ETV Bharat / state

এক ব্যতিক্ৰমী দৃষ্টান্ত, অধ্য়াপক দম্পত্তিৰ জীৱনৰ সাঁচতীয়া ধন বিশ্ববিদ্যালয়লৈ দান

কটন কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক দম্পত্তিয়ে দেখুৱালে বিৰল নিদৰ্শন । জীৱনৰ সাঁচতীয়া ধন প্ৰদান কৰিলে এখন বিশ্ববিদ্যালয়লৈ । পঢ়ক এই প্ৰতিবেদন ।

A retired professor couple from Cotton College donated one crore rupees to a university
এক ব্যতিক্ৰমী দৃষ্টান্ত, জীৱনৰ সাঁচতীয়া ধন বিশ্ববিদ্যালয়লৈ দান (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 17, 2026 at 7:37 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: বৰ্তমানৰ বস্তুবাদী সমাজত আনৰ বাবে স্বাৰ্থহীনভাৱে চিন্তা কৰা মানুহ বিচাৰি পোৱাটো খুবেই কঠিন । নিজৰ তেজ-মঙহৰ মানুহেও সহায়-সাৰথিৰ আঁৰত স্বাৰ্থ লুকুৱাই ৰখা দেখা যায় । তেনে এক সময়তো নিঃস্বার্থভাৱে উপাৰ্জনৰ ধন, নিজৰ মাটি ৰাজহুৱাভাৱে দান কৰি 'মানুহে মানুহৰ বাবে যদিহে অকণো নাভাৱে' ধাৰণাটোক বাস্তৱ ৰূপ দিছে এহাল দম্পত্তিয়ে ।

আজিৰ সময়ত ব্যক্তিগত সঞ্চয়, সম্পত্তি আৰু আৰ্থিক নিৰাপত্তাক অধিক গুৰুত্ব দিয়াৰ মাজতে কটন কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক দম্পতি ড৹ পান্নালাল গোস্বামী আৰু ড৹ নন্দিতা ভট্টাচাৰ্য গোস্বামীয়ে এক ব্যতিক্ৰমী দৃষ্টান্ত দেখুৱাইছে।

নিজৰ সাঁচতীয়া ধনৰ পৰা এক কোটি টকা নলবাৰীস্থিত কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়লৈ দান আগবঢ়াই তেওঁলোকে শিক্ষাৰ প্ৰতি থকা গভীৰ অংগীকাৰৰ এক উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে ।

ড৹ পান্নালাল গোস্বামীয়ে কটন কলেজৰ ৰসায়ন বিজ্ঞান বিভাগত আৰু ড৹ নন্দিতা ভট্টাচাৰ্য গোস্বামীয়ে সংস্কৃত বিভাগত দীৰ্ঘদিন অধ্যাপনা কৰাৰ পিছত ২০০৯ চনত অৱসৰ গ্ৰহণ কৰিছিল। শিক্ষক হিচাপে জ্ঞান বিতৰণেৰে জীৱন কটোৱা এই দম্পতিয়ে অৱসৰৰ পিছতো শিক্ষাৰ উন্নয়ন আৰু গৱেষণাৰ ক্ষেত্ৰখন শক্তিশালী কৰাৰ উদ্দেশ্যে নিজৰ জীৱনৰ সৰ্ববৃহৎ সঞ্চয় শিক্ষাৰ নামত উচৰ্গা কৰিছে ।

এই ধনৰাশি বিশ্ববিদ্যালয়খনে পুৰাতন বিষয়, সংস্কৃত আৰু ঐতিহ্যগত জ্ঞান-গৱেষণাৰ বিকাশত ব্যয় কৰাৰ বাবে আগবঢ়াইছে । যাতে আগন্তুক প্ৰজন্মই ভাৰতীয় জ্ঞান-ঐতিহ্যৰ গভীৰতা অধিক সুসংগঠিতভাৱে অনুধাৱন কৰাৰ সুযোগ লাভ কৰে ।

গোস্বামী দম্পত্তিৰ এই পদক্ষেপক শলাগ লৈ সামাজিক মাধ্যমত চিন্তাবিদ, লেখক ময়ুৰ বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ উল্লেখ কৰে,"কালি গম পালোঁ - ছাৰ আৰু বাইদেৱে তেওঁলোকৰ জীৱনৰ সমস্ত সাঁচতীয়া ধন (এক কোটি টকা) নলবাৰীস্থিত কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়লৈ দান কৰিছে । ছাৰে কোৱা এটা কথাই মনটো চুই গ'ল: 'ময়ূৰ, বেছি পইচা মানেই হৈছে জীৱনৰ বাৰ্দেন ।"

এজন ব্যক্তি কিমান শিক্ষাপ্ৰেমী, কিমান উদাৰমনা আৰু সমাজৰ প্ৰতি কিমান দায়বদ্ধ হ'লে নিজৰ জীৱনৰ সাঁচতীয়া ধন এখন বিশ্ববিদ্যালয়ৰ হাতত তুলি দিব পাৰে । এই দান কেৱল আৰ্থিক সহায় নহয়, ই শিক্ষাৰ প্ৰতি আস্থা, সমাজৰ প্ৰতি দায়বদ্ধতা আৰু জ্ঞানচৰ্চাৰ প্ৰতি এক অসাধাৰণ প্ৰতিশ্ৰুতিৰ প্ৰতীক ।

ড৹ পান্নালাল গোস্বামী আৰু ড৹ নন্দিতা ভট্টাচাৰ্য গোস্বামীৰ এই অনুকৰণীয় পদক্ষেপে সমাজৰ আন সামৰ্থ্যবান ব্যক্তি আৰু প্ৰতিষ্ঠানসমূহকো শিক্ষানুষ্ঠান, গৱেষণা আৰু জ্ঞানচৰ্চাৰ ক্ষেত্ৰত আগবাঢ়ি আহিবলৈ অনুপ্ৰেৰণা যোগাব ।

লগতে পঢ়ক: অত্যাধুনিক ৰে'ল ষ্টেচনৰ মানচিত্ৰত অন্তৰ্ভুক্ত অসম; মাজবাটত অমৃত ভাৰত ষ্টেচন উদ্বোধনী অনুষ্ঠানত ৰাজ্যপালৰ অংশগ্ৰহণ

আশাকৰ্মীক দালাল আখ্যা দি ৰোষত শ্বেৰমান আলী; ক্ষমা খোজাৰ দাবীৰে কলগাছিয়াত তীব্ৰ প্ৰতিবাদ