ETV Bharat / state

এটি অসহায় পৰিয়াল, বৃক্ক ৰোগত আক্ৰান্ত কন্য়াৰ সহায় বিচাৰি পিতৃৰ আৰ্তনাদ

১৭ বছৰ পূৰ্বেই মৃত্য়ু হৈছিল মাতৃৰ । ৬ বছৰ পিছত জ্য়েষ্ঠ ভগ্নীৰো মৃত্য়ু হয় । ইয়াৰ পিছতেই ভাতৃও মৃত্য়ুমুখত পৰে ।

A poor family from Darang Sipajhar appeals to the CM to help
বৃক্ক ৰোগত আক্ৰান্ত কন্য়াৰ সহায় বিচাৰি পিতৃৰ আহ্বান (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 23, 2026 at 4:06 PM IST

3 Min Read
Choose ETV Bharat

মঙলদৈ : স্নাতক ষষ্ঠ ষাণ্মাসিকৰ এগৰাকী ছাত্ৰী । এই ছাত্ৰীগৰাকীৰ মাতৃৰ ১৭ বছৰ পূৰ্বেই মৃত্য়ু হৈছিল । মাতৃৰ মৃত্য়ুৰ ৬ বছৰ পিছত জ্য়েষ্ঠ ভগ্নীৰো মৃত্য়ু হয় । ইয়াৰ পিছতেই ভাতৃও মৃত্য়ুমুখত পৰে । দৰং জিলাৰ ছিপাঝাৰ সমষ্টিৰ চৌধুৰীপাৰাৰ এই পৰিয়ালটোত আছে ৰুগীয়া পিতৃ মণিৰাম বৰুৱা আৰু বৃক্ক ৰোগত আক্ৰান্ত ছাত্ৰীগৰাকী ।

দৰঙৰ দেওমৰনৈ মহাবিদ্যালয়ৰ স্নাতক ষষ্ঠ সন্মাসিকৰ ছাত্ৰীগৰাকীয়ে পঢ়াৰ লগতে ব্যক্তিগত খণ্ডৰ প্ৰতিস্থানত কাম কৰি আছিল; কিন্তু এমাহ পূৰ্বে ধৰা পৰিল ছাত্ৰীগৰাকী বৃক্ক ৰোগত আক্ৰান্ত হৈছে । এই দৰিদ্ৰ পৰিয়ালটোৰ ওপৰত যেন সৰগ ভাগি পৰা অৱস্থা ।

ছিপাঝাৰ সমষ্টিৰ চৌধুৰীপাৰাৰ দুখীয়া পৰিয়ালটোৰ বৃক্ক ৰোগত আক্ৰান্ত ছাত্ৰী (ETV Bharat Assam)

ঘৰখনৰ মুৰব্বী ৰুগীয়া মণিৰাম বৰুৱাই জীৱনৰ দুৰ্দশাৰ বৰ্ণনা কৰি কয়, "আজি ১৭ বছৰ আগত মাক ঢুকাল, মাক ঢুকোৱাৰ ৬ বছৰ পিছত ডাঙৰ ছোৱালীজনীৰ মৃত্য়ু হয় । ল'ৰাটো সৰু আছিল, হাজিৰা, ঠিকা কৰি খুজি-মাগি আনি ৰান্ধি বাঢ়ি খুৱালো । সি ডাঙৰ হ'ল, কাম-বন কৰি খুৱাব পৰা হ'ল । সিও আকস্মিক দুৰ্ঘটনাত গুচি গ'ল । এতিয়া পৰিয়াল বুলি সৰু ছোৱালীজনী আৰু ময়ে । তাইয়ো পঢ়ি আছিল । বি এ পঢ়ি আছে ।"

A poor family from Darang Sipajhar appeals to the CM to help
ছিপাঝাৰ সমষ্টিৰ চৌধুৰীপাৰাৰ দুখীয়া পৰিয়ালটোৰ গৃহ (ETV Bharat Assam)

তেওঁ পুনৰ কয়, "এতিয়া হ'ল বেমাৰত আক্ৰান্ত । কেনেকৈ কি কৰা যায়, চিন্তা কৰি এই অৱস্থা । কিডনীৰ সমস্য়া । তিনি চাৰিদিন ধৰি গাঁৱৰ মানুহৰো বেয়া লাগিছে, ভাত পানী নাই । মোৰ ছুগাৰ হৈছে । ভৰি টানে, মূৰ ঘূৰাই, ক'তো যাব নোৱাৰো । ছোৱালীজনীৰ নিজাকৈ চিকিৎসা কৰাৰ কোনো পৰ্যায় নাই । ক'ত কেনেকৈ পাৰে ৰাইজৰ ফালৰ পৰা সহায় সহযোগিতা বিচাৰো বা চৰকাৰৰ ফালৰ পৰা সহায় সহযোগিতা আগবঢ়োটো বিচাৰো । মুখ্যমন্ত্ৰীকো অনুৰোধ কৰিছো, তেওঁ হেনো আশে-পাশে বহুতকে সহায় সহযোগিতা কৰি আছেই, আমিও সহায় সহযোগিতা কৰাটো বিচাৰো । পৰিয়ালটো সুকলমে ৰখাটো বিচাৰো । চৰকাৰী হিচাপে চাউল কেইটাৰ বাদে একো পোৱা নাই ।"

A poor family from Darang Sipajhar appeals to the CM to help
ছিপাঝাৰ সমষ্টিৰ চৌধুৰীপাৰাৰ দুখীয়া পৰিয়ালটোৰ বৃক্ক ৰোগত আক্ৰান্ত ছাত্ৰী (ETV Bharat Assam)

এগৰাকী ওচৰ চুবুৰীয়াই পৰিয়ালটোৰ দুৰ্দশাৰ বৰ্ণনা কৰি কয়, "পৰিয়ালৰ পাঁচ সদস্য়ৰ প্ৰথমতে মাক ঢুকাল, ডাঙৰ ছোৱালীজনী ঢুকাল, ল'ৰাটোও ঢুকায় । এতিয়া সৰু ছোৱালীজনীৰ বেমাৰ হ'ল । ছোৱালীজনীৰ কিডনী বেয়া বুলি চিকিৎসকে কৈছে । চৰকাৰে সহায় কৰক ।"

দুখীয়া পৰিয়ালটোৰ ডায়েবেটিছত আক্ৰান্ত মুৰব্বী মণিৰাম বৰুৱাই স্নাতক ষষ্ঠ ষাণ্মাসিকৰ ছাত্ৰী একমাত্ৰ কন্যাৰ বৃক্ক ৰোগৰ চিকিৎসা কিদৰে কৰিব তাকে লৈ দুঃচিন্তাত পৰিছে । মুখ্যমন্ত্ৰীলৈ পৰিয়ালৰ লগতে স্থানীয় লোকসকলে কাতৰ অনুৰোধ জনাইছে এই দৰিদ্ৰ পৰিয়ালটিৰ একমাত্ৰ ছোৱালীজনীৰ চিকিৎসাৰ ব্যৱস্থা কৰি সুস্থ কৰি তুলিবলৈ । অতিকে দুখীয়া পৰিয়ালৰ দুৰ্ভগীয়া পিতৃ-কন্যা কোনো হৃদয়বান লোকে সহায় কৰিব বিচাৰিলে 6003708407 নম্বৰত যোগাযোগ কৰিব পাৰিব ।

লগতে পঢ়ক:দুখীয়া মানুহৰ এখন হাত নাইকিয়া হ'ল; জুবিন গাৰ্গকলৈ কিয় এনেদৰে ক'লে নাজিৰাৰ নাচিমে ?

দেউতাই বিদ্যুৎ অবিহনে উশাহ ল'ব নোৱাৰে ! অসুস্থ পিতৃক বচাবলৈ অসহায় শিশুৰ কাতৰ অনুৰোধ