দীপাৱলীৰ প্ৰাকক্ষণত ভীষণ ব্যস্ততা নলবাৰীৰ এখন গাঁৱৰ মৃৎশিল্পীৰ
দীপাৱলীত প্ৰতিখন ঘৰ পোহৰাই তুলিবলৈ নলবাৰীৰ চৰিয়াৰ কেইবাটাও চুবুৰীয়ে সাজি উলিয়াইছে হাজাৰ হাজৰ মাটিৰ চাকি । জুবিন গাৰ্গৰ অবৰ্তমানেও কষ্ট দিছে তেওঁলোকক ।

Published : October 15, 2025 at 7:44 PM IST
নলবাৰী: পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাথোঁ আৰু তিনিটা দিন । দীপাৱলীৰ প্ৰাকক্ষণত ভীষণ ব্যস্ততা ৰাজ্যৰ মৃৎশিল্পীসকলৰ । দিনে নিশাই 'চাক' ঘূৰাই নিৰ্মাণ কৰি গৈছে হাজাৰ হাজাৰ মাটিৰ চাকি ।
নলবাৰীৰ এখন গাঁৱতো প্ৰতিবছৰে দেখা যায় দীপাৱলীৰ প্ৰাকক্ষণত ভীষণ ব্যস্ততা । মূৰ তুলি চাবলৈও তেওঁলোকৰ আহৰি নাই । পুৱাৰে পৰা নিশালৈ কেৱল মাটিৰ চাকি নিৰ্মাণত ব্যস্ত তেওঁলোক ।
আনহাতে, অসমত জুবিন গাৰ্গবিহীন এইটো হৈছে প্ৰথমটো পোহৰৰ উৎসৱ । যাৰ বাবে এতিয়া সকলোতে সেমেকা পৰিৱেশ । কোনো এটা উৎসৱক লৈ যেন নাই কৰো মনত আনন্দ । তথাপিও পৰম্পৰা ৰক্ষা কৰিবই লাগিব ।
তাৰ মাজতে এইবাৰ সকলোতে চলিছে এটাই চৰ্চা । পোহৰৰ উৎসৱ দীপাৱলী জুবিনদাৰ স্মৰণত কেৱল মাটিৰ চাকিৰে পোহৰাই উদযাপন কৰা হ'ব । সেই হেতুকে মৃৎশিল্পীসকলেও পূৰ্বৰ পৰাম্পৰা ৰক্ষা কৰি মাটিৰ চাকি নিৰ্মাণত বৰ্তমান ব্যস্ত ।
পুৰুষানুক্ৰমে মৃৎশিল্পত জড়িত নলবাৰীৰ এখন গাঁও
অৱশ্যে যদিও অইনবাৰৰ দৰে বিক্ৰীৰ বজাৰ ভাল নহয়, তথাপিও নলবাৰীৰ বাঁহজানীৰ চৰিয়া গাঁৱৰ কেইবাটাও চুবুৰীত নিৰ্মাণ হৈছে হাজাৰ হাজাৰ মাটিৰ চাকি । প্ৰতিঘৰ লোকে ১০-২০ হাজাৰ মাটিৰ চাকি নিৰ্মাণ কৰি উলিয়াই ইতিমধ্যে বিক্ৰী কৰিছে যদিও আন বহুতো পৰিয়ালে ৫০-৮০ হাজাৰলৈ নিৰ্মাণ কৰি উলিয়াইছে চাকি । ইয়াৰে আধা অংশ ইতিমধ্যে বিক্ৰী হোৱা বুলি মৃৎশিল্পীসকলে জানিবলৈ দিয়ে ।
আনহাতে, মহিলাসকল যদি চাকি নিৰ্মাণত ব্যস্ত, তাৰ সমান্তৰালকৈ পুৰুষসকলে সেইসমূহ চাকি বজাৰত বিক্ৰীৰ বাবে উলিয়াই নিয়াত ব্যস্ত চৰিয়া গাঁৱৰ মৃৎশিল্পীসকল । মুঠৰ ওপৰত পুৰুষ-মহিলা সকলোৰে এতিয়া কেৱল মাথোঁ ব্যস্ততা । তাৰ মাজতে প্ৰাণৰ শিল্পীগৰাকী নোহোৱা হোৱাতো দুখ প্ৰকাশ মৃৎশিল্পীসকলৰ ।

মাটিৰ চাকিৰ আদৰ কমিছে
"আগৰ দৰে এইবাৰ বিক্ৰী সিমান ভাল নহয় । জুবিন গাৰ্গৰ মৃত্যু হোৱা বাবে সকলোৰে মনত দুখ আৰু অশান্তি ! তাৰে মাজতে আমিও চলিব লাগিব । ব্যৱসায়টোও কৰিব লাগিব, তেতিয়াহে আমি খাবলৈ পাম । বিক্ৰী নহ'লে আমি দুখীয়া মানুহে কি কৰি খাম" - এইদৰে দুখ প্ৰকাশ কৰিলে মৃৎশিল্পী অঞ্জনা দাসে ।
উল্লেখ্য যে এইবাৰ তেওঁলোকে ১৫-২০ হাজাৰ মাটিৰ চাকি ইতিমধ্যে নিৰ্মাণ কৰি উলিয়াইছে । তাৰ আধা অংশ বিক্ৰীও হৈছে । কিন্তু কষ্টৰ মূল্য হিচাপে উচিত দাম নোপোৱা বুলিও দুখ প্ৰকাশ কৰে মৃৎশিল্পী অঞ্জনা দাসে ।

মাটিৰ চাকি নিৰ্মাণত মৃৎশিল্পীৰ প্ৰত্যহ্বান
আনহাতে, চাকি নিৰ্মাণত সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ কথা উল্লেখ কৰি এগৰাকী মৃৎশিল্পীয়ে কয়, "আমি মাটিবোৰ গুৱাহাটীৰ আমিনগাঁৱৰ সমীপৰ আজ্ঞাঠুৰিৰ পৰা আনিব লাগে । তাৰ পৰা অনা মাটিবোৰ আমাৰ ইয়াৰে মাটিৰ লগত ভালকৈ মিহলাই ল'ব লাগে । আমি নিশা ১২ বজা পৰ্যন্ত কাম কৰিয়েই থাকিব লাগে । ভীষণ কষ্টও হয় এই কৰ্মৰ লগত ।"
কাঠৰ চাকত এখন হাতেৰে ঘূৰাই চাকিবোৰ নিৰ্মাণ কৰিব লাগে তেওঁলোকে । সেয়েহে চৰিয়া গাঁৱৰ হীৰা মানুহখিনিয়ে এটা প্ৰশিক্ষণ শিবিৰো বিচাৰিছে, যাতে কষ্ট কিছু কম হয় আৰু তাৰ প্ৰাপ্যখিনি উপাৰ্জনৰ মাজেৰে পায় ।

এই ক্ষেত্ৰত মৃৎশিল্পীগৰাকীয়ে কয়, "মাটিবোৰ আজ্ঞাঠুৰিৰ পৰা ট্ৰাক অথবা ট্ৰেক্টৰেৰে আনিব লাগে । য'ত ৫ হাজাৰকৈ গাড়ীভাৰা দিব লাগে । আকৌ তাত ৫ জন লোকে গোটেই নিশা মাটি উলিয়াই দুদিনলৈকে থাকিব লাগে । তেওঁলোকৰ খা-খৰচৰ উপৰি গাড়ীভাৰাৰে যথেষ্টখিনি প্ৰত্যাহ্বান হয় । তেনে ক্ষেত্ৰত আমাৰ এক গাড়ী মাটিত ২০ হাজাৰকৈ টকা খৰচ হয় । কিন্তু কষ্ট অনুযায়ী উচিত মূল্য নাপাওঁ আমি ।"
আনহাতে, বাৰিষাৰ সময়ত তেওঁলোকে যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হয় । নিৰ্মাণ কৰি উলিওৱা মাটিৰ সামগ্ৰীসমূহ বৰষুণ দিলে তেনেকৈয়েই বোকা-পানীৰে মিহলৈ হৈ সকলো কষ্ট অথলে যায় । সেয়েহে তেওঁলোকে চৰকাৰৰ পৰা একোখন টিনৰ চালি বিচাৰিছে ।
তেওঁলোকে কয়, "বাৰিষা আমাৰ বহুত লোকচান হয় । যেতিয়া বৰষুণে আমাৰ সাজি উলিওৱা সামগ্ৰীসমূহ নষ্ট কৰি দিয়ে । আমি দিনে-ৰাতিয়ে ব্যস্ত হৈ এইবোৰ সাজি উলিয়াও । মাটিবোৰ যদিও বাৰিষা ক্ৰয় কৰি অনাত কষ্ট হয়, সেয়েহে আমি খৰালিতেই জোগাৰ কৰি থওঁ । হ'লেও আমি সামগ্ৰী সাজি উলিয়াই ক'তো শুকুৱাব নোৱাৰো বাৰিষা কালত । সেয়েহে আমাক হীৰা মানুহখিনিক একোখন টিনৰ চালিৰ বহুত প্ৰয়োজন । ক'ৰবাত ৮-১০ খনকৈও যদি চৰকাৰে টিনপাত দিলে হয় ! আমি বহুত সকাহ পালো হয় ।"

এনেদৰেই অভাৱ, আৱিষ্কাৰ আৰু দুখ উজাৰে নলবাৰীৰ চৰিয়া গাঁৱৰ মৃৎশিল্পীসকলে । লগতে স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱালৈও তেওঁলোকৰ আহ্বান- তেওঁলোকৰ কিছু কিছু পৰিয়ালে চৰকাৰী আৱাস অথবা অন্যান্য আঁচনি পাইছে যদিও তেখেতসকলৰ আই-বোপাৰ দিনৰ পৰম্পৰা আৰু কৰ্মটি যাতে জীয়াই ৰাখিবলৈ তেওঁলোকৰ অভাৱখিনি পূৰণ কৰি দিয়ে ।
আই-বোপাৰ দিনৰে পৰা গাঁওখনত চলি অহা পৰাম্পৰা ৰক্ষা কৰি আজিৰ প্ৰজন্মলৈকে সকলোৱে জড়িত মৃৎশিল্পৰ লগত । সেয়েহে গাঁওখনত এটি প্ৰশিক্ষণ শিবিৰ আৰু ঘৰে ঘৰে একোখনকৈ মাটিৰ বাচন, সামগ্ৰী নিৰ্মাণ কৰাত সুবিধাৰ্থে টিনৰ চালি যাতে যোগান ধৰি দিয়ে সেয়াই আহ্বান মৃৎশিল্পীসকলৰ ।
পৰিশ্ৰম আৰু উৎপাদিত সামগ্ৰীৰ চাহিদা
এই সন্দৰ্ভত এগৰাকী মৃৎশিল্পীয়ে কয়, "আমি মাটিবোৰ আজ্ঞাঠুৰিৰ পৰা ক্ৰয় কৰি আনি আমাৰ ইয়াৰে মাটিৰ স'তে মিহলাই লওঁ । সেই মাটিবোৰ একেলগে মিহলাই দ'ম কৰি লওঁ । পিছত আমি যিকোনো সামগ্ৰী নিৰ্মাণৰ বাবে চাকত বহাই সকলো নিৰ্মাণ কৰি যাওঁ । পিতৃ-মাতৃ, পুত্ৰ-বোৱাৰী লগলাগি সকলোৱে এই কৰ্মৰ সৈতে আমি জড়িত ।"
তেওঁ লগতে কয়, "আমি মহিলাসকলে সাজি উলিয়াওঁ, পুৰুষসকলে বজাৰলৈ নি বিক্ৰী কৰে । যদিও স্থায়ী বজাৰ ওচৰত নাই, নলবাৰী চহৰ অথবা অন্যান্য প্ৰান্তৰ চ'ক-বজাৰসমূহত এইবোৰ বিক্ৰীৰ বাবে উলিয়াওঁ । প্ৰতি ১০০ টা মাটিৰ চাকিত আমাক ৮০ টকাকৈ দিয়ে পাইকাৰী ব্যৱসায়ীসকলে । বজাৰত নিলে ১ টকাকৈ দিয়ে একোটা চাকিত । সেয়েহে আমাৰ কষ্ট, আমাৰ পৰিশ্ৰমৰ আমি উচিত মূল্য নাপাওঁ ।"
এখন স্থায়ী বজাৰৰ প্ৰয়োজন
তেওঁলোকৰ এইসমূহ সামগ্ৰী অকল নলবাৰীয়েই নহয়, ইয়াৰ পাৰ্শ্বৱৰ্তী হাজো, ৰঙিয়াকে আদি কৰি বৰপেটা জিলাৰো কিছু ঠাইলৈ ৰপ্তানি হয় । তেওঁলোকৰ যি পৰিশ্ৰম তাৰ উচিত মূল্য পোৱাৰ বাবে, শিল্পকলাটো জীয়াই ৰাখিবলৈও আহ্বান শিল্পীসকলৰ ।

জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্ত দাবী
আনহাতে, প্ৰাণৰ শিল্পী জুবিন গাৰ্গবিহীন প্ৰথমটো পোহৰৰ উৎসৱ দীপাৱলীক লৈ দুখ প্ৰকাশ নলবাৰীৰ এইসকল মৃৎশিল্পীৰ । যাৰ গীত শুনি শুনি মৃৎশিল্পৰ লগত জড়িত হৈ আছিল, আজি সেইগৰাকী শিল্পীৰ মৃত্যুক তেওঁলোকেও সহজভাৱে ল'ব পৰা নাই । জুবিন গাৰ্গৰ মৃত্যুৰ উচিত ন্যায় বিচাৰিছে নলবাৰীৰ চৰিয়াৰ মৃৎশিল্পীয়ে ।
এই সন্দৰ্ভত এগৰাকী মৃৎশিল্পীয়ে কয়, "জুবিন গাৰ্গ নিজৰ পৰিয়ালৰ সন্তানৰ দৰে আছিল । তেওঁক মাৰি পেলালে । যিসকলে মাৰিছে তেওঁলোকক উচিত শাস্তি দিয়ক ।"

