কথা মতেই কাম, কমাৰগাঁৱৰ তানিষ্ঠাক শপতগ্ৰহণ অনুষ্ঠানলৈ মাতিলে হিমন্ত বিশ্ব শৰ্মাই
মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠানৰ প্ৰথম শাৰীৰ নিমন্ত্ৰিত অতিথি হিচাপে গৌৰৱ অৰ্জন কমাৰগাঁৱৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী তানিষ্ঠাৰ । এই নিমন্ত্ৰণ লাভ কৰি উৎফুল্লিত তানিষ্ঠাৰ লগতে পৰিয়ালবৰ্গ ।

Published : May 11, 2026 at 3:16 PM IST
গোলাঘাট: অহা ১২ মে’ মঙলবাৰে মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰলৈ শপত গ্ৰহণ কৰিব ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷ তাৰ লগে লগে অসমত তৃতীয়বাৰলৈ গঠন হ’ব এনডিএ চৰকাৰ ৷ এই শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰী, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি, বিজেপি শাসিত ৰাজ্যৰ কেবাজনো মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকিব অসমৰ বহুজন বিশিষ্ট ব্যক্তি ৷ তাৰোপৰি ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা একাংশ সাধাৰণ লোককো এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে ৷ ইয়াৰ ভিতৰত আছে গোলাঘাটৰ এগৰাকী কণমানি ৷
কথা দি কথা ৰাখিলে হিমন্ত বিশ্ব শৰ্মাই । ১২ মে’ত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ৰাজ্য চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানৰ প্ৰথমগৰাকী নিমন্ত্ৰিত অতিথি হিচাপে বিবেচিত হৈছে গোলাঘাট কমাৰগাঁৱৰ কণমানি তানিষ্ঠা দুৱৰা ।
৪ মাৰ্চত বোকাখাত বিধানসভা সমষ্টিৰ অন্তৰ্গত কমাৰগাঁৱৰ এক জনসভাত তানিষ্ঠাই মুখ্যমন্ত্ৰীক নিজ হাতে অঁকা এখন ছবি আৰু এখন বিশেষ চিঠি উপহাৰ দিছিল । চিঠিখিনত তানিষ্ঠাই মুখ্যমন্ত্ৰীৰ দ্বিতীয়বাৰৰ শপত গ্ৰহণ অনুষ্ঠান প্ৰত্যক্ষ কৰাৰ হেঁপাহ প্ৰকাশ কৰিছিল । তানিষ্ঠাৰ পত্ৰ পঢ়ি মুখ্যমন্ত্ৰীয়ে লগে লগে মন্ত্ৰী অতুল বৰাক দায়িত্ব দিছিল, যাতে তানিষ্ঠাক শপত গ্ৰহণ অনুষ্ঠানলৈ অনাৰ সকলো ব্যৱস্থা কৰা হয় ।
নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বেই নিজৰ জয়ক লৈ আত্মবিশ্বাসী মুখ্যমন্ত্ৰীয়ে দিয়া কথা ৰাখি কণমানি ছাত্ৰীগৰাকীক নিমন্ত্ৰণ জনোৱা কাৰ্যই সৰ্বত্ৰে চৰ্চা লাভ কৰিছে । ভিভিআইপিৰ ভিৰৰ মাজত এগৰাকী ছাত্ৰীক প্ৰথম অতিথিৰ মৰ্যাদা দি মুখ্যমন্ত্ৰীয়ে তেওঁৰ সংবেদনশীলতাৰ পৰিচয় দিছে । এই খবৰে তানিষ্ঠাৰ সাংবাদিক পিতৃ ৰিন্টু দুৱৰা আৰু শিক্ষয়িত্ৰী মাতৃ ৰেখা দত্ত দুৱৰা তথা সমগ্ৰ কমাৰগাঁওবাসীক উৎফুল্লিত কৰি তুলিছে ।

এই সম্পৰ্কে কণমানি তানিষ্ঠা দুৱাৰাই কয়, ‘‘মামা ৪ মাৰ্চত কমাৰগাঁৱলৈ আহিব বুলি খবৰ পাই এখন চিত্ৰ আৰু নিজ হাতেৰে এখন চিঠি লিখি দিছিলোঁ । উক্ত চিঠিখনত উল্লেখ কৰিছিলোঁ যে দ্বিতীয়বাৰৰ বাবে মামা মুখ্যমন্ত্ৰী হ'লে মই শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ ইচ্ছা আছে । চিঠিখন পঢ়ি মোক শপত গ্ৰহণ অনুষ্ঠানলৈ লৈ যাবলৈ মামাই মন্ত্ৰী অতুল বৰাক দায়িত্ব প্ৰদান কৰিলে । সেই মৰ্মে ১২ মে' তাৰিখে মোক শপত গ্ৰহণ অনুষ্ঠানলৈ লৈ যোৱাৰ ব্যৱস্থা কৰিছে বুলি জানিব পাৰিছোঁ ।’’
আনহাতে এই সম্পৰ্কে তানিষ্ঠা দুৱাৰাৰ মাতৃয়ে কয়, ‘‘৪ মাৰ্চত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কমাৰগাঁৱলৈ আহোঁতে তাই এখন চিত্ৰ মামাকক প্ৰদান কৰিব বুলি কৈছিল । দুদিনত ছবি আঁকি মামাকক নিজ হাতেৰে দিবলৈ সুযোগ পাই আনন্দিত হৈছিল আৰু এখন চিঠি দিছিল ৷ তাত তাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল আৰু চিঠিখন পঢ়ি মামাই অতুল বৰাক তানিষ্ঠাক শপত গ্ৰহণ অনুষ্ঠানলৈ লৈ যোৱাৰ ব্যৱস্থা কৰিবলৈ দায়িত্ব প্ৰদান কৰিছিল । ১২ মে'ত শপত গ্ৰহণ অনুষ্ঠানত তানিষ্ঠাক লৈ যোৱাৰ ব্যৱস্থা কৰিছে বুলি খবৰ লাভ কৰিছোঁ । শপত গ্ৰহণ অনুষ্ঠানত কি হ'ব এই লৈ তাই বহুত উৎসাহিত হৈ আছে আৰু আমাৰো বহুত ভাল লাগিছে ।’’
লগতে পঢ়ক: মঙলবাৰে নহয়, সোমবাৰে নিশাই আহি পাব প্ৰধানমন্ত্ৰী: মুখ্যমন্ত্ৰীসহ পাঁচৰ পৰা ছয়জনেহে মঙলবাৰে ল'ব শপত

