ধুবুৰীৰ ঐতিহাসিক নেতাই ধুবুনী ঘাটত বিৰল দৃশ্য : শিলত ওলাইছে প্ৰকাণ্ড ভৰিৰ চিহ্ন !
প্ৰায় ৩০ বছৰ পূৰ্বে সেই একে স্থানতে একেটা ভৰিৰ চাপ বা চিহ্ন প্ৰকাণ্ড শিলত দেখিবলৈ পোৱা গৈছিল বুলি স্থানীয় লোকে জনায় ।

Published : February 23, 2026 at 6:52 PM IST
ধুবুৰী : ধুবুৰীৰ নেতাই ধুবুনী ঘাটৰ নাম আপুনি শুনিছেনে ? ধুবুৰীত থকা নেতাই ধুবুনী ঘাট অসম তথা ভাৰতৰ এক প্ৰাচীন, গুৰুত্বপূৰ্ণ আৰু ঐতিহাসিক স্থানৰ ভিতৰত অন্যতম । ধুবুৰীৰ নামটোও এই নেতাই ধুবুনীৰ পৰাই আহিছিল বুলি প্ৰবাদ আছে ।
ধুবুৰীৰ ব্ৰহ্মপুত্ৰ নৈৰ গাতে লাগি থকা ঐতিহাসিক নেতাই ধুবুনী ঘাটত থকা প্ৰকাণ্ড শিলত ওলাইছে ভৰিৰ চিহ্ন । ধুবুৰীৰ নেতাই ধুবুনী ঘাটৰ স্থানক এক পৱিত্ৰ স্থান হিচাপে জনমানসত প্ৰচলিত হৈ আছে । দেওবাৰে নেতাই ধুবুনী ঘাটত থকা কেইবাটাও প্ৰকাণ্ড প্ৰকাণ্ড শিলৰ ভিতৰৰ এটা শিলত দেখা গৈছে ভৰিৰ চাপ বা চিহ্ন । সেই ভৰিৰ চাপ বা চিহ্ন নেতাই ধুবুনীৰ বুলি লোক লোকবিশ্বাসত প্ৰচলিত আছে । কাৰণ প্ৰায় ৩০ বছৰ পূৰ্বে সেই একে স্থানতে একেটা ভৰিৰ চাপ বা চিহ্ন প্ৰকাণ্ড শিলত দেখিবলৈ পোৱা গৈছিল ।
উল্লেখ্য যে সুকবি নাৰায়ণদেৱৰ পদ্ম পুৰাণৰ আখ্যান মতে, চান্দ সদাগৰৰ পুত্ৰ লখিন্দৰক সাপে খোটাৰ পিছত পত্নী বেউলাই তেওঁৰ মৃত স্বামীক লৈ নেতাই ধুবুনী ঘাট পাইছিল আৰু ইয়াতে তেওঁৰ স্বামীক জীয়াই তুলিবৰ বাবে মন্ত্ৰ লাভ কৰিছিল । আখ্যান মতে, নেতাই ধুবুনীক পৌৰাণিক কন্যা হিচাপে বিবেচনা কৰা হয়, যিয়ে ব্ৰহ্মপুত্ৰৰ পাৰত দেৱ-দেৱীসকলৰ কাপোৰ ধুইছিল ।
ধুবুৰী নামৰ উৎপত্তিও নেতাই ধুবুনীৰ সৈতে গভীৰভাৱে জড়িত । পৌৰাণিক জনশ্ৰুতি অনুসৰি, ব্ৰহ্মপুত্ৰৰ পাৰত থকা এই ঘাটত দেৱতাসকলৰ কাপোৰ ধোৱা নেতাই ধুবুনীয়ে সতী বেউলাক তেওঁৰ মৃত স্বামী লখিন্দৰক পুনৰুজ্জীৱিত কৰিবলৈ পৰামৰ্শ দিছিল । এই কিংবদন্তিৰ পৰাই ঠাইখনৰ নাম 'ধুবুৰী' হোৱা বুলি প্ৰবাদ আছে ।
মনসা বা পদ্ম পুৰাণৰ আখ্যান মতে, দেৱতাসকলৰ নেতাই ধুবুনী আছিল এগৰাকী ঐশ্বৰিক চৰিত্ৰ । স্বামী লখিন্দৰক সাপে খোটাৰ পাছত বেউলাই নেতাই ধুবুনীৰ সহায়ত দেৱতাসকলক সন্তুষ্ট কৰি স্বামীৰ প্ৰাণ ঘূৰাই পাইছিল ।

নেতাই ধুবুনীয়ে কাপোৰ ধোৱা ঘাটটোৱেই 'নেতাই ধুবুনী ঘাট' নামেৰে জনাজাত । এই 'ধুবুনী' শব্দটোৰ পৰাই ধুবুৰী নামটো অহা বুলি বিশ্বাস কৰা হয় । আনহাতে, ধুবুৰীৰ ৰাইজেও নেতাই ধুবুনীৰ নামত শ্ৰদ্ধা-ভক্তি আৰু পূজা-অৰ্চনা পূৰ্বৰে পৰাই কৰি আহিছে ।
ধুবুৰীৰ বিশিষ্ট সমাজসেৱী তথা অৱসৰপ্ৰাপ্ত শিক্ষক বিনোদ যোশীয়ে দেওবাৰে নেতাই ধুবুনী ঘাটৰ উক্ত স্থান দৰ্শন কৰিবলৈ আহি কয়, "এইটো সঁচা কথা । আমাৰ ধুবুৰী হ'ল ঐতিহাসিক স্থান । নেতাই ধুবুনীৰ ঘাটত ভৰিৰ চাপ বা চিহ্ন আমি পূৰ্বেও ১৯৯৬ চনত দেখিবলৈ পাইছিলোঁ । তেতিয়া এই স্থানত মেলা লাগি গৈছিল । ভক্তপ্ৰাণ ৰাইজৰ লানি নিছিগা সোঁত বৈছিল এই নেতাই ধুবুনী ঘাটৰ ভৰিৰ চিহ্ন চোৱাৰ বাবে ।"
তেওঁ লগতে কয়, "পদ্ম পূৰাণৰ বেউলা লখিন্দৰৰ কাহিনীৰ সৈতে নেতাই ধুবুনীৰ কথা জড়িত হৈ আছে । আজি আমি খুবেই আনন্দিত হৈছোঁ যে আকৌ পানী শুকাই যোৱাৰ পিছতে নেতাই ধুবুনীৰ ভৰিৰ চাপ বা চিহ্ন আমি দেখিবলৈ পালোঁ ।"

তেওঁ কয়, "মোৰ পৰিয়ালো মোৰ লগত আহি আজি এই দৃশ্য দেখিবলৈ পাই খুবেই সুখী অনুভৱ কৰিছে । অৱশ্যে নেতাই ধুবুনী ঘাটত দেখিবলৈ পোৱা ভৰিৰ চাপৰ দৃশ্য চোৱাৰ সুযোগ বাৰে বাৰে নাহে । ব্ৰহ্মপুত্ৰৰ পানী শুকাই যোৱাৰ বাবে আমি এই বিৰল দৃশ্য প্ৰায় ৩০ বছৰ পিছত দেখিবলৈ পাইছোঁ । মোৰ জীৱনত এই বিৰল দৃশ্য তিনিবাৰ দেখিবলৈ পাইছিলোঁ । ১৯৯৬ চনৰ বহু আগত এবাৰ, ১৯৯৬ চনত আৰু এই বছৰ দেখিবলৈ পালোঁ ।"
আনহাতে, ধুবুৰীৰ ১নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ উমেশ কুমাৰ ৰয়ে কয়, "১৯৯৬ চনত যেতিয়া নেতাই ধুবুনী ঘাটত এই ভৰিৰ চিহ্ন ওলাইছিল তেতিয়া আমি সৰু আছিলোঁ । সেই সময়ত এই ভৰিৰ চাপ চোৱাৰ বাবে ৰাইজৰ সুবিধাৰ্থে এখন বাঁহৰ দলং বনাই দিয়া হৈছিল । তেতিয়া আমিও এই পৱিত্ৰ স্থানলৈ আহি নেতাই ধুবুনী ঘাটৰ ভৰিৰ চাপ চাইছিলোঁ ।"

উমেশ কুমাৰ ৰয়ে লগতে কয়, "এই ৩০ বছৰ পিছত আকৌ যি ভৰিৰ চাপ ওলোৱাৰ খবৰ পোৱাৰ পিছত আমি সেই স্থানত গৈ ভৰিখন ভালদৰে ধুই চাফা কৰোঁ । আমাৰ কাৰণে ই এটা বিৰাট সৌভাগ্যৰ কথা যে আমি আকৌ ইমান বছৰৰ পিছত নেতাই ধুবুনীৰ ভৰিৰ চাপ বা চিহ্ন চাব পাৰিছোঁ । অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক আমি অনুৰোধ জনাওঁ যে ধুবুৰীৰ গৌৰৱ নেতাই ধুবুনী ঘাটক আটক ধুনীয়াকৈ এক পৰ্যটন কেন্দ্ৰ হিচাপে যাতে গঢ়ি তোলা হয় ।"

