দ্বিতীয় বিশ্বযুদ্ধৰ সাক্ষ্য বহন কৰা এখন বিশেষ ঠাই: ক'ত আছে এই ঐতিহাসিক সমল ?
সময়ৰ গতিত হেৰাই যোৱাৰ উপক্ৰম দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ স্মৃতিচিহ্ন । সংৰক্ষণ-সংবৰ্ধনৰ অভাৱত এতিয়াও লোকচক্ষুৰ আঁৰত ।

Published : June 30, 2026 at 2:28 PM IST
গোলাঘাট: ১৯৩৯ চনৰ পৰা ১৯৪৫ চন । এই সময়ছোৱা আছিল বিশ্বৰ বাবে এক বিভীষিকাময় সময় । বিশ্বত চলিছিল এক নৰসংহাৰ অভিযান । কাৰণ এই প্ৰায় ছবছৰীয়া সময়ছোৱাত চলিছিল বিশ্ব সম্প্ৰদায়ে এতিয়ালৈকে প্ৰত্যক্ষ কৰা আটাইতকৈ ক্ৰুৰতম ৰণ- দ্বিতীয় বিশ্বযুদ্ধ । বিশ্বৰ মহাশক্তিসমূহৰ উপৰি সৰু-বৰ প্ৰায় সকলো দেশেই এই যুদ্ধত পৰোক্ষ বা প্ৰত্যক্ষভাৱে জড়িত হৈ পৰিছিল ।
এই যুদ্ধ মূলতঃ দুটা বিপৰীত সামৰিক শক্তিৰ মাজত হৈছিল । ইয়াৰে এটা হৈছে মিত্ৰশক্তি আৰু আনটো অক্ষীয়শক্তি । প্ৰায় ১০ কোটি লোকে সামৰিক সেৱা আগবঢ়োৱা এই যুদ্ধত ৫ৰ পৰা ৭ কোটি লোকৰ মৃত্যু হৈছিল বুলি ধাৰণা কৰা হয় । হিটলাৰৰ দ্বাৰা প্ৰায় ৬০ লাখ ইহুদী হত্যাকে ধৰি হিৰোছিমা-নাগাচাকিৰ পৰমাণু বিস্ফোৰণলৈকে বিশ্বই এই যুদ্ধৰ নাৰকীয় পৰিণতিৰ সাক্ষী হৈছে । যাৰবাবে এই যুদ্ধক বহুতে মানৱ ইতিহাসৰ আটাইতকৈ ঘাতক যুদ্ধ বুলি ক'ব খোজে ।
দ্বিতীয় বিশ্বযুদ্ধত মিত্ৰশক্তিত আছিল ভাৰত
বিশ্বৰ প্ৰায় ৭০ খন দেশে অংশগ্ৰহণ কৰা এই বিশ্বযুদ্ধত অংশগ্ৰহণ কৰা দুই বিপৰীত শক্তিৰ ভিতৰত আমেৰিকা নেতৃত্বাধীন মিত্ৰশক্তিত মূল দেশ আছিল গ্ৰেট ব্ৰিটেইন আৰু ছোভিয়েট ইউনিয়ন । ইয়াৰ উপৰি ১৯৪৫ চনৰ ভিতৰত আন ১৩ খন ৰাষ্ট্ৰই এই শক্তিত যোগদান কৰিছিল ৷ উক্ত ৰাষ্ট্ৰকেইখনৰ ভিতৰত আছিল অষ্ট্ৰেলিয়া, বেলজিয়াম, ব্ৰাজিল, ব্ৰিটিছ কমনৱেলথ ৰাষ্ট্ৰ, কানাডা, ভাৰত, নিউজীলেণ্ড, দক্ষিণ আফ্ৰিকা, চেকোশ্লোভাকিয়া, ডেনমাৰ্ক, ফ্ৰান্স, গ্ৰীচ, নেদাৰলেণ্ড, নৰৱে, পোলেণ্ড, ফিলিপাইনছ আৰু যুগোশ্লাভিয়া।

এই মিত্ৰশক্তিত ইংৰাজৰ ঔপনিবেশিক দেশ হিচাপে ভাৰতে মিত্ৰশক্তিৰ হৈ যুদ্ধত অংশগ্ৰহণ কৰিবলগীয়া হৈছিল । আনহাতে, এই মিত্ৰশক্তিৰ নেতৃত্বৰ মূল ব্যক্তি আছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ফ্ৰেংকলিন ডি ৰুজভেল্ট, গ্ৰেট ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী উইনষ্টন চাৰ্চিল আৰু ছোভিয়েট ইউনিয়নৰ জেনেৰেল জোচেফ ষ্টেলিন ৷
অক্ষীয়শক্তি
আনহাতে, জাৰ্মানী, জাপান আৰু ইটালীয়ে গঠন কৰা অক্ষীয়শক্তি নামৰ মিত্ৰশক্তিত আছিল বুলগেৰিয়া, হাংগেৰী, ৰোমানিয়া আৰু জাৰ্মানৰ দ্বাৰা গঠিত দুই ৰাষ্ট্ৰ ক্ৰমে ক্ৰোৱেছিয়া আৰু শ্লোভাকিয়া ৷ এই অক্ষীয়শক্তিৰ মুখ্য নেতৃত্বত আছিল জাৰ্মানীৰ এডল্ফ হিটলাৰ, জাপানৰ প্ৰধানমন্ত্ৰী এডমিৰেল হিডেকি তোজো আৰু ইটালীৰ প্ৰধানমন্ত্ৰী বেনিটো মুছোলিনি ৷
দ্বিতীয় বিশ্বযুদ্ধ আৰু অসম

অসম দ্বিতীয় বিশ্বযুদ্ধৰ এক গুৰুত্বপূৰ্ণ ৰণক্ষেত্ৰলৈ পৰিণত হৈছিল । যিহেতু ভাৰতে মিত্ৰশক্তিত যোগদান কৰিছিল, সেয়ে অসমো মিত্ৰশক্তিৰ অংশ হৈ পৰিছিল । ইফালে জাপানে সেই সময়ৰ বাৰ্মা আৰু বৰ্তমানৰ ম্যানমাৰ দখল কৰাৰ পিছত অসম মিত্ৰশক্তিৰ বাবে এক গুৰুত্বপূৰ্ণ সামৰিক ঘাটিত পৰিণত হয় । যাৰবাবে গুৱাহাটী, ডিমাপুৰ আদিত অস্থায়ী বিমানঘাটি আৰু সামৰিক শিবিৰ স্থাপন কৰিবলগীয়া হয় । এই তৎপৰতা আৰু যোগাযোগৰ বাবে অসমসহ উত্তৰ-পূব ভাৰত যুদ্ধৰ প্ৰত্য়ক্ষ প্ৰভাৱলৈ আহে ।

দ্বিতীয় বিশ্বযুদ্ধৰ পৰিপ্ৰেক্ষিততে ১৯৪১ চনত শ্বিলঙত গঠন কৰা হৈছিল আছাম ৰেজিমেণ্ট । এই আছাম ৰেজিমেণ্টে কোহিমা তথা ম্যানমাৰ যুদ্ধত নিজৰ বীৰত্ব প্ৰদৰ্শন কৰিছিল । উল্লেখ্য যে ১৯৪৪ চনত সংঘটিত কোহিমা যুদ্ধই জাপানিজ সেনাই ভাৰতত আক্ৰমণৰ বাবে কৰা পৰিকল্পনা ব্যৰ্থ কৰিছিল আৰু কোহিমা আছিল মিত্ৰশক্তিৰ বাবে মূল শক্তিকেন্দ্ৰ ।
দ্বিতীয় বিশ্বযুদ্ধ আৰু অসমৰ যোগাযোগ আৰু আৰ্থ-সামাজিক ব্যৱস্থাত প্ৰভাৱ

দ্বিতীয় বিশ্বযুদ্ধই অসমৰ যোগাযোগ আন্তঃগাঁথনিকে ধৰি অৰ্থনৈতিক আৰু সামাজিক দিশত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছিল । যুদ্ধৰ বাবে মিত্ৰশক্তিৰ যুদ্ধবিমান পৰিচালনাৰ বাবে বিমানঘাটিৰ প্ৰয়োজনীয়তা আহি পৰাত গুৱাহাটী, চাবুৱা, যোৰহাট, গোলাঘাট আদিত বিমানকোঠ নিৰ্মাণ কৰা হয় । এই বিমানকোঠৰ পৰা মিত্ৰশক্তিয়ে হিমালয়ৰ ওপৰেৰে চীন আৰু ম্যানমাৰলৈ প্ৰয়োজনীয় যুদ্ধাস্ত্ৰ আৰু খাদ্য-সামগ্ৰী সৰবৰাহ কৰিছিল ।
ইফালে যুদ্ধৰ বাবে প্ৰয়োজনীয় ৰছদপাতি আৰু খাদ্য-সামগ্ৰীৰ বাবে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন অঞ্চল বিশেষকৈ গাঁওবোৰৰ পৰা ধান-চাউলকে আদি কৰি বিভিন্ন শস্য-সামগ্ৰী, ধন-সম্পত্তি বলপূৰ্বকভাৱে সংগ্ৰহ কৰাৰ ফলত অঞ্চলসমূহত অকাল দুৰ্ভিক্ষই দেখা দিছিল । ইয়াৰ উপৰি ভিন্ন দেশৰ সেনাৰ আগমনৰ ফলত অসমৰ সামাজিক জীৱনত কু-প্ৰভাৱ পৰিছিল ।

দ্বিতীয় বিশ্বযুদ্ধৰ স্মৃতিচিহ্ন
আনহাতে, দ্বিতীয় বিশ্বযুদ্ধত অসমৰ অংশগ্ৰহণৰ স্মৃতি হিচাপে গুৱাহাটী তথা কোহিমাত স্মৃতিসৌধ তথা স্মৃতি উদ্যান নিৰ্মাণ কৰা হৈছে । বিশ্বযুদ্ধত নিহত আমেৰিকা, ইংলেণ্ডকে ধৰি বহু দেশৰ সেনাৰ মৃতদেহ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন স্থানত সমাধিস্থ কৰা হৈছিল আৰু তাৰে স্মৃতিত গুৱাহাটী আৰু কোহিমাত যুদ্ধস্মৃতি (Guwahati War Cemetery) নিৰ্মাণ কৰা হয় ।
আনহাতে, অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন স্থানৰ পৰা এতিয়াও দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্যৱহৃত অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰণ নোহোৱাকৈ থকা বোমা-বাৰুদ আদি সময়ে সময়ে উদ্ধাৰ হৈ আছে । ইয়াৰ উপৰি দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নিৰ্মিত আন্তঃগাঁথনিৰ অস্তিত্ব এতিয়াও দেখিবলৈ পোৱা যায় ।
গোলাঘাটত দ্বিতীয় বিশ্বযুদ্ধৰ সমল

ইতিহাসৰ আটাইতকৈ ঘাতক যুদ্ধৰ প্ৰভাৱ সেই সময়ত গোলাঘাট জিলাতো পৰা পৰিলক্ষিত হৈছিল । যাৰ সাক্ষ্য আজিও বহন কৰি আছে গোলাঘাট জিলাৰ খুমটাই সমষ্টিৰ অন্তৰ্গত বগৰীজেং আধাৰসত্ৰ সংযোগী পথৰ তলত থকা ৰে'লৱে কালভাৰ্টসমূহে ।
দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত মিত্ৰশক্তিৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ অঞ্চল হিচাপে পৰিগণিত হৈছিল বগৰীজেং । যাৰ ফলস্বৰূপে এই অঞ্চলত নিৰ্মাণ কৰিছিল এক বিশেষ সেনাবাহিনীৰ ঘাটি । সেই সময়ত এই সেনাবাহিনীৰ ঘাটিত আছিল এক কাৰিকৰী বিভাগ । এই বিভাগটোৰ কাম আছিল পথ, দলং নিৰ্মাণ কৰি যাতায়াত ব্যৱস্থা সুচল কৰা ।

সুচল যাতায়াতৰ বাবে ৰে'লপথ নিৰ্মাণ
বগৰীজেং অঞ্চলত থকা এই সামৰিক বাহিনীৰ ঘাটিত গধুৰ সামগ্ৰী কঢ়িয়াবলৈ এটা ৰে'লপথ নিৰ্মাণ কৰা হৈছিল । গোলাঘাটৰ শালমাৰা আৰু আধাৰসত্ৰৰ মাজৰ এটা অংশৰে বৰগীজেং সেনাবাহিনীৰ ঘাটিলৈ এই ৰে'লপথ নিৰ্মাণ কৰিছিল । প্ৰায় ১০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰে'লপথ নিৰ্মাণ কৰোঁতে অঞ্চলটোত সেই সময়ত ১০টা কালভাৰ্ট নিৰ্মাণ কৰিছিল ।
এই কালভাৰ্টসমূহৰ ভিতৰত ক'ৰবাত যদি যুৰীয়া, ক'ৰবাত আকৌ এটাকৈ নিৰ্মাণ কৰা হৈছিল । এই সন্দৰ্ভত এগৰাকী স্থানীয় লোকে কয়, "মই দেখা নাই, কিন্তু আগৰ বুঢ়া মানুহে কৈছিল যে আগতে ইয়াত ৰে'লপথ আছিল । বৰগীজেং অঞ্চলত সেনাবাহিনীৰ ঘাটিলৈ সামগ্ৰী কঢ়িয়াবলৈ এই ৰে'লপথ আছিল । তেখেতসকলে সৰু থাকোঁতেই এই ৰে'লপথেৰে ৰে'ল চলাচল কৰা দেখিছিল ।"
দ্বিতীয় বিশ্বযুদ্ধৰ সমলক লৈ গৱেষণা
আনহাতে, এই ৰে'লপথ সম্পৰ্কে গৱেষণা কৰি থকা গোলাঘাটৰ জাফ্ৰুল ইমতিয়াজ আলীয়ে কয়, "বগৰীজেং অঞ্চলৰ এই পথছোৱাত প্ৰায় ১০টা কালভাৰ্ট আছে । দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত বৰগীজেং অঞ্চলত দুটা সামৰিক বাহিনীৰ ঘাটি স্থাপন কৰা হৈছিল । ইয়াৰে এটা সামৰিক বাহিনীৰ আৰু এটা কাৰিকৰী বিভাগৰ । গোলাঘাটৰ পৰা যোৱা মূল ৰে'লপথৰ পৰা সামৰিক বাহিনীৰ ব্যৱহাৰৰ বাবে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত এটা অস্থায়ীৰূপে ৰে'লপথ নিৰ্মাণ কৰিছিল ।"
তেওঁ লগতে কয়, "সেই সময়ত এই ৰে'লপথ নিৰ্মাণ কৰোঁতে এই কালভাৰ্ট নিৰ্মাণ কৰিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ শেষৰ ফালে কোহিমা, ইম্ফল, জাপানৰ হাতত পৰাস্ত হৈছিল । সেই সময়ত এলাইট বাহিনীৰ বাবে গোলাঘাট এক গুৰুত্বপূৰ্ণ স্থান হিচাপে পৰিগণিত হৈছিল আৰু বগৰীজেঙত ৫৮ ৰয়েল ইঞ্জিনীয়াৰিং বিভাগে বাহৰ পাতিছিল । এই ইঞ্জিনীয়াৰিং বিভাগৰ দায়িত্ব আছিল গোলাঘাটৰ পৰা বাৰ্মা সিমান্তলৈকে পথ আৰু দলং নিৰ্মাণ কৰা । তেওঁলোকে পথ আৰু দলং নিৰ্মাণ কৰিবলৈ গোলাঘাটত সা-সামগ্ৰী মজুত কৰিছিল আৰু ইয়াৰ পৰা এই সা-সামগ্ৰী নিবলৈ এই ৰে'লপথ নিৰ্মাণ কৰিছিল ।"
দ্বিতীয় বিশ্বযুদ্ধৰ পিছত এলাগী হৈ পৰে ৰে'লপথ
এই সন্দৰ্ভত গৱেষকগৰাকীয়ে কয়, "দ্বিতীয় বিশ্বযুদ্ধৰ পাছত এই ৰে'লপথ ব্যৱহাৰ কৰা হোৱা নাছিল । কিন্তু ১৯৬২ চনৰ চীনা যুদ্ধৰ সময়লৈকে আছিল । কিন্তু চীনা যুদ্ধৰ সময়ত প্ৰয়োজন হোৱা বাবে এই ৰে'লপথ উঠাই লৈ গৈছিল । এই ঐতিহাসিক তথ্যসমূহ টুকুৰা-টুকুৰকৈ আছে । যাৰবাবে আমি দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত গোলাঘাটত ইয়াৰ প্ৰভাৱ সম্পৰ্কে আমি অধ্যয়ন কৰি আছোঁ । কিন্তু ইয়াৰ সম্পূৰ্ণ তথ্য বৰ্তমানলৈকে উদঘাটন কৰিব পৰা হোৱা নাই ।"
দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত গোলাঘাটত আছিল বিমানঘাটি
গোলাঘাটৰ বগৰীজেং অঞ্চলত দ্বিতীয় বিশ্বযুদ্ধৰ বাবে এটা বিমানঘাটি তথা বিমানবন্দৰ গঢ়ি তুলিছিল । ৬০০০ ফুট দৈৰ্ঘ্যৰ ৰাণৱেৰ এই ঘাটিটো ১৯৪৪ চনৰ ১ আগষ্টৰ পৰা ১৯৪৫ চনৰ ২৫ নৱেম্বৰলৈকে USAAF (United States Army Air Force)ৰ অধীনৰ ATC (Air traffic command)ৰ হাতত আছিল । মূলতঃ চাবুৱা বিমানঘাটিৰ লগত সংলগ্ন আছিল এই বগৰীজেং বায়ুসেনাৰ যোগাযোগ ঘাটি ।
অসমৰ পৰা চীনলৈ পৰিবহণ আৰু যোগাযোগৰ বাবে ব্যৱহাৰ হৈছিল এই ঘাটিটো । এই গোলাঘাট ঘাটিটো আছিল 1334 AAFBU (Amerrcan Air Force Base Unit) । ম্যানমাৰৰ বিখ্যাত 2nd Cindit operation-ত ইয়াৰ ব্যৱহাৰ হৈছিল ।
আনহাতে, গোলাঘাটৰ আশে-পাশে দ্বিতীয় বিশ্বযুদ্ধৰ দুখনকৈ বিমান দুৰ্ঘটনাত পতিত হৈছিল । ইয়াৰে এখন হৈছে C87 আৰু এইখন দুৰ্ঘটনাত পতিত হৈছিল ১৯৪৫ চনৰ ৫ মে'ত । আনহাতে, আনখন আছিল C109 আৰু এইখন দুৰ্ঘটনাত পতিত হৈছিল ১৯৪৫ চনৰ ৬ আগষ্টত । এই দুখন বিমানৰ দুৰ্ঘটনাত মুঠ আঠজন সদস্যৰ মৃত্যু হৈছিল ।

