ETV Bharat / state

গ্ৰীষ্মৰ বতৰত প্ৰকৃতিৰ অপৰূপ বৰ্ণিল দলিচা: চৌদিশে এতিয়া ফুলৰ মেলা

আকাশ ধিয়াই ফুলিছে কৃষ্ণচূড়া-ৰাধাচূড়া, সোণাৰু, এজাৰ । প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যই যেন মৰততে সৃষ্টি কৰিছে সৰগৰ নন্দন-কানন !

Beauty of flowers
প্ৰকৃতিয়ে যেন মেলি দিছে এক বৰ্ণিল দলিচা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 11, 2026 at 7:31 PM IST

3 Min Read
Choose ETV Bharat

সোণাপুৰ: গ্ৰীষ্মৰ প্ৰখৰ ৰ’দক নেওচি এতিয়া ৰাজ্যৰ চৌদিশে প্ৰকৃতিয়ে যেন মেলি দিছে এক বৰ্ণিল দলিচা । আকাশ ধিয়াই ফুলি উঠা কৃষ্ণচূড়া, ৰাধাচূড়া, সোণাৰু আৰু এজাৰৰ মনোমোহা ৰূপে মৰতত সৰগ নমাই আনিছে । গুৱাহাটী-সোণাপুৰৰ ব্যস্ত ৰাজপথৰ যান্ত্ৰিকতাৰ মাজতো পথচাৰীয়ে এপলক থমকি ৰৈ প্ৰকৃতিৰ এই অপৰূপ নান্দনিক দৃশ্য উপভোগ কৰা দেখা গৈছে ।

এয়া যেন ৰ’দৰ মাজত প্ৰকৃতিয়ে সজোৱা এক 'ৰ’দৰ ফুল'ৰ মেলা । এই দৃশ্যই তীব্ৰ গৰমৰ মাজতো পথচাৰীৰ সকলো ভাগৰ আৰু ক্লান্তি নিমিষতে আঁতৰাই পেলাইছে । প্ৰতিজন নাগৰিকৰ মুখত এতিয়া এটাই কথা- কি যে অপৰূপ এই প্ৰকৃতি !

চৌদিশে এতিয়া ফুলৰ মেলা (ETV Bharat Assam)

সংস্কৃতি আৰু প্ৰেমৰ যেন প্ৰতীক : ৰাধাচূড়া-কৃষ্ণচূড়া

প্ৰকৃতিৰ এই পৰিৱৰ্তনে কেৱল সাধাৰণ জনতাকে নহয়, কবি আৰু গীতিকাৰসকলকো বিশেষভাৱে অনুপ্ৰাণিত কৰি আহিছে । যুগ যুগ ধৰি অসমীয়া কাব্য-সাহিত্যত এই ফুলবোৰৰ যি বৰ্ণনা ফুটি উঠিছে, তাৰ ফলশ্ৰুতিতেই সৃষ্টি হৈছে বহু কালজয়ী জনপ্ৰিয় গীত ।

Beauty of flowers
গ্ৰীষ্মৰ বতৰত প্ৰকৃতিৰ অপৰূপ বৰ্ণিল দলিচা (ETV Bharat Assam)
Beauty of flowers
কৃষ্ণচূড়া-ৰাধাচূড়া-এজাৰ-সোণাৰুৰ ৰং, মৰতত সৰগৰ ৰং (ETV Bharat Assam)

প্ৰকৃতিপ্ৰেমী যুৱতীৰ মনৰ অনুভৱ :

প্ৰকৃতিপ্ৰেমী যুৱতী পৰিমিতা বৰাই এই সৌন্দৰ্যৰ বিষয়ে নিজৰ অনুভৱ ব্যক্ত কৰি কয়, "কৃষ্ণচূড়া-ৰাধাচূড়া আৰু এজাৰৰ ফুলে গোটেই গ্ৰীষ্মকালটোৰ শোভা বঢ়ায় । ইয়াৰ ঘন ডাল-পাতে ছাতিৰ দৰে ছাঁ দি আমাক গৰমৰ পৰা সকাহ দিয়ে । ৰঙা ৰঙৰ কৃষ্ণচূড়াক বহুতৰে মতে ‘কৃষ্ণৰ মুকুট’ বুলিও কোৱা হয় । বিদ্যালয়ৰ প্ৰাংগণৰ পৰা পথৰ কাষলৈকে ইয়াৰ উপস্থিতি সঁচাকৈয়ে দৃষ্টি আকৰ্ষণকাৰী । কেতিয়াবা কোনোবা যুৱকে ৰাধাচূড়াৰ পাহিৰে প্ৰেয়সীৰ চুলি সজাই নিজৰ প্ৰেম নিবেদন কৰাও দেখা যায় ।

Beauty of flowers
ৰঙীণ ফুলেৰে নিজকে সজাইছে যুৱতী-মহিলাই (ETV Bharat Assam)
Beauty of flowers
প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য (ETV Bharat Assam)

বৈজ্ঞানিক গুৰুত্ব :

উল্লেখ্য যে, কৃষ্ণচূড়াক 'গুলমোহৰ' (Gulmohar) বুলিও জনা যায় । এই গছজোপা কেৱল সৌন্দৰ্যৰে আধাৰ নহয়, ইয়াৰ বৈজ্ঞানিক গুৰুত্বও অপৰিসীম । দক্ষিণ-পূব এছিয়াৰ ভাৰত-বাংলাদেশ আদি দেশত এই গছ প্ৰচুৰ পৰিমাণে পোৱা যায় ।

Beauty of flowers
এতিয়া চৌদিশে ফুলৰ মেলা (ETV Bharat Assam)

এই গছে বায়ুমণ্ডলৰ পৰা কাৰ্বন শোষণ কৰাত সহায় কৰে । বিশেষকৈ তেল শোধনাগাৰৰ পৰা নিৰ্গত আৱৰ্জনাৰ ফলত মাটিত বৃদ্ধি পোৱা কাৰ্বনৰ পৰিমাণ হ্ৰাস কৰিবলৈও এই প্ৰজাতিৰ গছ ৰোপণ কৰা হয় ।

Beauty of flowers
আকাশ ধিয়াই ফুলিছে কৃষ্ণচূড়া-ৰাধাচূড়া,সোণাৰু-এজাৰ (ETV Bharat Assam)

গীতিমনি গগৈ নামৰ আন এগৰাকী যুৱতীয়ে কয়, ‘‘এতিয়া চাৰিওফালে কেৱল গুলপীয়া, ৰঙা, হালধীয়া ফুল ফুলি থকা দেখা গৈছে । সকলোৰে মনবোৰ উৎফুল্লিত হৈ পৰিছে । এনে পৰিৱেশত বিশেষকৈ আমি ছোৱালীবোৰে ফটো তুলিও ভালপাওঁ । ক’ৰবালৈ ফুৰিবলৈ গ'লেও প্ৰকৃতিৰ এই অপৰূপ ৰূপ দেখি মনবোৰ উৰি যায় ৷’’

মৃদুস্মৃতা মহন্ত নামৰ অন্য এগৰাকী যুৱতীয়ে কয়, ‘‘চ'তৰ লঠঙা গছবোৰ যেন ব’হাগত প্ৰাণ পায় । পাত-ফুলবোৰ নতুনকৈ ওলায় । বিশেষকৈ এতিয়া কৃষ্ণচূড়া-ৰাধাচূড়া-এজাৰ-সেণাৰু ফুলিছে । মনবোৰ যেন মৰহি যোৱাৰ পৰা নতুনকৈ ফুলি উঠিছে । ফুলবোৰে যেন আমাক উদগণিহে দিছে এনে অনুভৱ হয় ।’’

লগতে পঢ়ক : ধূলিয়ৰি ফাগুনক জীপাল কৰিছে শাৰী শাৰী কাঞ্চন ফুলে

লগতে পঢ়ক : চাহ বাগানত জকমকাইছে বেলিফুল ; সৌন্দৰ্যই আকৰ্ষিত কৰিছে সৰ্বসাধাৰণক