ETV Bharat / state

মই ইয়াতে বিহ খাই মৰি যাম: অসহায় মাতৃৰ আৰ্তনাদ

এগৰাকী অসহায় মাতৃৰ মুখ্যমন্ত্ৰীলৈ অসহায় অনুৰোধ । তেওঁৰ সন্তানৰ মৃত্যুৰ উচিত ন্যায় লাগে...

A mother protested seeking an investigation into her child's mysterious death in Guwahati
মই ইয়াতে বিহ খাই মৰি যাম: অসহায় মাতৃৰ আৰ্তনাদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 26, 2026 at 8:52 AM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: "মোক গুলীয়াই মাৰিব লাগিব, নহ'লে মই ইয়াতে বিহ খাই মৰি যাম ।"- এগৰাকী মাতৃৰ এয়া অকপট স্বীকাৰোক্তি । এই স্বীকাৰোক্তি আৰক্ষীৰ তদন্ত বা কোনোবাই কৰা প্ৰশ্নৰ উত্তৰত দিয়া নহয় । এয়া এক পুত্ৰক হেৰুওৱাৰ যন্ত্ৰনাই দিয়া অনুভৱৰ বৰ্হিপ্ৰকাশ ।

মঙলবাৰৰ দিনটোত গুৱাহাটী মহানগৰীত দেখা এক চিন্তনীয় দৃশ্য । জনতা ভৱনৰ সন্মুখত এগৰাকী দুখুনী মাতৃয়ে তেওঁৰ মৃত পুত্ৰৰ এখন ছবি লৈ সাব্যস্ত কৰিছে প্ৰতিবাদ । এয়া একেমুখে আপুনি প্ৰতিবাদ বুলিও ক'ব নোৱাৰে, এয়া নিজ পুত্ৰক অকালতে হেৰুওৱা এগৰাকী দুখুনী মাতৃৰ দাবী ।

মৃত পুত্ৰৰ হত্যাৰ ন্যায় বিচাৰি জনতা ভৱনৰ সন্মুখত মাতৃয়ে প্ৰতিবাদ প্ৰতিবাদ সাব্যস্ত কৰে । পুত্ৰৰ ন্যায় বিচাৰি এগৰাকী দুখুনী মাতৃয়ে দিছপুৰত কান্দি কান্দি মুখ্যমন্ত্ৰীৰ সহায় বিচাৰিলে । বগীনদী আৰক্ষীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰিলে মাতৃগৰাকীয়ে । লক্ষীমপুৰৰ পৰা আহি এগৰাকী মহিলাই দিছপুৰত মামাৰ সহায় ভিক্ষা কৰিলে । ২৮ ফেব্ৰুৱাৰীত ৰাকেশ বৰাৰ বগীনদীৰ ক'লাপানীত ৰহস্যজনক মৃত্যু হৈছিল ।

বগীনদী‌ থানাত ৰাকেশৰ মাতৃ লক্ষী ওৰফে জেৰিনা বৰাই অভিযোগ দাখিল কৰিছিল । কিন্তু এতিয়া সমগ্ৰ ঘটনাটোক মহিলাগৰাকীয়ে আৰক্ষীয়ে দুৰ্ঘটনাৰ ৰূপ‌ দিয়াৰ অভিযোগ উত্থাপন কৰিছে । আৰক্ষীৰ কাষ চাপিও সূদুত্তৰ নোপোৱাত দুৰ্ভগীয়া মাতৃ গৰাকীয়ে জনতা ভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে । মাতৃৰ অভিযোগ অনুসৰি ৰাকেশক পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল ।

কিয়নো ৰাকেশৰ শৰীৰত আঘাটৰ চিন স্পষ্টভাৱে আছিল । কিন্তু ৰাকেশে চলাই যোৱা স্কুটিত কোনো ধৰণৰ দাগ নাছিল । মাতৃয়ে এজাহাৰত উল্লেখ কৰা অনুসৰি পদ্মেশ্বৰ গগৈ, দিপু গগৈ, শৰৎ সোণোৱাল আৰু ৰুবুল তামুলী‌ৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে । ৰাকেশৰ মাতৃয়ে বৃহৎ ধনৰ বিনিময়ত আৰক্ষী মেনেজ হোৱাৰ অভিযোগ উত্থাপন কৰে ।

দুৰ্ভগীয়া মাতৃ গৰাকীয়ে উচিৎ তদন্ত বিচাৰি মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ লগতে CBI ৰ তদন্ত বিচাৰিছে । তেওঁ সংবাদ মাধ্যমৰ আগত কয়,"মোৰ ল'ৰাটোক হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দিলে । থানাই থানাই অকলে অকলে ঘুৰি আছোঁ, কোনেও গুৰুত্ব নিদিয়ে । মামাই মোক ন্যায় নিদিলে, মোক শেষ কৰি পেলাওক ।" উল্লেখ্য যে দুবছৰ পূৰ্বে মহিলাগৰাকীৰ স্বামী মিন্টু বৰাৰ মৃত্যু হৈছিল ।

লগতে পঢ়ক: প্ৰধানমন্ত্ৰী আৱাস যোজনা অধীনত অসমত ৩.৮ লাখৰো অধিক নতুন গৃহ নিৰ্মাণ কৰিব; মুখ্যমন্ত্ৰী

কালিকা লাগিছে নেকি চানমাৰি উৰণসেতুত ? নিৰুদ্দিষ্ট পুত্ৰৰ ন্যায় বিচাৰি হাবাথুৰি এহাল পিতৃ-মাতৃৰ