কম মূল্যত শাক-পাচলি পোৱা মহানগৰীৰ এখন বিশেষ বজাৰ
মূল্যবৃদ্ধিয়ে কোঙা কৰা এনে সময়তে গুৱাহাটীবাসীৰ বাবে এক স্বস্তিৰ খবৰ ।

Published : May 25, 2026 at 5:31 PM IST
গুৱাহাটী: প্ৰতিটো নিত্য আৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যই জুৰুলা কৰিছে ৰাজ্যবাসীক ৷ গুৱাহাটীৰ শাক-পাচলিৰ বজাৰৰ কথা ক’বই নোৱাৰি, সম্প্ৰতি প্ৰতিটো শাক-পাচলিৰ জুই চাই দাম । পকেটত হাজাৰ টকা থাকিলেও হাতৰ মোনা নভৰে !
মূল্যবৃদ্ধিয়ে কোঙা কৰা এনে সময়তে গুৱাহাটীবাসীৰ বাবে এক স্বস্তিৰ খবৰ । যিসময়ত বজাৰত শাক-পাচলিৰ মূল্যবৃদ্ধিয়ে সাধাৰণ ৰাইজক জুৰুলা কৰি তুলিছে, ঠিক সেই সময়তে বামুনীমৈদামৰ ৰে’লৱে কলনী বজাৰে গ্ৰাহকক দিছে এক আশাৰ বতৰা । আন বজাৰৰ তুলনাত প্ৰায় আধা মূল্যত ইয়াত বিক্ৰী হৈ আহিছে নিত্য প্ৰয়োজনীয় শাক-পাচলি ।
যাৰ বাবে কম দামত সতেজ শাক-পাচলি ক্ৰয় কৰিবলৈ প্ৰতিদিনে পুৱাৰ ভাগৰ পৰাই বামুনীমৈদামৰ ৰে’লৱে কলনী বজাৰত গ্ৰাহকে ভিৰ কৰা পৰিলক্ষিত হয় । গুৱাহাটীৰ আন বজাৰতকৈ বহু কম মূল্যত শাক-পাচলি ইয়াত উপলব্ধ হয় ।
বামুনীমৈদামৰ ৰে’লৱে কলনীৰ বজাৰত আলুৰ মূল্য প্ৰতি কেজি মাত্ৰ ১০ টকা, পিয়াঁজ ২৫ টকা, বেঙেনা ২০ টকা আৰু তিয়হ বিক্ৰী হৈছে ২০ টকাত । ইয়াৰ উপৰিও লেচৰা ৪০ টকা, ভেন্দি ৩০ টকা, স্কোৱাছ ৩০ টকা, বন্ধাকবি আৰু ফুলকবি ৪০ টকা দৰত বিক্ৰী হৈছে । এইখন বজাৰত মূলাৰ মূল্য প্ৰতি কেজি ৩০ টকা ৷

যি সময়ত মূল্যবৃদ্ধিয়ে সাধাৰণ লোকৰ জীৱন দুৰ্বিষহ কৰি তুলিছে, সেই সময়তে এই বজাৰখনত কম মূল্যত শাক-পাচলি বিক্ৰী কৰি বিক্ৰেতাই ৰাইজক সকাহ দিবলৈ সক্ষম হৈছে ।
শাক-পাচলিৰ এজন বিক্রেতাই কয়, “ছিণ্ডিকেটৰাজ বন্ধ হোৱাৰ পিছত আমি কম মূল্যত শাক-পাচলি বিক্ৰী কৰিব পাৰিছো । ইয়াৰ ফলত গ্ৰাহকেও উপকৃত হৈছে । কেৱল কম মূল্যই নহয়, নতুন বজাৰ কমিটীয়ে বজাৰখন পৰিপাটি কৰি গঢ়ি তুলিছে । চিচি টিভি কেমেৰা স্থাপন কৰাৰ লগতে বজাৰখন পৰিস্কাৰ-পৰিচ্ছন্নতাৰ ক্ষেত্ৰটো বিশেষ গুৰুত্ব দিয়া হৈছে ।"
ইপিনে এজন গ্ৰাহকে কয়, “এই বজাৰত কম দামত ভাল শাক-পাচলি পোৱা যায় । লগতে বজাৰখনো বহুত পৰিস্কাৰ আৰু সুন্দৰকৈ পৰিচালনা কৰা হৈছে । পৰৱৰ্তী সময়ত কি হয় নাজানো, কিন্তু এতিয়া আন বজাৰতকৈ কম মূল্যত ভাল বস্তু পোৱাৰ বাবে বৰ উপকৃত হৈছো ৷”

