ETV Bharat / state

দিল্লী বিস্ফোৰণৰ ঘটনাক লৈ সামাজিক মাধ্যমত মন্তব্য কৰি শিলচৰত আটক এজন

দিল্লী বিস্ফোৰণৰ ঘটনাক সাম্প্রদায়িক আৰু ৰাজনৈতিক ৰহণ সনাৰ চেষ্টা ।

Silchar man comments on Delhi blast
দিল্লী বিস্ফোৰণৰ ঘটনাক লৈ সামাজিক মাধ্যমত মন্তব্য কৰি শিলচৰত আটক এজন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 11, 2025 at 5:09 PM IST

2 Min Read
Choose ETV Bharat

শিলচৰ : ৰাজধানী দিল্লীত সোমবাৰে সংঘটিত ভয়ংকৰ বিস্ফোৰণক লৈ সমগ্ৰ দেশজুৰি তীব্র প্রতিক্রিয়া সৃষ্টি হৈছে । কেইবাজনো লোক হতাহত হোৱা ঘটনাটো সন্দৰ্ভত সৰ্বস্তৰত গৰিহণাৰ জোৱাৰ উঠিছে । লগতে এই ঘটনাত সন্ত্ৰাসবাদী সংযোগৰ বিষয়টোও উত্থাপন হৈছে । ইতিমধ্যে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাবোৰে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।

কিন্তু তাৰ মাজতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ঘটনাটোক ব্যৱহাৰ কৰি শিলচৰৰ নজৰুল ইছলাম বৰভূঞা নামৰ এজন ব্যক্তিয়ে সামাজিক মাধ্যমত দিছে এটি বিতৰ্কিত মন্তব্য । বিষয়টোক সাম্প্রদায়িক আৰু ৰাজনৈতিক ৰহণ সনাৰ চেষ্টা চলোৱাৰ অভিযোগত ব্যক্তিজনক আটক কৰিছে কাছাৰ জিলা আৰক্ষীয়ে ।

দিল্লী বিস্ফোৰণৰ ঘটনাক লৈ সামাজিক মাধ্যমত মন্তব্য কৰি শিলচৰত আটক এজন (ETV Bharat Assam)

বিষয়টো সন্দৰ্ভত জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ৰজত কুমাৰ পালে সংবাদ মাধ্যমৰ আগত কয়, "দিল্লী বিস্ফোৰণকাণ্ডক লৈ ইতিমধ্যে বিভিন্ন এজেন্সীয়ে তদন্ত চলাই আছে । এনেধৰণৰ ঘটনা প্রতিগৰাকী দেশবাসীৰ বাবে অত্যন্ত দুঃখজনক । কিন্তু শিলচৰৰ নজৰুল ইছলাম বৰভূঞাই ঘটনাটিক ৰাজনৈতিক ৰহণ সনাৰ চেষ্টা কৰাৰ অভিযোগ উঠিছে ।"

Silchar man comments on Delhi blast
সামাজিক মাধ্যমৰ বক্তব্য (ETV Bharat Assam)

অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে লগতে কয়, "বিষয়টো পোহৰলৈ অহাৰ লগে লগে আৰক্ষীয়ে তেওঁক আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে । সামাজিক মাধ্যমত ব্যক্তিজনৰ এনেধৰণৰ মন্তব্যৰ আঁৰত কি ৰহস্য আছে বা ইয়াৰ আঁৰত আন কোনোবা জড়িত আছে নেকি সেইটো জানিবলৈ জিলা আৰক্ষীয়ে জোৰদাৰ তদন্ত আৰম্ভ কৰিছে ।"

Silchar man comments on Delhi blast
ধৃত নজৰুল ইছলাম বৰভূঞা (ETV Bharat Assam)

আনহাতে, ধৃত ব্যক্তি নজৰুল ইছলাম বৰভূঞা এগৰাকী অৱসৰপ্রাপ্ত শিক্ষক বুলি উল্লেখ কৰি তেওঁ কয়, "তেওঁ শিলচৰ সদৰ থানাৰ অন্তর্গত দুর্গাপুৰ, ৰংপুৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে । কিন্তু ৰাষ্ট্ৰীয় পৰ্যায়ৰ ঘটনাটোক ৰাজনৈতিক ৰং দিয়াৰ বিষয়টোক লৈ বহুতেই আঘাত পাইছে । সমগ্ৰ বিষয়টো বৰ্তমান তদন্তৰ অধীনত আছে ।"

লগতে পঢ়ক :দিল্লীৰ বিস্ফোৰণত ফূৰ্তি পাই ইম’জি প’ষ্ট কৰাসকল কোন ? আকাৰে-ইংগিতে বুজাই দিলে মুখ্যমন্ত্ৰীয়ে
লগতে পঢ়ক :দোষীক ৰেহাই দিয়া নহ’ব: দিল্লী বিস্ফোৰণ সন্দৰ্ভত ভূটানত মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ