ে আৰু গঢ়ি তুলিছে এটা ব্যতিক্ৰমী সংগ্ৰহালয় । তেওঁৰ নাম হৈছে দেৱ কুমাৰ বৰা ।

পেছাত তেওঁ এগৰাকী পৰিবহণ বিষয়া । সমাজৰ পৰা হেৰাই যাবলৈ ধৰা এসময়ৰ বহু দৈনন্দিন জীৱনৰ অপৰিহাৰ্য সামগ্ৰীক তেওঁ অতি সযতনেৰে সংগ্ৰহ কৰি ৰাখিছে । ৰূপনগৰৰ নিজা বাসগৃহতে তেওঁ গঢ়ি তুলিছে এটা অনন্য আৰু বিশেষ সংগ্ৰহালয় । এই সংগ্ৰহালয়টোত প্ৰৱেশ কৰিলেই মানুহ নষ্টালজিক হৈ পৰাটো স্বাভাৱিক আৰু যাৰ বাবে দেৱ কুমাৰ বৰাই সংগ্ৰহালয়টোৰ নাম দিছে ‘নষ্টালজিয়া; এক প্ৰাচীন সংগ্ৰহালয়’ (Nostalgia; an antique museum) ।
হাজাৰ হাজাৰ প্ৰাচীন সামগ্ৰীৰ ভঁৰাল
২০২১ চনত মুকলি কৰা এই সংগ্ৰহালয়টোত ২ হাজাৰোধিক বিভিন্ন ধৰণৰ সামগ্ৰী আছে । মুঠ সামগ্ৰী হিচাপত চাবলৈ গ'লে কেইবাহাজাৰ হ'ব । তিনি শতিকা পুৰণি সামগ্ৰীৰ পৰা আৰম্ভ কৰি কালৰ সোঁতত বা প্ৰযুক্তিৰ দ্ৰুত উন্নয়নৰ ফলত হেৰাই যোৱা নানান সামগ্ৰীলৈকে অতি সযতনে সংৰক্ষিত হৈ আছে এই সংগ্ৰহালয়টোত ।

লক্ষণীয় বিষয় যে কোনো এটা নিৰ্দিষ্ট মাধ্যমত এই সংগ্ৰহালয়টো সীমাবদ্ধ হৈ থকা নাই । সামগ্ৰীৰ বিশাল ভাণ্ডাৰে সংগ্ৰহালয়টোক অনন্য ৰূপ প্ৰদান কৰিছে । ইটিভি ভাৰতৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত দেৱ কুমাৰ বৰাই সংগ্ৰহালয়টোৰ বিভিন্ন দিশ সামৰি ক'লে মনৰ বহু কথা ।
কিদৰে আৰম্ভ হৈছিল পুৰণি সামগ্ৰী সংগ্ৰহৰ যাত্রা
পুৰণি সামগ্ৰী সংগ্ৰহ কৰি ৰখাৰ চখ সন্দৰ্ভত দেৱ কুমাৰ বৰাই কয়, "এই যাত্রা বহু পুৰণি । নগাঁও কলেজৰ মই বিজ্ঞানৰ ছাত্র আছিলোঁ । কলেজৰ লেবত মই পুৰণি বহু বস্তু দেখা পাই তেতিয়াই মনলৈ এটা নষ্টালজিয়া ভাব আহিছিল । পুৰণি বস্তু দেখা পালেই মোৰ মনটোক আকৰ্ষিত কৰে । সেই আকৰ্ষণক লৈয়েই মই পুৰণি বহু বস্তু গোটালো । তাৰ পাছত ২০২১ চনত সামগ্ৰীসমূহক লৈ মই মিউজিয়াম এটা গঢ় দিলোঁ । স্বনামধন্য অভিনেতা প্ৰয়াত নিপন গোস্বামীয়ে ১২ ছেপ্টেম্বৰৰ দিনা মিউজিয়ামটো আনুষ্ঠানিকভাৱে মুকলি কৰিছিল । এই মাহত মিউজিয়ামটোৰ পাঁচ বছৰ হ'ব ।"

মিউজিয়ামৰ বিভিন্ন দিশ
সংগ্ৰহালয়টোৰ প্ৰসংগত দেৱ কুমাৰ বৰাই কয়, "ইয়াত থকা সামগ্ৰীসমূহ বহুত পুৰণি । মই সংগ্ৰহ কৰাৰ ২৫ বছৰৰ বেছি হ'ল । ইয়াত ২০০-৩০০ বছৰ পুৰণি বস্তু আছে । অসমৰ লগতে ভাৰতৰ বিভিন্ন স্থানৰ পৰা সামগ্ৰীসমূহ মই সংগ্ৰহ কৰিছোঁ । বিশেষকৈ পশ্চিমবংগ, মহাৰাষ্ট্ৰ, চেন্নাই, হায়দৰাবাদ আদি বিভিন্ন ঠাইৰ পৰা পুৰণি সামগ্ৰীসমূহ সংগ্ৰহ কৰি ইয়াত সংৰক্ষণ কৰিছোঁ । ইয়াত বিদেশৰ সামগ্ৰী নাই । মোৰ ইয়াত কোনো নিৰ্দিষ্ট বিষয়বস্তু নাই । যিবোৰ বস্তু সমাজৰ পৰা নোহোৱা হৈ গ'ল তথা এটা সময়ত সমাজৰ অবিচ্ছেদ্য অংগ আছিল, সেইবোৰ বস্তু মই সংগ্ৰহ কৰোঁ । তাহানিৰ এই বস্তুবোৰ নৱপ্ৰজন্মই চাই বৰ ভালপায় । আনহাতে, বয়সীয়াল মানুহে দেখিলে আবেগিক হৈ পৰে ।"
কিয় চকুলো বৈ আহিছিল নিপন গোস্বামীৰ
সংগ্ৰহালটো উদ্বোধন কৰাৰ পিছত ইয়াৰ সামগ্ৰী দেখি প্ৰয়াত নিপন গোস্বামী আবেগিক হৈ পৰা সন্দৰ্ভত দেৱ কুমাৰ বৰাই কয়, "নিপন গোস্বামীয়ে সংগ্ৰহালটো উদ্বোধন কৰাৰ পিছত তামোলৰ খুন্দনা এটা দেখা পাই মোক আনিব ক'লে । তেখেতে খুন্দনাটো চাই থাকোঁতে দুচকুৰে চকুলো বৈ আহিল । মই কি হ'ল বুলি সোধোতে তেখেতে ক'লে যে তেখেতৰ আইতাকলৈ মনত পৰি গ'ল । তেখেতে মোক মোৰ এই পদক্ষেপৰ বাবে বিশেষভাৱে প্ৰশংসা কৰিছিল । তেখেতে মোক এই কামটো কৰি যাবলৈ কৈছিল ।"

কিদৰে সংগ্ৰহ কৰে বিভিন্ন সামগ্ৰী
পুৰণি সামগ্ৰী সংগ্ৰহ কৰি সংৰক্ষণ কৰাৰ এই খৰচী চখ সন্দৰ্ভত দেৱ কুমাৰ বৰাই কয়, "খৰচ যথেষ্ট আছে । আৰম্ভণিতে মোৰ বস্তুবোৰ সিঁচৰতি হৈ আছিল । নাগৰিক সমবায় বেংকৰ যোগেদি লাভ কৰা ৬ লাখ টকাৰ ঋণৰ জৰিয়তে আৰু নিজা কিছু পুঁজি লগাই মই এই সংগ্ৰহালয়টো নিজ ঘৰতে গঢ় দিলোঁ । সামগ্ৰী সংগ্ৰহৰ প্ৰক্ৰিয়াটো প্ৰথম মই ঘৰৰ পৰা আৰম্ভ কৰিছিলোঁ । আমাৰ ঘৰটো ব্ৰিটিছৰ দিনৰ আছিল । ঘৰটো নতুনকৈ নিৰ্মাণ কৰাৰ সময়ত তেতিয়াই মই বহুত বস্তু পালোঁ ।"

কি নাই নষ্টালজিয়াত
তেওঁ লগতে কয়, "এনেদৰেই আৰম্ভ হ'ল সামগ্ৰী সংগ্ৰহ কৰাৰ প্ৰক্ৰিয়া । ঘৰতে খুচুৰা পইচা আৰু নোট কিছুমান পালোঁ । তাঁতশালৰ কিছুমান বস্তু পালোঁ । বাকচ পালোঁ । মোৰ ইয়াত ৩০০ বছৰ পুৰণি বস্তু আছে । ঘড়ী এটা আছে ৩০০ বছৰ পুৰণি । পুৰণি বস্তুবোৰ মোক মানুহে নিজে দিয়ে । মই সংগ্ৰহ কৰোঁ বুলি জানি বহুত মানুহে মোক দি যায় । বিৰুবাৰীৰ টিবি হাস্পতালখন ভঙাৰ সময়ত বহু পুৰণি বস্তু মোক তেওঁলোকে দিছিল । তাৰ ভিতৰত কাঠৰ ফ্ৰীজো আছে । এনেদৰে বিভিন্নজনৰ পৰা মই সামগ্ৰী লাভ কৰিছোঁ । কিছুমান ক্ৰয় কৰিও আনিছোঁ । মোৰ ইয়াত ভেৰাইটি হিচাপত হাজাৰোধিক সামগ্ৰী আছে । ঘড়ীয়েই আছে বহুত ধৰণৰ ।"
সংগ্ৰহালয়টোক লৈ ভৱিষ্যত পৰিকল্পনা
ভৱিষ্যৎ পৰিকল্পনা সন্দৰ্ভত দেৱ কুমাৰ বৰাই কয়, "অৱসৰৰ পাছত মিউজিয়ামটো অন্য স্থানলৈ নি বিশাল পৰিসৰত কৰাৰ মোৰ পৰিকল্পনা এটা আছে । যদি ভাগ্যই দিয়ে তেন্তে কৰিম । কাৰণ বৰ্তমান ইয়াত বস্তুবোৰ যথেষ্ট থেপাথেপিকৈ আছে । ঠাইৰ অভাৱত বস্তুবোৰ ভালদৰে প্ৰদৰ্শন কৰিব পৰা নাই । বস্তু বহুত আছে যদিও শৃংখলাবদ্ধভাৱে ৰাখিব পৰা নাই । ভালদৰে ৰাখিবলৈ ডাঙৰ ঠাইৰ প্ৰয়োজন । এইক্ষেত্রত যথেষ্ট খৰচৰ কথা আছে । মই নিজেই সকলোখিনি কৰিব লাগিব । সকলোৰে সুবিধা হোৱাকৈ আৰু ভালদৰে চাব পৰাকৈ মই মিউজিয়ামটো কৰিব বিচাৰো । বৰ্তমান সময়ত মই কোনো ধৰণৰ মাচুল নলওঁ ।"

বিভিন্ন গৱেষক ছাত্ৰ-ছাত্ৰীৰ আগমন ঘটে
সংগ্ৰহালয়টোলৈ আহি বিভিন্ন গৱেষক ছাত্ৰই গৱেষণাৰ সমল গোটায় বুলি উল্লেখ কৰি তেওঁ কয়, "মোৰ ইয়ালৈ বহুত শিক্ষাৰ্থী আহে । দেশৰ বিভিন্ন ৰাজ্যৰ পৰা শিক্ষাৰ্থীসকল গৱেষণামূলক কামত ইয়ালৈ সমল বিচাৰি আহে । অসমৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী ইয়ালৈ আহে । তেওঁলোক আহিলে মোৰ ভাল লাগে । বয়োজ্যেষ্ঠসকলে ইয়াত নিজৰ শৈশৱ বিচাৰি পোৱাৰ বিপৰীতে নৱপ্ৰজন্মই চাব পাৰিব সময়ৰ বিৱৰ্তন । মই মিউজিয়ামটো নৱপ্ৰজন্মৰ ভৱিষ্যতৰ বাবে কৰিছোঁ । তাহানিৰ দিনক যাতে উপলব্ধি কৰিব পাৰে । শিপাডালক চিনাকি কৰাই দিয়াটো মোৰ উদ্দেশ্য ।"

কি নাই সংগ্ৰহালয়টোত
পুৰণি দিনৰ কি নাই সংগ্ৰহালয়টোত । এক কথাত বিভিন্ন সামগ্ৰীৰে তাহানিৰ দিনৰ সময়ক প্ৰতিনিধিত্ব কৰি আহিছে এই সংগ্ৰহালয়টোৱে । কিউব ছিষ্টেমৰ পৰা আধুনিক এফ এম যুগলৈ প্ৰায় ৬০ প্ৰকাৰৰ ৰেডিঅ', এসময়ত ঘৰে ঘৰে ব্যৱহাৰ হোৱা হালধীয়া ৰঙৰ ডালডা টেমাটোৰ পৰা ৰ'দত শুকাৱাবলৈ দিয়া বেটাৰী, হাত লেম্প, টেবুল লেম্পৰ পৰা টৰ্ছ লাইটলৈ, ১ পইচাৰ মুদ্ৰাৰ পৰা ১০ টকাৰ নোটলৈ, টেলিফোন, গ্ৰামোফোন, টেপ ৰেকৰ্ডাৰ, টাইপ ৰাইটাৰ, বিভিন্ন টিভি, ভিন্ন প্ৰকাৰৰ শতিকা পুৰণি কেমেৰা-ঘড়ীকে ধৰি অনেক সামগ্ৰী ইয়াত আছে । মিউজিয়ামটোত থকা প্ৰতিবিধ সামগ্ৰীয়ে তাহানিৰ দিনৰ একো একোটা স্মৃতিৰ স্বাক্ষৰ বহন কৰি আহিছে ।

মিউজিয়ামৰ ইতিহাস
পৃথিৱীৰ আটাইতকৈ পুৰণি হিচাপে জনাজাত বা প্ৰথমটো মিউজিয়াম হৈছে বেবিলনৰ ৰাজকুমাৰী এননিগালডি-নান্নাৰ (Ennigaldi-Nanna) মিউজিয়াম । এই সংগ্ৰহালয়টো খ্ৰীষ্টপূৰ্ব ৫৩০ চন মানত অৰ্থাৎ আজিৰ পৰা প্ৰায় ২৫০০ বছৰৰ পূৰ্বে প্ৰতিষ্ঠা কৰা হৈছিল । বৰ্তমানৰ ইৰাকৰ (পুৰণি মেচোপটেমিয়া) উৰ (Ur) চহৰত এই সংগ্ৰহালয়টো অৱস্থিত আছিল। এই মিউজিয়ামটো প্ৰতিষ্ঠা কৰিছিল ন’ও-বেবিলনীয় সাম্ৰাজ্যৰ অন্তিমজন ৰজা নাবোনিদুাচৰ কন্যা ৰাজকুমাৰী এননিগালডিয়ে ।
এই সংগ্ৰহালয়টোত মেচোপটেমিয়াৰ বিভিন্ন পুৰণি যুগৰ ভাস্কৰ্য, শিলৰ ফলককে ধৰি বিভিন্ন পুৰণি সামগ্ৰী সংগ্ৰহ কৰি ৰখা হৈছিল । এই মিউজিয়ামটোৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্য হৈছে প্ৰতিটো বস্তুৰ পৰিচয় বা বিৱৰণ মাটিৰ ফলকত কেইটামান ভিন ভিন ভাষাত লিখি থোৱা হৈছিল, যিটোৱে বৰ্তমানৰ মিউজিয়ামত লেবেল বা কেটেলগ লগোৱাৰ দৰে কাম কৰিছিল ।

পৃথিৱীৰ প্ৰথমটো আধুনিক বা ৰাজহুৱা ৰাষ্ট্ৰীয় মিউজিয়াম
পৃথিৱীৰ প্ৰথমটো ৰাষ্ট্ৰীয় মিউজিয়াম হৈছে লণ্ডনত অৱস্থিত ব্ৰিটিছ মিউজিয়াম (British Museum) । আনহাতে, পৃথিৱীৰ প্ৰথমটো আধুনিক বা ৰাজহুৱা (Public) মিউজিয়াম হিচাপে ইংলেণ্ডৰ এচমোলিয়ান মিউজিয়ামক (Ashmolean Museum) গণ্য কৰা হয় ।

পৃথিৱীৰ প্ৰথমটো ৰাষ্ট্ৰীয় ৰাজহুৱা মিউজিয়াম ব্ৰিটিছ মিউজিয়াম ১৭৫৩ চনত ব্ৰিটিছ সংসদৰ এক আইনৰ জৰিয়তে চৰকাৰীভাৱে প্ৰতিষ্ঠা কৰা হয় আৰু ১৭৫৯ চনত সৰ্বসাধাৰণৰ বাবে মুকলি কৰা হয় । ই সমগ্ৰ বিশ্বৰ ইতিহাস, কলা আৰু সংস্কৃতিৰ এক অন্যতম বিশাল সংগ্ৰহালয় ।
আনহাতে, পৃথিৱীৰ প্ৰথমটো আধুনিক ৰাজহুৱা মিউজিয়াম এচমোলিয়ান মিউজিয়াম ১৬৮৩ চনত ইংলেণ্ডৰ অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ চৌহদত সৰ্বসাধাৰণৰ বাবে মুকলি কৰা হৈছিল । এলিয়াছ এচমোল নামৰ এজন ব্যক্তিয়ে নিজৰ সংগ্ৰহসমূহ বিশ্ববিদ্যালয়ক দান কৰাৰ পিছত এই মিউজিয়ামটো গঢ়ি উঠিছিল ।

ভাৰতৰ আটাইতকৈ পুৰণি মিউজিয়াম
ভাৰতৰ আটাইতকৈ পুৰণি সংগ্ৰহালয়টো পশ্চিমবংগৰ কলকাতাত অৱস্থিত । এই ঐতিহাসিক সংগ্ৰহালয়টোৰ নাম হৈছে 'ভাৰতীয় সংগ্ৰহালয়' (Indian Museum) । ইয়াক স্থানীয়ভাৱে 'যাদুঘৰ' বুলিও জনা যায় ।
এই সংগ্ৰহালয়টো ১৮১৪ চনৰ ২ ফেব্ৰুৱাৰীত বংগৰ এচিয়াটিক ছ'চাইটীয়ে (Asiatic Society of Bengal) প্ৰতিষ্ঠা কৰিছিল । ইয়াৰ প্ৰতিষ্ঠাপক আছিল ডেনিছ উদ্ভিদবিজ্ঞানী ডাঃ নাথানিয়েল ৱালিচ (Nathaniel Wallich) । এই মিউজিয়ামটোক কেৱল ভাৰতৰে নহয়, এছিয়া মহাদেশৰো আটাইতকৈ পুৰণি আৰু সংগ্ৰহৰ দিশৰ পৰা পৃথিৱীৰ নৱম পুৰণি সংগ্ৰহালয় হিচাপে জনা যায় । ইয়াত প্ৰায় ৪,০০০ বছৰ পুৰণি এটা আচল ইজিপ্টিয়ান মমি, গৌতম বুদ্ধৰ পবিত্ৰ অৱশেষ, অশোক স্তম্ভৰ সিংহৰ ৰাজধানী (Ashokan Lion Capital), বিলুপ্ত ডাইনছ'ৰৰ জঁকা আৰু মোগল যুগৰ বিৰল চিত্ৰ সংগৃহীত হৈ আছে ।

অসমৰ সংগ্ৰহালয়ৰ ইতিহাস
অসমৰ সংগ্ৰহালয়ৰ ইতিহাস আৰম্ভ হৈছিল বিংশ শতাব্দীৰ আৰম্ভণিতে । অসমৰ সমৃদ্ধ সাংস্কৃতিক আৰু ঐতিহাসিক ঐতিহ্য সংৰক্ষণৰ প্রচেষ্টা হিচাপে এই সংগ্ৰহালয় স্থাপন হৈছিল । ইয়াৰ অংশ হিচাপে ১৯৪০ চনত অসম ৰাজ্যিক সংগ্ৰহালয় স্থাপন হৈছিল । গুৱাহাটীৰ দীঘলীপুখুৰীৰ দক্ষিণপাৰত অৱস্থিত এইটোৱে হৈছে অসমৰ প্রথমটো আৰু প্রধান সংগ্ৰহালয় ।
অসমৰ ঐতিহাসিক আৰু প্রাচীন গৱেষণা সংস্থা কামৰূপ অনুসন্ধান সমিতিয়ে ১৯৪০ চনৰ ২১ এপ্রিলত এই সংগ্ৰহালয়টো প্রতিষ্ঠা কৰে । অবিভক্ত অসমৰ তদানীন্তন গৱৰ্ণৰ ছাৰ ৰবার্ট নেইল ৰিডে (Sir Robert Neil Reid) এই সংগ্ৰহালয়টো আনুষ্ঠানিকভাবে উদ্বোধন কৰিছিল ।
এই সংগ্ৰহালয়টো প্রতিষ্ঠাৰ আঁৰৰ ব্যক্তিসকলৰ ভিতৰত অন্যতম আছিল ৰায় বাহাদুৰ কনকলাল বৰুৱা (প্রতিষ্ঠাপক সভাপতি), আনন্দ চন্দ্র আগৰৱালা আৰু কালিৰাম মেধিৰ দৰে বিশিষ্ট ব্যক্তিসকল । ডিব্রুগড়ৰ সমাজসেৱী ৰায় বাহাদুৰ নৌপত ৰায় কেডিয়াই এই সংগ্ৰহালয়টোৰ প্রথমটো ভৱন নির্মাণৰ এক মোটা অংকৰ ধন দান হিচাপে আগবঢ়াইছিল ।
পৰৱর্তী সময়ত ১৯৫৩ চনত অসম চৰকাৰে এই সংগ্ৰহালয়টো নিজৰ নিয়ন্ত্রণলৈ নিয়ে আৰু ইয়াক শিক্ষা বিভাগৰ 'সংগ্ৰহালয় আৰু প্রত্নতত্ত্ব' শাখাৰ অধীনলৈ নিয়া হয় । পৰৱর্তী সময়ত ইয়াক সুচাৰুৰূপে পৰিচালনাৰ বাবে ১৯৮৩ চনত এটি পৃথক সংগ্ৰহালয় সঞ্চালকালয় (Directorate of Museums) গঠন কৰা হয় ।

এই সংগ্ৰহালয়টোত বছৰ বছৰ ধৰি অসমৰ বিভিন্ন প্রান্তত সিঁচৰতি হৈ থকা প্রত্নতাত্ত্বিক নিদর্শন, মুদ্রা আৰু প্রাচীন পাণ্ডুলিপি সংগ্রহ কৰি সংগ্ৰহালয়টোৰ পৰিসৰ বৃদ্ধি কৰা হৈছে । বর্তমানে ইয়াত ১৩ হাজাৰোধিক ঐতিহাসিক সামগ্রী সংৰক্ষিত হৈ আছে । পঞ্চম শতিকাৰ পৰা অষ্টাদশ শতিকাৰ শিল আৰু তাম্রশাসনৰ শিলালিপি আৰু কামৰূপ আমোলৰ বিভিন্ন দেৱ-দেৱীৰ প্রাচীন মূর্তি আছে ।
আনহাতে, অসমৰ বিভিন্ন আদিবাসী জনজাতিৰ সংস্কৃতি, পোছাক, ঐতিহাসিক কুটিৰ আৰু জীৱন-যাত্রাৰ প্রদর্শনো ইয়াত আছে । ইয়াৰ উপৰি আহোম ৰাজবংশৰ ৰাজকীয় অস্ত্র, দ্বিতীয় বিশ্বযুদ্ধৰ সমৰাস্ত্র আৰু প্রাচীন আহোম আৰু মোগল আমোলৰ মুদ্রা সংগৃহীত হৈ আছে ।

অসমৰ গুৰুত্বপূৰ্ণ সংগ্ৰহালয়সমূহ
অসমত বৰ্তমান প্ৰতিখন জিলাতে একোটাকৈ সংগ্ৰহালয় আছে । এই সংগ্ৰহালয়বোৰত সংশ্লিষ্ট জিলাসমূহৰ পূৰাতাত্ত্বিক আৰু ঐতিহাসিক সমলসমূহ সংগৃহীত কৰি ৰখা হৈছে । ইয়াৰ উপৰি আন কেইবাটাও গুৰুত্বপূৰ্ণ সংগ্ৰহালয় আছে । ইয়াৰে ভিতৰত প্ৰধান হৈছে:
টাই আহোম মিউজিয়াম: শিৱসাগৰত অৱস্থিত টাই আহোম মিউজিয়ামত মধ্যযুগীয় আহোম যুগৰ সাজ-পোছাক, ঢাল-তৰোৱাল, অস্ত্ৰ-শস্ত্ৰ আৰু ৰাজকীয় আচবাবপত্ৰ সংৰক্ষণ কৰা হৈছে ।
জিলা সংগ্ৰহালয়, ধুবুৰী: ১৯৮৮ চনত স্থাপিত এই মিউজিয়ামটো হৈছে ধুবুৰী জিলাৰ ঐতিহ্যৰ সাক্ষী ।
নীলিমা বৰুৱা লোককলা মিউজিয়াম, গৌৰীপুৰ: গৌৰীপুৰত অৱস্থিত এই সংগ্ৰহালয়টো ধুবুৰী মিউজিয়ামৰ এটা শাখা ।
জিলা সংগ্ৰহালয়, বৰপেটা: বৰপেটা সংগ্ৰহালয়ত প্ৰায় ৬০০ বিধ পুৰণি ঐতিহাসিক সামগ্ৰী সংগ্ৰহ কৰা হৈছে ।
নৃতাত্ত্বিক সংগ্ৰহালয়: গুৱাহাটীৰ খানাপাৰাত অৱস্থিত এই মিউজিয়ামত অসমৰ কাৰ্বি, বড়ো, ডিমাছা, তিৱা আৰু মিচিং আদি জনজাতিৰ জীৱনশৈলী আৰু সংস্কৃতিৰ সুন্দৰ প্ৰদৰ্শন আছে ।
অসমৰ ব্যক্তিগত সংগ্ৰহালয়
অসমত ব্যক্তিগত প্ৰচেষ্টাতো বহু সংগ্ৰহালয় গঢ়ি উঠিছে । এই সংগ্ৰহালয়বোৰে ৰাজ্যখনৰ চহকী ইতিহাস, হেৰাই যাব ধৰা লোক-সংস্কৃতি আৰু পুৰাতন ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ব ভূমিকা পালন কৰি আহিছে । চৰকাৰী অনুদান অবিহনেই বহুতো ব্যক্তিয়ে নিজৰ একক প্ৰচেষ্টা আৰু পুঁজিৰে এইসমূহ গঢ়ি তুলিছে ।
অসমৰ কেইটামান উল্লেখযোগ্য ব্যক্তিগত তথা বেচৰকাৰী মিউজিয়াম হৈছে:
উত্তৰণ সংগ্ৰহালয়, শিৱসাগৰ: এইটো হৈছে সমগ্ৰ উত্তৰ-পূব ভাৰতৰ ভিতৰত প্ৰথমটো ব্যক্তিগত মালিকানাধীন সংগ্ৰহালয় । ইয়াৰ প্ৰতিষ্ঠাপক হৈছে ডঃ দুলাল শৰ্মা । শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰৰ সমীপত অৱস্থিত এই মিউজিয়ামটোত বিভিন্ন আঞ্চলিক প্ৰত্নতাত্ত্বিক সমল, আহোম যুগৰ অস্ত্ৰ-শস্ত্ৰ, মুদ্ৰা আৰু আধুনিক যুগৰ কেইবাটাও আপুৰুগীয়া সামগ্ৰী সংৰক্ষণ কৰা হৈছে ।
ট্ৰেজাৰ্ড হুইলছ, সোণাপুৰ (Treasured Wheels): পুৰণি আৰু ভিণ্টেজ গাড়ী-মটৰৰ বাবে এইটো হৈছে এক অতি আকৰ্ষণীয় বিশেষ সংগ্ৰহালয় । ইয়াৰ প্ৰতিষ্ঠাপক হৈছে পিকলু ডেকা । গুৱাহাটীৰ সমীপৰ সোণাপুৰত অৱস্থিত এই ব্যক্তিগত মিউজিয়ামটোত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ গাড়ী, পুৰণি ক্লাছিক মটৰচাইকেল, বাইচাইকেল আৰু পুৰাতন কাৰিকৰী সঁজুলি সংৰক্ষণ কৰা হৈছে ।
গোলাঘাটৰ বৰাহী গাঁৱৰ সংগ্ৰহালয়: গোলাঘাট জিলাৰ বৰাহী গাঁৱত এজন ব্যক্তিয়ে ১৬ বছৰৰ প্ৰচেষ্টাত প্ৰায় ২ হাজাৰোধিক পুৰণি সামগ্ৰী সংগ্ৰহ কৰি এটা ব্যক্তিগত সংগ্ৰহালয় স্থাপন কৰিছে । প্ৰতুল বৰা নামৰ ব্যক্তিগৰাকীয়ে নিজৰ ককায়েক যুগা বৰাৰ স্মৃতিত এই সংগ্ৰহালয়টো স্থাপন কৰে । ইয়াত ঐতিহাসিক বাদ্যযন্ত্ৰ, কৃষি সঁজুলি, আহোম যুগৰ মুদ্ৰা আৰু বিভিন্ন জনজাতিৰ পোছাক আদি ৰখা হৈছে ।
গুৱাহাটীৰ বাদ্যযন্ত্ৰৰ সংগ্ৰহালয়: প্ৰসেনজিত নাৰায়ণ দেৱে গুৱাহাটীত দুই শতাধিক পুৰণি আৰু ব্যতিক্ৰমী বাদ্যযন্ত্ৰ সংগ্ৰহ কৰি এটা ব্যক্তিগত সংগ্ৰহালয় গঢ়ি তুলিছে । ইয়াত ১০০ বছৰ পুৰণি বাদ্যযন্ত্ৰও আছে ।
আৰ্ট ভিলেজ: নগাঁৱৰ এই ব্যক্তিগত সংগ্ৰহালয় তথা আৰ্ট গেলেৰীটোৰ প্ৰতিষ্ঠাপক হৈছে নগাঁৱৰ বিশিষ্ট চিত্ৰশিল্পী তথা সংগ্ৰাহক কিশোৰ কুমাৰ দাস । ইয়াত অসমৰ পুৰণি সাঁচিপাতৰ পুথি, লিপি, ঐতিহাসিক হস্তশিল্প, লোক-সংস্কৃতিৰ সমল আৰু বিভিন্ন প্ৰাচীন বহুমূলীয়া সামগ্ৰীৰ এক আকৰ্ষণীয় সংগ্ৰহ দেখিবলৈ পোৱা যায় ।
ইয়াৰ উপৰি ব্যক্তিগত প্ৰচেষ্টাত অসমত কেইবাটাও সংগ্ৰহালয় গঢ়ি উঠিছে, য'ত বিভিন্ন বিষয়বস্তুৰ পুৰণি সামগ্ৰী সংগ্ৰহ কৰি সেইবোৰৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে । (এই তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত তথ্যৰ ভিত্তিত যুগুত কৰা হৈছে)
জ্যেষ্ঠ সাংবাদিক মাণিক কুমাৰ ৰায়ৰ প্ৰতিবেদনৰ ভিত্তিত আজিজুৰ ৰহমান হাজৰিকাৰ দ্বাৰা সম্পাদিত

